অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতল পানীয়ৰ হানিকৰক দিশ

শীতল পানীয়ৰ হানিকৰক দিশ

গ্ৰীস্মৰ দিনকেইটাত ৰ’দৰ তাপত ঘৰ-বাহিৰ ক’তো শান্তি পোৱা নাযায়। গৰমত আমাৰ শৰীৰৰ পৰা ঘাম ওলোৱাৰ কাৰণে দেহত পানীৰ পৰিমাণ কমি যায় আৰু আমাৰ পিয়াহ লাগে। গৰমত ইচাট-বিচাট লগা শৰীৰক অলপ আৰাম দিবলৈ বহুতে শীতল পানীয়ৰ আশ্ৰয় লয়। চহৰ-গাওঁ সকলোৰে বিপনীবোৰ সেয়ে এতিয়া বিভিন্ন শীতল পানীয়ৰে ভৰি পৰিছে। গতিকে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চহৰৰ লগতে গাওঁবাসীয়েও শীতল পানীয় ক্ৰয় কৰে। বহুতৰ বাবে শীতল পানীয় খোৱাটো এটা ষ্টাইলো। বহুতে আকৌ হাতত শীতল পানীয়ৰ বটল লৈ বিভিন্ন কথাৰ মহলা মৰাটোও আভিজাত্যৰ লক্ষণ বুলি ভাৱে। কিন্তু পানীৰ বিকল্প হিচাপে খোৱা পানীয়সমূহ কিমান স্বাস্থ্যসন্মত এই কথা কেতিয়াবা ভাবি চাইছেনে? শীতল পানীয়ৰ মূল উপাদান হৈছে পানী। ইয়াৰ লগত মিহলি কৰা হয় চাইট্ৰিক এচিড, ফছফৰিক এচিড আদি। এচিডৰ টেঙা সোৱাদ নোহোৱা কৰিবলৈ যথেষ্ট পৰিমানৰ চেনি বা ছেকাৰিন ব্যৱহাৰ কৰা হয়। শীতল পানীয়ক অধিক আকৰ্ষণীয়, সোৱাদযুক্ত আৰু সুন্দৰ গোন্ধ আনিবলৈ ইয়াত ব্যৱহাৰ কৰা হয় বিভিন্ন ৰাসায়নিক দ্ৰব্য। কোকাকোলা জাতীয় পানীয়বোৰত আকৌ যথেষ্ট পৰিমাণৰ কেফেইন থাকে। তদুপৰি এই শীতল পানীয়ক বহুদিনলৈ ভালে ৰাখিবলৈ কৃত্ৰিম ৰাসায়নিক স্ংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰা হয়। কিছুমান শীতল পানীয়ৰ বটলত বটলৰ ঠিলা মৰাৰ আগতে উচ্চ চাপযুক্ত কাৰ্বন-ডাই-অক্সাইড গেছ ভৰোৱা হয়। তেনে বটলৰ ঠিলা খোলাৰ লগে লগে গেছ জোৰেৰে বাহিৰলৈ ওলাই যায় আৰু বটলৰ ভিতৰত থকা শীতল পানীয়ত বুৰ বুৰণি উঠে। এতিয়া কথা হৈছে আমাক গৰমত অকণমান সময়লৈ শীতল কৰা এই পানীয়সমূহ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী?

শীতল পানীয়ত ব্যৱহাৰ কৰা কাৰ্বন-ডাই-অক্সাইড আমাৰ শৰীৰৰ কাৰণে অপকাৰী। ই সাময়িকভাৱে আমাক সকাহ দিলেও শৰীৰৰ বাবে ক্ষতিকাৰক। পাকস্থলীত থকা ঘাঁ নাইবা এচিডিটিৰ সমস্যাত কষ্ট পোৱা ব্যক্তিয়ে শীতল পানীয় বেছিকৈ খালে ভয়ংকৰ পৰিস্থিতিত পৰিব পাৰে। শীতল পানীয়ত ব্যৱহাৰ কৰা ৰঙে কৰ্কট ৰোগ সৃষ্টি কৰাত সহায় কৰে। সেয়ে নিয়মিত ৰুপত  শীতল পানীয় খোৱাটো শৰীৰৰ বাবে হানিকৰক। শীতল পানীয়ই মেদ বৃদ্ধিত সহায় কৰে। মধুমেহ ৰোগীৰ বাবেও ই অপকাৰী।এলাৰ্জী, হাপানী, হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে শীতল পানীয়ত ব্যৱহাৰ কৰা স্ংৰক্ষক ক্ষতিকাৰক। নিয়মিত ৰুপে শীতল পানীয় খালে দাতৰ এনামেলৰ ক্ষতি হ’ব পাৰে। বয়সিয়াল মানুহে সদায় শীতল পানীয় খালে হাড়ৰ ভ্ংগুৰতাৰ সমস্যাত আক্ৰান্ত হ’ব পাৰে। শিশুসকলে শীতল পানীয়ৰ দ্বাৰা বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে। বিশেষকৈ কিশোৰ কিশোৰী আৰু শিশুৰ দৈহিক বিকাশত শীত ল পানীয়ৰ নিয়মীত সেৱনে বাধা জন্মাব পাৰে। অৱশ্যে কেতিয়াবা এবটল শীতল পানীয় খালে বিশেষ একো ক্ষতি নহয়। কিন্তু নিয়মিত ইয়াৰ ব্যৱহাৰে বিভিন্ন ৰোগৰ জন্ম দিব পাৰে। এতিয়া ইমানবোৰ অপকাৰিতাৰ বিষয়ে জানিও আমি এই বৰ বিহ খামনে? অৱশ্যে সেয়া আপোনলোকৰ ওপৰত নিৰ্ভৰ কৰিব।

ললিতা শৰ্মা লহকৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate