অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শুকান চুলিৰ যতন

শুকান চুলিৰ যতন

সুস্থ স্বাস্থ্য প্ৰতিফলিত হয় চুলিকোছাৰ মাজেৰেও। সেয়ে চুলিকোছাৰ সঠিক যত্ন লোৱাটো অপৰিহাৰ্য। কিন্তু মনত ৰাখিব চুলিৰ প্ৰকাৰ লৈহে চুলিৰ যতন ল’ব। শুকান চুলিৰ সমস্যাক লৈ বহুতৰে চিন্তা।

চুলিৰ মালিচ

শুকান চুলিত মালিচৰ প্ৰয়োজন বেছি। মালিচ কৰাৰ ফলত চুলিৰ গুৰিত তেজ চলাচল হ’ব। ফলত অক্সিজেন প্ৰবাহিত হৈ হেয়াৰ ফলিক্‌লছসমূহত চুলি গজাত আৰু দীঘল হোৱাত সহায় কৰিব। চুলিত মালিচ কৰাৰ নিয়ম আছে। চুলিত শৰীৰৰ দৰে মালিচ কৰিলে চুলি সৰিব। চুলিৰ গুৰিত এনেদৰে মালিচ কৰিব লাগিব যাতে মূৰৰ ছালখনত ঘূৰাই ঘূৰাই মালিচ কৰিব। যাতে ৰক্ত সঞ্চালন হয়। চুলিৰ গুৰি শুকান হ’লে আৰু চুলি শুকান হ’লে চুলিত মালিচৰ প্ৰয়োজন হ’ব। এনেদৰে মালিচ কৰাৰ ফলত চুলি মিহি হয় আৰু চুলিৰ শুকান ভাব নাথাকে। চুলি সবল আৰু উজ্জ্বল হয়। অৰ্থাৎ চুলিৰ গুৰিৰ কোষসমূহ খোল খাই যায়। যাৰ সহায়ত অক্সিজেন প্ৰবাহিত হয়। সপ্তাহত অন্তত: দুবাৰকৈ চুলি মালিচ কৰিব লাগে। শুকান চুলি, পাৰ্মি কৰা চুলি, পোন কৰা চুলিত মালিচৰ প্ৰয়োজন বেছি। মালিচৰ দ্বাৰা চুলিৰ গুৰিত পুষ্টি যোগায়। বেছি শুকান চুলিত একাপ অলিভ অইল, একাপ মহাভৃংগৰাজ অইল, একাপ কেষ্টৰ অইল। এই আটাইখিনি তেল সমানে মিহলাই এটা সেউজীয়া ৰঙৰ বটলত থৈ দিব। নিয়মিতভাৱে ৰ’দত দিব। ফলত উক্ত তেলত ‘ডি’ ভিটামিন সংৰক্ষণ হ’ব। এই তেল শ্বেম্পু কৰাৰ আগদিনা মালিচ কৰিব। মালিচ কৰাৰ এঘন্টা মানৰ পিচতেই শ্বেম্পু কৰি দিব। ক্ৰমান্বয়ে চুলি মিহি হ’ব। তদুপৰি চুলি মিহি হ’বলৈ নাৰিকলৰ তেল কুহুমীয়াকৈ গৰম কৰিব। এই তেলত ছালকুঁৱৰীৰ জুলীয়া অংশ মিহলাই দিব। ভালদৰে চমুচেৰে মিহলাই আমলখিৰ ৰস দিব। এই তেল চুলিত লগালে খুব কম দিনৰ ভিতৰতে চুলি মিহি হ’ব।

যদি চুলিৰ চিবাচিয়াছ গ্লেণ্ডসমূহে কাম নকৰে আৰু ময়শ্বৰাইজাৰৰ মাত্ৰা কম, তেতিয়া আমাৰ চুলি শুকান হয়। আমি খোৱা খাদ্যৰ পৰাও পুষ্টি চুলিলৈ যায়। বিশেষকৈ সুষম আহাৰ খোৱাৰ ফলতো আমাৰ চুলি স্বাস্থ্যসন্মত হ’ব পাৰে। সতেজ ফল-মূল, শাক-পাচলি আৰু সঠিক পৰিমাণত পানী খাই থাকিলেও চুলিৰ স্বাস্থ্য ভাল হয়। ব্যায়াম আৰু আৰামৰ দ্বাৰাও চুলি ভালে থাকে। পামিং, ব্লিচিং আৰু কলপ আদি নকৰিব। ঘৰতে তৈয়াৰ কৰা প্ৰলেপৰ দ্বাৰাও চুলিৰ যত্ন ল’ব পাৰি।

  • দুটা কণী (চুটি চুটিৰ বাবে)
  • ১/২ কাপ অলিভ অইল।
  • ১/২ কাপ ভিনেগাৰ মিহলাই ল’ব।

এই প্ৰলেপ সপ্তাহত এবাৰকৈ লগাব। ই চুলিৰ গুৰিত পুষ্টি যোগোৱাৰ উপৰি সবল কৰে। বেছি শুকান চুলিৰ বাবে একাপ নাৰিকলৰ তেল কুহুমীয়াকৈ গৰম কৰি ছালকুঁৱৰীৰ জুলীয়া অংশখিনি মিহলাই দিব। এতিয়া চুলিত ভালদৰে লগাই দিব। যাতে প্ৰতিডাল চুলিত ভালদৰে লাগি যায়। কেৱল যে চুলিৰ গুৰিত লগাব এনে নহয়, চুলিৰ আগসমূহতো লগাব। যাৰ ফলত চুলিখিনি মিহি হ’ব। চুলিৰ আগসমূহতো লগাব। যাৰ ফলত চুলিখিনি মিহি হ’ব। চুলিৰ আগসমূহো দুমুখীয়া নহয়। এনেদৰে সপ্তাহত এবাৰকৈ লগালে চুলি সাধাৰণ অৱস্থালৈ ঘূৰি আহিব। কিছু মাহ ব্যৱহাৰ কৰাৰ ফলত চুলি উজ্জ্বল আৰু স্বাস্থ্যৱান হ’ব। আনহাতে ঘৰতে তৈয়াৰ মেওনিজৰ দ্বাৰাও চুলিত কণ্ডিচনাৰ কৰাৰ বাবে দুটা কণীৰ কুহুম আৰু আধা কাপ গাখীৰৰ ক্ৰীমৰ লগত মিহলাই চুলিত লগাব। এই মিশ্ৰণ চুলিত লগাই ২০ মিনিটমান ৰাখিব। পিচত কোমল শ্বেম্পুৰে ধুই দিব। এনেদৰে নিয়মিতভাৱে কৰিলে চুলি মিহি আৰু চুলিৰ গুৰি পৰিষ্কাৰ হ’ব। উফিৰ পৰা মুক্ত হ’ব পাৰিব।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 7/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate