অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্য আৰু জীৱনশৈলী

চমু বিৱৰণি

সাম্প্ৰতিক কালত মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন ঘটিছে| পশ্চিমীয়া আদব-কায়দা অনুসৰণ কৰি শিক্ষা গ্ৰহণ কৰা লোকসকল বিজ্ঞানপ্ৰদত্ত আহিলাৰ ব্যৱহাৰৰ জৰিয়তে জীৱন অলসতাৰে পৰিপূৰ্ণ হৈ পৰিছে| বিগত শতিকাৰ সত্তৰৰ দশকত তদানীন্তন কালৰ সাংসদ হেম বৰুৱাই প্ৰবন্ধ এটাত লিখা মতে, এটা দূৰভাষ থাকিলে নতুন দিল্লীত ঘৰতে বহি এখন বিয়াৰ যা-যোগাৰ কৰাৰে পৰা সকলো কাম সুসম্পন্ন কৰিব পাৰি, যিধৰণৰ সুবিধা সম্প্ৰতি জকাইচুকীয়া গাঁও এখনলৈও সম্প্ৰসাৰিত হৈছে| আত্মীয়-কুটুম্বৰ খবৰ বাতৰি জানিবলৈ বাটকুৰি বাই তেওঁলোকৰ ঘৰলৈ যোৱাৰ সলনি ভ্ৰাম্যভাষৰ জৰিয়তে ঘৰতে থাকি ছেকেণ্ডতে তেওঁলোকৰ লগত সংযোগ স্থাপন কৰিব পাৰি| দেশ-বিদেশৰ ডাঁৰৰ বাতৰি ডাঁৰে জনাবলৈ অনাতাঁৰ, দূৰদৰ্শন যন্ত্ৰ ঘৰতে আছে যেতিয়া চিন্তা কিহৰ? সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ক’ৰবাত অনুষ্ঠিত খেলখন ঘৰতে বহি উপভোগ কৰাৰ সুবিধা দিয়ে দূৰদৰ্শনে| অতিপাত শীত তথা তাপৰ কোপৰ পৰা ৰক্ষা পোৱাৰ সুবিধাও কৰি দিছে বিজ্ঞানে| বিজ্ঞানপ্ৰদত্ত কৌশল প্ৰয়োগ কৰি নিমিষতে খাদ্য প্ৰস্তুত কৰি ল’ব পাৰি, যিবোৰ ততাতৈয়াকৈ ব্যৱহাৰোপযোগী কৰিবলৈ মজুত কৰা হয়| পশ্চিমীয়া ধ্যান ধাৰণাৰ অন্ধ অনুকৰণ কৰাৰ পৰিণতিত বহুতো লোকে আজিকালি উচ্ছৃংখল জীৱন-যাপন কৰে| অলস উচ্ছৃংখল জীৱন-যাপনৰ ফলত শৰীৰ মেদবহুল হৈছে আৰু নানা বেমাৰ দেহত খোপনো পুতিবলৈ সুবিধা পাইছে| সেইবাবে স্বাস্থ্য সচেতন লোকসকলে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰে লাভ কৰা তথ্যৰ আধাৰত নতুন জীৱনধাৰণ প্ৰণালী আঁকোৱালি লৈছে যি জীৱনশৈলীয়ে সুস্বাস্থ্য সুৰক্ষিত কৰি দীৰ্ঘজীৱন দান দিব পাৰে|

কিছু আনুষংগিক কথা

দেহৰ ওজন বাঢ়ি যোৱাটো যেনেদৰে মেদবহুলতাৰ পৰিণতি তেনেদৰে ওজন হঠাতে কমি গলেও বেমাৰে আক্ৰান্ত কৰে| শৰীৰে শক্তি আহৰণ কৰিবলৈ দিনে যি পৰিমাণৰ খাদ্যৰ প্ৰয়োজন তাতকৈ অধিক খাদ্য গ্ৰহণ কৰাৰ ফলতেই শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ে| হিচাপ মতে, দেহক এক কেলৰি শক্তি যোগোৱা খাদ্য ৰাহি হ’লেই একগ্ৰাম চৰ্বি উৎপাদন কৰে| অধিক তেল মছলাযুক্ত আহাৰ গ্ৰহণ তথা থিতাতে প্ৰস্তুত কৰা খাদ্য গ্ৰহণৰ পৰিণতিতো শৰীৰৰ চৰ্বি বাঢ়ি ভাৰ বৃদ্ধি কৰে যি দেহ নানা ৰোগৰ বলি হয়| এইবোৰৰ পৰা ৰক্ষা পাবলৈ ভূৰি ভোজন সততে পৰিত্যাগ কৰি উপযুক্ত পৰিমাণে সুষম খাদ্য গ্ৰহণ কৰা উচিত| খাদ্য গ্ৰহণৰ বদভ্যাস যেনে জুতি লগা তেল-মচলাৰে পৰিপূৰ্ণ তথা ততাতৈয়াকৈ প্ৰস্তুত কৰা আহাৰ সমূলি পৰিত্যাগ কৰি বেমাৰ ৰোধ কৰাটো সম্ভৱপৰ| নিয়মিত ব্যায়ামৰ অনুশীলন কৰি চৰ্বি প্ৰস্তুত হোৱাত বাধা দিব পাৰি| নতুন দিল্লীস্থ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰিপুষ্টি বিজ্ঞানীৰ মতে, আমাৰ দেশৰ লোকে আন দেশৰ লোকৰ তুলনাত অধিক পৰিমাণে চেনি খাদ্য হিচাপে গ্ৰহণ কৰে-যাৰ পৰিণতি মধুমেহ ৰোগ| কঁকালৰ চাৰিওফালে জমা হোৱা চৰ্বিয়ে ‘ইঞ্ছুলিন’ প্ৰস্তুতকৰণত বাধা প্ৰদান কৰে| ইনছুলিন নামৰ হৰম’নৰ অভাৱত দেহে চেনি কামত লগাব নোৱাৰে ফলত মধুমেহ ৰোগৰ বলি হয়| সেইবাবে কঁকালৰ জোখ মহিলাই ৮৮ ছেণ্টিমিটাৰ আৰু পুৰুষে ১০১ ছেণ্টিমিটাৰ হ’লে সাৱধানতা অৱলম্বন কৰিব লাগে| প্ৰচলিত ধাৰণা মতে মানুহৰ কঁকালৰ জোখ যিমানে বাঢ়ে আয়ুস সিমানে টুটে| মেদবহুলতাৰ ফলত কলিজাৰ বিকাৰ, মধুমেহ, উচ্চ ৰক্তচাপ, সন্ধিবাত, ভৰিৰ বিষ, পিঠিৰ বিষ হ’ব পাৰে| জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই এইবোৰৰ পৰা ৰক্ষা পোৱাটো সম্ভৱপৰ|

আমেৰিকা যুক্তৰাজ্যৰ পিট্‌ছবাৰ্গ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে ৬৫ বছৰ বা অধিক বয়সীয়া ৫,৮৮৮ জন লোকৰ ওপৰত উন্নত জীৱনশৈলীৰ প্ৰভাৱৰ বিষয়ে পঁচিশ বছৰ ধৰি পৰীক্ষা কৰি ঠাৱৰ কৰিছে যে এওঁলোকে মৃত্যুৰ পূৰ্বে বহু কাল বিছনাত পৰি নাথাকে| সাধাৰণতে মৃত্যুৰ আগেয়ে বহুতো লোকে শয্যাগত হৈ পৰে যিসকলে বিছনাৰ পৰা উঠিব নোৱাৰে খোজকঢ়াত বাধা পায়, শৌচাগাৰ তথা গা ধোৱা ঘৰলৈ যাব নোৱাৰে, কাপোৰ পিন্ধা তথা খোৱা-লোৱাত অসুবিধা পায়| এই কালছোৱা দীঘলীয়া হ’লে পৰিয়ালৰ লোকে বৰ কষ্ট ভোগ কৰে| কিন্তু উন্নত ধৰণৰ জীৱন ধাৰণ প্ৰণালীৰ বশৱৰ্তী হ’লে দীৰ্ঘজীৱন লাভ কৰাৰ উপৰি মৃত্যুৰ আগেয়ে শয্যাগত হৈ থাকিব লগা নহয়| সুস্বাস্থ্য সুৰক্ষিত কৰা এই জীৱনশৈলীত মানুহে ধুমপান, সুৰাপান আদিৰ পৰা সততে দূৰৈত থাকিব লাগে| অলসতা পৰিত্যাগ কৰি নিয়মিতভাৱে খোজকঢ়া, চাইকেল চলোৱা, সাঁতোৰা অথবা আন ব্যায়ামৰ অনুশীলন কৰিব লাগে| সামাজিক কামত অংশগ্ৰহণ কৰি সৎ চিন্তাত ব্ৰতী হ’ব লাগে| আহাৰ গ্ৰহণতো অতিশয় সাৱধান হৈ উপযুক্ত পৰিমাণে সুষম খাদ্য সময় মতে গ্ৰহণ কৰিব লাগে| শৰীৰৰ ওজনৰ ক্ষেত্ৰতো অত্যন্ত সাৱধান হ’ব লাগে|

মানসিক চাপৰ পৰিনতি

হতাশাত ভোগ লোকসকলে খিংখিঙীয়া স্বভাৱ হৈ মন মাৰি থাকে আৰু কোনো ক্ষেত্ৰতে উৎসাহ নাথাকে , ভোক নাইকিয়া হয়, কোনো কাম কৰিবলৈ আগ্ৰ্হ নোপজে, যাৰ পৰিপ্ৰেক্ষিতত বহুতো লোকে আত্মহত্যাৰ আশ্ৰয় লয়| টেক্সাছ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ সকলে চলোৱা এক পৰীক্ষাত প্ৰমাণ পাইছে যে দৈনিক ত্ৰিশ মিনিট খোজকঢ়া অভ্যাসে এই বিকাৰৰ পৰা মুক্তি দিয়ে| মহিলাৰ ধাতুজনিত সমস্যাৰ বাবে সাঁতোৰৰ অভ্যাস সুফলদায়ক, যি অভ্যাসে ৰজঃনিবৃত্তি কালৰ সমস্যাবোৰ লাঘৱ কৰে| গাঁঠি তথা মাংসপেশীৰ বিষৰ উপশম পাবলৈ দৌৰা অভ্যাস কৰিব লাগে| ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই চলোৱা পৰীক্ষাই প্ৰমাণ কৰা মতে, নিয়মীয়াকৈ দৌৰা লোকসকলে এনে বিষৰ উপশম লাভ কৰে| নিয়মীয়াকৈ দৌৰাসকলে বুঢ়া কালত আঁঠুৰ বিষ, মাংসপেশী তথা সন্ধিবাতৰ বিষত নোভোগে|

প্ৰাচীন ঋষি-মুনি সকলে সুস্বাস্থ্য সুৰক্ষিত কৰিবলৈ যোগাভ্যাসৰ আশ্ৰয় গ্ৰহণ কৰিছিল| সম্প্ৰতি পশ্চিমীয়া দেশৰ লোকসকলে ইয়াক আদৰি লৈছে|

লেখক:- ডাঃ ধৰ্মকান্ত কুম্ভকাৰ,

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate