অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য চিন্তা:অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প

স্বাস্থ্য চিন্তা:অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প

মানুহৰ স্বাস্থ্যৰ এটি থুলমুল আভাস বডি মাছ ইনডেস্ক (Body Mass Index) ৰ পৰা জনা যায়৷ আজিৰ পৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল৷ অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰ মতে শৰীৰৰ ওজনক (কিলোগ্ৰামত) শৰীৰৰ উচ্চতাৰে (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা ফলাফলক বডি মাছ ইনডেস্ক  (চমুকৈ BMI) বোলে৷ স্বাভাবিক বি, এম, আই হ'ল – ১৮.৫ -২৪.৯৷ ১৮.৫ ৰ তল হ'লে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায়৷ ২৪.৯ৰ বেচি হ'লে ওজন স্বাভাবিকতকৈ বেচি৷ ৩০ৰ ওপৰ হ'লে স্থুলাকায় (Obese) আখ্যা দিয়া যায়৷ এতিয়া প্ৰত্যেকে নিজৰ বি, এম, আই ওলিয়াই লৈ সেইমতে উচিত পদক্ষেপ লওঁক৷

এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ ১২০০ৰ পৰা ২১০০ কেলৰি শক্তিৰ প্ৰয়োজন৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয়৷এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা৷ খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয়: - ৪৫% - ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা, ২০% -৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা, ১০% - ৩৫% প্ৰটিনৰ পৰা৷ আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা আহে ৯ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা আহে ৪ কেলৰী শক্তি৷

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শমতে আমাৰ খাদ্য তালিকাত শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্য,বাদাম (Nuts) জাতীয় শস্য প্ৰচুৰ থাকিব লাগে৷চেচুৰেটেড চৰ্বি (যি সাধাৰণ তাপমাত্ৰাটো গোট মাৰি থাকে যেনে মাখন, ঘিউ, নাৰিকল তেল) আৰু মাংস,কণী, ডায়েৰীৰ উৎপাদন ক্ৰিম,পনীৰ ন্যুনতম ব্যৱহাৰ কৰিব কৈছে৷ আহাৰত অধিক আঁহ বা ফাইবাৰ থাকিলে ই শৰীৰক এইবিলাক ৰোগৰ পৰা সুৰক্ষা দিব পাৰে- মেদবহুলতা, বহুমূ্ত্ৰ, উচ্চ ৰক্তচাপ,শৌচৰ কৌষ্ঠ-কাঠিন্য, তেজত চৰ্বি বঢ়া, পাইলচ্, আন্ত্ৰৰ কেঞ্চাৰ, পিত্তৰ পাথৰ আদি৷

এটা কথা জনোৱা ভাল- খোৱা আহাৰ সন্তুলিত নহলে, শৰীৰ ব্যায়াম- খোজকঢ়া বা আন শাৰীৰিক ক্ৰিয়াকলাপ একোতে অভ্যস্ত নহলে কেইটিমান পিল বা কেপচুলে শৰীৰৰ মেদবহুলতা দূৰ কৰিব নোৱাৰে৷

প্ৰকৃতিয়ে আমাক অজস্ৰ খাদ্যসম্ভাৰ শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্যৰ ৰূপত যোগান ধৰিছে৷ শৰীৰৰ সকলোবিলাক লাগতিয়াল তত্বই তাত উপলব্ধ৷ আমাৰ অনাদৰ আৰু অবজ্ঞাৰ পৰিণামতেই মানৱ জাতি ন ন দূৰাৰোগ্য ব্যাধিৰ সন্মুখীন হ'ব ধৰিছে৷

এতিয়া আহোঁ কিয় ফাষ্টফুড গ্ৰহণযোগ্য নহয় কথাটোলৈ৷

ফাষ্টফুডত থাকে অত্যধিক চৰ্বি, অধিক চেনি, অধিক চডিয়াম৷ অকল শৰীৰৰ অপকাৰী চেচুৰেটেড চৰ্বিযুক্ত তেলেৰ এইবিলাক তৈয়াৰ কৰা হয়৷ ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজৰ অভাৱ৷ আনহাতে ইয়াত থাকে দেহৰ ওজন বঢ়োৱা তত্ব৷ মধুমেহ, উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ'ক, ক'লোনৰ কেন্সাৰ,  মেদবহুলতা, দন্তক্ষয়, তেজত চৰ্বি বঢ়া, আদি বিভিন্ন ৰোগৰ বাহক হ'ল এই ফাষ্ট ফুডসমূহ৷ এই ফাষ্ট ফুডত থাকে মনোচডিয়াম গ্লুটামেন, টাৰ্টজিন, চেকাৰিন, এচপাৰ্টেম আদি কৃত্ৰিমৰঙ, কৃত্ৰিম স্বাদ, আৰু কৃত্ৰিম সুগন্ধি দিয়া নানান প্ৰিজাৰৱেটিভ ৰসায়নিক পদাৰ্থ৷ এইবিলাকৰ সঘন ব্যৱহাৰে আসক্তিৰ (Addiction) সৃষ্টি কৰে৷

উন্নত দেশ সমূহত ধূম্ৰপানৰ পিছতেই দ্বীতিয় ঘাতক ৰূপে পৰিচিত হৈছে- এই ফাষ্টফুড৷ চিকিৎসকে পাইছে এমাহ নিয়মীয়াকৈ ফাষ্টফুড খোৱাজনৰ ওজন ১০কিলো পৰ্যন্ত বাঢ়িছে৷লিভাৰৰ আকাৰ বাঢ়িছে আৰু লিভাৰতো চৰ্বি বিপদজনকভাবে জমা হৈছে৷

আকৰ্ষণীয় বিজ্ঞাপন যেনে, পিজ্জাৰ লগত শীতল পানীয় বিনামূলীয়া, ঘৰত বহি বহি ফোনতে অৰ্ডাৰ দিলেই ডেলিভাৰী পাব আদিত মানুহে ভোল যায়৷কে এফ চি,বাৰ্গাৰ কিং, মেকডনাল্ড আদি ফাষ্টফুডৰ  দোকান বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো খুলিছে৷ইয়াৰ পৰা হব পৰা অপকাৰ সমূহৰ ব্যাপক প্ৰচাৰৰ প্ৰয়োজন৷মাতৃ আৰু গৃহিনীসকলে ঘৰতে নিৰাপদ আৰু মুখৰোচক খাদ্যৰ  যোগান ধৰি ইয়াৰ বিকল্পৰ সন্ধান দিব পাৰে৷

কেইটিমান কিটিপ ৰান্ধনীলৈ আগবঢ়ালো

ব্ৰাউন ব্ৰেড বা নহলে বনত কলেষ্টৰল ফ্ৰি বাটাৰ (নহলে ল' ফেট চীজ) সানি তিয়ঁহ, বিলাহী আদিৰে বাৰ্গাৰ বনাব পাৰে৷ আলু কমকৈ দি সিদ্ধ কাচকল লওক৷

ৰঙীন প্ৰিজাৰৱেটিভ দিয়া চচৰ সলনি নেমু,আদা, নহৰু,জলকীয়া, পদীনা,ধনীয়া,নৰসিংহ আদিৰে তাজা চাটনিৰ জুতি লওক৷

আইচক্ৰিমৰ বিকল্প হিচাবে চেষ্টা কৰক-শীতল ফ্ৰুট চালাড, চুজী,খীৰ,পায়স,ফলৰ পিছা ফ্ৰিজত থৈ৷

ঘৰতে মাছৰ, কাচকলৰ, আলুৰ, কবিৰ চপ, পকৰি বনাওক- সূৰ্য্যমুখী বা অলিভ জাতীয় নিৰাপদ তেলেৰে ভাজি৷

চিপচৰ সলনি পাপৰ বেলেগ বেলেগ ধৰণেৰে চেষ্টা কৰি চাব পাৰে৷

এটা কথা লক্ষ্য কৰক - আপুনি ফাষ্টফুডৰ ৰেষ্টোৰাত খোৱা এটা বাৰ্গাৰত ১০২০ কেলৰি থাকে, অৰ্থাৎ দিনটোৰ প্ৰয়োজনৰ আধাতকৈ বেচি কেলৰী এটা বাৰ্গাৰতে থাকে৷

এটা সময়ত এনে ৰেষ্টোৰাত হৰমোন দি ডাঙৰ কৰা মাংসও বিক্ৰী হৈছিল৷ হৰমোনৰ অপকাৰিতা বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত হ'ব পাৰে৷ আমেৰিকাত এনে মাংসৰ বিক্ৰী নিসিদ্ধ কৰা হ'ল৷ ভাৰতত যে বিক্ৰী নহব তাৰ নিশ্চয়তা কোনে দিব? ইতিমধ্যে ভাৰতবৰ্ষত অস্কিটচিন হৰমোনৰ বেজীদি ডাঙৰ কৰা জাতিলাউ, ৰঙালাউ, অমিতা কথা পাঠকে নিশ্চয় গম নোপোৱাকৈ থকা নাই৷

শীতল পানীয়ৰ বিষয়ে

কাৰ্বনযুক্ত শীতল পানীয়ৰ বিষয়ে নজনালে লিখনি অসম্পূৰ্ণ হৈ ৰব৷এনে পানীয়ৰ এচিডিটিৰ মাত্ৰা হ'ল পিএইচ ৩.৪৷ আপোনালোকে কেইটিমান প্ৰয়োগ কৰি চাব পাৰে: - এটা সৰা দাঁত ক'কাকোলা বা পেপচীত ভলদৰে ডুবাই থওক আৰু দুসপ্তাহত তাৰ অৱস্থা লক্ষ্য কৰক৷ গাহৰিৰ মাংসৰ টুকুৰা এটাত ক'কাকোলা বা পেপচী ঢালি কিছু সময় পিছত তাৰ অৱস্থা লক্ষ্য কৰক৷ টয়লেটৰ নোযোৱা দাগ, মামৰে ধৰা নট-বল্টু-তলা খুলিবলৈ, গ্ৰীচৰ দাগ গুচাবলৈ, গাড়ীৰ লোহাৰ বাম্পাৰৰ মামৰ গুচাবলৈ, গাড়ীৰ সন্মুখৰ গ্লাচখনত লাগি ৰোৱা আলকতৰা আদিৰ দাগ গুচাবলৈ এনে যি কোনো এবিধ কোলা ব্যৱহাৰ কৰি চাওঁক৷

শীতল পানীয়ই পাকপ্ৰণালীৰ হজম ক্ৰিয়াকো বাধা প্ৰদান কৰে৷ এনে কাৰ্বনযুক্ত শীতল পানীয়ত কোনো ভিটামিন,খনিজ বা শৰীৰৰ লাগতিয়াল দ্ৰব্য নাই৷ এটা ২৫০ মিলিলিটাৰৰ বটলত ১০০ পৰা ২৫০ লৈকে (ব্ৰেণ্ড অনুসৰি ভিন্ন ভিন্ন) কেলৰী থাকে৷ ডায়েট পেপচিত ন্যুনতম কেলৰী থাকে৷ এইবিলাকত  আছে অতিমাত্ৰা চেনি, এচিড, কাৰ্বন ডাই অস্কাইড, কৃত্ৰিম ৰঙ আৰু প্ৰিজাৰৱেটিভ৷ এই তত্বসমূহে শৰীৰৰ কেলচিয়ামক গলাই তেজৰ নলীত বা কিডনিত জমা কৰিব পাৰে৷ বহুতে ভাবে মদ খালে লিভাৰ নষ্ট হৈ চিৰচিচ হয়, গতিকে তাৰ সলনি এনে পানীয় গ্ৰহণ কৰা ভাল৷ কিন্তু ইয়াৰ ভয়াবহতা ভালদৰে বুজিবলৈ চাওঁক৷ শুনামতে দিল্লীবিশ্ববিদ্যালয়ৰ কেন্টিনত হোৱা এক প্ৰতিযোগিতাত ৮ বটল কোকাকোলা খাই এজন ছাত্ৰৰ কাৰ্বন ডাইঅস্কাইড পয়জনিং হৈছিল৷

বিকল্প কি হব পাৰে?

প্ৰকৃতিয়ে আমাক গোটেই বছৰটোৱেই  কিবা নহয়  কিবা খাবলৈ  দিছে; যেনে আম, অমৰা, কৰ্দৈ, থেকেৰা, বেল, আপেল, নাচপতি, আনাৰচ, ডালিম, তৰমুজ, অমিতা, তেতেলি, লিচু নেমু, মালটা, কমলা, মৌচম্বী, বগৰী, আমলখি, জলফাই, লেতেকু, পনিয়ল আদি বিভিন্ন সুস্বাদু ফল-মূল৷ এইবিলাকৰ প্ৰত্যকৰে  চৰবত বনাই খাব পাৰে৷ আৰু খাব পাৰে ডাবৰ পানী, কুঁহিয়াৰৰ ৰস৷ দৈৰ পৰা বনোৱা লচ্চি আৰু নিমখীয়া মথাও উপকাৰী আৰু সুস্বাদু পনীয়৷

মুখনিত এটা কথা কম যিসকল লোক ইতিমধ্যে ফাষ্টফুডত আসক্ত হৈ পৰিছে -তেওঁলোকে মাহত এদিনতকৈ বেচিবাৰ এনে ফাষ্টফুড গ্ৰহণ নকৰক আৰু লগত বিনামূলীয়াকৈ পোৱা শীতল পানীয়ৰ সলনি মিনাৰেল পানী লওঁক৷

লিখক: ডা: ভূপেন শইকীয়া।

 

শেহতীয়া উন্নীতকৰণ: : 1/6/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate