অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্য সাধনা আৰু স্বাস্থ্যঃ

 

একবিংশ শতিকাৰ দ্বিতীয়টো দশকৰ সামৰণিৰ মুহূৰ্তলৈ সঁচা কথা ক’বলৈ বেছি দিন নাই-

সমাজ তথা সৰ্বসাধাৰণ মানুহখিনি আগুৱাই যাব লাগিছে আৰু স্বাস্থ্যকে ধৰি বিভিন্ন দিশত পৰিৱৰ্তনৰ মুখ দেখা গৈছে। আজিৰ সময় মাথোঁ আজিৰ বাবেই আছুতীয়া নহয়- তাহানিৰ দিনবোৰৰ ওপৰত ভিত্তি কৰিহে বা সেই সময়ৰ বগুৱা বাই বৰ্তমান বা ভৱিষ্যতৰ বাবে পথ নিৰ্ধাৰিত হৈছে। সৌন্দৰ্যৰ সাধনাই জীৱনৰ আৰাধনা বুলি সৌ তাহানিখনতেই অসমীয়া সাহিত্যিকেই কৈ থৈ গৈছিল। এইক্ষেত্ৰত নিশ্চয়কৈ ইংৰাজ সাহিত্যিকৰ মতামতো আমি উপেক্ষা কৰিব নোৱাৰো- ‘A thing of beauty is joy for forever’। তেহেলৈ লাগিলে সেই ‘Thing of beauty’ এপাহ ফুল বা কোনো প্ৰাকৃতিক দৃশ্য বা এগৰাকী নাৰীয়েই হওক। এতিয়া প্ৰাসংগিক এষাৰ কথা হৈছে যে দৈহিক সৌন্দৰ্য সাধনা হৈছে স্বাস্থ্য ৰক্ষাৰ আধাৰ। পুৰুষেই হওক বা নাৰীয়েই হওক যিকোনো ব্যক্তিয়েই আজিৰ তাৰিখত স্বকীয় দৈহিক সৌন্দৰ্য বৰ্ধনৰ নানা পন্থা বা উপায় অৱলম্বন কৰে। এই দিশত বৃটিছসকল এখোপ চৰা যদিও আমাৰ ভাৰতীয় মানুহখিনিও পৰিমৰা বিধৰ নহয়। ইংলেণ্ডত এতিয়া সৰ্বসাধাৰণৰ সৌন্দৰ্য সাধনাৰ অংশ হিচাপে কৰণীয় অস্ত্ৰোপচাৰ বা অন্যান্য যাৱতীয় চিকিৎসাজনিত ব্যয়ৰ নিৰিখ ইমানেই বাঢ়িছে যে চৰকাৰী মহলত এই সন্দৰ্ভত ব্যাপক চিন্তা-চৰ্চাৰ উদ্ৰেক হৈছে। ইয়াৰ কাৰণ হৈছে যে ‘নেচনেল হেলথ্ ছাৰ্ভিচ’ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বাস্থ্য সংগঠনৰ জৰিয়তে শেহান্তৰত চৰকাৰেই সৌন্দৰ্যপিপাসু এইসকল ব্যক্তিৰ অস্ত্ৰোপচাৰৰ খৰচ বহন কৰিবলগীয়া হয়।

সামান্যভাৱে বহলাই ব্যাখ্যা কৰিলে বিষয়টি পঢ়ুৱৈসকলৰ বোধগম্য হ’ব। এনে কেতবোৰ অস্ত্ৰোপচাৰ চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত কৰিব পাৰি যিবোৰে নেকি দৈহিক সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগায়। এটা উদাহৰণ দিমহঁক। মেদবহুলতা বা Obesity নামৰ স্বাস্থ্যজনিত সমস্যাটিৰ বিষয়ে কম-বেছি মাত্ৰাত আমি সকলোৱাই অৱগত। দৈহিক ওজন বৃদ্ধিৰ উপৰি এই সমস্যাত আক্ৰান্ত ব্যক্তিসকলৰ পেটৰ পৰিধি বাঢ়ি আপচু ৰূপ পৰিগ্ৰহণ কৰিব পাৰে। তাহানিখন পঢ়া এফাঁকি ধেমেলীয়া ধৰণৰ কবিতা আছিল এনেধৰণৰ- ‘পেটমন পেটুৱা / পেটে ফুটাই হিলৈ / চাহি পেটুৱা মাৰৰ বিলৈ’।

চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে পেটত জমা হোৱা চৰ্বিৰ দুটা স্তৰ আছে-

(১) ছালৰ ঠিক তলতে থকা চৰ্বিৰ তৰপটোক Subcutaneous বা অধিচৰ্মীয় স্তৰ বোলে। ইয়াৰ তলত থকা স্তৰটিক Visceral বা দৈহিক চৰ্বিৰ স্তৰ বোলে। আমেৰিকাৰ মিছিগান ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকসকলে নিৰ্ণয় কৰিছে যে পাছৰটো স্তৰহে পেটৰ পৰিধি বৃদ্ধিৰ বাবে জগৰীয়া। এইটি স্তৰ পেটৰ আভ্যন্তৰীণ অংগবোৰৰ সৈতে সংলগ্ন হৈ থাকে। ইয়াক সক্ৰিয় চৰ্বি বা Intra Peritoneal চৰ্বি বুলিও কোৱা জনা যায়। পেটত জমা হোৱা চৰ্বিৰ উপস্থিতিৰ হেতুকে নানা ৰোগৰ সৃষ্টি হয়। ইনচুলিন নামৰ হৰম’নবিধৰ প্ৰতি প্ৰতিৰোধী ক্ষমতা বৃদ্ধি হয়। তেজত ছুগাৰৰ মাত্ৰা বাঢ়ি বহুমূত্ৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। পেটত চৰ্বি অন্নৰ মাত্ৰাও বাঢ়ে আৰু ফলত লিভাৰ তথা মাংসপেশীৰ ইনচুলিনৰ প্ৰতি সংবেদনশীলতা টুটি যায়।

পৰিৱৰ্তিত ত্ৰুটিপূৰ্ণ জীৱনশৈলীৰ অংশ হিচাপে আমাৰ সৰ্বসাধাৰণৰ (বিশেষকৈ মধ্যবিত্ত শ্ৰেণীভুক্ত মানুহখিনিৰ) আৰামদায়ক তথা শ্ৰমবিমুখ মানসিকতাই তেজত চৰ্বি অন্নৰ মাত্ৰা বৃদ্ধিত অৰিহণা যোগাইছে। পিছে সুখবৰটি হৈছে যে পেটত থকা এই দৈহিক চৰ্বি ইমানেই সক্ৰিয় যে ইয়াক আঁতৰোৱা তেনেই উজু। আহাৰ গ্ৰহণৰ ক্ষেত্ৰত নীতি-নিয়ম মানি চলিলে আৰু নিয়মীয়া ব্যায়াম কৰিলেই এনে চৰ্বিৰ মাত্ৰা টুটি যায়। পিছে সকলো ব্যক্তিৰ ক্ষেত্ৰত এই শেহোক্ত তথ্যফেৰা প্ৰযোজ্য নহ’বও পাৰে। এনে পৰিস্থিতিত স্বাস্থ্যজনিত দিশৰ পৰা তথা সুন্দৰৰ সাধনাৰ অৰ্থে বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া হয়। এনে উপায়ৰ ভিতৰত উল্লেখনীয় হৈছে বেৰিয়াট্ৰিক ছাৰ্জাৰী নামৰ এবিধ অস্ত্ৰোপচাৰ। ইয়াৰ জৰিয়তে পাকস্থলীৰ গহ্বৰৰ আকৃতি কমাই দিয়া হয়- যাতে তাকৰীয়া মাত্ৰাত আহাৰ ভক্ষণ কৰিলেই পেট ভৰি যোৱাহেন অনুভৱ হয়। অৰ্থাৎ কম খালেই চলি যায়। আমাৰ দেশতেই মেদবহুলতাৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ হেতুকে এই অস্ত্ৰোপচাৰটি ক্ৰমবৰ্ধমান নিৰিখত বহুতেই কৰাৰ পোষকতা কৰে। এই লেখকৰ হাতত থকা তথ্য অনুযায়ী দেশৰ এগৰাকী বিশিষ্ট ৰাজনৈতিক নেতা তথা শাসকীয় দলৰ এগৰাকী সদস্যই এই অস্ত্ৰোপচাৰটি কৰিবলগীয়া হৈছে।

আন এটা অস্ত্ৰোপচাৰে সৌন্দৰ্য সাধনাৰ জৰিয়তে যথেষ্ট গুৰুত্ব লভিছে। প্ৰকৃততে নিচেই সামান্য পৰিসৰযুক্ত এই চিকিৎসা পদ্ধতিক বহুতেই অস্ত্ৰোপচাৰৰ শাৰীত থবলৈ টান পায়। এইটো হৈছে কাণ ফুটোৱা। মাথোঁ কাণফুলি পিন্ধিবলৈ এইটো কৰা নহয়। কাণৰ লতিৰ আকৃতি আপচু হ’লে সেয়া পৰিৱৰ্তনৰ উদ্দেশ্যেও এই অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আছে। আমাৰ দেশত এইবিধ অস্ত্ৰোপচাৰৰ এতিয়াও বহুল প্ৰচলন ঘটা নাই যদিও ইংলণ্ডৰ দৰে পাশ্চাত্যৰ দেশবোৰত ই প্ৰভূত জনপ্ৰিয়তা আৰ্জিছে। অৱশ্যে নিঃসন্দেহে এষাৰ সত্য স্বীকাৰ কৰিবই লাগিব যে সৌ তাহানিখনৰ পৰাই পৰম্পৰাগতভাৱে আমাৰ ছোৱালীহঁতৰ মাজত কাণ ফুটোৱা প্ৰথাটিৰ প্ৰচলন আছে।

সৌন্দৰ্য সাধনাৰ অবিচ্ছেদ্য অংশ হিচাপে ছালৰ যতন লোৱাটো নাৰী-পুৰুষ সকলোৰে বাবে বাঞ্ছনীয়। পিছে বয়সৰ অগ্ৰগতিৰ আনুষংগিকভাৱে ছালখন শোটোৰা শোটোৰ হৈ যাব পাৰে বা কোঁচ-মোচ খাই যায়। এইটো এটা প্ৰাকৃতিক পৰিঘটনা যদিও আজিকালি চিকিৎসা বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতিৰ সুবাদত ইয়াৰ প্ৰতিকাৰ বা প্ৰতিষেধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এইক্ষেত্ৰত উল্লেখনীয় হৈছে লেজাৰ (Laser Light Amplification/by/Stimulated Emmission of Radiation) চিকিৎসা। এই চিকিৎসাৰ জৰিয়তে ছালৰ বিভিন্ন স্তৰত তথা জলীয় দ্ৰব্যৰ মাত্ৰাৰ তাৰতম্য ঘটোৱা হয়।

ছালৰ বাৰ্ধক্যঘটিত নানা ধৰণৰ পৰিৱৰ্তনৰ ৰোধক হিচাপে ব্যৱহাৰ হোৱা অন্যতম এক ফলপ্ৰসূ চিকিৎসা পদ্ধতিত বট’ক্স (Botox) নামে এবিধ মাংসপেশী শিথিলকাৰী দৰব হিচাপে প্ৰয়োগ কৰা হয়। বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইত বহুলভাৱে ব্যৱহাৰ হোৱা এই পদ্ধতি প্ৰথমবাৰৰ বাবে প্ৰচলন ঘটিছিল আজিৰ পৰা প্ৰায় দুটা দশকৰ পূৰ্বে। এজন জ্যেষ্ঠ চিকিৎসক হিচাপে বিগত তিনিটা দশকজুৰি ৰাইজক এই লেখকে সেৱা আগবঢ়ালেও আৰু চিকিৎসা বিষয়ক নানা নিবন্ধ লিখি ৰাইজক স্বাস্থ্যৰ প্ৰতি সচেতন কৰাৰ চেষ্টা কৰিলেও এই শেহোক্ত দৰববিধৰ প্ৰায়োগিক দিশৰ বিষয়ে প্ৰথমে অৱগত হওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ একালৰ ফাৰ্ষ্ট লেডী তথা বৈদিক সচিব হিলাৰী ক্লিণ্টনে ইয়াৰ ব্যৱহাৰ নিজৰ শৰীৰত আৰম্ভ কৰাৰ পাছতে। বিশ্বৰ ভিতৰতে খ্যাতনামা সুন্দৰী হিলাৰী ক্লিণ্টনে বয়সৰ আঁচোৰৰ পৰা নিজৰ বিগত যৌৱন পুনৰুদ্ধাৰৰ বাবে (বিশেষকৈ ছালৰ স্বাস্থ্য অটুট ৰাখিবলৈ) এবিধ দৰব ব্যৱহাৰ কৰিছিল। বৰ্তমান বলিউডৰ চেলেব্ৰেটীসকলৰ কথা বাদেই- যথেষ্টসংখ্যক সাধাৰণ মানুহেও বট’ক্স বেজী প্ৰয়োগৰ জৰিয়তে সৌন্দৰ্য সাধনাত ব্ৰতী হৈছে।

মোখনিত ক’ব খোজো যে এনে কিছুমান ব্যক্তি (নাৰী-পুৰুষ, আবাল-বৃদ্ধ-বণিতা নিৰ্বিশেষে) এই ধৰাৰ বুকুলৈ আহে যিয়ে নেকি প্ৰতিকূল পৰিস্থিতিৰ বিপক্ষে সংগ্ৰাম কৰি নিজৰ দৈহিক, মানসিক আৰু আত্মিক উত্তৰণ ঘটায়। এনে উত্তৰণৰ আধাৰ হৈছে নিৰলস কৃচ্ছ্ৰসাধনা। দৈহিক সৌন্দৰ্যৰ উত্তৰণ ঘটাই সুস্বাস্থ্য অটুট ৰখাৰ প্ৰয়াস হৈছে ইয়াৰ অবিচ্ছেদ্য অংশস্বৰূপ। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ সুবাদত এইখিনি সম্ভৱপৰ হৈছে আৰু ভৱিষ্যতলৈকে অধিকতৰ ব্যাপক পৰিসৰত এয়া হৈ থাকিব।

(উৎসঃ খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate