অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ ওজন বঢ়াৰ লগে লগে ৰোগৰ আশংকা বৃদ্ধি পায়?

শৰীৰৰ ওজন বঢ়াৰ লগে লগে ৰোগৰ আশংকা বৃদ্ধি পায়?

বিভিন্ন কাৰণত যিকোনো ব্যক্তিৰ শৰীৰৰ ওজন প্ৰয়োজনতকৈ অধিক হ’ব পাৰে। এই অতিৰিক্ত ওজন যিমানে বৃদ্ধি পাব সিমানে ব্যক্তিজনৰ বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি পায়। শৰীৰত যেতিয়া অতিৰিক্ত চৰ্বী জমা হয় এই চৰ্বিসমূহ শৰীৰৰ বিভিন্ন অংশৰ লগতে ৰক্তপৰিবাহী নলীৰ বেৰত জমা হৈ থাকে। ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধিয়ে আন বিভিন্ন সমস্যাৰো সৃষ্টি কৰিব পাৰে-

  • বৃদ্ধি পোৱা অতিৰিক্ত ওজনৰ ফলতেই উচ্চ ৰক্তচাপ হ’ব পাৰে।
  • ওজন বৃদ্ধিৰ লগে লগে বিভিন্ন ধৰণৰ হৃদৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি পায়।
  • আৰ্থাইটিছ, বাতবিষৰ আশংকা বৃদ্ধি পায়। হাড়ৰ বিভিন্ন যোৰাবিলাকত হাড় ক্ষয় যাব পাৰে।
  • উশাহ-নিশাহ লওঁতে কষ্ট পোৱা দেখা যায়।
  • অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ বাবেই ডায়েবেটিছ টাইপ-২ হ’বগৈ পাৰে।

ইয়াৰ উপৰিও পুৰুষ-মহিলা উভয়ৰে প্ৰজনন সম্পৰ্কীয় বহুবোৰ সমস্যাই দেখা দিব পাৰে। মেদবহুল ব্যক্তিৰ ক’লোন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ওজন কমাবলৈ হ’লে প্ৰথমেই নিজৰ ওজন কিমান হোৱাটো উচিত সেইটো জানি লোৱা দৰকাৰ। ইয়াৰ উপৰিও কোনো ধৰণৰ শাৰিৰীক সমস্যা আছে নেকি সেই সমৰ্কেও ভালদৰে জানি লোৱা উচিত। ইয়াৰ পিছতহে ওজন কমোৱা বা নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে। ওজন কমোৱাৰ ক্ষেত্ৰত সদায় ডায়েটিছিয়ানৰ পৰামৰ্শ ল’ব লাগে। প্ৰতিজন ব্যক্তিৰ ওজন উচ্চতা শাৰিৰীক সক্ষমতাৰ ওপৰত ভিত্তি কৰি ডায়েটিছিয়ানে পৃথক পৃথক খাদ্য তালিকা প্ৰদান কৰিব পাৰে।

ইয়াৰ উপৰিও ওজন কমোৱাৰ বাবে কেইটামান সাৰ্বজনীন পদ্ধতি তলত উল্লেখ কৰা হ’ল:

  • ঘৰত বনোৱা খাদ্যসমূহত কম পৰিমাণৰ তেল ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলক।
  • খাদ্যৰ লগত প্ৰচুৰ পৰিমাণে আঁহ থকা খাদ্য বা শাক-পাচলি সন্নিৱিষ্ট কৰক।
  • এবাৰতে অধিক পৰিমাণৰ খাদ্য গ্ৰহণ নকৰি কম কমকৈ অধিক বাৰ খোৱাৰ অভ্যাস কৰক।
  • ফাষ্ট ফুড আৰু অত্যাধিক তেলত ৰন্ধা খাদ্য বৰ্জন কৰক।
  • খাদ্যৰ পৰা লাভ কৰা কেল’ৰি হিচাপ কৰি খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। কম কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক।
  • শাক-পাচলি, চালাড, টেঙাজাতীয় ফল প্ৰচুৰ পৰিমাণে খাদ্যৰ লগত সন্নিৱিষ্ট কৰক।
  • শৰীৰৰ বিপাক্ৰিয়া ভালদৰে ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰক।

ইয়াৰ উপৰিও প্ৰয়োজনতকৈ অধিক টোপনি, অত্যাধিক মানসিক চাপ, বিভিন্ন ধৰণৰ ষ্টেৰয়ড গ্ৰহণ আদিৰ ফলতো ওজন বৃদ্ধি পাব পাৰে। সেয়েহে বিশেষজ্ঞৰ লগত আলোচনা কৰাতো অতি প্ৰয়োজনীয়। প্ৰতিদিনে কমেও ৩০-৪৫ মিনিট সময় খোজকঢ়াৰ অভ্যাস কৰিলে সুফল পোৱা যাব। প্ৰতিদিনে নিয়মীয়াকৈ খোজ কাঢ়িলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে। বাইচাইকেল চলোৱা আৰু সাঁতোৰাৰ ফলতো শৰীৰৰ অতিৰিক্ত ওজন কমাব পৰা যায়। খাদ্য অভ্যাসৰ পৰিৱৰ্তন আৰু জীৱনশৈলীৰ সামান্য পৰিৱৰ্তন কৰি সহজে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate