এজন স্বাস্থৱান লোক হবলৈ শৰীৰটো সৱল সুঠাম আৰু নিৰোগী হোৱাৰ লগতে মনৰ ৰোগসদৃশ দুখ -দুৰ্দশা, চিন্তা ভাৱনা ,আদিৰ বোজা কঢ়িয়াই সুস্থ্য আৰু সুখী জীৱন আশা কৰিব নোৱাৰো । আনহাতে ৰজাই হওক, প্ৰজাই হওক প্ৰত্যেকৰ জীৱনলৈ সুখৰ লগতে দুখৰ ধোৱা,ধুলি,ধুমুহা বা ক'লা ডাৱৰ আদি নানা প্ৰত্যাহ্বান আহি পৰে । তেনে দুখৰ কাইটীয়া বেৰ কোনে কেনেকৈ অতিক্ৰম কৰিব পাৰিছো সেইটোহে লক্ষনীয় বিষয়। খগেন মহন্তৰ এটি গানত শুনিছিলো-- "দেহা ক'লা হ'লে থাকে দুদিনলে,মন ক'লা হ'লে ভাগে। সচা ,মন ক'লা আৰু হতাশা বা অস্থিৰতাত ভাগি পৰিলে সহজে জোৰা লগোৱাটো টান হৈ পৰে । শৰীৰৰ কোষ(Body Cell) :---চিকিৎসা বিজ্ঞানীৰ মতে আমাৰ সৰ্ব শৰীৰটো কোটি কোটি সুক্ষ্ম কোষেৰে গঠিত । সেইবোৰ দুৰ্বল বা অকামিলা হৈ গলেই আমি ৰুগীয়া হৈ পৰো । পিছে আধ্যাত্মিক দৃষ্টিকোণ তথা দেহতত্ত্ব বিষয়ক শাস্ত্ৰজ্ঞ পন্ডিতৰ মতে ভৌতিক দেহত থকা কোষ সমুহৰ বাহিৰেও মানুহৰ ভিতৰত আন চাৰিটা অভৌতিক দেহৰো নিজা নিজা অদৃশ্য কোষ আছে । সেইবোৰ দুৰ্বল বা অকামিলা হৈ পৰিলে আমাৰ মানসিক ব্যতিক্ৰম আহি পৰে। আমি দেখা বা বহন কৰা এই পঞ্চভৌতিক দেহৰ কোষবোৰ হ'ল -
১) অন্বময় কোষ আৰু অভৌতিক অদৃশ্ব্য কোষ বোৰ হল
২) মনোময় কোষ
৩) প্ৰানময় কোষ
৪)বিজ্ঞানময় কোষ আৰু
৫) আনন্দময় কোষ শৰীৰ চৰ্চ্চা যিমানেই নীতি নিয়মেৰে নকৰক আমাৰ দেহৰ ভৌতিক অভৌতিক সকলো কোষসমুহ সকলো সময়তে সুস্থ্য ৰাখি শাৰীৰিক আৰু মানসিক ভাৱে কেতিয়াও সম্পুৰ্ন সুস্থ হব নোৱাৰো । নানা যোগ ,ধ্যান তপ জপ আদি কঠোৰ সাধনাৰে কিঞ্চিত উপকৃত হব পাৰি । সেয়া সাধাৰন লোকৰ বাবে সম্ভৱ নহয়। জটিল কিবা মানসিক ৰোগ হলে বিভাগীয় চিকিত্সকৰ দ্বাৰা আৰোগ্য হব পাৰো ; পিছে প্ৰতিজন লোকৰ মনলৈ অহা সৰু বৰ সকলো চিন্তা ভাৱনা ,দুখ দুৰ্দশাৰ চিকিত্সা কৰাটো জানো সম্ভৱ হব? সেইবোৰৰ বোজা টানিব পৰা সকলে টানিছে আৰু নোৱাৰাসকলে হতাশা নিৰাশাক আকোৱালি জীৱন কটোৱাৰ বাহিৰে গত্যন্তৰেইবা কিআছে। কিছু লোক আছে সাধাৰন দুখ বেদনাতে হতাশাত ভাগি পৰে ,কিছু লোক হেজাৰ চিন্তা ভাৱনাকো সহজ ভাৱে সহ্য কৰে , কিছুলোকৰ চিন্তাই আহাৰ- নিদ্ৰা হৰে আন বহু লোক অস্থিৰতাত ভুগে , মনৰ হাঁহি ষ্ফুৰ্তি হেৰায়, নকৰিবলগীয়া কিবা এটা কৰে। আজিৰ ব্যস্ত জীৱন শৈলীত সকলো পৰিস্থিতিত মনৰ এনে ৰোগত কঠোৰ যোগ,ধ্যান তপ জপ সাধনাৰে চঞ্চল,নানা ভাৱনাৰে অস্থিৰ মনক বুজাই বশ কৰি ৰখাটোও সম্ভৱ নহয় । সেয়ে তলত এনে এটি সৰল পদ্ধতি আগবঢ়ালো যি পদ্ধতিৰ নিয়মিত অভ্যাসেৰে মনৰ দৃঢ়তা বৃদ্ধিৰ লগতে ইয়াৰ আচৰিত ফলাফলে জটিল চিন্তা ভাৱনাটো মনলৈ ধেৰ্য্য, সহ্য,সুস্থিৰতা আৰু শান্তি আনিব পাৰে ।
ঔঁ এনে এটি শব্দ যি শব্দ সনাতন হিন্দু ধৰ্মৰ পবিত্ৰ শব্দ। তপ জপ ধ্যান মন্ত্ৰ আদিৰ আৰম্ভনিতে ইষ্টদেৱৰ সন্তুষ্টিৰ অৰ্থে উচ্চাৰন কৰা হয়। অন্যথা কোনো জপ সিদ্ধ নহয়। সৃষ্টিৰ আদিশব্দ । অন্তৰৰ নিভৃত কেন্দ্ৰস্থলৰ পৰা ওলোৱা এই ধ্বনিৰ উচ্চাৰনত জিহ্বাৰ কোনো স্পৰ্শ নহয় ।
ঔঁ =অ+ ও + ম : অ=উৎপত্তি, ও= বিকাশ ,ম মৌন অৰ্থাত ব্ৰহ্ম লীন ।
* এবাৰ উচ্চাৰন কৰি চাওকচোন ।ৰব। ভয় নাখাব ।অপোনাক অন্য কোনো মন্ত্ৰ জপিবলৈ কব বিচৰা নাই। কেৱল ৰাতিপুৱা , সন্ধিয়া,ৰাতি শোৱাৰ আগমুহুৰ্তত নিয়মিত কিছুদিন নাইবা যাত্ৰা সময়, ,ভয় লগা টোপনী নহা ,খং উঠা ,দুখ লগা দুঃচিন্তা অহা মুহুৰ্তত একান্তমনে ঔঁ শব্দ টো উচ্চাৰন কৰক ।
নিয়ম- পদ্মাসন ,অৰ্ধ পদ্মাসন, বজ্ৰাসন , সুখাসনত বা সুবিধামতে শুদ্ধ মুকলি ঠাইত ,নৈ পাৰত বা খোলা কোঠাত শান্তভাৱে বহি লব। হাতযোৰ কৰি বা হাতদুখন আঠুৰ ওপৰত ধ্যান কৰাৰ নিচিনাকৈ ৰাখক। গম্ভীৰভাৱে আৰু দীঘলকৈ উশাহ টানি লওক আৰু মুখেৰে অ ও ম অৰ্থাত ঔঁ শব্দটো যথাসম্ভৱ দীঘলকৈ উশাহ এৰাৰ শেষলৈকে উচ্চাৰন কৰক। লক্ষ ৰাখিব শ্বাস প্ৰক্ৰিয়াত যাতে কষ্ট নহয়।সেয়ে প্ৰথমে- ৩বাৰ পিছলৈ ৯, ,১৮,২৭ ইত্যাদিকৈ বঢ়াব। (মনত ইষ্টদেৱৰ স্মৰন কৰিব)।
ফলাফল:--ভয় , ভাগৰ, অৱসাদ, ,দুঃচিন্তা ,ভয়,বা ক্ৰোধৰ মুহুৰ্ত্তত তাতক্ষণিকভাৱে কি ফলাফল পায় আপুনি নিজেই অনুভৱ কৰিব । ব্যস্ততাৰ মাজেৰে হলেও ৩ মি: ৫ বা ১০ মি উলিয়াই নিয়মিত অভ্যাস কৰি(এদিন দুদিনত নহয়) মানসিক স্থিতি সলনি হোৱাৰ লগে লগে দুঃচিন্তা 'দুখ অৱসাদ আতৰি মনৰ স্থিৰতা আৰু আধ্যাত্মিক শান্তি বোধ হয়। নিশা শোৱাৰ আগতে সুস্থিৰে বহি তিনিবাৰ ওঁ উচ্চাৰন কৰি শুলে দুঃস্বপ্ন নেদেখে ।
শাৰীৰিক ফলাফল:- ঔঁ ঊচ্চাৰনত নাভীৰ পৰা সৰ্বশৰীৰত হোৱা মৃদু কম্পনৰ বাবে সুন্দৰ ৰক্ত সঞ্চালন,হৃদযন্ত্ৰ ,হাওঁফাওঁ , ৰাজহাড় , আৰু বিশেষকৈ থায়ৰইড গ্ৰন্থি আৰু দেহৰ সকলো অংগৰ তন্ত্ৰসমুহ সৱল তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ।ৰক্তচ্চাপ তথা ৰক্ত বিকাৰ জনীত ৰোগ আৰোগ্য হয়। শৰীৰ পাতল আৰু মনলৈ ষ্ফুৰ্তি বোধ হয় ।
লেখক: যতীন দাস
শেহতীয়া উন্নীতকৰণ: : 7/20/2020