অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্য অটুট ৰাখক হৰমোন ৰিপ্লেচমেণ্ট থেৰাপীৰে

সৌন্দৰ্য অটুট ৰাখক হৰমোন ৰিপ্লেচমেণ্ট থেৰাপীৰে

নাৰীৰ সৌন্দৰ্যৰ বিকাশ আৰম্ভ হয় ঋতুমতী হোৱাৰ কিছুদিন আগৰ পৰা আৰু শৰীৰত যৌৱন থকালৈকে সেই প্ৰক্ৰিয়া অব্যাহত থাকে। ঋতুমতী হোৱাৰ পিছত ঋতুস্ৰাৱ আৰু হৰমোন নি:সৰণৰ বাবে ছাল উজ্জ্বল, মৃসণ আৰু সুন্দৰ হয়। শৰীৰৰ পেশীও অটুট থাকে। কিন্তু পঞ্চাশ বছৰৰ আশে-পাশে নাৰীৰ মাহেকীয়া বন্ধ হৈ যায়। এয়াই হ’ল মেনোপজ বা ৰজোনিবৃত্তি। মেনোপজৰ সময়ৰে পৰা আচলতে আৰম্ভ হয় নাৰীৰ নানা শাৰীৰিক আৰু মানসিক ব্যাধি। নাৰীৰ স্বাভাৱিক কমনীয়তা হেৰাই যায়। নাৰী হৈ পৰে খিংখিঙীয়া, ৰুক্ষ মেজাজৰ। বহু সময়ত হাড় ফোপোলা হোৱ (অষ্টিঅ’পৰচিচ), প্ৰস্ৰাৱ বাৰে বাৰে হোৱা, যোনিপথ শুষ্ক হোৱা, হঠাৎ ঘামি যোৱা, কাণ-মূৰ গৰম হোৱা অথবা শীত অনুভৱ হোৱা আদি বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে। শাৰীৰিক সমস্যাৰ লগে লগে মানসিক সমস্যায়ো দেখা দিয়ে। শৰীৰৰ কমনীয়তা নষ্ট হৈ যোৱাৰ ফলত মানসিকভাবে নাৰীগৰাকী ভাগি পৰিব পাৰে। অনেক সময়ত সঘনে পাহৰি যোৱা ৰোগত আক্ৰান্ত হোৱাও দেখা যায়। এইবোৰৰ মূল কাৰণ হ’ল হৰমোন নি:সৰণ কমি যোৱা আৰু ঋতুস্ৰাৱ বন্ধ হৈ যোৱা। আচলতে এষ্ট্ৰোজেন হৰমোনৰ বাবে এই সমস্ত উপসৰ্গবিলাক উদ্ভৱ হয়। সেয়ে টেবলেট বা মলমৰ মাধ্যমেৰে এষ্ট্ৰোজেন হৰমোন কৃত্ৰিম উপায়েৰে বাহিৰৰ পৰা যোগান ধৰি এই সমস্যাৰ সমাধান কৰা হয়। এই পদ্ধতিটোৱেই হ’ল হৰমোন ৰিপ্লেচমেণ্ট থেৰাপী। এই থেৰাপীত প্ৰিমাৰিন(Premarine) নামৰ টেবলেট আৰু ইভালোন(Evalon) নামৰ মলম ব্যৱহাৰ কৰা হয়। এই থেৰাপী ব্যৱহাৰৰ ফলত নাৰীয়ে ৰজোনিবৃত্তিৰ আগৰ স্বাভাৱিক অৱস্থা ঘূৰাই পাব পাৰে। ছালৰ ৰুক্ষতা আঁতৰি ছাল পুনৰ মৃসণ আৰু উজ্জ্বল হৈ পৰে। লগতে মনৰ পৰা হতাশা-দুশ্চিন্তা আদি আঁতৰি গৈ প্ৰফুল্লিত আৰু আশাবাদী হৈ পৰিব পাৰে।

কেতিয়া ল’ব এই থেৰাপী?

মেনোপজ চলাৰ সময়তে এই থেৰাপী ল’ব লাগে। থেৰাপীৰ স্থায়িত্ব কেইবা বছৰলৈ থাকিব পাৰে। থেৰাপী লোৱাৰ লগে লগেই যে স্বাভাৱিক অৱস্থা ঘূৰি আহে, তেনে নহয়। শাৰীৰিক বা মানসিক অৱস্থাৰ অস্বাভাৱিকতাবিলাক নাইকিয়া হ’বলৈ ছমাহৰ পৰা এবছৰ পৰ্যন্ত সময় লাগিব পাৰে।

থেৰাপীৰ পাৰ্শ্বক্ৰিয়া

এই থেৰাপীৰ কিছু পাৰ্শ্বক্ৰিয়াও আছে। লিভাৰ দুৰ্বল মহিলাসকলক অৰেল টেবলেটৰ পৰিৱৰ্তে মলম ব্যৱহাৰ কৰিবলৈ দিয়া হয়। কোনো মহিলাৰ ব্ৰেষ্টটিউমাৰ থাকিলে কেন্সাৰৰ সম্ভাৱনা কমাবলৈ মলমহে ব্যৱহাৰ কৰা উচিত। অষ্টিঅ’পৰচিচ ৰোধ কৰিবলৈ সেইদৰে হৰমোন টেবলেটৰ লগত কেলচিয়াম টেবলেট ব্যৱহাৰ কৰিব লাগে।

লিখক: প্ৰসাদ দাস, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 1/19/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate