অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা

সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা

 

আজিৰ ভোগবাদী সমাজ জীৱনত মানুহৰ কর্মব্যস্ততা বাঢ়িলেও বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই আমাৰ জীৱনটোক অতি সহজ আৰম আৰামদায়ক কৰি তুলিছে। গতিকে শাৰীৰিক পৰিশ্রম কৰি যোৱাৰ বাবে আজিকালি মানুহৰ মাজত মেদবহুলতাই এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে। বর্তমান এই মেদবহুলতাৰ পৰা শিশুসকলো সাৰি যোৱা নাই। কাৰণ লগৰীয়াৰ লগত দৌৰি ঢাপৰি প্রাকৃতিক পৰিৱেশত খেলা-ধূলা কৰা শিশু আজি বন্ধ কোঠাত ভিডিঅ’ গেম, কার্টুন চাই অকলশৰে সময় পাৰ কৰিছে। আনফালে আধুনিক যুগৰ পৰিৱৰ্তিত সমাজৰ লগত খোজ মিলাই নিজৰ জীৱন ধাৰাৰ মান অধিক উন্নত কৰিবলৈ ধনৰ পিছে পিছে ঘূৰি ফুৰোতে প্রায় ভাগ লোকেই নিসংগ আৰু আত্মকেন্দ্ৰিক হৈ পৰিছে। ফলত এই প্রতিযোগিতাপূর্ণ পৃথিৱীত মানুহে যিকোনো বস্তু বিচৰা মতে নাপাই মানসিকভাৱে ভাগি পৰে আৰু মানসিক অন্তৰ্দ্ধন্দ্বত ভোগে। বহুতে আকৌ অত্যন্ত সুখ-স্বাচ্ছন্দ্যৰ মাজত থাকিও নিসংগভাৱে দিন কটাবলগীয়া হোৱাত মনৰ আনন্দ, সুখ-শান্তি হেৰাই গৈ মানসিক চাপত আক্রান্ত হৈ হতাশাত ভোগে। ফলত শৰীৰটোক নানা ৰোগে সহজে আক্ৰমণ কৰে।

প্রকৃতাৰ্থত সু-স্বাস্থ্য আৰু সুখ মানৱ জীৱনৰ বাবে বৰ দৰকাৰী, সেয়েহে ইতিবাচক চিন্তাৰে মন ভৰাই ৰাখি মানসিক চাপৰ পৰা নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰিলে জীৱনটো স্বাস্থ্যৱান হোৱাৰ লগতে আনন্দ আৰু আত্মসন্তুষ্টিও পোৱা যায়।

অত্যাধিক মেদবহুলতা আৰু আৰামদায়ক সা-সামগ্ৰীৰ ব্যৱহাৰ আৰু শাৰীৰিক পৰিশ্রমৰ অভাৱৰ বাবে মধুমেহ, উচ্চ ৰক্তচাপ, অত্যধিক ক’লেষ্টেৰল হোৱা আদি ৰোগে সমগ্র বিশ্বতে ছুনামিৰ ৰূপ ধাৰণ কৰিছে। তদুপৰি হৃদৰোগৰ ব্যাপকতাও ইয়াৰে এটা ডাঙৰ কাৰণ বুলি ধৰিব পাৰি। সেই কাৰণে আমি জীৱনধাৰা পৰিৱৰ্তন কৰি এটা সুন্দৰ স্বাস্থ্যসন্মত জীৱন প্রণালী বাছি ল’লে ওপৰোক্ত ৰোগসমূহক প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক হ’ব। আনহাতে নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটোও অতি জৰুৰী। এনে স্বাস্থ্য পৰীক্ষাই আমাৰ দেহৰ নানা ৰোগ প্রাৰম্ভিক অৱস্থাতে ধৰা পেলাই চিকিৎসাৰ দ্বাৰা এক সুস্থ জীৱন দিব পাৰে। সেইবাবে আমি দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ যত্ন কৰিব লাগে।

এলাহ হৈছে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু, এলাহ ত্যাগ কৰি পুৱা প্রায় আধা ঘণ্টা সময় খোজ কাঢ়িলে দেহ আৰু মন সজীৱতাৰে ভৰি আহে। সময়ৰ নাটনি হ’লে গধূলি সময়তো দ্রুতগতিৰে খোজ কঢ়াৰ অভ্যাস কৰিলে শৰীৰৰ অত্যাধিক ওজন আৰু মেদবহুলতা বহু পৰিমাণে হ্রাস পায়। তদুপৰি এনেদৰে খৰকৈ খোজ কাঢ়িলে সমগ্র শৰীৰটো সঞ্চালিত হৈ শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন সৰবৰাহ হোৱাৰ বাবে হৃদযন্ত্র সক্ৰিয় হৈ উঠাৰ ফলত শাৰীৰিক আৰু মানসিকভাৱেও সুস্থ আৰ সবল অনুভৱ কৰা যায়। খোজ কঢ়াৰ বাদেও যোগাসন, ব্যায়াম, ধ্যান অথবা নিজৰ ঘৰৱা বাগিচাখনতে ফুলগছ ৰোৱা বা বেলকনিৰ টাববোৰৰ যতন লোৱা, ৰং কৰা বা ঘৰুৱা আন যাৱতীয় কাম-কাজ কৰিও শাৰীৰিক শ্ৰম কৰিব পাৰে। ওজন কমাই শৰীৰৰ শোভনীয়তা অটুট ৰাখিবলৈ এৰবিক্‌ছ, জগিং, চাইক্লিং, সাঁতোৰ বা দৌৰাত অসুবিধা নাথাকিলে অলপ সময় দৌৰিলে মানসিক অৱসাদো দূৰ হোৱাত সহায় হয়।

শৰীৰটোক নানা ৰোগৰ পৰা বচাই ৰাখিবৰ বাবে স্বাস্থ্যসন্মত সুষম আহাৰ সঠিক সময়ত গ্রহণ কৰিলেও বহু উপকৃত হ’ব পাৰি। তেল, চর্বি আৰু মছলাযুক্ত আহাৰ কম পৰিমাণে লৈ সতেজ শাক-পাচলি, চালাড, ফল-মূল আদি বেছিকৈ খাব লাগে। ফাষ্ট ফুড, জাংক ফুড খোৱা উচিত নহয়। ৰাসায়নিক দ্রব্য মিহলোৱা শীতল পানীয় পৰাপক্ষত নোখোৱাই ভাল। এইবোৰ খাদ্যই দৰাচলতে শৰীৰৰ বহু ক্ষতি কৰে। তেজত ক’লেষ্টেৰলৰ মাত্ৰা বঢ়াই দেহৰ ওজন বৃদ্ধি কৰাৰ বাদেও মধুমেহ, হৃদৰোগ, উচ্চ ৰক্তচাপ ৰোগৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ উপৰি বিশেষজ্ঞসকলৰ মতে, হৃদৰোগৰ আন এটা প্রধান কাৰণ হৈছে ধূমপান বা ধঁপাত সেৱন, গুট্‌খা, ধঁপাতযুক্ত সুগন্ধি পাণ-মছলা ব্যৱহাৰৰ অভ্যাসে শৰীৰত হৃদৰোগ, কর্কট ৰোগ আদিৰ দৰে নানা ৰোগৰ সৃষ্টি কৰিব পাৰে। অত্যন্ত ধূমপান বা ধঁপাতৰ ব্যৱহাৰৰ বাবে হার্ট এটেক হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি।

শেষত ইয়াকে ক’ব পাৰি যে মানৱ জীৱন বৰ সুন্দৰ আৰু অনুপম। গতিকে স্বাস্থ্যৰ চাবি-কাঠী যেতিয়া আমাৰ হাততেই, সেইবাবে কোনো ৰাগিয়াল বস্তুৰ প্রতি আসক্ত নহৈ মানসিক চাপ ত্যাগ কৰি উপযুক্ত পৰিশ্ৰম আৰু ব্যায়ামৰ দ্বাৰা বিভিন্ন জীৱনশৈলীজনিত ৰোগ প্রতিৰোধ বা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰা উচিত।

লেখিকা: দীপাঞ্জলি ভট্টাচাৰ্য, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate