অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে টোপনি

চমু বিৱৰণ

জনপ্ৰিয় প্ৰবচন মতে ‘ভাল হাঁহি আৰু গভীৰ টোপনি হ’ল যিকোনো বিকাৰ নিৰাময়ৰ সৰ্বোত্তম উপায়|’ আমাৰ দৈনন্দিক জীৱন-ধাৰণ প্ৰক্ৰিয়াত টোপনি এক অনিবাৰ্য উপাদান, যাৰ জৰিয়তে শৰীৰ সুস্থ-সবল হৈ থাকে বাবে ইয়াক সুস্বাস্থ্যৰ চাবি-কাঠী বুলি গণ্য কৰা হয়| ই শৰীৰৰ অন্তৰ্ভাগৰ অংগ কলিজাৰ উপকাৰ সাধন কৰাৰ উপৰি মন তথা দেহৰ ভাৰ সুস্থিৰ কৰি ৰখাত অৰিহণা যোগায়| দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিবলৈ টোপনিয়ে অগতিৰ গতি স্বৰুপ| দিনটোৰ কামৰ বাবে মগজুত জমা হোৱা দূষিত আৱৰ্জনাবোৰ আঁতৰ কৰি শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিবলৈ টোপনিৰ অৰিহণা অনন্য| টোপনিত পৰি থকা কালতে মানুহে অভিজ্ঞতাবোৰ সংৰক্ষণ কৰিবলৈ উপচাৰ কৰাৰ লগতে বহুদিনীয়া স্মৃতিবোৰ পাহৰণিৰ অতল গৰ্ভলৈ নিক্ষেপ কৰে| স্বাস্থ্যৰ এক প্ৰাথমিক দিশ হিচাপে টোপনিৰ গুৰুত্ব স্বীকাৰ কৰি ল’বলৈ সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিশ্ব টোপনি দিৱস সমগ্ৰ পৃথিৱীতে উদ্‌যাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে| এই দিনটো মাৰ্চ মাহৰ এটা শুকুৰবাৰে নিৰুপণ কৰা হয়, যিটো মাহটোৰ দ্বিতীয় বা তৃতীয় শুকুৰবাৰ হ’ব পাৰে| মাহটোৰ দেওবাৰে আৰম্ভ হোৱা সপ্তাহটোক প্ৰথম বুলি গণনা কৰি দ্বিতীয় সপ্তাহটোৰ শুকুৰবাৰটোত এই দিৱস উদ্‌যাপিত হয় বাবে এই বছৰ (২০১৬) মাৰ্চ মাহৰ তৃতীয় শুকুৰবাৰ অৰ্থাৎ ১৮ তাৰিখে বিশ্ব টোপনি দিৱস পালন কৰা হৈছে| এই দিৱস উদ্‌যাপনৰ মূল উদ্দেশ্যে হৈছে উপযুক্ত টোপনিৰ উপযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে ইয়াৰ বাবে সজাগ কৰি তোলা| যথেষ্ট টোপনি লাভত ব্যাঘাত জন্মিলে স্বাস্থ্য ৰক্ষাত নানা সমস্যা সৃষ্টি হ’ব পাৰে, যি বিষয়লৈ সকলোৰে মনোযোগ আকৰ্ষণ কৰাটো অতীকৈ প্ৰয়োজন|

টোপনিৰ বৈজ্ঞানিক বিশ্লেষণ

টোপনি স্বাভাৱিক জীৱতান্ত্ৰিক প্ৰক্ৰিয়া| টোপনি আৰু জাগি থকা অৱস্থাৰ পাৰ্থক্য বিচাৰিলে ঘাইকৈ উত্তেজক বস্তুৰ প্ৰতি জনোৱা সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰা হয়, কিয়নো টোপনিৰ জালত থকা লোকে উত্তেজকৰ প্ৰতি জনোৱা সঁহাৰিৰ ক্ষমতা হ্ৰাস পায়| মগজুৰ কোষবোৰে বিচৰা ধৰণে আৰু সেইবোৰৰ প্ৰয়োজনৰ তাগিদাত স্বাভাৱিক উপায়েৰে টোপনিয়ে মানুহক হেচা মাৰি ধৰে| আধুনিক গৱেষক তথা বিজ্ঞানীয়ে টোপনিৰ প্ৰকৃতি সম্পৰ্কে সঠিক ভাৱে বুজি পাবলৈ নানা ধৰণে পৰীক্ষা-নিৰীক্ষা তথা বহুতো নিদানিক পৰ্যবেক্ষণ ইতিমধ্যে সম্পন্ন কৰিছে, কিন্তু সাম্প্ৰতিক কাললৈকে এইক্ষেত্ৰত সৰ্বসাধাৰণ লোকৰ ভালদৰে বোধগম্য হোৱাকৈ সকলোৰে বাবে গ্ৰহণযোগ্য হ’ব পৰা কোনো ধৰণৰ সূত্ৰ আৱিষ্কাৰ হোৱা নাই| যিবোৰ সূত্ৰ আছে সেইবোৰে টোপনিৰ প্ৰাণতত্বৰ বাখ্যা আগবঢ়োৱাত সমূলি ব্যৰ্থ হৈছে| টোপনিৰ কৌশলক সমৰ্থন জনাবলৈ ইতিমধ্যে কেইবাটাও সূত্ৰ আগবঢ়োৱা হৈছে, যাৰ ভিতৰত ব্লেইটমেনৰ সূত্ৰ, পাভলভৰ সূত্ৰ, ৰাসায়নিক সূত্ৰ, পৰোক্ষ সূত্ৰ, প্ৰত্যক্ষ সূত্ৰ আদিয়ে প্ৰধান| কোনো ব্যক্তিৰ টোপনিৰ কাৰক হিচাপে কাৰ্য সম্পাদন কৰিবলৈ সাধাৰণতে কেতবোৰ স্নায়ৱিক তথা হ’ৰমন সম্বন্ধীয় পৰিৱৰ্তন মগজুৰ কোষত ঘটে|

প্ৰতিটো ৰাতিয়েই মানুহে টোপনিৰ দুই ধৰণৰ দশাৰ সম্মুখীন হয়, যিবোৰৰ এটাৰ পিছত আনটোৰ পুনৰাবৃত্তি ঘটে| মগজুৰ তৰংগবোৰৰ পৰীক্ষাৰ জৰিয়তে টোপনিক দুই ভাগত ভগাব পাৰি| বৈদ্যুতিক এনচেফাল’গ্ৰাম নামৰ আহিলাৰ সহায়ত মগজুৰ তৰংগৰ জোখ ল’ব পাৰি, যিবোৰ বিশ্লেষণ কৰি টোপনিৰ শ্ৰেণী বিভাজন কৰা হয়| গভীৰ টোপনিত লালকাল দিলে মানুহৰ মগজুৰ তৰংগ বৰ লেহেমীয়া হোৱাৰ বিপৰীতে কলাঘুমটীয়া অৱস্থাত মানুহ টোপনিতে থাকে অথচ চকু দুটা খৰকৈ ঘুৰি থাকে| সাম্প্ৰতিক কালত পৃথিৱীৰ এক-তৃতীয়াংশতকৈ অধিক লোকে টোপনিৰ নানা ধৰণৰ বিকাৰত ভোগা পৰিলক্ষিত হয়, যি অথন্তৰবোৰৰ অতিশয় সাধাৰণ কাৰকবোৰ হ’ল-শৰীৰ বৃত্তীয় সমস্যা তথা আৱেগিক চাপ, বৃত্তিজনিত চাপ, বুনিয়াদী চিকিৎসা সম্বন্ধীয় অৱস্থা, দৰবৰ অতিৰিক্ত মাত্ৰা আদি| টোপনিৰ বিকাৰত ভোগা লোকে এনে অৱস্থাত পতিত হয়, যিয়ে ভুক্তভোগীৰ অৱসাদ গুচাব পৰা টোপনিৰ পৰা বঞ্চিত কৰে, যাৰ পৰিণতিত বিকাৰগ্ৰস্ত লোকে দিনতে টোপনিৰ জালত থাকে আৰু কামত মন বহুৱাব নোৱাৰে|

টোপনিজনিত বিকাৰ

সাম্প্ৰতিক কালৰ জনপ্ৰিয় বিশ্বাস অনুসৰি টোপনিত ব্যাঘাত জন্মোৱা যিকোনো ধৰণৰ বিকাৰৰ পৰা মুক্তি লাভ কৰিবলৈ দৰব সেৱন অপৰিহাৰ্য| টোপনিজনিত বিকাৰ গুচোৱা দৰব কিনিবলৈ যোৱাৰ আগেয়ে স্বাভাৱিক অৱস্থাত টোপনিত পৰাৰ বাবে প্ৰয়াস কৰা দৰকাৰ| কিয়নো দৰব ব্যৱহাৰ কৰাতকৈ এনে ব্যৱস্থাবোৰ অধিক নিৰাপদ বুলি পৰিগণিত হৈছে| টোপনিত পৰাত স্বাভাৱিকভাৱে সহায় কৰি নিদ্ৰাহীনতা ৰোধ কৰিব পৰা অতি গুৰুত্বপুৰ্ণ কৌশল কেতবোৰৰ থূলমূল আভাস ইয়াত উল্লেখ কৰা হ’ল| শুবলৈ যোৱাৰ আগেয়ে এগিলাচ গৰম গাখীৰ খোৱাৰ অভ্যাস কৰিলে টোপনিৰ বিকাৰ সহজে নিৰাময় হয় আৰু বিচনাত পৰিলে টোপনিয়ে হেচা মাৰি ধৰে| আজিকালি বেমাৰ নিৰাময় কৰিবলৈ বহুতো লোকে আসন যোগাসনৰ অভ্যাস কৰে আৰু টোপনি নিয়মীয়া কৰাৰ বেলিকাও ই উপযোগী বুলি পৰিগণিত হৈছে| ধ্যান তথা প্ৰাণায়াম নিয়মিতভাৱে অভ্যাস কৰিলে কোনো ধৰণৰ ব্যাঘাত নজন্মাকৈ টোপনিত লালকাল দিব পাৰি|

টোপনিৰ বিভিন্ন গৱেষনা

টোপনিৰ বিভিন্ন দিশৰ বিষয়ে সঠিক ভাৱে জানিবলৈ বিজ্ঞানীয়ে নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ আশ্ৰয় গ্ৰহণ কৰিছে, যাৰ জৰিয়তে নানা ধৰণৰ তথ্য উদ্‌ঘাটন কৰা হৈছে| গৱেষকৰ দল এটাই লাভ কৰা তথ্য অনুসৰি দেহৰ হাড় তথা দাঁতৰ গঠনৰ বাবে কেলচিয়াম নামৰ খনিজ পদাৰ্থ অপৰিহাৰ্য অথচ ই টোপনিৰ বেলিকাও বিশিষ্ট ভূমিকা পালন কৰে| স্নায়ুকোষৰ ওপৰত কেলচিয়ামে সম্পন্ন কৰা ক্ৰিয়াই টোপনিৰ ওপৰত প্ৰভাৱ পেলায় বুলি বিজ্ঞানীৰ অধ্যয়নে সদৰি কৰিছে| টোপনিৰ দীৰ্ঘতা নিয়ন্ত্ৰণ কৰাত কেলচিয়াম আয়নৰ ভূমিকা অনস্বীকাৰ্য|

লেখক:- আনন্দ দেৱগোস্বামী

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate