অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতল পানীয়ত নাৰিকলৰ পানী

শীতল পানীয়ত নাৰিকলৰ পানী

প্ৰখৰ ৰ’দত যেতিয়া শৰীৰৰ উত্তাপ বৃদ্ধি পায়, তেতিয়া এগিলাচ শীতল পানীয়ৰ বাবে মনটোৱে হাহাকাৰ কৰি উঠে। সেই সময়ত নাৰিকলৰ পানীয়ে আমাৰ দেহলৈ প্ৰাণ কঢ়িয়াই আনে। কঠিন আৱৰণৰ মাজত থকা এই পানীয়খিনি সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত আৰু স্বাস্থ্যসন্মত। বিভিন্ন শীতল পানীয়ৰ কোম্পানীয়ে যিমানেই আকৰ্ষণীয় বিজ্ঞাপন দি শীতল পানীয়ক স্বাস্থ্যসন্মত বুলি দাবী কৰিলেও এই কথা নিশ্চিত যে এই পানীয়খিনি কেতিয়াও নাৰিকলৰ পানীৰ লগত তুলনা নহয়। এটা নিৰ্দিষ্ট তাপমাত্ৰাত থকা হেতুকে নাৰিকলৰ পানী সৰ্বশ্ৰেষ্ঠ শীতল পানীয় ৰূপে চিহ্নিত হৈছে। কেঁচা ডাবৰ পানীত কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, কপাৰ, আইৰন, ফছফৰাছ আদি সকলো উপাদানেই থাকে। শৰীৰৰ খনিজ পদাৰ্থৰ ভাৰসাম্য অটুট ৰখাৰ লগতে প্ৰয়োজনীয় খনিজ উপাদানৰ যোগান ধৰাৰ ক্ষেত্ৰতো এই পানীয়ৰ গুৰুত্ব অপৰিসীম। বহুকেইবিধ এমিন’ এচিডযুক্ত এই পানী ভিটামিন ‘বি’ আৰু ‘চি’যুক্তও। নাৰিকলৰ পানীত কোনো পাৰ্শ্বক্ৰিয়া নাথাকে। এই পানীয় গ্ৰহণ কৰিলে শৰীৰে শীতলতা অনুভৱ কৰে। নাৰিকলৰ পানী চৰ্বিবিহীন আৰু কম সোৱাদযুক্ত বাবে সকলো লোকেই গ্ৰহণ কৰিব পাৰে। হজম প্ৰক্ৰিয়া পৰিষ্কাৰ কৰাৰ উপৰি পাকস্থলীৰ কাৰ্যক্ষমতা সক্ৰিয় হৈ উঠে। গৰমত অধিক পৰিশ্ৰমত শৰীৰৰ পৰা নিৰ্গত হোৱা ঘামত বহুতো খনিজ লৱণ ওলাই যায়। নাৰিকলৰ পানীয়ে এইবোৰৰ যোগান ধৰে বাবেই খেলুৱৈসকলকো নাৰিকলৰ পানী খাবলৈ অনুমতি প্ৰদান কৰে। ৰাষ্ট্ৰসংঘৰ কৃষি আৰু খাদ্য সংগঠনেও নাৰিকলৰ পানীৰ উপকাৰিতা স্বীকাৰ কৰিছে। মুঠৰ ওপৰত নাৰিকলৰ পানী প্ৰকৃতিৰ এক বহুমূলীয়া উপাদান। অৱশ্যে বয়সিয়াল লোকে প্ৰতিদিনে এটাতকৈ বেছি নাৰিকলৰ পানী সেৱন কৰিব নালাগে। কিয়নো, নাৰিকলৰ পানীত পটাছিয়াম বেছি থাকে বাবে শৰীৰৰ ক্ষতি কৰিব পাৰে।

গৰমত নাৰিকলৰ পানীৰ লগত এফাল নেমু চেপি এই মিশ্ৰণ গ্ৰহণ কৰিলে শৰীৰৰ উত্তাপ কমাত সহায়ক হয়। আয়ুৰ্বেদিক চিকিত্সাত শৰীৰৰ উত্তাপ কমোৱাত এই পানীয় মহৌষধ হিচাপে চিহ্নিত কৰিছে।

নিয়মীয়াকৈ নাৰিকলৰ পানী সেৱন কৰিলে প্ৰস্ৰাৱজনিত সমস্যা হ্ৰাস পায়। বিশেষকৈ যিসকল লোকৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰে তেওঁলোকে এসপ্তাহ ধৰি নিয়মীয়াকৈ এগিলাচ পানীৰ লগত এচামুচ ধনিয়াৰ পাত পিচি মিহলাই খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পায়। নাৰিকলৰ পানীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। বিশেষকৈ কেঁচুৱাৰ পেটৰ ৰোগত নাৰিকলৰ পানী এটা উল্লেখযোগ্য ঘৰুৱা দৰব। এচামুচ অলিভ অইলৰ লগত নাৰিকলৰ পানী মিহলাই তিনি দিন খালে পেটৰ কৃমি নাশ হয় আৰু হজম শক্তি বৃদ্ধি হয়।

কিডনীত পাথৰ হোৱা ৰোগীয়ে নিয়মীয়াকৈ নাৰিকলৰ পানী খালে পাথৰবোৰ ভাগি যোৱাত সহায় হয়। ফলত এই পাথৰবোৰ শৰীৰৰ বাহিৰলৈ ওলাই আহিব পাৰে। অৱশ্যে এনেধৰণৰ ৰোগীয়ে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কিয়নো, কিছুমান কিডনীৰ ৰোগৰ বাবে নাৰিকলৰ পানী ক্ষতিকাৰক।

নাৰিকলৰ পানীয়ে বমি বন্ধ হোৱাটো সহায় কৰে। টাইফয়ড, মেলেৰিয়া জ্বৰ আদিত ভোগা ৰোগীৰ কেতিয়াবা সঘনাই বমি হোৱা দেখা যায়। এনেক্ষেত্ৰত নাৰিকলৰ পানী খালে বমিৰ প্ৰৱণতা হ্ৰাস পোৱাৰ লগতে শৰীৰো শীতল হয়।

ডায়েৰীয়া হোৱা ৰোগীৰ বাবে নাৰিকলৰ পানী উত্তম পানীয়। বিশেষকৈ পিছপৰা অঞ্চলত মানুহৰ ডায়েৰীয়া সঘনাই হোৱা দেখা যায়। আনহাতে চিকিত্সাৰ অভাৱৰ বাবেও বহুক্ষেত্ৰত বিষম পৰিস্থিতিৰ সৃষ্টি হয়। সেয়ে তেনে অঞ্চলত বিশ্ব স্বাস্থ্য সংস্থাই অ’ আৰ এছ পানীয় যোগান দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আহিছে। এইক্ষেত্ৰত নাৰিকলৰ পানীও গ্ৰহণযোগ্য। ডায়েৰীয়াত শৰীৰৰ পৰা বাহিৰ হোৱা পানীয়ে দেহৰ অনেক ক্ষতি কৰে। যিটো নাৰিকলৰ পানী গ্ৰহণ কৰিলে হাত সাৰি থাকিব পাৰি। কিয়নো, নাৰিকলৰ পানীত যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰ’লাইট পটাছিয়াম থাকে। এশ মিলিলিটাৰ নাৰিকলৰ পানীত ২৫০ মিলিগ্ৰাম পটাছিয়াম আৰু ১৫০ মিলিগ্ৰাম ছডিয়াম থাকে।  এই দুয়োটাৰ মিশ্ৰণে ৰোগীৰ অৱশ ভাব নোহোৱা কৰে।

অত্যধিক মদ্যপান কৰা লোকসকলৰ পিছদিনা নিচাৰ ভাব শৰীৰৰ পৰা সম্পূৰ্ণ আঁতৰি নাযায়। ফলত মূৰ বিষাই থাকে। সেইসকলে নাৰিকলৰ পানী খালে সকাহ পোৱা যায়।

লেখিকা: অনিতা ভৰালী, জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 11/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate