অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে মাছ

সুস্বাস্থ্যৰ বাবে মাছ

আমাৰ স্বাস্থ্যৰ কাৰণে মাছ কিমান উপকাৰী সেই কথা নকৈ দোহৰাৰ প্ৰয়োজন নাই। প্ৰায়বোৰ ৰোগীয়া মানুহকে সেই গুণে চিকিৎসকে মৎস্য সেৱনৰ পৰামৰ্শ দিয়া দেখা যায়। নিয়মীয়াকৈ মাছ সেৱনৰ আন এটা উপকাৰিতাৰ বিষয়ে শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে জানিব পাৰে ব্ৰিটেইনৰ ইউনিভাৰ্ছিটী অব্‌ লিছেষ্টাৰৰ গৱেষক ডাঃ ডেভিদ লেম্বাৰ্টে। গৱেষক ডাঃ লেম্বাৰ্টৰ মতে মাছৰ শৰীৰত কম-বেছি পৰিমাণে মজুত থকা পেপ্টাইড ইউৰ’টেছিন (ইউ ২) নামৰ পেপ্টাইডবিধৰ কাৰ্ডিঅ’ভাস্কুলাৰ ছিষ্টেম, বৃক্ক আৰু স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰাৰ ক্ষমতা আছে। অধ্যয়নৰ কালত গৱেষকগৰাকীয়ে জানিব পাৰে যে ইউ ২ পেপ্টাইডৰ বেছ লাভকাৰী ঔষধীয় গুণ আছে। বিশেষকৈ হাৰ্টৰ সৈতে জড়িত নানা ৰোগৰপৰা মানুহক উপশম দিয়াৰ ক্ষেত্ৰত ই ৰাম বাণৰ দৰে কাম কৰে। ‘ফাৰ্মাক’লজিকেল ৰিভিউজ’ নামৰ জাৰ্ণালখনত প্ৰকাশ পোৱা গৱেষণামূলক নিবন্ধটোত ডাঃ ডেভিদ লেম্বাৰ্টৰ উদ্ধৃতিৰে লগতে এই কথাও প্ৰকাশ পাইছে যে টেলীঅ’ষ্ট নামৰ মাছবিধৰ দেহত প্ৰচুৰ মাত্ৰাত ইউ ২ পেণ্টাইড পোৱা যায়।

উৎসঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate