অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ খোজকাঢ়ক

সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ খোজকাঢ়ক

শেহতীয়াকৈ চহৰাঞ্চলত মানুহৰ জীৱন ধাৰণৰ মান সাংঘাটিক ভাৱে পৰিৱৰ্তন হোৱাত শাৰীৰিক পৰিশ্ৰম কৰিবলৈ মানুহৰ অনিহা বাঢ়িছে। নিগনি চঞ্চল দৌৰত শৰীৰ-মনলৈ চকু দিবলৈ মানুহৰ একেবাৰে সময় নাই। বৰ্তমান ব্যস্ততাময় জীৱনত পুৱা আধাঘণ্টামান ব্যায়াম কৰিবলৈও মানুহৰ সময়ৰ অভাৱ। কিন্তু এই ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই খোজকাঢ়িলে আমি সুস্বাস্থ্য লাভ কৰিব পাৰো। এষাৰ কথা আছে-দিনে এটাকৈ আপেল খালে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ থাকিব পাৰি। পিছে সময়ৰ লগে লগে এই ধাৰণাৰ পৰিৱৰ্তন হৈছে। বৰ্তমান স্বাস্থ্য ৰক্ষাৰ মূলমন্ত্ৰ হ’ল খোজ কঢ়া। এই মন্ত্ৰ অতি সহজ আৰু উপকাৰী। খোজ কঢ়াটো মানুহৰ বাবে কিমান উপকাৰী এই বিষয়ে তলত আলোচনা কৰা হ’ল-

যদি ওজন কমাও বুলি ভাবিছে তেতিয়াহ’লে প্ৰতি ঘণ্টাত ৫-৬ কিলোমিটাৰ খোজ খোজ কাঢ়িব লাগিব। অৰ্থাৎ প্ৰতিদিনে ৩০-৪০ মিনিটকৈ এইদৰে নিয়মিত খোজ কাঢ়িলে চৰ্বি কমি যায়। সপ্তাহত ৫ দিন খোজ কঢ়াৰ লগতে সুষম আহাৰ গ্ৰহণ কৰিব। দেখিব পূৰ্বৰ তুলনাত আপোনাৰ ওজন বহুখিনি কমি গৈছে। খোজ কঢ়াৰ সময়ত কিছু নিয়ম মানি চলা প্ৰয়োজন। যেনে-দহ মিনিটত এক কিলোমিটাৰ দূৰত্ব খোজ কাঢ়িব লাগে। অৱশ্যে বয়স অনুসৰি খোজকঢ়াৰ গতিৰ পাৰ্থক্য আছে। এজন ডেকা বয়সৰ লোকে যিমান খৰকৈ খোজ কাঢ়িব, সিমান খৰকৈ বয়সীয়াল মানুহ এজনে খোজ কঢ়া সম্ভৱ নহয়।

আনহাতে খোজকঢ়াৰ সময়ত কিমান খৰকৈ খোজ পেলাব পাৰিছে সেয়াই মূল কথা। ধৰক আপোনাৰ খোজ পেলোৱাৰ হাৰ যদি ১০০ শতাংশ, তেতিয়া বেছি দুৰলৈ যাবলৈ হ’লে খোজ পেলোৱাৰ হাৰ ১২০ শতাংশলৈ বঢ়াব লাগিব।

খোজকাঢ়িলে উচ্চ ৰক্তচাপ কমে। তেজৰ চলাচল বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বঢ়ায় তোলে। স্বস্থ্য পৰামৰ্শদাতা সন্তোষ কুমাৰে এই সন্দৰ্ভত মন্তব্য কৰিছে যে হাত দুখন অগা-পিছা কৰি খৰতকীয়াকৈ খোজকাঢ়িলে ডায়েবেটিছ, হাইপাৰটেনচন, হাওঁফাওঁৰ সমস্যা থকা লোকে উপকাৰ লাভ কৰে। এইদৰে খোজ কাঢ়িলে ষ্টেমিনা বৃদ্ধি পায়। লগতে পেশীৰ শক্তি বাঢ়ে।

উল্লেখ্য যে প্ৰতি সপ্তাহত ১৫০ মিনিটতকৈ খৰকৈ খোজ কাঢ়িলে সাংঘাটিক উপকাৰ পোৱা যায়। বিশেষকৈ যিবোৰ পৰিয়ালত হাইপাৰটেনচন ৰোগী আছে, তেনে পৰিয়ালৰ সদস্য সকলে এইদৰে নিয়মিত খোজ কাঢ়িলে উপকাৰ লাভ কৰে। উল্লেখ্য যে পুৱা-গধুলি জগিং কৰাতকৈ খোজ কাঢ়িলে বেছি উপকাৰ পোৱা যায়।

সুস্বাস্থ্যৰ বাবে নিজৰ প্ৰয়োজন অনুসৰি খোজকাঢ়ক

খোজকঢ়াটো হাড়ৰ বাবে অতি উপকাৰী। খোজ কাঢ়িলে হাড় মজবুত হয়। ভৰিৰ হাড়বোৰ শীঘ্ৰে ক্ষয় নহয়। টাইপ-২ ডায়েবেটিছ ৰোগীয়ে খোজকাঢ়িলে বহুত উপকাৰ পায়। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে প্ৰতি সপ্তাহত ১৫০ মিনিটকৈ খোজ কাঢ়িলে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা নাথাকে। সাধাৰণটে পৰিয়ালত ডায়েবেটিছ থকা লোকক চিকিৎসকে সেয়ে নিয়মিত খোজকাঢ়িবলৈ পৰামৰ্শ দিয়ে।

দিনৰ দিনটো নিস্ক্ৰিয় হৈ বহি থকা লোক এজনে খোজকাঢ়িলে দেহ-মনলৈ নতুন শক্তি লাভ কৰে। সেয়ে ৰাতিপুৱাৰ ভাগত খোজকাঢ়িলে সমস্ত মানসিক চাপ আঁতৰি যোৱাৰ লগতে মনলৈ নতুন উদ্যম আহে।

খোজ কাঢ়িলে আমি কি কি উপকাৰ পাওঁ

আমি বহুতেই নাজানো যে আমি যেতিয়া খোজ কাঢ়ো আমাৰ দেহটোৰ পৰা এবিধ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। এইবিধ পদাৰ্থৰ নাম ছেৰোটনিন। এইবিধ পদাৰ্থই এণ্ডোফিন্স উৎপাদন কৰে। এইবিধ হৰমোনে আমাৰ মনত সুখানুভুতিৰ জন্ম দিয়ে। আনকি জিমৰ তুলনাত খোজকাঢ়িলেহে এইবিধ হৰমোন বেছিকৈ নিৰ্গত হয়।

খোজটো দিয়াৰ সময়ত প্ৰথমে গোৰোহাটো মাটিত পেলাব আৰু ইয়াৰ পিছত যেতিয়াই গতি ল’ব ওলাব সামান্যভাৱে ভৰি পতাখন আগলৈ চোচৰাই দিয়া যেন কৰিব। ইয়ে আপোনাক দীঘলকৈ খোজ দিয়াত সহায় কৰিব। জগিং কৰাৰ সলনি খোজকঢ়াৰ এই কৌশলে অধিক পৰিমাণৰ কেলৰি ধ্বংস কৰে। বৰ্তমান বজাৰত বিভিন্ন আধুনিক সঁজুলি পোৱা যায়। এইবোৰে নিজে নিজেই আপোনাৰ ভৰিৰ খোজবোৰ কিমান খৰকৈ পৰিছে এয়া নিয়ন্ত্ৰণ কৰে।

প্ৰাথমিক ব্যায়াম কৰিলেও ৰাজহাড়, ভৰি, তপিনা আদিৰ উপকাৰ হয়। আনহাতে পাৱাৰ ৱাকিং কৰিলে দৌৰা, জগিং বা জিমত ব্যায়াম কৰাৰ সমানেই উপকাৰ পোৱা যায়। পাৱাৰ ৱাকিং কৰাৰ সময়ত ভৰিত অলপ কম ওজনৰ বস্তু বান্ধি খোজকাঢ়িলে দেহৰ ওজন কমোৱাত সহায় হয়। আনহাতে একেৰাহে বহুসময় ধৰি থিয় হৈ থকা লোকক কলাফুলৰ পেশীবোৰত পাম্পিং কৰি দিয়া হয়। ইয়াৰ ফলত ভৰিৰ শিৰবোৰ ফুলি উঠে।

নিয়মিতভাৱে খোজকাঢ়িলে দেহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। আনহাতে খোজকঢ়া অভ্যাস কৰিলে এজোৰ ভাল জোতা কিনি ল’ব আৰু দীৰ্ঘ সময় খোজকঢ়াৰ অন্তত ভৰি দুখন লাহে লাহে মালিচ কৰিব। এইদৰে নিয়মিত খোজকঢ়া অভ্যাস কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে নিৰোগী হৈ থাকিব পাৰিব।

শশীকান্ত চৌধুৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate