অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে অগ্নিৰক্ষাৰ মহত্ব (প্ৰথম ভাগ)

দেহৰ বিপাকীয় ক্ৰিয়া কলাপ (metabolism) সুষম ভাৱে পৰিচালিত হ'বলৈ দেহৰ অন্তস্থ অগ্নিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু এই অগ্নি মানেনো কি? সহজ ভাষাত অগ্নিৰ অৰ্থ জুই। অায়ুৰ্বেদ অনুসৰি দেহত ঘটা প্ৰতিতো কাৰ্যৰে মূল এই অগ্নি যাক প্ৰতিটো দেহকোষ আৰু অনু পৰমানুৰ বুদ্ধিমত্তাৰ প্ৰতীক বুলিব পাৰি। অন্যকথাত অগ্নিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ নিৰ্ধাৰণ কৰে আৰু অনাৱশ্যক দূষিত পদাৰ্থ সমূহ নিষ্কাষণ কৰাত সহায় কৰে। সেই বাবেই শৰীৰত অগ্নিৰ ভূমিকা অপৰিসীম। আনহাতে অগ্নি বৈষম্যকেই সকলোবোৰ আভ্যন্তৰীণ ৰোগৰ মূল কাৰণ হিচাপে গণ্য কৰা হয়। যদিওবা দেহৰৰ প্ৰতিটো কোষ, অনু পৰামাণুবোৰত অগ্নি সূক্ষ্মাতিসূক্ষ্ম ভাৱে উপস্থিত মূলত ১৩ বিধ অগ্নিয়ে স্থূল ৰূপত নিজৰ কাৰ্য সাধন কৰে। ইয়াৰে ৫ বিধ ভূতাগ্নি যি পঞ্চমহাভূত (ভূমি, জল, তেজ, বায়ু আৰু আকাশ)আৰু ৭ বিধ ধাতু (ৰস,ৰক্ত,মাংস,মেদ, অস্থি, মজ্জা অাৰু শুক্ৰ) উৎপত্তিৰ বাবে পৰিবৰ্তন ( bio-transformation)ৰ কাৰ্য সাধিত কৰে। ইয়াৰ উপৰিও শৰীৰৰ মূল অগ্নি হ'ল জঠৰাগ্নি যিয়ে দেহৰ পৰিপাক প্ৰণালী (digestive system)ক সুচাৰু ৰূপে পৰিচালিত কৰে। জঠৰাগ্নি মূলত ৪ প্ৰকাৰৰ। বাত দোষৰ প্ৰভাৱৰ পৰা বিষমাগ্নি যি অৱস্থাত ব্যক্তিজনৰ কেতিয়াবা ভোক বেছি হয় আৰু কেতিয়াবা কম হয়। পেট ফুলি থাকে, শৌচ কেতিয়াবা পাতল আৰু কঠিন হয়। পিত্ত দোষৰ প্ৰভাৱৰ পৰা তীক্ষ্ণাগ্নি যত ব্যক্তি জনৰ অত্যাধিক ভোক লাগে যদিও পেটত জ্বলাপোৰা অনুভূত হয়, প্ৰায়ে শৌচ পাতল হয়। ব্যক্তি অম্লপিত্ত, শেঁতাপৰা অাৰু ৰক্ত প্ৰদুষ্ট ৰোগত পতিত হয়। কফ দোষৰ প্ৰভাৱৰ পৰা মন্দাগ্নি য'ত ব্যক্তিৰ অভোক অাৰু বদহজম হয়, আম যুক্ত (mucus) শৌচ দেখা যায়। আনহাতে সমাগ্নি হ'ল অগ্নিৰ সুষম অৱস্থা যত ব্যক্তিৰ খোৱাৰ ৰুচি সুন্দৰ হয় কিন্তু প্ৰয়োজনাধিক গ্ৰহণ নকৰে। পাচন অাৰু নিষ্কাষণ ক্ৰিয়া সুচাৰু ৰূপে পৰিচালিত হয়। শৰীৰ লঘু আৰু মনত স্ফূৰ্তি অনুভূত হয়। পিছে অগ্নি প্ৰকাৰৰ এই ভিন্নতা স্বতেও ইয়াৰ মূল গুণাগুণ কিন্তু একেই। ই হ'ল উষ্ণ, তীক্ষ্ণ, লঘু, সুক্ষ্ম, বিস্তাৰিত, পৰিষ্কাৰ আৰু উজ্জ্বল।

অগ্নিৰ কৰ্ম -

  • বিপাকীয় ক্ৰিয়া (metabolism)
  • পাচন ক্ৰিয়া (digestion)
  • পৰিপোষণ, জীৰ্ণ অাৰু নিষ্কাষণ ( nutrition, absorption and elimination)
  • দেহৰ সহজ বল বা ওজ'ৰ প্ৰতিপালন (immunity)
  • বুদ্ধিমত্তা (intelligence)
  • মনসংযোগ (concentration and awareness)
  • সাহস, শক্তি আৰু আত্মবিশ্বাস (bravery, energy and self confidence)
  • স্ফূৰ্তি আৰু  সন্তুষ্টি (enthusiasm and contentment)
  • যুক্তিযুক্ততা (logic and reasoning)
  • ধৈৰ্য আৰু সহিষ্ণুতা (patience)
  • দীৰ্ঘায়ু (longitivity)

অগ্নিৰ সম অৱস্থা (equilibrium) কি দৰে নিৰ্ধাৰণ কৰিব -

  • ভোক বাঢ়িব কিন্তু অনাৱশ্যক খোৱা ইচ্ছা নোহোৱা হ'ব।
  • খোৱাৰ ৰুচি বাঢ়িব।
  • জিভা পৰিষ্কাৰ থাকিব।
  • হজম শক্তি ঠিকে থাকিব।
  • মল নিষ্কাষণ প্ৰকৃতিক ভাৱে হ'ব।
  • শৰীৰৰ ওজন ঠিকে থাকিব
  • ৰক্তচাপ প্ৰকৃত অৱস্থাত থাকিব।
  • টোপনি সুন্দৰ হ'ব।
  • স্ফূৰ্তি অনুভূত হ'ব ।
  • শৰীৰৰ গঠন সংহত অৱস্থা প্ৰাপ্ত হ'ব।
  • শক্তি আৰু দীৰ্ঘায়ু প্ৰাপ্ত হ'ব।

অগ্নিৰ বিষম অৱস্থাৰ লক্ষণ সমূহ -

অগ্নিৰ সামৰ্থ বিভিন্ন কাৰণত হ্ৰাস হ'ব পাৰে। এই বিষয়ে অাৰম্ভণিতে সজাগ হৈ ব্যৱস্থা গ্ৰহণ কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰি। সেয়েহে তলত উল্লেখিত লক্ষণ সমূহ লক্ষ্য কৰে যেন।

  • অনিয়ন্ত্ৰিত আৱেগ আৰু মানসিক অৱস্থা।
  • জম শক্তিৰ গণ্ডগোল যেনে ৰুচি কমি যোৱা, পেট ফুলি ধৰা, গেছ অনুভূত হোৱা, অম্লতা অাৰু উদ্গাৰ, পেট আৰু সৰ্ব শৰীৰত বিষ অনুভূত হোৱা ইত্যাদি।
  • মনৰ দোদুল্যমান অৱস্থা।
  • বিমৰ্শতা আৰু উদ্বিগ্নতা।

এই ক্ষেত্ৰত মন কৰিবলগিয়া কথা এই যে বেছি ভাগ লক্ষণ মনৰ অপ্ৰাকৃত অৱস্থাৰ লগত জড়িত আছে। আনহাতে এই লক্ষণ সমূহ সাময়িক নতুবা দীৰ্ঘকালিন হ'ব পাৰে। অগ্নি বৈষম্যৰ ফলত সৃষ্টি হোৱা শৰীৰৰ দূষিত পদাৰ্থ সমূহ আয়ুৰ্বেদত আম বোলা হয় যি বহুতো ক্ষয়কাৰী সৰু বৰ ৰোগৰ কাৰক। সেয়েহে আয়ুৰ্বেদ অনুসৰি সুস্বাস্থ্যৰ আগ্ৰহী ব্যক্তিসৱে অগ্নিৰক্ষাত সৰ্বাধিক গুৰুত্ব দিয়া উচিত।

লিখক: ডা: কমল কৃষ্ণ নাথ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate