অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কিটিপ

সুস্বাস্থ্যৰ বাবে আহাৰ গ্ৰহণৰ কিটিপ:

 

১)পুৱা শুই উঠিয়ে অতি কমেও দুগিলাচ পানী(এক লিটাৰ) খাবলৈ চেষ্টা কৰিব্জ।

২)পুৱাৰ জলপান পেট ভৰাই খাব। তাতেই যিহেতু অসমৰ প্ৰধান আহাৰ। গতিকে ব্ৰেকফাষ্টৰ পিচত খাদ্য তালিকাত অলপ পৰিমাণে ভাতো সন্নিৱিষ্ট কৰিব পাৰে।

৩)দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ এঘন্টামানৰ পিচত কেঁচা ফল-মূল খাব।

৪)পুৱা আৰু দুপৰীয়াৰ আহাৰৰ মাজত ফলৰ ৰস, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আদি গ্ৰহণ কৰিব।

৫)দুপৰীয়াৰ আহাৰ পুৱাৰ আহাৰতকৈ কমাই খাব। পৰাপক্ষত আমিষ আহাৰ দুপৰীয়া খাব। যথেষ্ট পৰিমাণে চালাড আৰু নিয়মিত দৈ খাব।

৬)নিশাৰ আহাৰ সদায় পাতল হ’ব লাগে। পৰাপক্ষত ভাতৰ সলনি নিশা ৰুটী খাব পাৰিলে ভাল। শোৱাৰ দুঘন্টাৰ আগত নিশাৰ আহাৰ খাবলৈ চেষ্টা কৰিব লাগে।

৭)সুষম আহাৰ খাবলৈ হ’লে দৈনিক খাদ্য তালিকাত সকলো সন্নিৱিষ্ট হোৱাকৈ তালিকাখন আগতীয়াকৈ বনাই ল’ব লাগে, যাতে প্ৰ’টিন, ভিটামিন, মিনাৰেল সকলো সন্নিৱিষ্ট হৈ থাকে।

৮)দৈনিক খাদ্য তালিকাত অংকুৰিত বুট-মগু খাব। পুৱা খাব পাৰিলে ভাল।

৯)দিনটোত যথেষ্ট পৰিমাণে পানী খাব আৰু শৰীৰৰ ওজন কমাব বিচৰাসকলে প্ৰতিবাৰ খোৱাৰ আধাঘন্টাৰ আগত এগিলাচকৈ পানী খাব।

১০)চেনি আৰু চেনিৰ পৰা তৈয়াৰী কৰা খাদ্য পৰাপক্ষত কমাই খাব।

১১)চৰ্বিজাতীয় খাদ্য কমাই খাব। শাক-পাচলি আৰু ফলমূল বেছিকৈ খাব।

১২)নিতৌ ৪০ মিনিট মুকলি বতাহত খোজ কাঢ়িবলৈ চেষ্টা কৰিব।

১৩)দৈনিক ৭-৮ ঘন্টা শোৱাৰ অভ্যাস কৰিব।

বয়স অনুসৰি টোপনিৰ পৰিমাণ:

 

নৱজাত শিশু:

জন্মৰ পৰা তিনি মাহৰ ভিতৰৰ শিশুক নৱজাতক বুলি ধৰা হয়। নেচনেল শ্লিপ ফাউণ্ডেচনৰ সমীক্ষা অনুযায়ী নৱজাতক শিশুৱে ১৪-১৭ ঘন্টা টোপনিৰ আৱশ্যক। আনহাতে ৪ মাহৰ পৰা ১১ মহীয়া শিশু বা ল’ৰা-ছোৱালীক প্ৰয়োজন হয় কমেও ১২-১৫ ঘন্টা টোপনি।

কিশোৰ-কিশোৰীৰ বাবে:

বৰ্তমানৰ বিশ্বায়নৰ যুগত ফোন, কম্পিউটাৰ ইন্টাৰনেটেৰে ভৰা পৃথিৱীখনত অধিকাংশ কিশোৰ-কিশোৰী ম’বাইল ইন্টাৰনেটত ব্যস্ত থকা দেখা যায়। এয়া আচলতে স্বাস্থ্যৰ পক্ষে যথেষ্ট হানিকাৰক। ১৪ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ৮-১০ ঘন্টা টোপনি যোৱাটো নিতান্তই আৱশ্যক।

যুৱাৱস্থা-প্ৰৌঢ় বয়সৰ বাবে:

সাধাৰণতে ১৮ বছৰ বয়সৰ পৰা ৬৪ বছৰ বয়সৰ এই সময়ছোৱা যুৱাৱস্থা আৰু প্ৰৌঢ় অৱস্থাক অন্তৰ্ভুক্ত কৰিব পাৰি। কলেজত অধ্যয়নত ছাত্ৰ-ছাত্ৰী, চাকৰি কৰা যুৱক-যুৱতী অথবা পুৰুষ-মহিলা অধিক সময় নিজৰ নিজৰ কাম-কাজত ব্যস্ত থাকিব লগা হয়। একেদৰে প্ৰৌঢ় পুৰুষ-মহিলাসকলেও অধিকাংশ সময় ঘৰৰ কাম-কাজ পৰিচালনা কৰোতে ব্যস্ত থাকিব লাগে। এনে পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলৰ মতেও ১৮-৬৪ বয়সৰ ভিতৰৰ যুৱাৱস্থা আৰু প্ৰৌঢ় ব্যক্তিসকলক কমেও ৭-৯ ঘন্টা টোপনিৰ আৱশ্যক হয়।

বৃদ্ধাৱস্থা:

৬৫ বছৰ আৰু ইয়াতকৈ অধিক বয়স গৰকা লোকসকলক সাধাৰণতে বৃদ্ধৱস্থাত অন্তৰ্ভুক্ত কৰা হয়। বৃদ্ধাৱস্থাত ভৰি দিয়া লোকসকলক শৰীৰ সুস্থ হৈ থকাৰ বাবে দিনৌ পৰ্যাপ্ত ৭-৮ ঘন্টাকৈ টোপনি যোৱা আৱশ্যক।

স্কুললৈ যোৱা শিশু:

নাৰ্ছাৰী, কেজিত অধ্যয়ন কৰি থকা শিশুসকলক দৈনিক ৯-১১ ঘন্টা টোপনিৰ আৱশ্যক হয়।

লেখিকা: মল্লিকা শৰ্মা(সম্ভাৰ)

শেহতীয়া উন্নীতকৰণ: : 11/25/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate