অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ শৰীৰৰ বাবে জিৰণিৰো প্ৰয়োজন

সুস্থ শৰীৰৰ বাবে জিৰণিৰো প্ৰয়োজন

শৰীৰ আৰু মনক সুস্থ ৰাখিবলৈ হ’লে মানৱ দেহক জিৰণিৰো প্ৰয়োজন। গতিকে অকল সুষম আহাৰেৰে সুস্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়। একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে। যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন হয়। এজন মানুহে বিভিন্ন প্ৰ’টিন আৰু ভিটামিনযুক্ত আহাৰ খালেও যদি উপযুক্ত জিৰণি নলয় তেন্তে সুস্বাস্থ্য আশা কৰিব নোৱাৰি। বৰঞ্চ বিভিন্ন ৰোগ হোৱাৰ ভয় থাকে।

জিৰণি বা বিশ্ৰাম বুলি ক’লেই সাধাৰণতে আমি টোপনিকো বুজোঁ। পিছে টোপনিৰ পৰিমাণো সকলো মানুহৰ বাবে সমান নহয়। টোপনিৰ দ্বাৰা শৰীৰটোৱে বিশ্ৰাম পায়। অৱশ্যে মন প্ৰফুল্লিত  কৰি টোপনি মাৰিলেহে শৰীৰটোৱে প্ৰকৃত জিৰণি বা বিশ্ৰাম পায়। প্ৰয়োজনতকৈ টোপনি কম হ’লে বিভিন্ন আহুকালে দেখা দিয়ে। একেৰাহে কেইবা দিনো টোপনিৰ ব্যাঘ্যাত জন্মিলে অৰ্থাৎ টোপনি নাহিলে মগজুৰ গ্লু’কজৰ পৰিমাণ কমে। ইয়াৰ ফলত কোনো কামত মনোযোগ দিব নোৱাৰা হয়। সুস্থ চিন্তা কৰিব নোৱাৰাৰ কাৰণে শুদ্ধ সিদ্ধান্ত গ্ৰহণটো অসুবিধা হয়। অনবৰতে টোপনি টোপনি ভাব লাগি থাকে। কাম কৰিবলৈ মন নাযায়। শৰীৰলৈ অৱশ ভাব আহে, অলপতে খং উঠে আৰু মানুহ খিংখিঙিয়া হৈ পৰে। সেয়ে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ প্ৰয়োজনীয় টোপনি যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। টোপনিৰ সময়ত আমাৰ শৰীৰে সম্পূৰ্ণ বিশ্ৰাম পায়। কিন্তু টোপনিৰ বাহিৰেও আমি আমাৰ শৰীৰক বিশ্ৰাম দিয়া উচিত। এই বিশ্ৰামো সকলোৰে বাবে সমান নহয়। শাৰিৰীক পৰিশ্ৰম বেছিকৈ কৰা ব্যক্তিক কম শাৰিৰীক পৰিশ্ৰম কৰা ব্যক্তিতকৈ অধিক জিৰণিৰ প্ৰয়োজন। তেনেদৰে যুৱক এজনতকৈ বয়স্ক ব্যক্তি এজনে বেছিকৈ জিৰণি অনুভৱ কৰে।

জিৰণিৰ সময়ত এটা কথা মনত ৰখা উচিত যে আমাৰ মন যাতে শান্ত উদ্বেগবিহীন হৈ থাকে। সংগীতে মনক সজীৱতা দিয়ে। সেয়ে জিৰণিৰ সময়ত ভাল-লগা সংগীত শুনিলে মনলৈ প্ৰফুল্লতা আহে, মন শান্ত হয়। অশান্ত মনেৰে জিৰণি ল’লে তাৰ পৰা সুফল লাভ কৰিব নোৱাৰি। মুঠতে শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে অকল সুষম খাদ্য খালেই নহ’ব জিৰনি দিবও লাগিব।

লেখিকা: ললিতা শৰ্মা লহকৰ

শেহতীয়া উন্নীতকৰণ: : 11/15/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate