অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সবল হৃৎপিণ্ডৰ বাবে

সবল হৃৎপিণ্ডৰ বাবে

  • কলেষ্টৰেলৰ পৰিমাণ বেছি থকা খাদ্য যেনে—মাছ, কণী, ঘিউ, মাখন, মিঠাই আদি খোৱাৰ পৰা বিৰত থাকিব।
  • প্রতিদিনৰ আহাৰত চেনিৰ পৰিমাণ অতি কম হোৱা উচিত। যিমান পাৰে চেনিযুক্ত আহাৰ পৰিহাৰ কৰি চলিব।
  • ময়দা আৰু চেনিজাতীয় খাদ্য এৰাই চলিব।
  • প্রতি দিনৰ আহাৰত নিমখৰ পৰিমাণ তিনি গ্ৰামতকৈ বেছি হোৱা উচিত নহয়।
  • একেবাৰতে সৰহ পৰিমাণৰ আহাৰ নাখাই কম পৰিমাণকৈ লাগিলে সঘনাই খাব লাগে। একেবাৰতে সৰহকৈ খালে পাকস্থলী আৰু হৃৎপিণ্ডৰ ওপৰত হেঁচা পৰে।
  • সহজে চোবাব পৰা আৰু সহজে হজম কৰিব পৰা মছলাবর্জিত সাধাৰণ আহাৰ পুষ্টিকৰ আহাৰ  খোৱা উচিত।
  • প্রতিদিনৰ আহাৰত অন্তত ৩০ গ্রাম আঁহযুক্ত খাদ্য থকা উচিত।
  • ভিটামিন আৰু পৰিপূৰক পুষ্টিকৰ আহাৰ খোৱাৰ আগেয়ে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

লেখিকা: সীমা চক্ৰৱৰ্তী, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate