অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৈশৱত ব্যায়ামৰ প্ৰভাৱ :

 

বৰ্তমান সমাজৰ দ্ৰুত পৰিৱৰ্তনে আমাৰ জীৱনশৈলীত অস্বাভাৱিক ধৰণে প্ৰভাৱ পেলাইছে । এই প্ৰভাৱ ল’ৰাৰ পৰা বুঢ়ালৈকে পৰিছে । সমাজৰ এই পৰিৱৰ্তনৰ বাবে মানুহৰ জীৱনলৈ স্থবিৰতাও আহিছে । এটা সময় আছিল, যি সময়ত ল’ৰা-ছোৱালীক দৌৰা-দৌৰি কৰিবলৈ, সাঁতুৰিবলৈ, গছত উঠিবলৈ, ফমূৰ্টি দলিয়াবলৈ বাধা প্ৰদানহে কৰিবলগীয়া হৈছিল । সেই সময়ৰ জীৱনশৈলী এনেধৰনৰ আছিল যে সাধাৰণ জীৱনত এইবোৰ আছিল স্বাভাৱিক ঘটনা । কিন্তু এতিয়া সমাজৰ পৰিৱৰ্তনে ল’ৰা-ছোৱালীৰ জীৱনটোত অদ্ভুত ধৰণে প্ৰভাৱ পেলাইছে । সিহঁতৰ খেলিবলৈ খেলপথাৰৰ অভাৱ, দৌৰিবলৈ ঠাইৰ অভাৱ অথবা লগৰীয়াৰ অভাৱ । দুটা কোঠাৰ মাজত সিহঁতৰ জীৱন সীমাবদ্ধ হৈ পৰিছে । সাঁতুৰিবলৈ যোৱাটো বাধ্যতামূলক হৈছে, যিটোৰ বাবে সিহঁতে সাতোঁৰাৰ আনন্দ হেৰুৱাইছে । ল’ৰা-ছোৱালীৰ জীৱনৰ এই পৰিৱৰ্তনে সিহঁতৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে । শৈশৱতে সিহঁত মধুমেহ ৰোগৰ চিকাৰ হৈছে । চিকিৎসা বিজ্ঞানে এই কথা স্বীকাৰ কৰিছে যে সমাজৰ দ্ৰুত পৰিৱৰ্তন অৱশ্যম্ভাৱী । ইয়াক কোনেও ৰুধিব নোৱাৰে । কিন্তু তাৰ মাজতেই আমি সুস্থ জীৱনৰ বাবে কিছুমান নিয়ম বান্ধি ল’ব লাগিব । যিবোৰৰ জৰিয়তে সমাজো সুস্থ হৈ থাকিব আৰু জীয়াই থকাৰ প্ৰেৰণাও পাব ।

ল’ৰা-ছোৱালীৰ জীৱনত ব্যায়ামৰ ভূমিকাৰ কথা চিকিৎসা বিজ্ঞানে স্বীকাৰ কৰিছে । ব্যায়ামৰ জৰিয়তে হৃৎপিণ্ডলৈ তেজৰ চলাচল বৃদ্ধি পায় । শৰীৰত হৃৎপিণ্ডৰ স্পন্দন বৃদ্ধি হয় বাবেই এই প্ৰভাৱ পৰে । ইয়াৰ ফলত উশাহ ঘন হয় আৰু হাঁওফাঁওলৈ অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায় । সেয়ে শিশুৰ গতানুগতিক কামবোৰৰ লগতে ব্যায়ামৰ ওপৰতো সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন । ইয়াৰ কাৰণে শিশুক কোনো এৰ’বিকছ ক্লাছত ভৰ্তি কৰাব নালাগে । পিতৃ- মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠসকলে শিশুৰ লগতে এই অভ্যাসবোৰ কৰিব পাৰে । সেইবোৰৰ ভিতৰত নাচ আৰু যিকোনো এটা খেল খেলা, জঁপিওৱা, দৌৰা, খৰকৈ খোজ কঢ়া ইত্যাদিয়েই প্ৰধান । শিশুৰ শৰীৰত ইয়াৰ প্ৰভাৱ এনেধৰণে পৰে ।

হাঁওফাঁও আৰু হৃৎপিণ্ডৰ পৰা প্ৰভাৱ -

যেতিয়া আমি ব্যায়াম কৰো, তেতিয়া হৃদস্পন্দনৰ মাত্ৰা বৃদ্ধি পায় । ফলত হৃৎপিণ্ডলৈ বেছিকৈ তেজৰ চলাচল হয় । একেধৰণে অক্সিজেনো হৃৎপিণ্ডই সেই সময়খিনিত বেছিকৈ পায় । ইয়াৰ প্ৰভাৱ হাওঁফাওঁতো পৰে । এই ব্যায়ামে হাঁওফাঁও আৰু হৃৎপিণ্ডক সুস্থ ৰখাত সহায় কৰে ।

ওজন নিয়ন্ত্ৰণ কৰে -

তুলনামূলকভাৱে শিশুৱে বেছি কেলৰিযুক্ত আহাৰ গ্ৰহণ কৰে । সেই কেলৰি সাধাৰণ জীৱন- যাত্ৰাত ব্যয় হোৱাটো অসম্ভৱ বাবে শৰীৰৰ ওজন বৃদ্ধি হৈ মেদবহুলতাৰ চিকাৰ হয় । শৰীৰৰ এই অপ্ৰয়োজনীয় চৰ্বি কমাবৰ বাবেও এই ব্যায়ামৰ প্ৰয়োজন । ব্যায়ামৰ জৰিয়তে কেলৰি ক্ষয় কৰিবলৈ সহজ ।

পেশী সবল কৰে :-

সাধাৰণতে শিশুৰ পেশী মজবুত কৰাৰ কোনো ব্যায়াম নাই যদিও ব্যায়ামে শৰীৰটো সুগঢ়ী কৰি তোলে । ইয়াৰ পৰা এই কথা প্ৰমাণ হৈছে যে এটা কোঠাত চকীত বহি টেলিভিছন চাই বা ম’বাইলত গেম খেলি কটোৱা শিশুতকৈ বাহিৰত খেলা-ধুলা কৰা শিশুৰ পেশী বেছি মজবুত । ব্যায়ামেই এইক্ষেত্ৰত অধিক গ্ৰহণীয় ।

হাড় মজবুত কৰে :-

ভৱিষ্যৎ জীৱনৰ এজন সুদক্ষ সেনা বিষয়া বা সামৰিক বিষয়া হ’বৰ কাৰণে শৈশৱৰ পৰাই হাড়ৰ গঠন মজবুত হোৱাৰ প্ৰয়োজন । এইক্ষেত্ৰত ব্যায়ামে যথেষ্ট সহায় কৰে ।

শৰীৰৰ দূষণ ক্ষমতা নাইকিয়া কৰে -

আমাৰ শৰীৰৰ সুস্থ হৈ থকাৰ বাবে শৰীৰৰ পৰা দূষিত বস্তু আঁতৰ কৰাৰ প্ৰয়োজন । ব্যায়ামে এইক্ষেত্ৰত সহায় কৰে । অৰ্থাৎ আমাৰ প্ৰস্ৰাৱ-পায়খানা নিয়মীয়া কৰে, যিটোৱে শৰীৰ সুস্থ ৰখাত সহায় কৰে । শৰীৰৰ পৰা টক্সিন ঘামৰ জৰিয়তে ওলাই যায় । ফলত লিভাৰ আৰু ছালৰ ওপৰত বিশেষ প্ৰভাৱ পৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় -

ব্যায়ামে শৰীৰৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায় বাবে যিকোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে । এই অধ্যয়নত এই কথাও উল্লেখ কৰিছে যে শ্বেতৰক্ত কণিকাৰ ওপৰতো ব্যায়ামে প্ৰভাৱ পেলায় বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।

হতাশগ্ৰস্ততা নাইকিয়া কৰে :-

শৰীৰৰ সকলো অংগৰ খৰকৈ হোৱা সঞ্চালনে এণ্ড্ৰ’ফিনছ হৰম’নৰ উৎপত্তিত সহায় কৰে । ইয়াৰ প্ৰভাৱ মনৰ ওপৰত পৰে । সেয়ে মানসিকভাৱে সবল কৰে । উত্তেজনা কমে । সম্প্ৰতি এই কথাও প্ৰমাণ হৈছে যে যিসকল ব্যক্তি হতাশগ্ৰস্ততাৰ বলি হৈছে তেওঁলোকে ইয়াৰ সৈতে যুঁজিবৰ বাবে ব্যায়াম কৰাৰ প্ৰয়োজন ।

শিশুক সমাজপ্ৰিয় কৰি তোলে -

ব্যায়াম কৰোতে কেইবাজনো লগ হৈ কৰা হয় । সেইবাবে মিলাপ্ৰীতি বেছিকৈ হয় । আনৰ সুখ বা দুখ বুজাত এই স্বভাৱে সহায় কৰে । হাঁহি-ধেমালিৰে কৰা ব্যায়ামে শিশুক সমাজপ্ৰিয় কৰি তোলে ।

মনোযোগ বৃদ্ধি কৰে :-

এটা সুস্থ মনে এটা সুস্থ শৰীৰত প্ৰভাৱ পেলায় । এই অধ্যয়নত এই কথাও প্ৰমাণ হৈছে যে যেতিয়া মন সুস্থ থাকে তেতিয়া পঢ়া-শুনা বা অন্যান্য প্ৰতিযোগিতাতো ভাল ফল দেখুৱাবলৈ সম্ভৱ হয় । এইটো নিয়মীয়াকৈ কৰা ব্যায়ামৰ জৰিয়তেহে সম্ভৱ । কিয়নো ব্যায়ামে মগজুৰ কোষ বৃদ্ধিতো সহায় কৰে ।

এৰ’বিকছ ভাল ব্যায়াম -

এজন বয়স্ক মানুহে শৰীৰ সুস্থ ৰখাৰ বাবে জিমলৈ অহা-যোৱা কৰিব পাৰে । এইটো শিশুৰ ক্ষেত্ৰতো কৰিব পাৰে যদিও সিহঁতৰ বাবে এনেধৰণৰ অনুশীলন আমনিদায়ক হ’ব পাৰে । এইক্ষেত্ৰত ব্যায়ামে সিহঁতলৈ নতুনত্ব কঢ়িয়াই আনে । কিয়নো, ব্যায়াম প্ৰতিদিনে বিভিন্ন পদ্ধতিৰে সালসলনি কৰিব পাৰি ।

লেখিকা:- গীতিমালিকা নেওগ

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 7/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate