অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰৱণ যন্ত্ৰৰ ব্যৱহাৰ :

শ্ৰৱণ যন্ত্ৰ -

বধিৰ লোকক ভালদৰে শুনিবলৈ সহায় কৰা এবিধ বৈদ্যুতিক যন্ত্ৰকে শ্ৰৱণ যন্ত্ৰ বোলা হয় । কাণত বা কাণৰ পিছপিনে এনে যন্ত্ৰ পিন্ধিব পাৰি । এনে যন্ত্ৰই শব্দক বিবৰ্ধন কৰি কাণৰ ভিতৰলৈ প্ৰেৰণ কৰে, যাতে বধিৰ লোকে শুনাত সহায় হয় । এনে যন্ত্ৰ ব্যৱহাৰ কৰি বধিৰ লোকে শব্দ আৰু মাত-কথা ভালদৰে শুনাত আৰু সমাজত কথা-বাৰ্তা পাতি ভালদৰে ভাব বিনিময় কৰাত সহায় হয় । এনে যন্ত্ৰই শান্ত আৰু কোলাহলপূৰ্ণ উভয় পৰিৱেশত শ্ৰৱণশক্তি বৰ্ধন কৰিব পাৰিলে ভাল । পৰিৱেশৰ অনাৱশ্যক কোলাহলবোৰ কমাই মানুহৰ মাত-কথাবোৰ বিবৰ্ধন কৰি শ্ৰৱণ শক্তি বৃদ্ধি কৰিব পৰাটোৱেই শ্ৰৱণ যন্ত্ৰৰ লক্ষ্য ।

শ্ৰৱণ যন্ত্ৰৰ মূলত: তিনিটা অংশ থাকে । শ্ৰৱণ যন্ত্ৰই শব্দবোৰ এক অনুভৱ যন্ত্ৰৰ সহায়ত সংগ্ৰহ কৰে । এই শব্দবোৰ এক শব্দ বিবৰ্ধক যন্ত্ৰই কৰি এক শব্দ পৰিৱেশক যন্ত্ৰৰ সহায়ত কাণলৈ প্ৰেৰণ কৰে । বধিৰ লোকে নিজৰ হাতখন কাণৰ কাষত দি শব্দবোৰ কাণৰ ভিতৰলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা দেখা যায় । তাৰ আলমতে অতীতত কাণৰ চুঙা ব্যৱহাৰ কৰি শ্ৰৱণ শক্তি বৰ্ধন কৰিবলৈ চেষ্টা কৰা হৈছিল । আজিকালিৰ শ্ৰৱণ যন্ত্ৰবোৰ বৈদ্যুতিক সৰঞ্জাম । এইবোৰত চালক শক্তি আহে বেটাৰীৰ পৰা । শ্ৰৱণ যন্ত্ৰৰ বেটাৰী মাহেকত এবাৰ বা দুবাৰ সলনি কৰিব লাগে । শ্ৰৱণ যন্ত্ৰ ভেদে বেলেগ ধৰণৰ বেটাৰী ব্যৱহাৰ কৰিব লাগে ।

শ্ৰৱণ যন্ত্ৰৰ প্ৰতি মানুহৰ মনত এক অহেতুক লজ্জা আছে । মানুহে চকুত যিমান সহজে চশমা ব্যৱহাৰ কৰিবলৈ মান্তি হয় সিমান সহজে কাণত শ্ৰ্ৱণ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ মান্তি নহয় । এক বিশেষ ধৰণৰ লজ্জাবো হে মানুহক শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰাত বাধা দিয়ে । যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা দেখা যায় । সেয়েহে শ্ৰৱণ যন্ত্ৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰৰ কাৰনে উপযুক্ত শক্তিসমৃদ্ধ শ্ৰৱণ যন্ত্ৰ প্ৰস্তুত কৰোতে যন্ত্ৰটো চাক্ষুষ দৃষ্টিৰ পৰা লুকুৱাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে ।

শ্ৰ্ৱণ যন্ত্ৰ বহু আকাৰৰ আছে । প্ৰথমেই নাম ল’ব লাগিব চোলাৰ পকেটত সুমুৱাই থকা পকেট টাইপ শ্ৰ্ৱন যন্ত্ৰ । চাৰিচুকীয়া এই শ্ৰৱণ যন্ত্ৰ ভাল যদিও অলপ ডাঙৰ, কাৰণ ইয়াৰ ভিতৰত সাধাৰণ টৰ্চ লাইটৰ বেটাৰী এটা থাকে । এই যন্ত্ৰৰ পৰা কাণলৈ এডাল ৰছীৰ দৰে তাঁৰ থাকে । কাণত এক ডাঙৰ শব্দ প্ৰেৰণ কৰা স্পীকাৰ থাকে । এই ৰছী আৰু দেখি থকা স্পীকাৰ থকা বাবে বহুতেই এই যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ লজ্জাবোধ কৰে ।

সেয়েহে বিভিন্ন আকাৰৰ সৰু শ্ৰবণ যন্ত্ৰ প্ৰস্তুত কৰা হৈছে । কাণৰ পিছপিনে বা কাণৰ ফুটাৰ ভিতৰত সুমুৱাই থ’ব পৰা শ্ৰৱণ যন্ত্ৰ প্ৰস্তুত কৰা হৈছে । কাণৰ পিছপিনে স্থাপন কৰিব পৰা শ্ৰৱণ যন্ত্ৰক (Behind the Ear) শ্ৰৱণ যন্ত্ৰ বোলা হয় । এই শ্ৰৱণ যন্ত্ৰ আপেক্ষিকভাৱে ডাঙৰ । এই শ্ৰৱণ যন্ত্ৰ যথেষ্ট উপযোগী আৰু আদহীয়া লোকৰ মাজত জনপ্ৰিয় । এনে শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ সহজ আৰু ইখন কাণৰ পৰা সলাই আনখন কাণত ব্যৱহাৰ কৰিব পাৰি । চুলি দীঘল হ’লে এনে যন্ত্ৰ সহজে সুমুৱাই থ’ব পাৰি । কিন্তু আন মানুহৰ ক্ষেত্ৰত এনে যন্ত্ৰ সহজে চকুত পৰে । সেয়েহে যুৱক-যুৱতী আৰু মহিলাৰ মাজত এনে যন্ত্ৰ জনপ্ৰিয় নহয় ।

কাণৰ ফুটাৰ ভিতৰত সুমুৱাই থ’ব পৰা শ্ৰৱণ যন্ত্ৰ দুই প্ৰকাৰৰ আছে । এবিধৰ ITC (In the Canal     আৰু  CIC (Complatetly in the Cana). ITC    শ্ৰৱণ যন্ত্ৰৰ একাংশ কাণৰ ফুটাৰ পৰা বাহিৰত ওলাই থাকে । কিন্তু শ্ৰৱণ যন্ত্ৰ  সৰু আৰু সম্পূৰ্ণভাৱে কাণৰ ফুটাৰ ভিতৰত সোমাই থাকে । এনে শ্ৰৱণ যন্ত্ৰ  বিত্তৱান লোকে পচন্দ কৰে । এনে শ্ৰৱণ যন্ত্ৰৰ মূল্য অধিক বাবে সাধাৰণ লোকে ল’বলৈ অসুবি হা পায় । অৱশ্যে শ্ৰৱণ যক্তি যথেষ্ট হ্ৰাস পালে এনে শ্ৰৱণ যন্ত্ৰ উপযোগী নহয় । এনে শ্ৰৱণ যন্ত্ৰৰ বেটাৰীও অধিক দিন নচলে ।

শক্তি অনুযায়ী শ্ৰৱণ যন্ত্ৰক দুই ভাগত ভাগ কৰা হয় -

এনালগ (Analog) আৰু ডিজিটেল (Digital) । এনালগ প্ৰযুক্তিবি য়া সৰল । ইইধৰণৰ শ্ৰৱণ যন্ত্ৰত শব্দ বিবৰ্ধন কৰা হয় সম্পূৰ্ণভাৱে শব্দবোৰ সমানেই ডাঙৰকৈ শুনা যায় । ডিজিটেল প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰিলে শ্ৰোতাৰ শ্ৰৱণ শক্তি অনুযায়ী বিভিন্ন শব্দ তৰংগবোৰ ভাগ ভাগকৈ ডাঙৰকৈ শুনাৰ সুবিধা কৰা হয় । ফলত প্ৰয়োজনীয় কথা-বাৰ্তাবোৰ ভালদৰে শুনাত সহায় হ’ব আৰু অনাৱশ্যক কোলাহলবোৰ কমাই দিব পাৰি । অৱশ্যে ডিজিটেল শ্ৰৱণ যন্ত্ৰবোৰ সময়ে সময়ে এক ইলেট্ৰনিক প্ৰগ্ৰেমাৰ যন্ত্ৰৰ সহায়ত শব্দ-শক্তিবোৰ সঠিকভাৱে মিলাই থাকিব লাগে, নহ’লে অনাৱশ্যক কোলাহলবোৰে ৰোগীৰ শ্ৰৱণ ক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে ।

কাণৰ ভিতৰত সুমুৱাই থ’ব পৰা শ্ৰ্ৱণ যন্ত্ৰবোৰ ৰোগীৰ কাণৰ জোখত বনাই আনিব লাগে । ইয়াৰ বাবে ছিলিকনৰ ইম্প্ৰেছন মেটেৰিয়েল (Silicone pression Material) কাণত সুমুৱাই জোখ লোৱা হয় । এই ইম্প্ৰেছন গোটা মাৰি টান হ’লে সেই জোখত প্লাষ্টিকৰ শ্ৰৱণ যন্ত্ৰৰ খোলা তৈয়াৰ কৰা হয় । তাৰ ভিতৰত ডিজিটেল অথবা এনালগ শ্ৰৱণ যন্ত্ৰ  আৰু বেটাৰী স্থাপন কৰা হয় । এনে বেটাৰীৰ স্বাভাৱিকতে আকাৰৰ যথেষ্ট সৰু হয় ।

লাওখোলাত অস্ত্ৰোপচাৰ কৰি বহুৱাই দিয়া একপ্ৰকাৰ শ্ৰৱণ যন্ত্ৰ  আছে । ইয়াক বাহা (Bone Anchored Hearingaid) বোলা হয় । এনে শ্ৰৱণ যন্ত্ৰই দুয়োখন কাণলৈ লাওখোলাৰ অস্থিৰ মাধ্যমেৰে শব্দ তৰংগ পঠাই শ্ৰৱণ শক্তি বৃদ্ধি কৰিব পাৰে বুলি বিশ্বাস কৰা হয় । অৱশ্যে এনে শ্ৰৱণ যন্ত্ৰৰ ব্যৱহাৰ এতিয়াও অতি সীমিত ।

যিসকল ব্যক্তিৰ শ্ৰৱণ শক্তি প্ৰায় নায়েই, তেনে ব্যক্তিৰ ক্ষেত্ৰত সাধাৰণ শ্ৰৱণ যন্ত্ৰ  সহায় কৰিব নোৱাৰে । তেনে ক্ষেত্ৰত ককলিয়াৰ ইম্প্লেণ্ট নামৰ এক অত্যাধুনিক শ্ৰৱণ যন্ত্ৰ ওলাইছে । ইয়াৰ সহায়ত ধুম কলা মানুহৰ ক্ষেত্ৰতো শ্ৰৱণ শক্তি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বাঢ়িছে । এই ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰি অতি সূক্ষ্ম বৈদ্যুতিক তাঁৰ কিছুমান অন্ত:কৰ্ণৰ ককলিয়াত সুমুৱাই দিয়া হয় । বাহিৰৰ শব্দবাহক যন্ত্ৰৰ পৰা শব্দ তৰংগ কৃত্ৰিমভাৱে অন্ত:কৰ্ণৰ ভিতৰৰ ককলিয়ালৈ পৰিবহণ কৰিবলৈ চেষ্টা কৰা হয় । পিছত শব্দ প্ৰচেছৰৰ সহায়ত এই শব্দবোৰ অৰ্থৱহ ভাষালৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা হয় । ইয়াৰ বাবে ভাষা- শিক্ষা দিয়াৰ আৱশ্যক হয় । বৰ্তমান যুগত বহুতো ৰোগী এই যন্ত্ৰৰ সহায়ত উপকৃত হৈছে । অৱশ্যে এতিয়ালৈ এই যন্ত্ৰৰ মূল্য যথেষ্ট বেছি (৪-৫ লাখ ভাৰতীয় টকা) বাবে সৰ্বসাধাৰণৰ বাবে সহজলভ্য হোৱা নাই ।

লেখক :- ডা: বিশ্বনাথ শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate