অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে মৰ্নিং ৱাক :

সু-স্বাস্থ্যৰ বাবে মৰ্নিং ৱাক :

 

ছাল-চুলিৰ উজ্জ্বলতাৰ বাবে পুৱা খোজ কাঢ়ক -

১) দৈনিক খোজ কঢ়াই হওক অথবা অন্য কোনো ব্যায়ামেই হওক ই আপোনাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পোৱাত সহায় কৰে । এই ৰক্ত সঞ্চালন বা ব্লাড চাৰ্কুলেচন বৃদ্ধি, পোৱাৰ ফলত শৰীৰত অক্সিজেন সঠিকভাৱে প্ৰবাহিত হয় । তদুপৰি পুৱা খোজ কাঢ়িলে মুকলি বিশুদ্ধ বতাহ আৰু অক্সিজেন লাভ কৰা যায় । এই  সকলো কাৰণৰ ফলত আপোনাৰ ছাললৈ উজ্জ্বলতা আহি পৰে ।

২) পুৱা খোজ কঢ়াৰ ফলত আপোনাৰ শৰীৰত হৰম’নৰ তাৰতম্য সঠিক হৈ থাকে । ইয়াৰ লগতে কেৱল শৰীৰতে নহয় , মূৰৰ তালুত সঠিকভাৱে ৰক্ত সঞ্চালন হয় । ইয়াৰ দ্বাৰা আপোনাৰ মূৰৰ তালুত অক্সিজেন ভালদৰে প্ৰবাহিত হয় ।

৩) ইয়াৰ ফলত আপোনাৰ চুলি সুন্দৰ, উজ্জ্বল আৰু মজবুত হৈ উঠে । লগতে পুৱাৰ সূৰ্যৰ কিৰণৰ পৰা লাভ কৰা ভিটামিন ডিৰ গুণাগুণে চুলি বৃদ্ধি পোৱাত সহায় কৰে ।

৪) প্ৰদূষিত বায়ু আৰু ৰাসায়নিকযুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ ফলত ছালৰ যথেষ্ট ক্ষতি হয় । এনেস্থলত মৰ্নিং ৱাকে এক ফলদায়ক ভূমিকা আগবঢ়ায় । আচলতে পুৱাৰ ৰ’দৰ কিৰণ ছালৰ বাবে অতি উপকাৰী । ইয়াত মজুত থকা ভিটামিন ডিয়ে শৰীৰৰ ৫০ শতাংশ বেক্টেৰিয়া নিৰ্মূল কৰে আৰু আপোনাৰ ছাল স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনে।

উৎস : দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate