অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰটো শক্তিশালী ৰখাৰ কিটিপ

শৰীৰটো শক্তিশালী ৰখাৰ কিটিপ


(১) উচিত গ্রহণ আৰু আনন্দিত মন : সন্তুলিত আহাৰে প্রতিৰক্ষা ব্যৱস্থাক শীৰ্ষবিন্দুত ৰাখিব। দৈনিক অাহাৰৰ এখন তালিকা প্রস্তুত কৰি লওক। সতেজ শাক-পাচলি, ফল-মূল, চউল, কম পৰিমাণৰ প্র'টিনযুক্ত আহাৰ গ্রহণ কৰক। দৈ, গাজৰ, আদা আদি আপোনাৰ শৰীৰক প্রতিৰক্ষাৰ বাবে লাগতিয়াল পুষ্টিকৰ দ্রব্য বোৰ তালিকাখনত অন্তৰ্ভুক্ত কৰক। তদুপৰি একেবাৰে নোখোৱাকৈ আৰু একেবাৰে বেছিকৈ খোৱাতকৈ কমকৈ এক নিৰ্দিষ্ট ব্যৱৰ্দ্ধানৰ খোৱাৰ অভ্যাস কৰক।

 

(২) দহন : গ্রহণৰ পিছতে আপুনি দহন কৰিবলৈ শিকক। ব্যায়াম বা শাৰীৰিক কষ্ট, ভাগৰুৱা দেহাক ই সজীৱ কৰে। দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক সঠিক ভাবমূৰ্তিও প্রদান কৰে। খোজ কঢ়া, সাঁতোৰা, ব্যায়াম, স্কিপিং আদি দহনৰ কাৰ্যকাৰী পদক্ষেপ।


(৩) ৰাগিয়াল দ্রৱ্য পৰিত্যাগ : শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ হ'লে ৰাগীয়াল বস্তু পৰিত্যাগ কৰাটো অত্যন্ত জৰুৰী। ধূমপান আৰু মদ্যপাণে আমাৰ শৰীৰত যথেষ্ট ক্ষতি সাধন কৰে। ইয়াৰ উপৰি খালী পেটত কফি সেৱন কৰিলেও আমাৰ শৰীৰটো বিষময় কৰি তোলে। 

(৪) ৰিলাক্স : শৰীৰটোৰ বাবে ৰিলাক্স বা জিৰণি অতি জৰুৰি। দু:চিন্তা আৰু ক্লান্তিয়ে হ'ল এক অবনতি। অত্যধিক কামৰ বোজাই আমাক কেতিয়াবা অতিস্ত কৰি তোলে আৰু সময়মতে সেইবোৰ সমাধা কৰিব নোৱাৰিলে মনোকস্ত বাঢ়ে। গতিকে সেইবোৰ সাধান বাবে মনক বিশ্রাম দিয়ক। অন্য এটা ভাল লগা দিশ যেনে- গা ধোৱা, কিতাপ পঢ়া, মন ভাল লগা গীত শুনক। ভালদৰে টোপনি মাৰক। তেতিয়াহে এটা নতুন কামৰ বাবে মন আৰু শৰীৰটোৱে শক্তি পাব।

(৫) নিজক অনুভৱ কৰিবলৈ শিকা : জীৱনটো দুটা প্রধান বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। এটা কৰ্ম সন্তুষ্টি আৰু আনটো হ'ল ব্যক্তিগত সম্পৰ্ক। নিজকে কেতিয়াও অানৰ ওচৰত হেয় প্রতিপন্ন নকৰিব। আনৰ দ্বাৰা অবমূ্যায়িত আৰু অবহেলিত হৈছে বুলি ধৰা কৰি নল'ব। বেয়াৰ লগতে আনৰ ভালটো প্রশংসা কৰি আনৰ প্রতিও যথেষ্ট সহনশীল হওক। নিজৰ আত্ম মৰ্যাদা বচাই চলক। নিজক অনুভব কৰিবলৈ শিকক। মনৰ দু:চিন্তাবোৰ নাকচ কৰি গতিপ্রাপ্ত হোৱাৰ লগতে শক্তিপ্রাপ্ত হওক আৰু শিশুসুলভ মনোভাবেৰে জীৱনৰ লক্ষ্যত আগবাঢ়ি যাওক।

(৬) বন্ধুত্ব আৰু সহায় : বন্ধুত্বই আমাৰ আবেগ-অনুভূতি ভাগ-বতৰাত সহায় কৰে। আমাৰ চিন্তাক উৎসাহ জনায় আমাক ভাল কথা অনুভৱ কৰাত সায় কৰাৰ গতে আমাৰ প্রতিৰক্ষাতো সহায় কৰে, শক্তি দিয়ে। 

(৭) নিজৰ বাবে সময় :নিজা স্বাস্থ্য আৰু সুখ নিজৰ বাবেই অতি দৰকাৰী। আপুনি আপোনাৰ লগত সম্পৰ্ক, আপোনাৰ ক্ষমতা আৰু সৃজনশীলতা বঢ়াবৰ বাবে দিনটোৰ অলপ সময় নিজৰ বাবে উলিয়াওক। নিজে ভালপোৱা কিবা এটা আচুটীয়াকৈ ৰাখক। এটাহ'বি সৃষ্টি কৰি নতুন কিবা এটা শিকক। আপোনাৰ প্রতিৰোধী ব্যৱস্থাটোক শক্তি যোগাবৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। 

গতিকে দেখা যায় মন, শৰীৰ আৰু উদ্যমৰ এক সানমিহলিয়ে প্রত্যেকজন মানুহক একক বনায়। নিজকে পূৰ্ণ বুলি ভাবিবলৈ যত্ন কৰক আৰু নিজৰ শক্তিক স্বীকৃতি দি আৰু সেই শক্তিক গঠনমূলক কামত ব্যৱহাৰ কৰক।

উত্স: মহীৰূহ

শেহতীয়া উন্নীতকৰণ: : 7/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate