অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্যবৃদ্ধিত পুষ্প

সৌন্দৰ্যবৃদ্ধিত পুষ্প

 

সম্প্রতি প্রসাধনৰ জগতখনত নিত্য নতুন সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, কিন্তু ৰাসায়নিক পদার্থযুক্ত অর্থাৎ কেমিকেলযুক্ত এই সামগ্ৰীসমূহৰ দ্বাৰা আমি সোনকালে ফলাফল পাওঁ যদিও দীঘলীয়া সময়লৈ ইয়াৰ প্ৰভাৱ আমাৰ বাবে ফলপ্রসূ নহয়। কিন্তু ইয়াৰ পৰিৱর্তে প্রকৃতিত সহজে পোৱা কিছুমান সামগ্ৰী আমাৰ সৌন্দৰ্যৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট লাভজনক হিচাপে প্রমাণিত হৈছে। ফলমূলৰ উপৰিও পৃথিৱীৰ বহু দেশত উন্নতমানৰ প্রসাধন সামগ্ৰীসমূহত ফুলৰ ব্যৱহাৰ কৰি কোনো ক্ষতি নোহোৱাকৈ ছালৰ যতন লোৱা দেখা যায়। প্ৰকৃততে ঘৰুৱা পদ্ধতিৰে, সহজ প্ৰক্ৰিয়াৰে ফুলৰ দ্বাৰা পেক তৈয়াৰ কৰিব পাৰি। কিন্তু কেনেকৈ— জানো আহকচোন।

সাধাৰণতে এই পেকসমূহ তৈয়াৰ কৰিবলৈ কোনো বিশেষ সামগ্ৰীৰ প্রয়োজন নহয়, সাধাৰণ ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰিব পাৰি। ফুলৰ ক্ষেত্ৰত সচৰাচৰ উপলব্ধ ফুল যেনে— গোলাপ, নার্জি, জবা, মাধৈলত, পদুম, সূৰুজমুখী, চামেলি আদি ফুল ব্যৱহাৰ কৰিব পাৰি। ফুলৰ ভিতৰত গোলাপফুল অনেক গুণেৰে ভৰপূৰ, সেয়ে এই ফুলৰ পৰা গোলাপজলৰ উপৰিও বিভিন্ন প্রকাৰৰ মাস্ক তৈয়াৰ কৰি ছালৰ যতন ল’ব পাৰো।

গোলাপজলৰ বাবে কেঁচা গোলাপৰ পাহি গোটাই লওক। হিচাপ অনুসৰি দুটা গোলাপৰ পাহি লগত দুকাপ ডিষ্টিল ৱাটাৰ আৰু এক চাহচামুচ ভদ্‌কা (Vodka) মিহলাই ২৫-৩০ মিনিট সময় কম জুইত সিজাব। দেখিব, পাহিবোৰৰ ৰং সলনি হৈছে। জুই বন্ধ কৰি এখন পাতল কাপোৰেৰে চেকি বটলত ভৰাই ফ্রিজত সংৰক্ষণ কৰিব। তৈয়াৰ হোৱা এই গোলাপজল আমাৰ ছালৰ সুৰক্ষাৰ বিভিন্ন কামত প্রয়োজন। প্রথমে, ট’নাৰ হিচাপে কপাহ গোলাপজলত তিয়াই ঘূৰণীয়া আকৃতিত মুখমণ্ডল পৰিষ্কাৰ কৰিব পাৰে। দ্বিতীয়তে, চকুৰ তলত হোৱা ক’লা দাগ গুচাবলৈ গোলাপজলত কপাহ তিয়াই প্রতি নিশা শুবলৈ যোৱাৰ আগতে দহমিনিট সময় চকুৰ ওপৰত থওক। দেখিব, লাহে লাহে দাগ পাতল হ’বলৈ ধৰিছে। তৃতীয়তে— ব্যৱহাৰ কৰি থকা আপোনাৰ ময়শ্বাৰাইজৰ মুখত সনাৰ পৰত দুটোপাল মান গোলাপজল মিহলাই সানিলে ইয়াৰ গুণ দুগুণ বৃদ্ধি হ'ব। চতুৰ্থতে— মুখত থকা শালমইনা দূৰ কৰিবলৈ গোলাপৰ পাহি মোহাৰি ইয়াৰ সৈতে চন্দনৰ গুড়ি আৰু কেইটোপালমান মৌ মিহলাই মিশ্রণী তৈয়াৰ কৰি দহমিনিটমান সময় লগাই থৈ তাৰ পিছত ধুব।

নার্জি (Marigold) ফুল আমাৰ বাবে অনেক উপকাৰী। এইখিনিতে উল্লেখ কৰিব পাৰি যে কেৱল লগোৱাৰ দ্বাৰা সৌন্দর্য অটুট বা বৰ্দ্ধন হ’ব নোৱাৰে। কেতিয়াবা কিছুমান খাদ্যসামগ্ৰীৰো প্রয়োজন হয়। আৰু নার্জিফুলে আমাক সেই অভাৱো পূর্ণ কৰে। আন কথা, এখন সুন্দৰ উজ্জ্বল মুখমণ্ডলৰ বাবে আমি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব। পেটৰ যিকোনো অসুখৰ বাবে এই ফুলৰ চাহ উপকাৰী।

  • হেপাটাইটিছ ৰোগ আৰু পেলু (worms) গুচোৱাৰ বাবেও নার্জিযুকূলৰ চাহ উপকাৰী।
  • ই যথেষ্ট এণ্টি অক্সিডেন্টসমৃদ্ধ।
  • পেডিকিঅ’ৰৰ ক্ষেত্ৰত নাৰ্জিৰ লেপ দিব পাৰে। ছালৰ উজ্জ্বলতা বাঢ়ে।

নাৰ্জিৰ ফেচপেক

নাৰ্জিফুলৰ পাহি থেঁতেলিয়াই ইয়াৰ সৈতে মিহলাওক অকণমান কেঁচা গাখীৰ আৰু মৌ। মুখমণ্ডলত লগাই ২০ মিনিট মান ৰখাৰ পিছত ধোৱক৷ ছাল উজ্জ্বল হৈ পৰিব।

ইয়াৰোপৰি আন ফুলৰ মাস্ক যেনে—

  • সংবেদনশীল ছালৰ বাবে ব্যৱহাৰ কৰিব পাৰে চামেলি ফুল। চামেলি ফুলৰ পাহি সিজাই গাখীৰৰ সৰৰ সৈতে পেষ্ট কৰি লওক। মুখত লেপ দি পোন্ধৰ মিনিট সময় ৰখাৰ পিছত ছাল ধুব। মসৃণ হ’ব।
  • পদুম ফুলত আছে অনেক খনিজ পদার্থ আৰু লিনলিক এচিড— ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। পদুমৰ পাহি সিজাই থেতালি যিকোনো মাস্কৰ সৈতে মিহলাই লগাওক।
  • ক্রিছেনথিমাম আৰু কোলামাইল ফুলৰ পেক শুকান ছালৰ বাবে অধিক লাভদায়ক। দুয়োবিধ ফুলৰ পাহি সিজাই এচামুচ মৌ আৰু গাখীৰ মিহলাই মুখত সানক। শুকালে কুহুমীয়া গৰম পানীৰে ধুব। ক্ষাৰকৰ (Acid) উপস্থিতিৰ বাবে নোমকূপসমূহৰ পৰা মলি আঁতৰ কৰি ছালখনক উশাহ লোৱাত সহায় কৰে। লগতে দাগ আতঁৰ কৰি ছালৰ ৰং উজ্জ্বল কৰি তোলে।
  • ছালৰ স্থিতিস্থাপকতা আৰু উজ্জ্বলতাৰ বাবে— জবাফুল আৰু গোলাপৰ পাহি একেলগে পিহি মিহি কৰি ল’ব। ইয়াৰ সৈতে মিহলাব দৈ, মূলতানী মাটি আৰু অলপ পানী। এই পেষ্ট মুখ আৰু ডিঙিত সানি বিশ মিনিটমান ৰাখি ধুব।
  • মাধৈলতা এন্টি অক্সিডেণ্ট আৰু ফ্লেভনাইডচৰে ভৰপূৰ। বয়স লুকুওৱাৰ ক্ষেত্ৰত সহায়ক। ছালত থকা শুকান ভাৱ দূৰ কৰে। কেৱল ফুলপাহ মোহাৰি মুখত সানক। পোন্ধৰ মিনিটৰ পাছত ধুব।
  • লেভেণ্ডাৰ ফুল প্ৰতিখন ছালৰ বাবে উপকাৰী। এই ফুলৰ পাহি পিহি অট’চ পাউডাৰৰ স’তে মিহলাই পেক তৈয়াৰ কৰি মুখত লেপ দিয়ক।

উল্লেখ্য যে ওপৰত উল্লেখ কৰা সকলো ফুলেই সহজে নাৰ্চাৰীত উপলব্ধ।

সাৱধানতা— ফুলৰ যিকোনো পেক লগাই কেতিয়াও ৰ’দত ওলাব নালাগে।

লেখিকা: শ্ৰুতি জৈন।

 

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate