অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে মাখি নিয়ন্ত্ৰণ

সুস্বাস্থ্যৰ বাবে মাখি নিয়ন্ত্ৰণ

মাখি, বৈজ্ঞানিক পৰিভাষাত যাক নামাকৰণ কৰা হৈছে Musca domestica বুলি। মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ এক সৰু পতংগ। প্ৰাপ্তবয়স্ক অৱস্থাত ইহঁত ৮-১২ মিলিমিটাৰমান দীঘল হয়। মাইকী মাখিৰ আকাৰ মতাবোৰতকৈ সামান্য বেছি হয়। ইহঁতৰ সৰ্বশৰীৰতে চুটি চুটি থৰঙা নোম থাকে। মাইকী মাখিয়ে সচৰাচৰ এবাৰ সহবাস কৰি শুক্ৰাণুবোৰ পিছত ব্যৱহাৰৰ বাবে সাচি থয়। জীৱ-জন্তুৰ মল, পচা জৈৱিক পদাৰ্থ আদিত ইহঁতে একোবাৰত এশটামানকৈ কণী পাৰে। কণীবোৰ একৰ পৰা দহ মিলিমিটাৰমান দৈৰ্ঘৰ হয়। কণী পৰাৰ ২৪ ঘণ্টাৰ ভিতৰত তাৰ পৰা ভৰিবিহীন বগা বৰণৰ পেলু আকৃতিৰ মেগট বা লাৰ্ৱী ওলায়। ইহঁত ১০-১১ মিলিমিটাৰ দীঘল হয়। মেগটৰ পৰা ৪ দিন মানৰ ভিতৰত লেটা বা পিউপা হয়। প্ৰাপ্তবয়স্ক মাখি এটা ২ ৰ পৰা ৪ সপ্তাহ বাছি থাকে। এজনী মাইকী মাখিয়ে তাইৰ জীৱনকালৰ ভিতৰত ৫০০-২০০০ কণী পাৰে।

মাখিয়ে বিয়পোৱা মানুহৰ ৰোগকাৰী বীজাণুৰ সংখ্যা এশৰো অধিক। এইসমূহৰ ভিতৰত প্ৰধান টাইফয়েড বা সন্নিপাত, পেৰাটাইফয়েড, কনজাংটিভাইটিছ, ডায়েৰীয়া, কলেৰা আৰু ডিচেণ্ট্ৰী। ইয়াৰ উপৰিও চালমোনেলা, এনথ্ৰাক্ছ আৰু যক্ষ্মা ৰোগৰ বীজাণু লগতে বিভিন্ন পৰজীৱি কৃমিৰ কণীও ইহঁতে বিয়পায়। এণ্টেৰোভাইৰাছ, পলিঅ’ মায়েলাইটিছ তথা হেপাটাইটিছ-এ আৰু হেপটাইটিছ-ই ৰোগৰ বীজাণুও মাখিয়ে বিয়পাব পাৰে। খাদ্যবস্তুৰ বিষক্ৰিয়াৰ এক অন্যতম বাহক মাখি। মাখিয়ে সিহঁতৰ ঠেং আৰু গোটেই গা আৱৰি থকা নোমবোৰৰ জৰিয়তে ৰোগৰ বীজাণু বিয়পায়। কোনো পদাৰ্থ বা খাদ্যবস্তু স্পৰ্শ কৰাৰ মুহূৰ্তমানৰ ভিতৰতে মাখিয়ে ইহঁতৰ গাত থকা বীজাণু স্পৰ্শ কৰা পৃষ্ঠ বা খাদ্যবস্তুলৈ পঠিয়াব পাৰে। মাখিয়ে গোটা খাদ্য খাব নোৱাৰে, সেয়ে পূৰ্ণবয়স্ক মাখিয়ে খাদ্য খোৱাৰ সময়ত গোটা খাদ্য কোমল কৰাৰ বাবে মুখৰ পৰা লেলাৱতি এবিধ উলিয়াই খাদ্যবস্তুত মিহলি কৰে। এনেদৰে এই লেলাৱতিৰ জৰিয়তেও ৰোগকাৰী বীজাণু বিয়পায়। ইহঁতে ঘনাই পায়খানা কৰে। ক’বলৈ গ’লে প্ৰায় য’তেই যেতিয়াই পৰে, তেতিয়াই মাখিয়ে পায়খানা কৰে। এনেদৰেও ইহঁতে ৰোগৰ বীজাণু বিয়পায়।

মাখিৰ দ্বাৰা বিয়পা ৰোগ প্ৰতিৰোধৰ বাবে দুই তৰপীয়া ব্যৱস্থা গ্ৰহণ কৰিব পাৰি-

(ক) মাখি নিয়ন্ত্ৰণ আৰু

(খ) মাখি ধ্বংস।

মাখি নিয়ন্ত্ৰণৰ বাবে মাখিয়ে কণী পাৰি বংশ বৃদ্ধি কৰিব পৰা সম্ভাৱ্য ঠাইসমূহ নিকা কৰি বোৰাক্চ মিশ্ৰিত পানীৰে ধুব লাগে। মল-মূত্ৰ, পচা বস্তু, মৃত জীৱদেহ আদি মুকলিকৈ ৰাখিব নালাগে। মাখিৰ উপদ্ৰৱ থকা ঠাইৰ ওচৰতে বা তাৰ পৰা ৫০০-৮০০ মিটাৰপৰ্যন্ত দূৰৈত ইহঁতৰ বংশ বৃদ্ধিৰ ঠাই হ’ব পাৰে। কণী পৰা ঠাই বিচাৰি উলিওৱাটো সহজসাধ্য নহ’লেও মাখি নিয়ন্ত্ৰণৰ বাবে ই অপৰিহাৰ্য। প্ৰাকৃতিক মাখি দূৰকাৰী ব্যৱস্থাৰো সহায় ল’ব পৰা যায়। লেমনগ্ৰাছ তেল, চিত্ৰনলা তেল, লেৱেণ্ডাৰ তেল, ইউকেলিপ্টাছ তেল, পিপাৰমিণ্ট তেল আদি প্ৰাকৃতিক তেল ২০-২৫ টোপালমান আধা কাপ গৰম পানীত মিহলাই প্ৰস্তুত কৰা মিশ্ৰণে মাখি আঁতৰাব পাৰে। লং তেলো ব্যৱহাৰ কৰিব পাৰি। আধাকৈ কটা নেমুটেঙাৰ কটা ফালটোত লং কেইটুকুৰামান বিন্ধাই দি খোৱা মেজত ৰাখিলে মাখি আঁতৰে বুলি কোৱা হৈছে। ভদকা নামৰ ৰুছ দেশীয় সুৰা এবিধৰ মাখি দূৰকাৰী গুণ আছে। এলোভেৰাৰ ৰস, ইউকেলিপ্টাছৰ তেল আদি নিৰ্দিষ্ট মাত্ৰাত ভদকাৰ সতে মিহলাই ফলপ্ৰসূ মাখি দূৰকাৰী মিশ্ৰণ তৈয়াৰ কৰি ল’ব পাৰি। কৰ্পূৰৰ গোন্ধ মাখিয়ে ভাল নাপায়। ঘৰুৱাভাৱে সহজলভ্য কিছুমান বস্তুৰে মাখি ফান্দ তৈয়াৰ কৰি ল’ব পৰা যায়। ইয়াৰ বাবে এটা বহল মুখৰ কাঁচৰ গিলাচ বা ঝাৰত চেনি গুলি লোৱা পানী ল’ব লাগে। কাগজেৰে বনোৱা শংকু এটাৰ জোঙা মুখখিনি অকণমান কাটি লৈ ঝাৰটোৰ মুখত ওলোটাকৈ ৰাখিলে চেনি গুলা পানী খাবলৈ অহা মাখিবোৰ তাত সোমাই ওলাব নোৱাৰা হয়। আঠাযুক্ত কাগজ মাখি নিয়ন্ত্ৰণৰ আন এক সহজ আৰু ফলপ্ৰসূ উপায়। কৰ্ন ছিৰাপ, পানী, কাগজ আদিৰে ঘৰতে এনে ফান্দ সাজি ল’ব পৰা যায়। আজিকালি উপলব্ধ বিভিন্ন ইলেক্ট্ৰ’নিক সঁজুলি যেনে- ফ্লাই শ্বাপাৰ, ফ্লাই জেপাৰ, অতি বেঙুনীয়া ৰশ্মিযুক্ত ফান্দ আদিৰে মাখি নিয়ন্ত্ৰণ আজিৰ তাৰিখত কিছু পৰিমাণে সম্ভৱ হৈছে। মাখি মৰা ৰাসায়নিক স্প্ৰেও আজিকালি বজাৰত উপলব্ধ হৈছে। অৱশ্যে এনে স্প্ৰেসমূহ বিষাক্ত হোৱা হেতুকে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা থাকে। স্বচ্ছ প্লাষ্টিকৰ মোনা এখনত আধামানলৈ পৰিষ্কাৰ পানী ভৰাই ৰাখিলে মাখি আঁতৰি থাকে ? পানীভৰ্তি প্লাষ্টিকৰ মোনাই বিভিন্ন দিশত প্ৰতিফলিত আৰু বিচ্ছুৰিত কৰা পোহৰৰ ৰশ্মি যৌগিক চকুযুক্ত মাখিয়ে সহ্য কৰিব নোৱাৰে বাবেই এনেদৰে আঁতৰি যায়।

বিশেষকৈ গ্ৰীষ্ম কালছোৱাত ঘৰখন তথা পৰিৱেশ মাখিমুক্ত কৰি ৰাখিব পাৰিলে মানুহৰ স্বাস্থ্যজনিত বহুবোৰ সমস্যাৰ পৰা আমি নিৰাপদে থাকিব পাৰোঁ। আহক, আমি এনে প্ৰচেষ্টাত ব্ৰতী হওঁ।

লেখক: চিকিৎসা আৰু স্বাস্থ্য বিষয়া, তামুলপুৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ।

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate