অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰত প্ৰ’টিনৰ নাটনি হোৱাৰ ছটা লক্ষণ

শৰীৰৰ বিভিন্ন কাৰ্যক্ৰমৰ ক্ষেত্ৰত প্ৰ’টিনৰ ভূমিকা অনন্য। প্ৰ’টিনে শৰীৰৰ গঠন আৰু বৃদ্ধি হোৱাৰ ক্ষেত্ৰত সহায় কৰে। ১৯ বছৰৰ পৰা ৭০ বছৰ পর্যন্ত এগৰাকী নাৰীৰ শৰীৰৰ ক্ষেত্ৰত দৈনিক ৪৬ গ্রাম প্ৰ’টিনৰ প্রয়োজন হয়। সমান্তৰালভাবেই একেই বয়স সীমাৰ এগৰাকী পুৰুষৰ শৰীৰৰ ক্ষেত্ৰত ৫৬ গ্রাম প্ৰ’টিনৰ প্রয়োজন হয়। মাংস, গাখীৰ, মাছ, কণী, বাদাম, বাটাৰ আদি খাদ্য সম্ভাৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে। কিন্তু বিভিন্ন কাৰণৰ বাবে সময়ে সময়ে ব্যক্তিৰ শৰীৰত প্ৰ’টিনৰ নাটনি হ’ব পাৰে। শৰীৰত প্ৰ’টিনৰ নাটনি হোৱাৰ মূলত: ছটা লক্ষণ সন্দৰ্ভত তলত কিছু কথা উল্লেখ কৰা হ’ল-

পেশীৰ দুৰ্বলতা

পেশী হঠাৎ দুৰ্বল হৈ পৰা অথবা পেশীৰ বিষ প্ৰ’টিনৰ নাটনিৰ অন্যতম লক্ষণ। প্ৰ'টিন হৈছে পেশীৰ অন্যতম উপকৰণ। সেয়েহে প্ৰ’টিনৰ নাটনি হ’লে পেশীৰ নানান ধৰণৰ সমস্যাই দেখা দিয়ে।

চুলি সৰা

চুলিৰ গুৰি অংশ মূলতঃ প্ৰ'টিনৰ দ্বাৰা গঠিত হয়। এই প্ৰ'টিনৰ নাম হ’ল কেৰাটিন। সেয়েহে শৰীৰত প্ৰ’টিনৰ নাটনি হ’লে চুলি সৰা সমস্যাই দেখা দিয়ে। সেয়েহে কোনো ব্যক্তিৰ (নাৰী পুৰুষ উভয়ৰে) চুলি সৰা সমস্যা হ’লে প্ৰ’টিনযুক্ত খাদ্যৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰ’টিনৰ ঔষধ খোৱাটো প্রয়োজনীয়।

ৰোগৰ প্ৰতিৰোধ ক্ষমতা হ্রাস হোৱা

খাদ্য তালিকাত প্ৰ'টিনৰ অভাৱ হ’লে ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পায়। শৰীৰ সঘনে সংক্রমিত হয়, শৰীৰ অসুস্থ হৈ পৰে।

নখ ভাগি যোৱা

সুন্দৰ আৰু স্বাস্থ্যকৰ নখৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ প্ৰ’টিনৰ প্ৰয়োজন। শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে নখ ভাগি যায়, নখত বগা দাগ পৰে।

মস্তিষ্কৰ সমস্যা

প্ৰ’টিনৰ অভাৱৰ বাবে মস্তিষ্কৰ নানান ধৰণৰ সমস্যা হয়। মূলতঃ মনোযোগ হ্ৰাস পোৱা, ইচ্ছাশক্তিৰ অভাৱ আদি সচৰাচৰ দেখা দিয়া সমস্যাসমূহ শৰীৰত প্ৰ’টিনৰ নাটনিৰ বাবেই দেখা দিয়ে।

নিদ্রাজনিত সমস্যা

মস্তিস্ক ভালে ৰাখিবৰ বাবে প্ৰ’টিনৰ প্রয়োজন হয়। নিদ্রাৰ বাবে প্ৰয়োজনীয় হৰমনসমূহ মস্তিস্কই নিয়ন্ত্ৰণ কৰে। প্ৰ'টিনৰ নাটনিৰ ফলত মস্তিষ্কৰ কাৰ্য ব্যাহত হয়। সেইবাবেই নিদ্রাজনিত সমস্যাৰো উদ্ভৱ হয়।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate