অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্নায়ুৰ বিকাৰ

স্নায়ুৰ বিকাৰ

সকলো অংগত লগত যোগাযোগ ৰক্ষা কৰি শৰীৰ সুস্থ সবল কৰি ৰখাৰ ক্ষেত্ৰত স্নায়ুবোৰৰ ভূমিকা অপৰিসীম। সকলো অংগৰ কাম তদাৰক কৰি এইবোৰ নিয়ন্ত্ৰণত ৰখা অংগটো মগজু যাক দেহৰ মধ্যমণি বুলি অভিহিত কৰা হয়; এই অংগ স্নায়ু প্ৰণালীৰ মূল। বাহিৰৰ পৰিৱেশৰ পৰা লাভ কৰা উত্তেজনা গ্ৰাহক ইন্দ্ৰিয়বোৰে গ্ৰহণ কৰি মগজুলৈ প্ৰেৰণ কৰে যাৰ বাহক হিচাপে কাম কৰে এবিধ স্নায়ুৱে। আনহাতে, আন এবিধ স্নায়ুৱে মগজুৰ নিৰ্দেশ কঢ়িয়াই আনে যি নিৰ্দেশ অনুসৰি ইন্দ্ৰিয়ই বিশেষ কাম সমাধা কৰি উত্তেজনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উদাহৰণস্বৰূপে তপত বস্তু গাত লাগিলে এই খবৰ নিমিষতে স্নায়ুৰ জৰিয়তে মগজুৱে লাভ কৰে যাৰ নিৰ্দেশ অনুসৰি তপত বস্তু আতঁৰ কৰে অথবা অংগটো আঁতৰাই অনা হয় যি নিৰ্দেশ এক প্ৰকাৰৰ স্নায়ুৱে বহন কৰে। গতিকে স্নায়ু অবিহনে দেহৰ কোনো কাম সম্পন্ন হ’ব নোৱাৰে। ইয়াৰ বিসংগতিয়ে শৰীৰৰ অংগ অকামিলা কৰি বেমাৰী জীৱন-যাপন কৰিবলৈ বাধ্য কৰে।

বৃদ্ধ লোকে এজনে দুখন মোনা ওলোমাই লৈ বজাৰলৈ গৈ আছিল। বাটতে এখন মোনা সৰি পৰিল, তেওঁ ক’ব নোৱাৰাকৈয়ে। দুই আঙুলিৰে কাগজ ওলোমাই ধৰি থাকিলেও কেতিয়াবা সৰি পৰে। স্নায়ৱিক দুৰ্বলতাৰ বাবে এনে হয়। হাত-ভৰি কোচালেও কেতিয়াবা হঠাতে ভিতৰত কিহবাই পাক খাই ধৰা যেন অনুভৱ কৰে, বিষায় আৰু পোন কৰিব নোৱাৰে, অৱশ্যে কিছু পৰ পিছত আপোনা-আপুনি ঠিক হয়। স্নায়ুৱে ঠিকমতে কাম নকৰা বাবে এনে হয় বুলি চিকিৎসকে কয়। একে কাৰণতে বৃদ্ধ লোকৰ হাত-ভৰি থক্‌থক্‌কৈ কঁপে। নিউৰোপেথি নামৰ ৰোগত আক্ৰান্ত হ’লে এক বা একাধিক স্নায়ু নষ্ট হয়, যাৰ ফলত অতিপাত বিষ, জঠৰতা তথা জিনজিন কৰা অনুভৱ হয়। এই বিকাৰত প্ৰথমতে আক্ৰান্ত অংগৰ চেতনা নাথাকে, ভৰিৰ বুঢ়া বা আন আঙুলিত খোচা-বিন্ধাৰ অনুভূতি হয় যিটো ভৰি তথা হাতলৈ বিয়পি পৰাৰ অনুভূতি হোৱাৰ লগতে অত্যন্ত বিষায় আৰু ৰাতি ই অতি তীব্ৰ হয়। সাধাৰণতে ইয়াৰ অনুভূতি সমমিত অৰ্থাৎ এখন হাত আক্ৰান্ত হ’লে দুয়োখনতে একে ধৰণৰ অনুভৱ হয়। বিষতে টোপনি নাহে, মাংসপেশী দুৰ্বল হয়, শৰীৰৰ ভাৰসাম্য নোহোৱা অনুভৱ হয়, মাংসপেশী জপিয়ায়, ৰক্তচাপ কম বা বেছি হ’ব পাৰে, ঘাম নিগৰে। অতিপাত সুৰাপান, মধুমেহ ৰোগ অথবা অত্যাধিক দৰব সেৱনৰ ফলতো নিউৰোপেথি হ’ব পাৰে। অতিপাত বিষৰ পৰা উপশম লাভ কৰিবলৈ নিদ্ৰাকাৰী তথা বেদনাহাৰী দৰব ব্যৱহাৰ কৰা হয় যদিও এইবোৰে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা প্ৰকট কৰে, কিয়নো এনে দৰৱ পাৰ্শ্ব প্ৰতিক্ৰিয়াই বিপদ মাতে। মধুমেহজনিত নিউৰোপেথিত প্ৰস্ৰাৱ জনিত তথা উদৰীয় সমস্যা, দুৰ্বলতা আৰু লিংগ সম্পৰ্কীয় সমস্যাই গা কৰি উঠিব পাৰে। সুৰাসক্ত নিউৰোপেথিত তীব্ৰ বিষ, চেতনা নথকা, প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা অনুভৱ, সিৰামূৰি, দেহৰ স্বভাৱিক উত্তাপ সহিব নোৱাৰা, কোষ্ঠ-কাঠিন্য, যৌন শক্তিহীনতা, ওকালি আদি ঘাই লক্ষণ।

এই বিকাৰত ভোগা লোকৰ মাংসপেশীক স্থিৰতা তথা শক্তি প্ৰদান কৰিবলৈ ব্যায়ামৰ অনুশীলনে সহায় কৰে। ভৰি অথবা বাহু পক্ষাঘাত ৰোগাগ্ৰস্ত হ’লে চলা-ফিৰাৰ বাবে চকা লগোৱা চকী ব্যৱহাৰ কৰা ভাল। জঠৰ হোৱা অংশৰ যাতে হানি নহয় তাৰ প্ৰতি অতি সাৱধানে হোৱাৰ প্ৰয়োজন। ৰোগীয়ে ভৰি অথবা আন আক্ৰান্ত অংশৰ বিশেষ যত্ন ল’ব লাগে যাতে এইবোৰ কোনো ধৰণে আঘাতপ্ৰাপ্ত নহয়। স্নায়ু যাতে পুনৰ আঘাতপ্ৰাপ্ত নহয় তাৰ বাবে কিলাকুটিত ভেজা দি অধিককাল থাকিব নালাগে আৰু আঁঠুত যাতে বেছি চাপ নপৰে তাৰ বাবে সাৱধান হোৱা ভাল। বহোতে এখন ভৰিৰ ওপৰত আনখন তুলি আঠুৰ ওপৰত চাপ দি থকাটো বদভ্যাস হিচাপে গণ্য কৰি পৰিত্যাগ কৰা উচিত। কম পৰিমাণে অথচ সঘনাই খাদ্য গ্ৰহণ কৰাটো এই ক্ষেত্ৰত ভাল।

চিকিৎসকৰ পৰামৰ্শ ভালদৰে অনুসৰণ কৰি মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখি এই ৰোগজনিত স্নায়ুৰোগ নিৰ্মূল কৰিব পাৰি। সুৰাসক্ত জনিত বেমাৰো নিৰাময় কৰিবলৈ সুৰাপান পৰিত্যাগ কৰা উচিত। স্নায়ুৰোগ আক্ৰান্ত কৰাৰ পিছত জঠৰ অংগবোৰৰ বিশেষ যতন লৈ আঘাতৰ পৰা বচাই ৰাখিব লাগে। ব্যায়াম অনুশীলনৰ জৰিয়তে ৰোগ চিকিৎসা কৰা ব্যৱস্থা গ্ৰহণ কৰিলে স্নায়ু ৰোগ নিৰাময় কৰাৰ পথ প্ৰশস্ত।

লিখক: আনন্দ দেৱ গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate