অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ জীৱন যাপনৰ বাবে উৎকৃষ্ট পোহৰ

পোহৰ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। পোহৰৰ বাবেই আমি চকুৰে দেখা পাওঁ।শৰীৰৰ বহুতো জৈৱিক কৰ্ম, সুস্বাস্থ্য, দৈনন্দিন জীৱন যাত্ৰা আৰু জীৱন ধাৰণৰ মানৰ লগত পোহৰৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। পোহৰ কি, কেনেদৰে উৎপন্ন হয় আৰু ইয়াক জোখাৰ একক কি এয়া এক দীঘলীয়া বৰ্ণনা। ঠাইৰ অভাৱত ইয়াক আমাৰ আলোচনাৰ গণ্ডীলৈ অনা সম্ভৱ নহয়। পোহৰ আমি প্ৰাকৃতিকভাৱে সূৰ্যৰ পৰা অথবা কৃত্ৰিমভাৱে জুইৰপৰা(খৰি,চাকি,কেণ্ডেল,লেম্প আদি)অথবা বিদ্যুতৰ পৰা(টিউব,বালব্‌ আদি)পাব পাৰো।কৃত্ৰিম পোহৰতকৈ প্ৰাকৃতিক পোহৰ আমাৰ শৰীৰৰ জৈৱিক কৰ্ম,সুস্বাস্থ্য আৰু দৈনন্দিন জীৱনৰ কৰ্মৰ বাবে বেছি লাভদায়ক।অধ্যয়নত প্ৰকাশ পোৱা মতে প্ৰাকৃতিক পোহৰত মানুহৰ কৰ্মদক্ষতা বাঢ়ে।ছাত্ৰৰ পঢ়াত মনোযোগ বাঢ়ে আৰু ৰোগীয়েও শৰীৰ আৰু মন ভাল পায়।সেয়েহে আমি আমাৰ বাসস্থান, বিদ্যালয় আৰু চিকিত্‌সালয় আদিত প্ৰাকৃতিক পোহৰ অধিক পৰাৰ বাবে এইবোৰৰ ওচৰত থকা পোহৰ পৰাত বাধা দিয়া বস্তুবোৰ গুচোৱা,পোহৰ পৰিবলৈ খিৰিকী ৰখা আৰু প্ৰাকৃতিক পোহৰৰ প্ৰতিফলন ঘটাবলৈ বগা ৰং দিয়া উচিত।পোহৰৰ উত্‌স যিয়েই নহওক কিয় আমাৰ চকুৱে আৰামেৰ দেখা পোৱা আৰু সুস্থ জীৱনৰ বাবে ই উৎকৃষ্ট হ’ব লাগে।

পোহৰৰ প্ৰয়োজনীয়তা

পোহৰ কোনো নিৰ্দ্দিষ্ট কামৰ বাবে উপযুক্ত হোৱা,চাৰিওফালে অনবৰতে সমান পৰিমাণে সিচঁৰতি হৈ থকা,বেছি ডাঠ ছাঁ নপৰা,ঢিপঢিপাই নথকা আৰু চিক্‌মিকনি নথকা হ’লেই তাক উৎকৃষ্ট পোহৰ বুলি কোৱা হয়।চাৰিওফালে পোহৰৰ উগ্ৰতা সমান নহ’লে চকুৱে কষ্ট পায়। পোহৰ ঢিপঢিপাই থাকিলে চকুৱে দেখাত অসুবিধা পায় বাবে দুৰ্ঘটনা হোৱাৰ আশংকা আহে।পোহৰৰ চিক্‌মিকনি অধিক থাকিলে ই চকুৰ বাবে আমনিদায়ক হৈ পৰে।ছাঁ বেছি ডাঠ হৈ পৰিলে চকুৱে দেখাত দিগদাৰি পায়।পোহৰৰ মাধ্যমেৰে বাহিৰৰ বিভিন্ন বস্তুৰ আকৃতিৰ প্ৰতিবিম্ব আহি আমাৰ চকুৰ ৰেটিনাত প্ৰতিমিম্বিত হ’লে বস্তুটো আমাৰ বাবে দৃশ্যমান হয়।পোহৰ অবিহনে আমি একোৱে দেখা নাপাওঁ। কোনো ধৰণৰ শাৰীৰিক অথবা মানসিক সমস্যা সৃষ্টি নকৰাকৈ বস্তু এটা আমাৰ চকুত সুন্দৰভাৱে দৃশ্যমান হ’বলৈ হ’লে বস্তুটোৰ চাৰিওপিনে থকা পোহৰে বস্তুটোৰ আকৃতি সুন্দৰকৈ পৰিসফুট কৰাৰ লগতে বস্তুটোৰ চাৰিওকাষ উপযুক্ত আৰু উৎকৃষ্ট পোহৰে উজলাই ৰাখিব লাগে।যিদৰে কম পোহৰত যিকোনো বস্তুৱে আমাৰ চকুত সুন্দৰভাৱে দৃশ্যমান নহয়,ঠিক তেনেদৰে অতিমাত্ৰা পোহৰতোকোনো বস্তু আমাৰ চকুত ভালকৈ দৃশ্যমান নহয়।সাধাৰণতে ০.১ লাক্সৰ (পূৰ্ণিমা নিশাৰ পোহৰৰ পৰিমাণ)পৰা ১,০০,০০০ লাক্স(ফৰকাল বতৰত দুপৰীয়া সূৰ্যৰ পোহৰৰ পৰিমাণ)তীব্ৰতাৰ পোহৰেহে আমাৰ চকুত বস্তু এটা দৃশ্যমান কৰিব পাৰে।সহজকৈ ক’বলৈ হ’লে যিমান তীব্ৰ পৰিমাণৰ পোহৰত আমি এটা কাম কষ্ট কৰি কিবাকৈ কৰিব পাৰোঁ,তাতোকৈ ত্ৰিশ গুণ বেছি পৰিমাণৰ তীব্ৰ পোহৰক সাধাৰণতে চকুৰ বাবে উপযুক্ত পোহৰ বুলি কোৱা হয়।অৱশ্যে ঠাই আৰু কাম অনুযায়ী লগা পোহৰৰ তীব্ৰতাৰ পৰিমাণ ভিন্ন হয়।কৰিড’ৰৰ বাবে যিমান পৰিমাণৰ পোহৰ লাগে,পঢ়াৰ বাবে তাতকৈ বেছি আৰু কল-কাৰখানাত তাতকৈয়ো অধিক লাগে।মুঠতে কাম আৰু স্থান অনুযায়ী ভালকৈ দেখা,দুৰ্ঘটনা হ্ৰাস হোৱা,ব্যক্তিৰ সুস্বাস্থ্য বজাই ৰখা আৰু উৎকৃষ্ট ফলাফল লাভৰ বাবে পোহৰ উপযুক্ত আৰু উৎকৃষ্ট হ’ব লাগিব।তদুপৰি পোহৰৰ প্ৰত্যেক জীৱৰ ওপৰত জৈৱিক প্ৰভাৱ আছে।এইবোৰৰ ভিতৰত শৰীৰৰ উত্তাপ সঠিককৈ ৰখা,শাৰীৰিক কৰ্মদক্ষতা বজাই ৰখা,ছালত মেলানিন তৈয়াৰ কৰা,ভিটামিন ডি তৈয়াৰ কৰা,শৰীৰৰ বিলিৰুবিন ভাঙি উলিয়াই দিয়া ইত্যাদি। আজিকালি কেচুঁৱাৰ জণ্ডিচ হ’লে বিলিৰুবিন ভাঙি উলিয়াই দিবলৈ পোহৰ চিকিত্‌সা দিয়া হয়।

নিম্ন-উচ্চমানৰ পোহৰৰ প্ৰভাৱ

পোহৰৰ পৰিমাণ উপযুক্ত আৰু উৎকৃষ্ট নহৈ কম বা বেছি হ’লেই মানুহৰ জীৱন যাত্ৰা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।এনে হ’লে আমাৰ চকুৱে যথেষ্ট কষ্ট পোৱাৰ উপৰি ই আমাক ভাগৰুৱা কৰি তোলাৰ লগতে আমাৰ কৰ্মদক্ষতা কমায়।কম পোহৰত কাম কৰিলে মানুহ কৰ্মস্থলীত আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা অধিক হয়।চকুৱে কষ্ট পোৱাৰ বাবে চকুৰ বিষ,চকুৰে পানী ওলোৱা,মূৰৰ বিষ আদি হ’ব পাৰে।পোহৰত যদি চিক্‌মিকনি থাকে মানুহৰ কৰ্মদক্ষতা কমে,মূৰৰ বিষ আৰু বমি হ’ব পাৰে।আজিকালি বহুতো বাসস্থান,মেলা,দোকান আদিত প্ৰয়োজনতকৈ অধিক পোহৰ ব্যৱহাৰ কৰি পোহৰৰ প্ৰদূষণ কৰা দেখা যায়।পোহৰ প্ৰদূষণে শক্তিৰ অপচয় কৰি খৰচ বঢ়োৱাৰ উপৰি সৰহকৈ কাৰ্বন-ডাই-অক্সাইড নিৰ্গত কৰি পৰিৱেশ দূষিত কৰি তোলে।পোহৰৰ প্ৰদূষণৰ পৰা মানুহৰ সঘনাই মূৰ বিষোৱা, মানসিক চাপ হোৱা, আৱেগ বঢ়া,বমি হোৱা আৰু উচ্চ ৰক্তচাপ হোৱা দেখা যায়।

ব্যৱসায়িক প্ৰয়োগ

উৎকৃষ্ট পোহৰে মানুহৰ জীৱন ধাৰণৰ মান বহুধৰণে নিৰূপিত কৰে।উৎকৃষ্ট পোহৰে মানুহৰ মন ভাল লগায়।কৰ্মদক্ষতা বঢ়ায়।কাৰ্যালয়ত প্ৰয়োজনীয় উৎকৃষ্ট পোহৰ থাকিলে কৰ্মচাৰীসকলৰ মন ভালে থাকে বাবে কাৰ্যদক্ষতাও বাঢ়ে।বিদ্যাৰ্থীয়ে উৎকৃষ্ট পোহৰত পঢ়িলে চকু ভালে থকাৰ উপৰি বেছি মনোযোগ দি পঢ়ি অধিক জ্ঞান আহৰণ কৰি পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰে।উৎকৃষ্ট পোহৰে বাস কৰা ঘৰটো চাফা দেখাই আকৰ্ষণীয় কৰি ঘৰটো আহল-বহল যেন দেখুৱায়। ধুনীয়াকৈ পোহৰেৰে সজোৱা ৰাজহুৱা স্থান, দোকান-পোহাৰ,ব্যৱসায়স্থলী,কাপোৰৰ দোকান,খাদ্য সামগ্ৰীৰ দোকান,পাৰ্ক আদিৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ে বাবে এনে ঠাইবোৰলৈ মানুহৰ সমাগম অধিক হয় আৰু অনুষ্ঠানবোৰৰ ব্যৱসায়ো ভাল হয়।উপযুক্ত উৎকৃষ্ট পোহৰৰ প্ৰয়োগে থিয়েটাৰত অধিক নাটকীয় ৰূপ দিয়াৰ উপৰি অভিনেতাৰ দক্ষতা বঢ়ায় আৰু প্ৰদৰ্শনী আদি আকৰ্ষণীয় কৰি তোলে।এইবোৰ দৰ্শন কৰিলে মানুহৰ মন ভাল লাগি মানসিক স্বাস্থ্য ভাল কৰি তোলে।

লেখক: ডা° ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate