স্ত্ৰী পুৰুষ উভয়ে বিচাৰে নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ। ইয়াৰ বাবে উভয়ে প্ৰয়াস নকৰাকৈ নাথাকে। ইয়াৰে কিছুমান সফল হয় আৰু কিছুমান নহয়। কিছুমানে অজ্ঞানতাবশতঃ আৰু কিছুমানে অযত্নৰ বাবে স্বাস্থ্যৱান আৰু সুন্দৰ হোৱাৰ পৰা বঞ্চিত হয়। পুৰুষৰ তুলনাত স্ত্ৰীয়ে নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ বেছিকৈ হেঁপাহ কৰে। কিন্ত স্ত্ৰী সকল প্ৰায়ে ঘৰুৱা বাতাৱৰণত শাৰীৰিক আৰু মানসিক ভাৱে উদ্বেগ ভৰা জীৱন পাৰ কৰে। ওপৰঞ্চি ভাৱে মাহেকীয়া ঋতুস্ৰাৱ আৰু প্ৰদৰ সম্বন্ধীয় ৰোগত বেছি ভাগ মহিলাই ভোগে। এনেবোৰ কাৰণতে স্ত্ৰী শাৰীৰিক স্বাস্থ্য আৰু সৌন্দৰ্য সহজে ভাগি পৰে।
মহিলা সকলে সৰ্বপ্ৰথমে নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া অতি আৱশ্যক। ইয়াৰ বাবে শৰীৰ শুদ্ধিৰ প্ৰয়োজন। শৰীৰ শুদ্ধিৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ বিকল্প নাই। এই প্ৰাকৃতিক চিকিৎসাৰ অন্তৰ্গত বিষয়বোৰ হ’ল-
(১) আহাৰ-বিহাৰ,
(২) দিনচৰ্যা,
(৩) ঋতু-চৰ্যা,
(৪) শ্ৰম,
(৫) বিশ্ৰাম,
(৬) গহন নিদ্ৰা,
(৭) প্ৰাৰ্থনা,
(৮) সংযম, সদাচৰণ আৰু ব্ৰহ্মচৰ্য,
(৯) পঞ্চ মহাভূত সেৱন।
সৰ্ব প্ৰথমে স্ত্ৰী সকলে নিজৰ আহাৰ-বিহাৰ শুদ্ধ, সাত্ত্বিক আৰু সুষম ৰুপত কৰা উচিত। অধিক মছলাযুক্ত, ভজা-পোৰা ভোজনে স্ত্ৰীৰ বদহজম, অম্লতা, কোষ্ঠবদ্ধতাৰ দৰে জীৰ্ণ ৰোগে ঘেৰি ধৰে। আচাৰ, চাহ-কফি, ফাষ্টফুড আদি অধিক মাত্ৰাত সেৱন কৰিলে জীৱনী শক্তি ক্ষীণ হৈ পৰে। এই বিষয়টো মনত ৰাখি ইয়াৰ ঠাইত ফল-মূলৰ ৰস, পাচলিৰ চুপ, চালাড আদিৰ প্ৰয়োগ কৰি জীৱনী শক্তি বৃধি কৰিব পাৰি।
ৰাতিপুৱা শুই উঠি ঋতু অনুযায়ী এগিলাচ গৰম অথবা ঠাণ্ডা পানী খাব লাগে। ইচ্ছানুসৰি নেমু-পানী, মৌ, মৌচম্বীৰ ৰসো পান কৰিব পাৰি। আয়ুৰ্বেদ চিকিৎসাত প্ৰাতঃকালত পানী খোৱাৰ এক বিশেষ মহত্ত্ব আছে।
স্বাস্থ্য ভালে ৰাখিবলৈ ভোজন সম্বন্ধীয় কেইটি মান সূত্ৰ মনত ৰখা দৰকাৰ-
গৰ্ভাৱস্থাত প্ৰায় সকলো স্ত্ৰী ৰক্তাল্পতাত ভোগে। এনে অৱস্থাত সেউজীয়া পাচলিৰ অন্তৰ্গত পালেং শাক সৰ্বোত্তম। ইয়াত লৌহ আৰু খনিজ পদাৰ্থ প্ৰচুৰ মাত্ৰাত পোৱা যায়। অতিৰিক্ত ভাৱে ভিটামিন ‘এ’, ‘বি’, ‘চি’ আদিও পৰ্যাপ্ত মাত্ৰাত থাকে। এইবোৰৰ বাবে লোহিত ৰক্ত কণিকা বৃদ্ধি পায়। তেজৰ অভাৱ দূৰ হয় আৰু দেহত শক্তিৰ সঞ্চাৰ হয়।
পালেঙৰ দৰে ভতুৱা বা জিলমিল শাকো মহিলাৰ বাবে অত্যন্ত লাভ দায়ক। ইয়াতো লৌহ পদাৰ্থ, ফচফৰাচ, কেলচিয়াম আদি পৰ্যাপ্ত মাত্ৰাত পোৱা যায়। ই শাৰীৰিক ভাগৰ আৰু বিষ দূৰ কৰে। শাক সাধাৰণ ভাৱে ৰান্ধি খাবও পাৰি অথবা আটা আদিৰ লগত মিহলাই ৰুটী তৈয়াৰ কৰিও খাব পাৰি। ভতুৱা শাক খাবলৈও সোৱাদ লগা।
গাজৰত ভিটামিন ‘এ’ প্ৰচুৰ মাত্ৰাত পোৱা যায়। চকুৰ দৃষ্টি শক্তিৰ বাবে এই বিধ ভিটামিন অতি আৱশ্যকীয়। ইয়াৰ প্ৰয়োগৰ দ্বাৰা কুকুৰিকণা ৰোগ দূৰ হয়। গাজৰত পানী আৰু আহঁৰ মাত্ৰাও প্ৰচুৰ পৰিমাণে থাকে, যাৰ ফলত কোষ্ঠবদ্ধতা নহয়। এইটো সকলোৱে জনা কথা যে কোষ্ঠবদ্ধতাই বেছি ভাগ ৰোগৰ জন্ম দিয়ে। কোষ্ঠবদ্ধতাৰ পৰা অম্লপিত্ত, শালমইনা, অৰ্শ আদি ৰোগ হয়। সেয়ে কোষ্ঠবদ্ধতাৰ পৰা উৎপন্ন জীৰ্ণ ৰোগৰ হাত সাৰিবলৈ গাজৰ অধিক মাত্ৰাত খোৱা উচিত।
গাজৰ আৰু পালেঙৰ ৰাস পান কৰিলে অনিদ্ৰাৰ দৰে ৰোগত সুফল পোৱা যায়। গাজৰ আৰু বন্ধা কবিৰ ৰসে অম্লপিত্ত দূৰ কৰে। নিম্ন ৰক্তচাপ ৰোগত গাজৰৰ ৰস আৰু মৌ খাব লাগে। ডালিম, মৌচম্বী, বিলাহী, সুমথিৰা আদি গৰ্ভাশয়ৰ বাবে বিশেষ সুফল দায়ক।
আমলখি দেহৰ প্ৰতিটো অংগৰ বাবে উপযোগী। আমলখিয়ে চুলি সুন্দৰ কৰে, চকুৰ লালিমা বৃদ্ধি কৰে। ইয়াত লৌহ তত্ত্ব তথা ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
গৰ্ভাৱস্থাত আমলখিৰ চূৰ্ণ সেৱন কৰিলে ভোক নলগা, কোষ্ঠকাঠিন্য, ৰক্তাল্পতা আদিৰ পৰা মুক্ত হ’ব পাৰি। নেত্ৰ ৰোগ আৰু হাঁপানিত আমলখি আৰু মৌৰ প্ৰয়োগ বিশেষ লাভ দায়ক। আমলখিৰ ৰস এবাৰত ২৫ ৰ পৰা ৭৫ মিঃ লিঃ ৰ অধিক খোৱা অনুচিত। তেনেদৰে আমলখিৰ চূৰ্ণও এবাৰত ছয়ৰ পৰা বাৰ গ্ৰামতকৈ অধিক খাব নালাগে।
সুমথিৰাৰ ৰসে তেজ শুদ্ধ কৰি শৰীৰ শুদ্ধ কৰে। ইয়াৰ দ্বাৰা শৰীৰৰ পাচন ক্ৰিয়াত বিশেষ প্ৰভাৱ পৰে। পাচন শক্তি আৰু ভোক বৃদ্ধি পায়। পাচক ৰস নিয়মিত ভাৱে উৎপাদিত হোৱাৰ ফলত অন্ত্ৰৰ সক্ৰিয়তা বৃদ্ধি পায়। সুমথিৰাৰ ৰসে পিয়াহ পলুৱায়, জ্বৰ আৰু অন্য জটিল ৰোগত শৰীৰক অম্ল তথা বিষ বা বিজাতীয় দ্ৰব্যৰ পৰা মুক্ত কৰে।
সুমথিৰাৰ ৰসে শৰীৰত তেজৰ অভাৱ দূৰ কৰে আৰু স্কাৰ্ভিৰ দৰে ৰোগৰ পৰা আঁতৰত ৰাখে। ছালত পৰা বিভিন্ন দাগ, অনুজ্জ্বলতা আদি দূৰ কৰে। টোপনি ভাল হয়। জ্বৰ, চৰ্দি, উচ্চ ৰক্তচাপ, অম্লপিত্ত, কোষ্ঠবদ্ধতা, অতিসাৰ, মেদবহুলতা, মধুমেহ আদি নিয়ন্ত্ৰণ কৰে। মহিলাৰ শাৰীৰিক সৌন্দৰ্যৰ বাবেও সুমথিৰা এক উপযোগী ফল।
বিলাহীক পাচলি বুলি নকৈ ফল বুলি ক’লেও অত্যুক্তি কৰা নহয়। ইয়াত ভিটামিন ‘এ’, ‘বি’, ‘চি’ ৰ লগতে লৌহ তথা কেলচিয়াম পোৱা যায়। ই দাঁত স্বচ্ছ তথা মজবুত কৰে। শীৰ্ণ ৰোগতো ইয়াক প্ৰয়োগ কৰিব পাৰি। বাঢ়ি অহা শিশুক বিলাহী খাবলৈ দিব লাগে। আলচাৰ, কেনেচাৰ, উচ্চ ৰক্তচাপ, বন্ধ্যাত্ব, মধুমেহ, কোষ্ঠবদ্ধতা আদি ৰোগৰ বাবে গৰ্ভাৱস্থাত বিলাহী অৱশ্যেই খোৱা উচিত।
যৱ ভাজি চাকিত পিহিলে যি আটা পোৱা যায় তাক ছাতুগুৰি বোলা হয়। ই অত্যন্ত শীতল খাদ্য পদাৰ্থ। ই পিয়াহ পলুৱায় আৰু দেহৰ উষ্ণতা দূৰ কৰে। পানীত ছাতুগুৰি আৰু চেনি মিহলাই ঘোল তৈয়াৰ কৰি খাব পাৰি। বৰফৰ সলনি মাটিৰ কলহত থোৱা ঠাণ্ডা পানীৰে এই ঘোল তিউয়াৰ কৰিব লাগে। গ্ৰীষ্মৰ উষ্ণতাৰ পৰা হাত সাৰিবলৈ এনে ঘোল আৰু ছাতুৰে তৈয়াৰী ৰুটী শৰীৰৰ বাবে উপকাৰী।
আম এবিধ উৎকৃষ্ট ফল। গ্ৰীষ্মকালৰ আৰম্ভণিতে কেচাঁ আমৰ ৰসৰ চৰবত শৰীৰৰ বাবে উপকাৰী। কেচাঁ আম পিহি ইয়াৰ ৰসৰ সৈতে প্ৰয়োজন অনুসৰি পানী আৰু চেনি মিহলাই খাব পাৰি। কেতিয়াবা চেনিৰ সলনি সামান্য নিমখ আৰু জিৰা মিহলাই কিছু সময় এটা মাটিৰ পাত্ৰত থৈ দি তাৰ পিছত খাব পাৰি। কেচাঁ আৰু পকা দুয়োবিধ আমত থকা প্ৰচুৰ মাত্ৰাৰ ভিটামিন আৰু খনিজ লৱণ শৰীৰৰ বাবে উপকাৰী।
গৰমৰ দিনত শৰীৰ শীতল কৰিবলৈ বেলৰ চৰবতো উপকাৰী। চৰবত তৈয়াৰ কৰোতে বৰফ অথবা ফ্ৰীজৰ ঠাণ্ডা পানী ব্যৱহাৰ নকৰা ভাল। বজাৰত কিনিবলৈ পোৱা শীতল পানীয়ই সাময়িক তৃষ্ণা দূৰ কৰে যদিও ই পাচন শক্তিত ক-প্ৰভাৱ পেলায়। গৰমৰ দিনত তীব্ৰ ৰ’দত ঘূৰা-পকা কৰা অনুচিত আৰু আহাৰ গ্ৰহণৰ পিছত কিছু সময় বিশ্ৰাম লোৱা উচিত।
বহুতো ৰোগৰ বাবে নেমু এক অসাধাৰণ ঔষধি। সেয়ে আহাৰ খোৱাৰ আগতে নেমু কাটি সৈন্ধৱ নিমখ ছটিয়াই চুহিব লাগে। দুপৰীয়াৰ আহাৰত মূলা, গাজৰ, বিলাহী আদিৰ চালাড আৰু ৰাতিপুৱা জলপানত পকা অমিতাও নেমু আৰু জালুকৰ গুৰি ছটিয়াই খাব লাগে। আহাৰৰ আধা ঘণ্টা আগতে এগিলাচ পানীত নেমুৰ ৰস মিহলাই খালেও ভোক ভালকৈ লাগে আৰু বদহজমৰ দোষ দূৰ হয়। বমি, পাইখানা আদিত অত্যাধিক পিয়াহত পদিনাৰ ৰস পানীত মিহলাই আলপ সময়ৰ মূৰে মূৰে চামুচেৰে ৰোগীক দিয়া উচিত। ডাব নাৰিকলৰ পানী খাবলৈ দিয়া ভাল।
সুষম আহাৰ গ্ৰ্হণৰ লগে লগে নিয়মিত দিন চৰ্যা আৰু ঋতু চৰ্যায়ো স্ত্ৰীৰ স্বাস্থ্য উত্তম কৰি তোলে। ব্যক্তিত্ব পূৰ্ণ হোৱাৰ লগতে শৰীৰ আৰু মনলৈ উৎসাহ-উদ্দীপনা আৰু আশাৰে ভৰি পৰে।
শৰীৰৰ লগত যিহেতু মনৰো সম্পৰ্ক গভীৰ, সেয়ে মন সদায় ধনাত্মক (positive) চিন্তাৰে পূৰ্ণ কৰি ৰখা উচিত। নকাৰাত্মক চিন্তাধাৰা মনৰ পৰা আতঁৰাই মন সূদ্ধ কৰিবলৈ ধ্যান, বন্দনা, প্ৰাৰ্থনা আদিৰ সহায় লোৱা উচিত। কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, দ্বেষ, ভয় আদি বিকাৰক মনত প্ৰশ্ৰয় দিয়া অনুচিত। উচ্চ আৰু স্নেহ পূৰ্ণ আচৰণ তথা মধুৰ ব্যৱহাৰক আপোন কৰা উচিত। এনেয়ে সৰু সৰু কথাবোৰে সদায় নাৰীৰ মন আৰু শৰীৰত প্ৰভাৱ পেলাই থাকে। পৰিয়ালৰ আন সদস্যৰ স্বাস্থ্যক নাৰীয়ে যেনেদৰে নিজ চেষ্টাৰে তুলি ধৰে ঠিক তেনেকৈ নিজৰ সু-স্বাস্থ্যও নিজে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে নাৰীৰ সচকীয় শাৰীৰিক সৌন্দৰ্য অটুট থাকে।
লেখিকা: অলকানন্দা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 3/15/2020
আহাৰ আৰু স্বাস্থ্য
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।
এৰবিক ব্যায়াম
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য