অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ শৰীৰৰ বাবে জিৰণি

সুস্থ শৰীৰৰ বাবে জিৰণি

জিৰণি বা বিশ্ৰাম বুলিলে সাধাৰণতে আমি টোপনিকে বুজোঁ। টোপনিৰ পৰিমাণ সকলো মানুহৰ সমান নহয়। টোপনিৰ দ্বাৰা আমাৰ গোটেই শৰীৰটোৱে বিশ্ৰাম পায়। কিন্তু মন প্ৰফুল্ল নহ’লে শৰীৰে সম্পূৰ্ণ বিশ্ৰাম নাপায়। তেনেদৰে প্ৰয়োজনীয় টোপনিতকৈ কম টোপনি হ’লে বিভিন্ন আহুকালে দেখা দিয়ে।


সুস্থ দেহ-মনৰ বাবে জিৰণিৰ প্ৰয়োজন। কেৱল সুষম আহাৰেৰে সু-স্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়, কোনো মানুহে জিৰণি নোলোৱাকৈ একেৰাহে কাম কৰিব নোৱাৰে। আনকি যন্ত্ৰকো অলপ সময়ৰ কাৰণে জিৰণিৰ প্ৰয়োজন। নহ’লে যন্ত্ৰটো সোনকালে অচল হৈ পৰিব পাৰে। এজন মানুহে বিভিন্ন প্ৰ’টিন আৰু ভিটামিনযুক্ত আহাৰ খালেও যদি উপযুক্ত জিৰণি নলয়, তেন্তে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। অতি সোনকালে বিভিন্ন ৰোগৰ চিকাৰ হ’ব পাৰে। কাৰণ আমাৰ শৰীৰত থকা অংগসমূহে শৰীৰক সুস্থ কৰি ৰাখিবলৈ বিভিন্ন কাম সম্পাদন কৰে। এই অংগসমূহক উপযুক্ত সময়ত জিৰণি বা বিশ্ৰামৰ প্ৰয়োজন। অৱশ্যে জিৰণিৰ পৰিমাণ সকলোৰে বাবে সমান নহয়। শিশু এটিক যিমান সময় জিৰণীৰ আৱশ্যক এজন কৰ্মক্ষম মানুহক তাতকৈ বেছি জিৰণিৰ আৱশ্যক।

জিৰণি বা বিশ্ৰাম বুলিলে সাধাৰণতে আমি টোপনিকে বুজোঁ। টোপনিৰ পৰিমাণ সকলো মানুহৰ সমান নহয়। টোপনিৰ দ্বাৰা আমাৰ গোটেই শৰীৰটোৱে বিশ্ৰাম পায়। কিন্তু প্ৰফুল্ল নহ’লে শৰীৰে সম্পূৰ্ণ বিশ্ৰাম নাপায়। তেনেদৰে প্ৰয়োজনীয় টোপনিতকৈ কম টোপনি হ’লে বিভিন্ন আহুকালে দেখা দিয়ে। একেৰাহে কেইবাদিনো টোপনিত ব্যাঘাত জন্মিলে অৰ্থাৎ টোপনি নহ’লে বা কম হ’লে মগজুত গ্লু’কজৰ পৰিমাণ কমি যায়। ইয়াৰ ফলত কোনো কামতে মনোযোগ দিব নোৱাৰা হয়। সুস্থ চিন্তা কৰিব নোৱাৰাৰ কাৰণে শুদ্ধ সিদ্ধান্ত লোৱাতো অসুবিধা হয়। অনবৰত টোপনি টোপনি ভাব লাগি থাকে কাৰণে কাম কৰিবলৈ মন নাযায়। শৰীৰলৈ অংশ ভাব আহে। অলপতে খং উঠে আৰু মানুহ খিং-খিঙীয়া হৈ পৰে। সেয়ে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ প্ৰয়োজনীয় টোপনি যাতে ঘাটি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। জিৰণিৰ সময়ত সদায়ে মনক শান্ত কৰি ৰাখিব লাগে। সংগীতে মনলৈ সজীৱতা আনে। সেয়ে জিৰণিৰ সময়ত ভাল লগা গীত শুনিব লাগে। অশান্ত মনেৰে জিৰণি ল’লে তাৰ পৰা সুফল লাভ কৰিব নোৱাৰি।

লেখিকা: ললিতা শৰ্মা লহকৰ।

শেহতীয়া উন্নীতকৰণ: : 5/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate