অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে কিছু পৰামৰ্শ

চমু বিৱৰণ

পৰিয়ালৰ সদস্য আৰু বন্ধুই আমাৰ আৱেগ-অনুভূতি ভাগ-বাটোৱাৰাত সহায় কৰে, চিন্তাক উত্সাহ জনায়, ভাল কথা অনুভৱ কৰাত সহায় কৰে, আমাৰ প্ৰতিৰক্ষা কৰে আৰু আমাক মানসিক শক্তি দিয়ে। পৰিয়ালৰ সদস্য আৰু বন্ধুৰ পৰা আঁতৰত থাকিলে ধূমপান সেৱন, মদ খোৱা আদি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক অভ্যাসবোৰ বেছি হয়। সেয়েহে এই বদ অভ্যাসবোৰ বাদ দিব আৰু মানসিক সুস্বাস্থ্য বজাই ৰাখিবলৈ পৰিয়ালৰ সদস্য আৰু বন্ধুৰ সৈতে বেছিকৈ একাত্ম হৈ থকাৰ ব্যৱস্থা কৰক। সঘনাই লগ পাব নোৱাৰিলেও ফেচবুক আদিৰ যোগেদি একাত্ম হৈ থাকক। সময়-সুবিধা অনুযায়ী ছুটী বা বন্ধৰ দিনবোৰত বন্ধু বা পৰিয়ালৰ সৈতে দূৰ ভ্ৰমণ কৰিবলৈ যাওক। ভ্ৰমণৰ পৰা শাৰীৰিক আৰু মানসিক দিশত যথেষ্ট উপকাৰ পোৱা যায়। যিহেতু আনক সহায় কৰি মানসিক আনন্দ পোৱা যায়, সেয়েহে বিপদত পৰা মানুহক সহায় কৰক, সমাজৰ কল্যাণমূলক কাম কৰক আৰু অন্ততঃ প্ৰতি বছৰে এবাৰ স্বেচ্ছাই ৰক্তদান কৰক।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিত্সকৰ পৰামৰ্শঃ

নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাওক। নিয়মীয়া স্বাস্থ্য পৰীক্ষাই ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰিলেও বহুতো জটিল ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই আমাক মৃত্যুৰ পৰা হাত সৰাই এক দীৰ্ঘ আৰু সুস্থ জীৱন দান কৰিব পাৰে। প্ৰত্যেক ব্যক্তিয়ে নিয়মীয়াকৈ ৰক্তচাপ, কলেষ্টেৰল, ব্লাড ছুগাৰ, মানসিক চাপ আৰু যৌন ৰোগৰ বাবে স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি পঞ্চাছ বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলাই অষ্টিঅ’পৰোছিছ স্ক্ৰীনিং, চল্লিশ বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলাই স্তন কৰ্কট স্ক্ৰীনিং, বিশ বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলাই জৰায়ুৰ কৰ্কটৰ বাবে পেপ স্মিয়াৰ, পঞ্চাছ বছৰ বয়সৰ ঊৰ্ধ্বৰ প্ৰতিজন মানুহে কেলেষ্টেৰল কেঞ্চাৰ স্ক্ৰীনিং নিয়মীয়াকৈ কৰিব লাগে। ইয়াৰ উপৰি শৰীৰত অসুখে দেখা দিয়াৰ লগে লগে চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰক। চিকিত্সা নকৰি মিছাতে অসুখীয়া সময় দীঘলীয়া কৰা আৰু নিজে নিজে ঔষধ সেৱন কৰি জটিলতাৰ সৃষ্টি কৰা অভ্যাস এৰক। কোনো বেমাৰকে সৰু বেমাৰ বুলি ধৰি ল’ব নালাগে। এনে মনোভাৱে কেতিয়াবা জটিল ৰোগকো সাধাৰণ বুলি ভবাৰ মানসিকতাৰ জন্ম দিব পাৰে। মনত ৰাখিব লাগে জটিল ৰোগৰ আৰম্ভণি বা বহিঃপ্ৰকাশ তেনেই সাধাৰণভাৱে হয় আৰু আমাৰ আওকণীয়া মনোভাৱৰ বাবে কেৱল জটিল বা দুৰাৰোগ্য অৱস্থাতহে ধৰা পৰে বহু পলমকৈ।

লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

উৎসঃ অসমীয়া খবৰ,

শেহতীয়া উন্নীতকৰণ: : 1/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate