অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে কৰণীয়ঃ

কোনো এজন ব্যক্তিৰ শৰীৰ আৰু মন দুয়োটাই স্বাস্থ্যৱান আৰু নিৰোগী হ’লেহে তেওঁক সু-স্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি। মানুহৰ শৰীৰ আৰু মনটোৱে কেৱল নিজৰ সম্পদ, সেয়েহে এই দুটাক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰখাটো আমাৰ কৰ্তব্য। নিজকে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান আৰু নিৰোগী কৰি সু স্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে আমাৰ কিছু কৰণীয় থাকে। তলত সু-স্বাস্থ্যৰ বাবে কৰণীয় কথাবোৰ উল্লেখ কৰা হ’ল।

উচিত খাদ্য সঠিক সময়ত গ্ৰহণ:

পুষ্টিযুক্ত সুষম খাদ্য সঠিক সময়ত খোৱাৰ অভ্যাস গঢ়িব লাগে। সময়মতে উপযুক্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাক শীৰ্ষবিন্দুত ৰাখে। অধিক মছলাযুক্ত, ঘৃতাক্ত আৰু তৈলাক্তজাতীয় খাদ্য বেছি পৰিমাণে খাব নালাগে। অনিয়মিত খাদ্য গ্ৰহণ আৰু অতিৰিক্ত ভোজনে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰে। আপোনাৰ বৰ্তমান খাদ্য তালিকাখন সলাই পুষ্টি বিশেষজ্ঞৰ সহায়ত আপোনাৰ ওজন, উচ্চতা আৰু দৈনন্দিন কৰ্মৰ বাবে উপযুক্ত দৈনিক আহাৰৰ এখন তালিকা প্ৰস্তুত কৰি লওক। আহাৰৰ লগতে প্ৰচুৰ পৰিমাণে সতেজ ফলমূল, চালাড, শাক-পাচলি আৰু দৈ আদি খোৱাৰ অভ্যাস কৰক। খোৱা খাদ্যৰ আধা অংশ ফলমূল, চালাড, শাক-পাচলি হ’ব লাগে। জাংকফুড, ফাষ্টফুড আৰু শীতল পানীয় খোৱা অভ্যাস এৰি দিয়ক। শৰীৰৰ বাবে অপকাৰী চেচুৰেটেড চৰ্বিযুক্ত তেলেৰে তৈয়াৰী ফাষ্টফুড আৰু কাৰ্বনযুক্ত শীতল পানীয়ত ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজ পদাৰ্থ নাথাকে। অত্যধিক চৰ্বি, অধিক চেনি, অধিক নিমখ, মনোছডিয়াম গ্লুটামেট, কৃত্ৰিম ৰং, কৃত্ৰিম স্বাদ আৰু কৃত্ৰিম সুগন্ধি দিয়া নানা প্ৰিজাৰভেটিভ ৰাসায়নিক পদাৰ্থ থাকে। ধূমপানৰ পাছতেই দ্বিতীয় ঘাতকৰূপে পৰিচিত ফাষ্টফুড আৰু শীতল পানীয়ই তেজত ক’লেষ্টেৰেলৰ পৰিমাণ আৰু দেহৰ ওজন বঢ়োৱাৰ উপৰি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক, কল’নৰ কেঞ্চাৰ, মেদবহুলতা, দন্তক্ষয় আদি বিভিন্ন ৰোগ সৃষ্টি কৰে। জাংকফুডৰ সলনি সতেজ ফলমূল, শাক-পাচলি আৰু শীতল পানীয়ৰ সলনি ফলৰ ৰস, ফলমূলৰ চৰবত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আৰু লচ্চি আদি খোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰতিদিনে অতি কমেও তিনিৰ পৰা চাৰি লিটাৰ বিশুদ্ধ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। নিমখ কমাই খাওক। অত্যধিক নিমখ গ্ৰহণে ৰক্তচাপ বৃদ্ধি, হাৰ্ট এটেক, বৃক্ক আৰু মূত্ৰবাহী নলীত পাথৰ জমা হোৱা, শৰীৰত কেলছিয়াম শোষণত বাধা দি অষ্টিঅ’পৰ’ছিছ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। পাৰিলে নিৰামিষভোজী হওক। আমিষভোজী ব্যক্তিয়ে মাংস খোৱাতকৈ মাছ বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। মাছৰ শৰীৰত মজুত থকা ইউৰ’টেছিন-২ নামৰ পেপ্টাইডবিধৰ হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি সুস্থ কৰি ৰখাৰ ক্ষমতা আছে। নিতৌ অতি কমেও এবিধ ফল আৰু শাক-পাচলি খাওক, কাৰ্যালয়লৈ যাওঁতে লগত খোৱাৰ বাবে এবিধ হ’লেও ফল আৰু বিশুদ্ধ খোৱাপানী লৈ যাব। সপ্তাহত এদিন হ’লেও কষ্ট কৰি শাক-পাচলি ৰান্ধি খাওক। বজাৰ কৰোঁতে তৈয়াৰী খাদ্য নিকিনিব আৰু এই অভ্যাস পৰিয়ালৰ আটাইৰে বাবে কৰাৰ চেষ্টা কৰক।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি শাৰীৰিকভাৱে সুস্থ-সবল হৈ থকা:

বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্ণয় কৰি, ওজনৰ ঊৰ্ধ্বসীমা অতিক্ৰম কৰিব নিদি শাৰীৰিকভাৱে ফিট হৈ থাকক। ফিটনেছ থাকিলেহে এগৰাকী ব্যক্তিয়ে দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰে। শাৰীৰিকভাৱে ফিট হৈ থাকিবলৈ শৰীৰৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পাছতে কেল’ৰী দহন কৰিবলৈ শিকক। কেল’ৰী দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক ফিট কৰি ৰাখে। কেল’ৰী দহনৰ বাবে শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰক, খোজ কাঢ়ক, সাঁতোৰক, স্কিপিং কৰক, পুৱা আৰু গধূলি দৌৰাৰ উপৰি বাগিচাত কাম কৰা, গাড়ী ধোৱা, কুকুৰ ফুৰাবলৈ নিয়া, চাইকেল চলোৱা আদি কৰক। প্ৰতিদিনে পুৱা সোনকালে উঠি আধা ঘণ্টাকৈ খোজ কাঢ়ক। নিতৌ তেনেদৰে খোজকাঢ়িলে শৰীৰৰ ওজন কমোৱাৰ লগতে শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত কৰি, প্ৰকৃতিৰ লগত সম্পৰ্ক সুদৃঢ় কৰি শৰীৰটো মজবুত হ’ব আৰু শাৰীৰিক তথা মানসিকভাৱে সুস্থ আৰু সবল অনুভৱ কৰিব। শৰীৰৰ ওজন কমাই ফিটনেছ অটুট ৰাখিবলৈ শাৰীৰিক পৰিশ্ৰমৰ লগতে ব্যায়ামৰ (এৰ’বিকছ, সাঁতোৰ, চাইক্লিং, জগিং আদি) ক্ষেত্ৰত গুৰুত্ব দিয়ক। শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, অষ্টিঅ’পৰ’ছিছ, মেদবহুলতা আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰা, মনত স্ফূৰ্তিভাব, উদ্যম আৰু সুখ জগাই তুলি ব্যক্তি এগৰাকীক দীৰ্ঘজীৱী হোৱাত সহায় কৰে।

ধূমপান আৰু মাদকদ্ৰব্য ত্যাগঃ

আপুনি যদি ধূমপান, মদ অথবা ড্ৰাগছ আদি ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত তেনেহ’লে এই নাগপাশৰ পৰা মুক্ত হওক। ধূমপান আৰু মদ্যপানে আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন কৰে। এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনাতকৈ কেইবাগুণে অধিক ক্ষতিকাৰক। এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগগ্ৰস্ত (হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, কৰ্কট ৰোগ, গেষ্ট্ৰাইটিছ, মানসিক ৰোগ, নিদ্ৰাহীনতা, অষ্টিঅ’পৰ’ছিছ, আদি) কৰাৰ উপৰি আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰে, সামাজিক বাতাবৰণৰ স্খলনত ইন্ধন যোগায় আৰু এই বদ অভ্যাসৰ বাবে আপোনাৰ সদ গুণবোৰ আনে নেদেখে। এনে ক্ষতিকাৰক বস্তুৰ প্ৰতি অহৈতুকী প্ৰীতি পৰিত্যাগ কৰক। যদিহে ধূমপান আৰু মদ্যপান বৰ্জন কৰিব পাৰে, ই আপোনাক ৰোগৰ পৰা বচোৱা, পাৰিবাৰিক আৰু সামাজিক সুখ দি নিৰোগী আৰু দীৰ্ঘায়ু কৰাৰ উপৰি আপোনাৰ যথেষ্ট পৰিমাণে টকা বচাব।

মানসিক চাপ ত্যাগ আৰু জীৱনটো উপভোগঃ

পৰিৱৰ্তিত পৰিৱেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰক। পোৱাখিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাৰে মন ভৰাই ৰাখক। দেখিব সকলোফালে পোহৰেৰে মুখৰিত হৈ জীৱনটো স্বাস্থ্যৱান হৈ পৰিছে। যি কৰিলে মন আনন্দ আৰু সন্তুষ্টি পায় তাকে কৰাৰ ব্যৱস্থা কৰক। বন্ধুৰ ঘৰলৈ যাওক, গান শুনক, কিতাপ পঢ়ক, পিকনিক খাবলৈ যাওক, চিনেমা বা থিয়েটাৰ চাবলৈ যাওক, ভ্ৰমণ কৰক, নিয়মিত প্ৰাৰ্থনা কৰক, ওচৰতে থকা মন্দিৰ দৰ্শন কৰক, মুঠতে মনটোক ভাল লগাবলৈকে কিছু সময় খৰচ কৰক। সুবিধা পালেই হাঁহক আৰু আনকো হঁহুৱাওক। ভালকৈ হাঁহিব পৰাজনৰ শৰীৰ আৰু মন সকলো দিশৰ পৰা স্বাস্থ্যৱান হৈ থাকে। এলাহ দূৰ কৰি পুৱা শোৱাপাটী সোনকালে এৰক। এলাহ মানৱ জীৱনৰ পৰম শত্ৰু। কামত সময়ৰ নাটনি হব দি মানসিক চাপ নল’ব। সদায় প্ৰসন্নচিত্তে থাকি এলাহক জয় কৰক। যদি আগতে টকাৰ ধাৰ অথবা টকাৰ নাটনিৰ বাবে আপুনি মানসিক চাপত ভুগিছিল, এতিয়াৰে পৰা ধাৰ মাৰি পুনৰ ধাৰ নল’ব। মদ আৰু ধূমপান এৰি, অবাবত বজাৰ নকৰি, গাড়ী নচলাই খোজ কাঢ়ি বা ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰি আৰু জিমলৈ নগৈ ঘৰতে ব্যায়াম আদি কৰি টকা বচোৱাৰ ব্যৱস্থা কৰক।

পৰ্যাপ্ত নিদ্ৰা আৰু জিৰণিঃ

শৰীৰটোৰ বাবে টোপনি আৰু জিৰণি অতি জৰুৰী। অকল সুষম আহাৰেৰে সু-স্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰে, যদিহে শৰীৰক জিৰণি দিয়া নহয়। একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে। যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন হয়। আজিকালি কৰ্মব্যস্ততাৰ বাবে অনেকে বহু নিশালৈকে সাৰে থাকি প্ৰয়োজনীয় টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাঙি পৰে। নিতৌ নিশা ৬ ৰ পৰা ৮ ঘণ্টাকৈ ভালদৰে টোপনি মাৰক, প্ৰয়োজনতকৈ অধিক সময় টোপনি নামাৰিব। টিভি চাই ৰাতি দেৰিকৈ শোৱা অভ্যাস ত্যাগ কৰিব, শৰীৰক জিৰণি দিব আৰু কামৰ মাজতে সুবিধা পালে তাত্ক্ষণিক জিৰণি আৰু টোপনি মাৰিব। তাত্ক্ষণিক জিৰণি আৰু টোপনিয়ে মন আৰু শৰীৰ সতেজ ৰখাত সহায় কৰে। জিৰণিৰ সময়ত কিতাপ পঢ়া, মন ভাল লগা গীত শুনক।

নিজক অনুভৱ কৰা আৰু নিজৰ বাবে সময়ঃ

সুস্বাস্থ্য আৰু সুখ নিজৰ বাবেই অতি দৰকাৰী। সেয়েহে আপুনি আপোনাৰ লগত সম্পৰ্ক, আপোনাৰ ক্ষমতা সৃজনশীলতা বঢ়াবৰ বাবে নিজকে অনুভৱ কৰি দিনটোৰ অলপ সময় নিজৰ বাবে খৰচ কৰক। নিজৰ ভাল লগা কিবা কৰক আৰু সময় উলিয়াই কিবা এটা নতুন কথা শিকাৰ ব্যৱস্থা কৰক। আনৰ ওচৰত নিজকে হেয় নকৰিব। নিজকে পূৰ্ণ বুলি ভাবিবলৈ যত্ন কৰক। নিজৰ শক্তিক স্বীকৃতি দি আৰু সেই শক্তিক গঠনমূলক কামত ব্যৱহাৰ কৰক। সকলো কামেই গ্ৰহণ নকৰি, যিকেইটা কামত আপুনি দক্ষ আৰু সহজে কৰিব পাৰে তেনে কাম কৰক। সাধু, বিনম্ৰ আৰু কৰ্তব্যপৰায়ণ হওক।

লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate