অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সঘনাই প্ৰস্ৰাৱ কৰিব লাগে নেকি?

 

সঘনাই প্ৰস্ৰাৱ কৰিব লগা মানে কি?

সাধাৰণতে বেছিভাগ মানুহেই দিনটোত ৪ৰ পৰা ৮ বাৰ প্ৰস্ৰাৱ কৰে। যদি দিনটোত ৮ৰ পৰা বেছি বা ৰাতিটোত এবাৰতকৈ বেছি প্ৰস্ৰাৱ কৰিব লগা হ’লে তাকেই সঘনাই প্ৰস্ৰাৱ কৰিব লগা(ফ্ৰিকুৱেন্ট ইউৰিনেচন) বুলি কোৱা হয়। আমাৰ মূত্ৰাশয়ত ৬০০ মিলিলিটাৰ প্ৰস্ৰাৱ ধৰি ৰাখিব পাৰে। মূত্ৰাশচ্যৰ প্ৰায় ১৫০ মিলিলিটাৰ প্ৰস্ৰাৱ জমা হ’লে কৰিব লগা ভাব আহে।

সঘনাই প্ৰস্ৰাৱ লগাৰ কাৰণসমূহ -

১)প্ৰস্ৰাৱৰ যন্ত্ৰ আৰু মূত্ৰাশয়ৰ ইনফেকচন:

কোনো বীজাণু বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ’লে প্ৰস্ৰাৱৰ নলী(ইউৰেথ্ৰা) আৰু মূত্ৰাশয়ৰ ভিতৰফালে প্ৰদাহ আৰম্ভ হয়। ফলত সঘনাই প্ৰস্ৰাৱ কৰি থাকিবলগীয়া হয়। এনে ক্ষেত্ৰত প্ৰস্ৰাৱৰ পৰিমাণ খুব কম হয়। কেতিয়াবা প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰাও কৰে। মহিলাৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমূহ হৈছে-

*পানী কমকৈ খোৱা,

*বহু সময় ধৰি প্ৰস্ৰাৱ নকৰাকৈ থকা,

*মূত্ৰাশয়ত থকা প্ৰস্ৰাৱ সম্পূৰ্ণকৈ খালী নকৰা,

*গৰ্ভাৱস্থা আৰু

*ডায়েবেটিছ।

২)ডায়েবেটিছ:

ৰক্তত চেনিৰ মাত্ৰা খুব বেছি হোৱাৰ প্ৰথম লক্ষণ হৈছে সঘনাই প্ৰস্ৰাৱ কৰিব লগা। ডায়েবেটিছত প্ৰস্ৰাৱৰ পৰিমাণ বেছি হ’ব। ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হ’লে এই লক্ষণ নাইকিয়া হয়।

৩)প্ৰষ্টেট গ্ৰন্থিৰ ৰোগ:

পুৰুষৰ ক্ষেত্ৰত শৰীৰৰ তলপেটত মূত্ৰাশয়ৰ পাছফালে এটা গ্ৰন্থি আছে। এই গ্ৰন্থিয়ে মূত্ৰাশয়ৰ পৰা ওলোৱা প্ৰস্ৰাৱৰ নলীডাল ঘেৰি থাকে। বয়স বাঢ়ি অহাৰ লগে লগে প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বাঢ়ি আহে। বাঢ়ি অহা গ্ৰন্থিয়ে মূত্ৰনলীৰ ওপৰত হেঁচা দিয়ে আৰু প্ৰস্ৰাৱ প্ৰবাহিত হোৱাত বাধা দিয়ে। ফলত অলপ পৰিমাণৰ প্ৰস্ৰাৱ থাকিলেও মূত্ৰাশয় সংকুচিত হয় আৰু সঘনাই প্ৰস্ৰাৱ কৰিব লাগে।

৪)প্ৰস্ৰাৱ বৃদ্ধি কৰা ঔষধ(ডাইইউৰেটিকছ):

উচ্চ ৰক্তচাপত ব্যৱহাৰ কৰা ঔষধ আৰু শৰীৰত জমা হোৱা অত্যধিক পানী বাহিৰ কৰা ঔষধসমূহে সঘনাই প্ৰস্ৰাৱ লগা কৰিব পাৰে।

৫)অভাৰএক্টিভ ব্লাডাৰ:

এই ৰোগত হঠাৎ প্ৰস্ৰাৱ কৰিবলৈ প্ৰবল ইচ্ছা হয়। প্ৰস্ৰাৱ কৰিবলৈ ইমান জোৰকৈ লাগে যে ধৰি ৰাখিবলৈ কঠিন হৈ পৰে। কেতিয়াবা নিজৰ অজ্ঞাতে কেইটোপালমান প্ৰস্ৰাৱ বাহিৰ হৈ যায়। অভাৰ এক্টিভ ব্লাডাৰত অনিচ্ছাকৃতভাৱে মূত্ৰাশয় সংকুচিত হয়। ফলত সঘনাই প্ৰস্ৰাৱ কৰিব লাগে। এই ৰোগৰ কাৰকসমূহ হ’ল- ডায়েবেটিছ, স্নায়ুৰোগ- যেনে ষ্ট্ৰ’ক, প্ৰস্ৰাৱৰ ইনফেকচন, প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি, কোষ্ঠকাঠিন্য, অত্যধিক মাত্ৰাত চাহ, কফী, সুৰা ব্যৱহাৰ কৰা ইত্যাদি।

৬)ব্লাডাৰ ষ্ট’ন:

কেতিয়াবা মূত্ৰাশয়ত পাথৰ হ’লেও সঘনাই প্ৰস্ৰাৱ কৰিব লাগে। ইয়াৰ লক্ষণসমূহ হ’ল- তলপেটৰ বিষ, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱৰ লগত তেজ যোৱা, প্ৰস্ৰাৱ কৰিবলৈ কষ্ট হোৱা ইত্যাদি।

৭)পানী বেছিকৈ খালে:

পানী বা আন জুলীয়া খাদ্য খুব বেছিকৈ সঘনাই প্ৰস্ৰাৱ কৰিব লাগিব।

৮)মিঠা সোৱাদ দিবলৈ ব্যৱহাৰ কৰা কৃত্ৰিম দ্ৰব্য(আৰ্টিফিচিয়েল ছুইটেনাৰ), সুৰা, কফী, শীতল পানীয় আৰু নেমুজাতীয় খাদ্য ব্যৱহাৰ কৰিলেও সঘনাই প্ৰস্ৰাৱ কৰিব লাগিব।

সঘনাই প্ৰস্ৰাৱ কৰাৰ লক্ষণসমূহ -

যদিও বিভিন্ন কাৰণত এই ৰোগ হয়, কিন্তু ইয়াৰ লক্ষণসমূহ প্ৰায় একে। লক্ষণসমূহ হ’ল-

১)দিনটো ২ লিটাৰমান পানী খোৱাৰ পিছত ৮ বাৰতকৈ অধিক প্ৰস্ৰাৱ কৰা বা ৰাতি ১ বাৰতকৈ বেছি প্ৰস্ৰাৱ কৰা।

২)প্ৰস্ৰাৱ কৰাৰ সময়ত মূত্ৰাশয় সম্পূৰ্ণকৈ খালী নোহোৱা। মাজে মাজে প্ৰস্ৰাৱ বন্ধ হৈ যোৱা।

৩)হঠাৎ প্ৰস্ৰাৱ কৰিবলৈ প্ৰবল ইচ্ছা হোৱা। এনেকুৱা ভাব আহিব যে এতিয়াই প্ৰস্ৰাৱ কৰিব লাগিবই।

৪)কেতিয়াবা প্ৰস্ৰাৱ কৰোঁতে বিষ অনুভৱ কৰা।

৫)কেতিয়াবা প্ৰস্ৰাৱৰ লগত ৰক্ত থাকিব পাৰে।

৬)প্ৰস্ৰাৱ কৰি শেষ হোৱাৰ পিছত আকৌ টোপ টোপকৈ প্ৰস্ৰাৱ যোৱা।

সঘনাই প্ৰস্ৰাৱ কৰাৰ চিকিৎসাসমূহ -

১)প্ৰস্ৰাৱৰ যন্ত্ৰৰ ইনফেকচন হ’লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়’টিকছ খাওক। পৰ্যাপ্ত পৰিমাণে পানী খাওক।

২)ডায়েবেটিছ ৰোগীয়ে নিজৰ ৰক্তত চেনিৰ মাত্ৰা খুব নিয়ন্ত্ৰণত ৰাখক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ডায়েবেটিছৰ ঔষধ নিয়মীয়াকৈ ব্যৱহাৰ কৰক বা ইনছুলিন ব্যৱহাৰ কৰক।

৩)যিবোৰ ঔষধে প্ৰস্ৰাৱ বৃদ্ধি কৰে, তেনে ঔষধসমূহ পুৱাৰ ভাগত খাব, যাতে ৰাতি প্ৰস্ৰাৱ কৰিব নালাগে। এই বিষয়ে চিকিৎসকৰ লগত আলোচনা কৰক।

৪)প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি হ’লে মূত্ৰৰোগ বিশেষজ্ঞ(ইউৰ’লজিষ্ট)ৰ দ্বাৰা চিকিৎসা কৰক। এই ৰোগৰ বাবে বিভিন্ন ঔঅষধ ব্যৱহাৰ কৰা হয়। তদুপৰি অত্যাধুনিক শল্য চিকিৎসাৰ দ্বাৰা এই ৰোগৰ চিকিৎসা কৰিব পাৰি।

৫)অ’ভাৰ এক্টিভ ব্লাডাৰৰ প্ৰথম চিকিৎসা হৈছে মূত্ৰাশয়ৰ প্ৰশিক্ষণ দিয়া। তদুপৰি কেতবোৰ ঔষধ আৰু মূত্ৰাশয়ৰ মাংসপেশীত ‘বটক্স’ৰ ইনজেকচন দি চিকিৎসা কৰা হয়।

সঘনাই প্ৰস্ৰাৱ কৰাৰ ঘৰুৱা চিকিৎসা -

১)মূত্ৰাশয়ৰ প্ৰশিক্ষণ(ব্লাডাৰ ট্ৰেইনিং):

যেতিয়া আপোনাৰ প্ৰস্ৰাৱ কৰিব লাগিব, তেতিয়া লগে লগে নকৰি ৫ মিনিট সময় ধৰি ৰাখক। লাহে লাহে ধৰি ৰখা সময় ১০ মিনিট কৰিব। তেনেদৰে ধৰি ৰখা সময় বৃদ্ধি কৰি যোৱা অভ্যাস কৰক যেতিয়ালৈকে আপুনি ৩ৰ পৰা ৪ ঘন্টা প্ৰস্ৰাৱ নকৰাকৈ থাকিব পাৰে। যেতিয়া আপোনাৰ প্ৰস্ৰাৱ কৰিবলৈ প্ৰবল ইচ্ছা হ’ব, তেতিয়া সেই ভাবটো আঁতৰাবলৈ ১০০ৰ পৰা ১ লৈকে ওভতাফালৰ পৰা গণনা কৰক বা দীঘল উশাহ ল’ব। যেতিয়া একেবাৰে ধৰি ৰাখিব নোৱাৰিব তেতিয়া প্ৰস্ৰাৱ কৰিব। এইধৰণে সদায় অভ্যাস কৰক।

২)কীগেল এক্সাৰচাইজ:

প্ৰস্ৰাৱ ওলাই থকাৰ সময়ত প্ৰস্ৰাৱ মাজতে বন্ধ কৰিবলৈ আমি প্ৰত্যেকেই শৰীৰৰ তলপেটত(পেলভিছ) থকা কিছুমান মাংসপেশী চেপি ধৰোঁ বা টিপি ধৰোঁ। কেনেকৈ চেপি ধৰিব লাগে আমি সকলোৱেই জানো। প্ৰস্ৰাৱ কৰিব নলগা অৱস্থাত আমি ঠিক তেনেধৰণেই সেই মাংসপেশী ৫ ছেকেণ্ডৰ কাৰণে চেপি ধৰি ৰাখক আৰু ৫ ছেকেণ্ড ঢিলা কৰি দিয়ক। লাহে লাহে সময় বঢ়াই ১০ ছেকেণ্ড চেপি ধৰক আৰু ১০ ছেকেণ্ড ঢিলাই দিয়ক। ঠিক সেইদৰে চেপা আৰু ঢিলাই দিয়া ১০ বাৰ কৰক। এই ব্যায়াম দিবটোত ৩ বাৰ কৰক। এই ব্যায়াম যিকোনো ঠাইতে আৰু যিকোনো সময়তে কৰিব পাৰি।

৩)প্ৰস্ৰাৱ বৃদ্ধি কৰা খাদ্যসমূহ ত্যাগ কৰক অথবা কম পৰিমাণে খাওক। সেই খাদ্যসমূহ হৈছে- চাহ, কফী, শীতল পানীয়, বিলাহীৰে তৈয়াৰ কৰা খাদ্য, নেমু, কমলা, মৌচম্বী, সুৰা, খুব মচলাযুক্ত খাদ্য, পিঁয়াজ, আৰ্টিফিচিয়েল ছুইটেনাৰ আদি।

৪)কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ বেছিকৈ ফাইবাৰ থকা আহাৰ খাওক।

৫)ৰাতি শোৱাৰ ৪ ঘন্টাৰ আগৰে পৰা পানী খোৱাৰ পৰিমাণ একেবাৰে কমাই দিব।

সজাগতা -

সঘনে প্ৰস্ৰাৱ কৰিব লগা ৰোগ হ’লে এজন ব্যক্তিৰ দৈনন্দিন জীৱন যথেষ্ট কষ্টকৰ হয়। এনে ব্যক্তিয়ে সামাজিক অনুষ্ঠান আদিত যাবলৈ ভয় কৰে। কাৰণ সকলো স্থানতে প্ৰস্ৰাৱ কৰা সুবিধা নাথাকিব পাৰে। ফলত ব্যক্তিগৰাকীয়ে যথেষ্ট মানসিক কষ্টত ভুগিব লাগে। আটাইতকৈ চিন্তাৰ কথা হ’ল এই ৰোগত ভোগা ৰোগীয়ে এই বিষয়ে কাৰো লগত আলোচনা নকৰে বা চিকিৎসকৰ পৰামৰ্শ নলয়। শেষত সকলোকে জনাওঁ যে এই ৰোগৰ চিকিৎসা আছে। সেইবাবে লাজ নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।

লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)

 

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate