কেৱল বেমাৰৰ পৰা মুক্ত হোৱাটোৱে সুস্বাস্থ্যৰ সংজ্ঞা হ’ব নোৱাৰে। শাৰীৰিক, মানসিক, সামাজিকভাৱে সুস্থ হোৱাৰ উপৰি সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে সুস্থ হৈ থকাটোকে সুস্থ স্বাস্থ্য বুলি ধৰা হয়।
এজন ব্যক্তি সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে-
ইয়াৰ বিপৰীতে পুষ্টিহীনতা, অপৰিষ্কাৰ খোৱাপানী, অনাময়ৰ অভাৱ, অস্বাস্থ্যকৰ জীৱন ধাৰণৰ অভ্যাস, মদ্যপান, ড্রাগছৰ অপব্যৱহাৰ, কঠোৰ পৰিশ্রম মানসিক অশান্তি, উন্নত তথা পর্যাপ্ত স্বাস্থ্য সেৱাৰ অভাৱ, পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থা আৰু স্বাস্থ্য শিক্ষাৰ অভাৱ আদি কাৰকসমূহে মানুহৰ স্বাস্থ্যত কু-প্ৰভাৱ পেলায়।
পুষ্টিহীনতা কু-স্বাস্থ্যৰ এটা অন্যতম প্রধান কাৰক। পুষ্টিহীনতাত ভোগা মানুহ সোনকালে বেমাৰত ভোগে। কিয়নো পুষ্টিহীনতাৰ বাবে তেওঁলোকৰ বেমাৰক বাধা দিব পৰা ক্ষমতা হ্রাস পায়। তেওঁলোক ঘনাই অসুস্থ হয় আৰু দীর্ঘদিন ভোগে। পুষ্টিহীনতাত ভোগা লোকসকল ডায়েৰিয়া, সৰুআই, নিউমোনিয়া আদি ৰোগৰ দ্বাৰা আক্রান্ত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। আমাৰ সমাজত অধিকাংশ লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ। তেওঁলোকে জীৱিকা নির্বাহৰ বাবে কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে। বিশেষকৈ মহিলা আৰু ছোৱালীৰ ক্ষেত্ৰত পুষ্টিহীনতাৰ প্ৰকোপ বেছি দেখা যায়।
বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবে মানুহৰ বহু বেমাৰৰ সৃষ্টি কৰে। অনাময়ৰ সু-ব্যৱস্থাৰ অভাৱত খোৱাপানীৰ উৎস দূষিত কৰি স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। ডায়েৰিয়া, গ্ৰহণী, কলেৰা, হাইজা, জণ্ডিচ, টাইফয়েড আদি ৰোগ বৃদ্ধি পায়। ইয়াৰ উপৰি সঠিকভাৱে নিষ্কাশনৰ ব্যৱস্থাৰ অভাৱত বন্ধ পানীত মেলেৰিয়া, ফাইলেৰিয়া, ডেংগু আদি মহে কণী পাৰি বেমাৰ বিয়পাবলৈ সুবিধা পায়।
ঘন জনবসতিৰ অঞ্চলসমূহ, যেনে— গাঁও, বস্তি, লাইন আদি এলেকাসমূহত সেমেকা অপৰিষ্কাৰ বাসগৃহ, ধোঁৱা-ধূলিৰে পূর্ণ পৰিৱেশ আদিত বাস কৰা মানুহৰ কিছুমান ভয়াৱহ শ্বাস-প্ৰশ্বাসজনিত সমস্যা হাপানী, ব্রংকাইটিছ, যক্ষ্মা আদিৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটি জীৱন দুর্বিষহ কৰি তোলে। কঠোৰ শ্ৰম আৰু কঠিন কর্ম ব্যৱস্থাৰ দ্বাৰাও মানুহৰ স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পেলায়।
জনসাধাৰণৰ মাজত থকা কিছুমান অস্বাস্থ্যকৰ তথা বদ-অভ্যাস, যেনে— মদ্যপান, নিচাযুক্ত দ্রব্য বা ড্রাগছৰ ব্যৱহাৰৰ ফলত বহুজনৰ জীৱনলৈ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহে, সামাজিক আৰু পাৰিবাৰিক সমস্যাৰ সৃষ্টি হয়, মানসিক অশান্তি বাঢ়ে, কাৰোবাৰ জীৱন অসহনীয় হৈ পৰে। ইয়াৰ উপৰি নিবনুৱা সমস্যা, সামাজিক নিৰাপত্তাহীনতা আদিৰ বাবে মানসিক অশান্তিৰ সৃষ্টি হৈ স্বাস্থ্যৰ প্ৰতি কু-প্ৰভাৱ পৰে।
সাধাৰণতে দেখা যায় যে পুৰুষসকলতকৈ মহিলাসকল সোনকালে বেমাৰত ভোগে। পৰিয়ালত মহিলাই সকলোতকৈ শেষত আৰু কমকৈ খাদ্য গ্রহণ কৰা, ঘৰত আৰু বাহিৰত সমানে বোজা বহন কৰা, মহিলাৰ স্বাস্থ্যৰ প্ৰতি পৰিয়ালৰ আওকণীয়া মনোভাব, কমকৈ শিক্ষাৰ সুবিধা প্রদান কৰা, মহিলাসকলক সকলোবোৰ নীৰৱে সহ্য কৰিবলৈ শিকোৱা, প্ৰায়ে পৰিয়ালকেন্দ্ৰিক শাৰীৰিক-মানসিক নির্যাতন, অপদস্থ বা অতিশয্যৰ বলি হোৱা, পুৰুষসকলৰ দ্বাৰা নিগৃহীত হ’ব লগা ভয়, ভাবুকি আৰু ভীতিগ্ৰস্ত হোৱাৰ উপৰি ভ্ৰূণ-হত্যা, কন্যা সন্তান হত্যা, যৌতুকৰ বলি হোৱা আদি কাৰণসমূহৰ পৰা মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়।
প্রয়োজনীয় স্বাস্থ্যসেৱা তথা স্বাস্থ্যসেৱাসমূহ লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অভাৱৰ বাবেও জনস্বাস্থ্যৰ ক্ষতি হয়। চৰকাৰে সকলো পর্যায়ৰ মানুহকে স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। কিন্তু জনসাধাৰণে বহু ক্ষেত্ৰত এই সেৱাসমূহ লাভ নকৰে। ইয়াৰ বহু কাৰণ অৱশ্যে নথকা নহয়। স্বাস্থ্য সেৱা প্রদানকাৰীৰ অভাৱ বা পর্যাপ্ত কর্মদক্ষতাৰ অভাৱত সেৱা প্ৰদানত যতি পৰা, সেৱা প্ৰদানকাৰীসকলৰ অৱহেলা আৰু প্রচেষ্টাৰ অভাৱত উপলব্ধ থকা ব্যৱস্থাখিনিও লাভ কৰিব নোৱৰা, চৰকাৰী চিকিৎসালয়ত ৰোগ নির্ণয়কাৰী ব্যৱস্থাৰ অভাৱ, যথোপযুক্ত ঔষধৰ নাটনি, যাতায়াতৰ অসুবিধা, ভৌগোলিক বাধা আদি বিভিন্ন কাৰণত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ’ব লগা হয়। ফলত জনসাধাৰণৰ সু-স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰে। এই সকলোবোৰ সমস্যাৰ মূলতে হ’ল জনসাধাৰণৰ মাজত স্বাস্থ্য শিক্ষাৰ অভাৱ। পুৰুষ-মহিলা, ডেকা-বুঢ়া, ধনী-দুখীয়া বা জাতি-ধর্ম নির্বিশেষে প্ৰতিজন মানুহ সুস্বাস্থ্যৰ অধিকাৰী হোৱা, প্ৰয়োজনীয় স্বাস্থ্য সেৱা লাভ কৰাৰ অধিকাৰ আছে। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি স্বাস্থ্যসমূহৰ ব্যৱস্থাসমূহ, ব্যৱহাৰ আৰু গুৰুত্বসমূহৰ বিষয়ে শিক্ষা প্ৰদানৰ ব্যৱস্থাৰ প্রয়োজন আছে।
লেখিকা: অঞ্জুমণি গগৈ, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 10/30/2023