অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ হৈ থাকিবলৈ কেইটামান আসন :

সুস্থ হৈ থাকিবলৈ কেইটামান আসন :

 

ভূজঙ্গাসন -

প্ৰণালী :- পেট ওলাই পোনভাবে শুও লওক । দুই কান্ধৰ সমান্তৰালকৈ দুইখন হাতৰ তলুৱা মাটিত ৰাখক । হাতৰ কিলাকুটি শৰীৰৰ দুয়োকাষে ওপৰলৈ উঠি লাগি থাকিব , কপাল মাটিত লাগি থাকিব । ভৰিৰ আঙুলিত মাটিত লাগি থাকিব । তাৰ পাছত উশাহ লৈ লৈ হাতৰ ওপৰত সামান্য ভৰ দি কান্ধ, বুকু, ডিঙি ওপৰলৈ উঠাওক , নাভিৰ ওপৰ অংশহে যেন ওপৰলৈ উঠে । তাৰ পাছত উশাহ এৰি এৰি আকৌ বুকু পিঠি ডিঙি তললৈ নমাই আগৰ অৱস্থালৈ নিয়ক । এনেদৰে ৪/৫ বাৰ পৰ্যন্ত আসনটো অভ্যাস কৰিব পাৰে । মন কৰিবলগীয়া যে কেইদিনমান অভ্যাসৰ পাছত হাতৰ ওপৰত ভৰ নিদিয়াকৈয়ে বুকু, পিঠি, কান্ধ উঠাই দিব পাৰিব ।

উপকাৰিতা -

মেৰুদণ্ড নমনীয় কৰাৰ বাবে ই এটা সুন্দৰ আসন ।এই আসনত মেৰুদণ্ডৰ সন্মুখ ভাগৰ বক্ৰতা দূৰ হয় । মেৰুদণ্ডৰ সন্মুখভাগৰ পেশী আৰু স্নায়ুবোৰ সবলতৰ হয় । পিঠিৰ বিষ নিৰাময় কৰাত সহায় কৰে, পিঠিৰ স্নায়ুবেশী সুদৃঢ় কৰে ।

নৌকাসন -

প্ৰণালী :- পেট ওলাই শুই লওক । হাত দুখন পিঠিৰ ফালে নি সোঁ হাত মুঠি মাৰি লওক । বাওঁহাতেৰে সোঁ হাতৰ গাঁঠিত ধৰিলে হাত দুখন তলৰ ফালে টানি দিয়ক । শ্বাস গ্ৰহণ কৰি কৰি হাত দুখনত টানি দি মূৰ আৰু ভৰি দুখন সমানে ওপৰলৈ উঠাই দিয়ক ।শৰীৰটো নাওৰ দৰে ভাজ লাগিব । কেৱল তলপেটটো মাটিত লাগি থাকিব । তআৰ পাছত শ্বাস এৰি এৰি তললৈ নামি আহি স্বাভাৱিক অৱস্থালৈ আহক । এনেদৰে আসনটো ২/৩ বাৰ অভ্যাস কৰক ।

উপকাৰিতা :- পিঠি, পেট, কঁকাল অংশৰ স্নায়ু পেশী সমূহ সবল, সুদৃঢ় কৰে । প্লীহা, যকৃত আদি উদৰৰ গ্ৰন্থিবোৰ সুস্থ সবল হয় ।

নিষেধ :- হৃদযন্ত্ৰৰ অসুখ থকা লোকে এই আসনটো বেছি সময় নকৰিব ।

শলভাসন -

প্ৰণালী :- পেট ওলাই পোনহৈ শুই লওক । হাতৰ তলুৱা উৰুৰ তলত সোমাই মাটিত লাগি থাকিব । থুতৰি মাটিত লাগি থাকিব । এতিয়া ভৰি পোনকৈ ৰাখি শ্বাস লৈ লৈ সোঁ ভৰিখন ওপৰলৈ দাঙি দিয়ক । চাব যাতে আঁঠুত ভাজ নালাগে । কেই চেকেণ্ডমান বাওঁ ভৰিখনো নিয়ম অনুযায়ী ওপৰলৈ দাঙি দিয়ক । ভৰি এখন এখনকৈ দাঙি দিয়াৰ পিছত এতিয়া দুয়োখন ভৰি একেলগে ওপৰলৈ দাঙি দিয়ক আৰু লাহে লাহে নমাই দিয় ক । ইয়াক পূৰ্ণ শলভাসন বুলি কোৱা হয় । এনেদৰে ৪/৫ বাৰ এই আসনটো কৰিব পাৰে ।

নিষেধ :-

যিবিলাক ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে, হৃদযন্ত্ৰ দূৰ্বল তেখেত সকলে দুয়োখন ভৰি একেলগে দাঙি নিদিব । অৰ্দ্ধ শলভাসন অৰ্থাৎ এখন এখনকৈ ভৰি দাঙি দিয়াটোহে অভ্যাস কৰিব ।

উপকাৰিতা :-

কঁকালৰ বিষ দূৰ হয় । ছায়াটিকাৰ বিষ নিৰাময়কাৰী । ভৰিৰ স্নায়ু পেশী সমূহ সবল কৰে ।

লেখক :- বসন্ত মজুমদাৰ

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate