অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য-চৰ্চা :

 

আকৰ্ষণীয়কৈ সজাই-পৰাই সকলোৱে মানুহে থাকিব বিচাৰে । ২০ বছৰ বা ৩০ বছৰত আকৰ্ষণীয় কৰি নিজকে সজোৱাটো সহজ কথা । কিন্তু চল্লিশৰ ডেওনা পাৰ হোৱাৰ লগে লগে মানুহৰ সৌন্দৰ্যত বাধা আহি পৰে । সেই সময়ত নিজকে সজাবলৈ কিছুমান কৌশল গ্ৰহণ কৰিবলগীয়া হয় ।

সাধাৰণতে প্ৰতিজন মানুহেই এই বয়সত কেইটামান প্ৰাথমিক বিষয়ত গুৰুত্ব দিব লাগে । সেইকেইটা হ’ল স্বাস্থ্যসন্মত খাদ্য, শাৰীৰিক সক্ৰিয়তা, পৰ্যাপ্ত টোপনি আৰু ছানস্ক্ৰীন লোচনৰ ব্যৱহাৰ । ৪০ বছৰত সোমোৱাৰ লগে লগে আমাৰ শৰীৰত বয়সৰ কিছু ছাপ পৰে । সেয়ে শৰীৰটোত কিছু পৰিবৰ্তন আৰম্ভ হয় । শৰীৰৰ কিছুমান অংশত চৰ্বি জমা হ’বলৈ ধৰে । ছালখনৰ সৌন্দৰ্য আৰু কমনীয়তা হ্ৰাস পায়, জীৱনশৈলী ৰোগবোৰে দেখা দিয়ে ।

৩০ বছৰত সোমোৱাৰ লগে লগে প্ৰতিজন মানুহেই আংশিক সক্ৰিয় হোৱা প্ৰয়োজন । বয়স বৃদ্ধিৰ লগে লগে হোৱা শাৰীৰিক পৰিৱৰ্তন আৰু বয়সৰ চাপৰ পৰা নিলগত থকাটো সম্ভৱ নহয় যদিও ইচ্ছা কৰিলে প্ৰতিজন ব্যক্তিয়ে বয়স কমাই ৰাখিব পাৰে । এইক্ষেত্ৰত কিছু নিয়ম মানি চলিলে সুফল পাব পাৰে ।

নিয়মীয়াকৈ ভিটামিন খাওক । চুলি আৰু ছালৰ বাবে নিয়মীয়াকৈ মাল্টি-ভিটামিন খোৱা প্ৰয়োজন । ওমেগা-৩ ফেডি এচিডে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে বয়সৰ প্ৰভাৱকো প্ৰতিৰোধ কৰে ।

মনত ৰাখিব যে যেতিয়া আপোনাক ডেকা যেন দেখাই থাকিব, তাৰ প্ৰভাৱ শৰীৰতো পৰিব । অৰ্থাৎ ৪০ বছৰৰ মানুহজনে ৩০ বছৰীয়া মানুহজনৰ শাৰীৰিক সক্ৰিয়তা গ্ৰহণ কৰক । বয়স বাঢ়ি যোৱাৰ লগে লগে বয়সৰ প্ৰভাৱত আপোনা- আপুনি কাম এৰি নিদিব । পৰ্যাপ্ত পৰিমাণে শাৰীৰিক সক্ৰিয়তা অটুট ৰাখক । শাৰীৰিক সক্ৰিয়তাৰ অৰ্থ এইটো নহয় যে প্ৰতিদিনে জিমলৈ গৈ দুঘণ্টা সময় ব্যায়াম কৰিব লাগিব । কম- বেছি পৰিমাণে এতিয়া সকলো মানুহৰে ব্যস্ত জীৱনশৈলী । সেয়ে আপুনি যেনেদৰে সময় মিলাব পাৰে তেনেকৈ মিলাই খোজ কঢ়া, সাঁতোৰা, ব্যায়াম কৰা, যোগাভ্যাসৰ অনুশীলন কৰা আদি আধা ঘণ্টা হ’লেও কৰিবলৈ চেষ্টা কৰক । এই আধা ঘণ্টাৰ ব্যস্ততাই আপোনাৰ মন প্ৰফুল্ল কৰি ৰখাত সহায় কৰিব ।

বয়স বাঢ়ি যোৱাটো এটা প্ৰাকৃতিক নিয়ম । সেয়ে বয়স বাঢ়িলেই বিচলিত হৈ নুঠিব । আপোনাৰ বয়সক আপুনি হাঁহি হাঁহি গ্ৰহণ কৰক । বয়সৰ লগত সামঞ্জস্য ৰাখি নিজৰ কামবোৰ কৰি যাওক । বয়সৰ লগে লগে পোছাকৰ ওপৰতো প্ৰভাৱ পৰে । এগৰাকী আদহীয়া মহিলাই বয়স কমাবলৈ ষোড়শী গাভৰুৰ পোছাক পিন্ধিলেই আকৰ্ষণীয় হৈ নুঠে । সকলো পোছাকেই সকলোৰে ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় । কোন সাজে কোনটো বয়সক প্ৰতিনিধিত্ব কৰিব পাৰে সেই বিষয়ে নিজে বাছি উলিয়াওক । ইয়াৰ লগে লগে সাজোন-কাচোনতো বয়সৰ পৰিৱৰ্তন আহিবলৈ দিয়ক ।

বহুতৰ ক্ষেত্ৰত দেখা যায় ৩০ ৰ ডেওনা পাৰ হ’লেই শৰীৰৰ যত্ন ল’বলৈ এৰি দিয়ে । শৰীৰৰ যত্ন নোলোৱাৰ ফলত শৰীৰত মেদ বৃদ্ধি হোৱাৰ ফলত শৰীৰৰ ওজন অত্যধিক হৈ পৰে । তদুপৰি যিহকে পায় তাকে খাবলৈ লোৱাৰ ফলতো শৰীৰৰ আকাৰ তথা সৌন্দৰ্য হ্ৰাস পায় । সন্তান আৰু পৰিয়ালক কৈ ইমানেই ব্যস্ত হৈ পৰে যে নিজৰ বাবে অলপো সময় উলিয়াবলৈ চেষ্টা নকৰে । যাৰ ফলত শৰীৰ আৰু মনত ইয়াৰ বিৰুপ প্ৰভাৱ পৰে । নিজৰ বাবে কিছু সময় উলিয়াই লৈ কেৱল নিজৰ যত্ন লওক । নিজৰ হাত-ভৰিৰ যতন, মুখৰ যতন, কাপোৰৰ যতনেৰে নিজকে সজাই তোলক । দেখিব ৪০ বছৰ বয়সতো নিজকে ২০ বছৰীয়া যুৱতী যেন অনুভৱ কৰিব ।

বয়স বঢ়াৰ লগে লগে আমাৰ সকলোৰে টোপনিত প্ৰভাৱ পৰে । ৪০ বছৰ অতিক্ৰম কৰাৰ লগে লগে মানুহৰ টোপনিৰ পৰিমাণ কমি আহিবলৈ আৰম্ভ কৰে । শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু মানসিক চাপৰ বাবেই টোপনিৰ পৰিমাণ হ্ৰাস পায় । সেইবাবেই ৪০ বছৰ বয়স পাৰ কৰা সকলোৱে শাৰীৰিক সক্ৰিয়তা অটুট ৰখাত গুৰুত্ব দিব লাগে । ইয়াৰ ফলত শাৰীৰিক সুস্থতা অটুট ৰখাৰ লগতে মানসিক চাপে শৰীৰক স্পৰ্শ কৰিব নোৱাৰে । তেতিয়াহে সুস্থভাৱে টোপনি যাব পাৰে আৰু ইয়াৰ প্ৰভাৱ সৰ্বশৰীৰত পৰে । এজন ৮০ বছৰীয়া লোকেও টোপনিৰ বাবে শাৰীৰিক সক্ৰিয়তা বজাই ৰখা প্ৰয়োজন । এজন ৮০ বছৰীয়া এগৰাকী মহিলাই শাৰীৰিক সৌন্দৰ্য ভালে ৰাখিবলৈ হ’লে সম্পূৰ্ণ সময় ব্যয় কৰিব লাগিব । শৰীৰ চৰ্চাৰ বিশেষজ্ঞসকলৰ মতে সুন্দৰ স্বাস্থ্য অটুট ৰখাৰ কাৰণে শৰীৰৰ যতনৰ প্ৰক্ৰিয়াটো প্ৰয়োজন । শাৰীৰিক সক্ৰিয়তা বজাই ৰাখি নিয়মিতভাৱে টোপনি গ’লে ৮০ বছৰ বয়সতো এগৰাকী মহিলাই শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিব পাৰে ।

উৎস :- জি এনআৰচি স্বাস্থ্য

জীৰ্ণ বৃক্ক ৰোগ ( Chronic Kidney Disease) আৰু প্ৰটিন যুক্ত আহাৰ -

প্ৰটিন হৈছে আমাৰ খাদ্যৰ পোষক তত্ত্ব ৰ এক অপৰিহাৰ্য্য অংশ | এই প্ৰটিন সমূহ কিছুমান সূক্ষ্ম এককেৰে গঠিত যাক এমাইনো এচিড বুলি কোৱা হয় | মানুহৰ শৰীৰৰ বাবে মুঠ 24 এমাইনো এচিডৰ প্ৰয়োজন আৰু তাৰে মুঠ 9 বিধ এমাইনো এচিড আমি কেৱল খাদ্যৰপৰা পাও বাকী কেইবিধ এমাইনো এচিড আমাৰ শৰীৰে উৎপাদন কৰে | এই 9 বিধ এমাইনো এচিড ক Essential Amino Acid বোলা হয় কাৰণ এই কেইবিধ আমি কেৱল খাদ্যৰপৰা হে পাও | প্ৰটিন আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষক তত্ত্ব | প্ৰটিন ৰ দ্বাৰা শৰীৰৰ গঠন হোৱা ৰ উপৰিও, অচমটিক প্ৰেছাৰ সন্তুলন কৰে আৰু শৰীৰৰ এণ্টিবডি, হিমগ্লবিন, এনজাইম, হৰমণ, তেজ গোট মৰা তত্ব ( Coagulation factor) ইত্যাদি গঠনৰ বাবে প্ৰটিনৰ আৱশ্যক | সাধাৰণতে এজন সুস্থ মানুহৰ বাবে দৈনিক প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে 1গ্ৰাম প্ৰটিন প্ৰয়োজন |

 

কিডনি ৰোগীৰ বাবে প্ৰটিন জাতীয় খাদ্যৰ পৰিমাণ -


যদিও প্ৰটিন আমাৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয় পোষক দ্ৰব্য তথাপিও জীৰ্ণ কিডনি ৰোগীৰ ক্ষেত্ৰত পৰিমাণতকৈ অধিক প্ৰটিন জাতীয় খাদ্য গ্ৰহণ কৰিলে তাৰ পৰা শৰীৰৰ ক্ষতি হোৱাৰ হে দেখা যায় | সেয়েহে জীৰ্ণ কিডনি ৰোগীৰ (Chronic Kidney Disease) ক্ষেত্ৰত প্ৰটিন জাতীয় খাদ্যৰ পৰিমাণ সীমিত কৰা হয় | প্ৰটিন জাতীয় খাদ্য সীমিত কৰাৰ ফলত Chronic Kidney Disease ৰোগীৰ ইউৰেমিয়াৰ জতিলতা কম কৰাৰ লগতে বৃক্কৰ নেফ্ৰনৰ ওপৰত হোৱা ক্ষতি কম হয় , অৰ্থাৎ বৃক্কৰ বিফলতাৰ হাৰ কমাই | নেফ্ৰন হৈছে বৃক্কৰ কাৰ্য্যকৰী একক | এই দৈনিক প্ৰয়োজনীয় প্ৰটিন ৰ পৰিমাণ সকলো বৃক্ক ৰোগীৰ ক্ষেত্ৰত একে নহয়| Chronic Kidney disease ৰ পৰ্য্যায় অনুসৰি দৈনিক প্ৰয়োজনীয় প্ৰটিন ৰ পৰিমাণ বেলেগ বেলেগ হয়|
Stage 1 আৰু 2 ৰ বাবে প্ৰটিন জাতীয় খাদ্যৰ ওপৰত কোনো বাধা নাই , এজন সুস্থ মানুহৰ বাবে প্ৰয়োজনীয় হিচাপত ব্যৱহাৰ কৰিব পাৰে |
Stage 3 ৰ ক্ষেত্ৰত - 0.6 গ্ৰাম প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি দিনে, তাৰে >= 0.35 গ্ৰাম high biological value protein
Stage 4 আৰু 5 ক্ষেত্ৰত - 0.6 গ্ৰাম প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি দিনে, তাৰে >= 0.35 গ্ৰাম high biological value protein
GFR <60 ml/min per 1.73m² ( নেফ্ৰটিক চিনড্ৰম) - 0.8 গ্ৰাম গ্ৰাম প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি দিনে, লগতে 1গ্ৰাম প্ৰটিন প্ৰতি গ্ৰাম প্ৰটিনওৰিয়া বিপৰীতে |
ইয়াৰ উপৰিও Essential Amino Acid বেলেগ কৈ দি দৈনিক খাদ্য ৰ প্ৰটিন ৰ পৰিমাণ কম কৰিব পাৰি |
তাৰোপৰি এই প্ৰটিন জাতীয় খাদ্য সমূহ বাছনি কৰোতেও বেছি পৰিমাণে Essential Amino Acid থকা খাদ্য হে সংযোজন কৰিব লাগে |
উদাহৰণ স্বৰূপে এজন 60 কিলোগ্ৰাম ওজনৰ Stage 3 Chronic Kidney Disease ৰোগীৰ দৈনিক প্ৰয়োজনীয় প্ৰটিন ৰ পৰিমাণ হব 60*0.6 গ্ৰাম = 36 গ্ৰাম, তাৰে 60×0.35 গ্ৰাম = 21 গ্ৰাম প্ৰটিন হব লাগিব High Biological value protein.
সচৰাচৰ ব্যবহৃত খাদ্য সামগ্ৰী আৰু তাৰ পৰা প্ৰতি 100 গ্ৰাম ত উপলব্ধ প্ৰটিন ৰ পৰিমাণ তলত উল্লেখ কৰা হৈছে :
ছাগলীৰ মাংস = 21.4 গ্ৰাম
কুকুৰাৰ মাংস ছাল অবিহনে = 20 গ্ৰাম প্ৰায়
মাছ = 19.5 গ্ৰাম
কুকুৰাৰ কণী = 13.3 গ্ৰাম
গৰুৰ গাখীৰ = 3.2 গ্ৰাম
দালি = 21.0 গ্ৰাম
চাউল = 7 গ্ৰাম
আলু = 1.6 গ্ৰাম
কল = 0.7 গ্ৰাম
* বাকলি গুচোৱা ডাঙৰ আকাৰৰ দুটা কুকুৰাৰ কণী ৰ ওজন প্ৰায় 100 গ্ৰাম হব |

( যদিও লিখনিটো Chronic Kidney Disease ৰোগীৰ বাবে জ্ঞাতাৰ্থে লিখা হৈছে তথাপি তেনে ৰোগী সকলে চিকিৎসাধীন চিকিৎসকৰ পৰামৰ্শমতে হে আহাৰ গ্ৰহণ কৰিব )

লেখক :- ডা: ব্ৰিঞ্চি বৰুৱা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ


যৌনতা বিষয়ক কিছু কথা -

হস্তমৈথুনৰ বিষয়েঃ-

হস্তমৈথুন হৈছে এক প্ৰাকৃতিক ক্ৰিয়া। কিন্তু, আজিৰ দিনটো বহুতে ইয়াক ধনাত্মক ভাৱে গ্ৰহণ কৰিব নোখোজে। বেছিভাগ পুৰুষ বা মহিলাই কম-বেছি পৰিমাণে হস্তমৈথুন কৰে। ইয়াত লাজ বা সংকোচ কৰিবলগীয়া একো কথা নাই। কাৰণ, এইটো শৰীৰৰ আহ্বান মতেই হয়। কিন্তু, সেইবুলি অশ্লীল ছবি চোৱাৰ ফলত বা অশ্লীল কথা চিন্তা কৰি থকাৰ ফলত সৃষ্টি হোৱা শৰীৰৰ আহ্বান বা নিৰ্দেশ প্ৰাকৃতিক নহয়। যেতিয়া শৰীৰক হস্তমৈথুন বা অন্য মৈথুনৰ প্ৰয়োজন অনুভৱ হয়, তেতিয়া শৰীৰে বিভিন্ন ইংগিত দিয়ে আৰু সেইবোৰে হস্তমৈথুন কৰিবলৈ আহ্বান জনায়।
হস্তমৈথুনৰ ফলত মনৰ ভয়ভাৱ আতৰ হয়, উৎসাহ আৰু কৰ্মস্পৃহা বৃদ্ধি পায়, মৃত আৰু দুৰ্বল শুক্ৰাণুবোৰ ওলাই গৈ নতুন আৰু শক্তিশালী শুক্ৰাণুৰ সৃষ্টি হয়, বীৰ্যৰ উৎপন্নৰ হাৰ বৃদ্ধি হয়, স্বপ্নদোষ হ্ৰাস পায় বা আতৰ হয়। সুস্থ ব্যক্তি এজনে শৰীৰৰ নিৰ্দেশ অনুসৰি সপ্তাহত ১ৰ পৰা ৫ দিনপৰ্যন্ত হস্তমৈথুন কৰিব পাৰে। কিন্তু জোৰকৈ উত্তেজনা সৃষ্টি কৰি হস্তমৈথুন কৰা শৰীৰৰ বাবে ক্ষতিকৰ।

সহবাসৰ বিষয়ে -

সাধাৰণতে মহিলাৰ তুলনাত পুৰুষৰ সোনকালে বীৰ্যস্খলন হয়। যাৰ ফলস্বৰূপে মহিলাসকলে যৌনক্ৰিয়াৰ চৰমপৰ্যায় পোৱাত অসুবিধাৰ সৃষ্টি হয়।বেছিভাগ পুৰুষৰ ২ ৰ পৰা ১০ মিনিটৰ ভিতৰত বীৰ্যপাত হয়।আনহাতে মহিলাসকলৰ ক্ষেত্ৰত এই সময় প্ৰায় ২০ ৰ পৰা ৩০ মিনিটৰ ভিতৰত। আজিকালি বজাৰত নানাধৰণৰ যৌনউত্তেজনাবৰ্ধক ঔষধ সহজলভ্য হৈ পৰিছে। ফাৰ্মাচিবোৰত এইবোৰৰ বিক্ৰীৰ হাৰও বহুত বেছি। বিবাহিতৰ পৰা অবিবাহিতলৈকে, ডেকাৰ পৰা বৃদ্ধলৈকে সকলো এই ঔষধবোৰৰ ক্ৰেতা। অপ্ৰিয় হলেও ই সত্য। এইবোৰৰ পাৰ্শ্বক্ৰিয়া বহুত।
কিছুমান পুৰুষে বীৰ্যৰ বেগ ৰখাই ৰখাই সহবাসৰ সময় বৃদ্ধি কৰে, কিছুমান বিশেষজ্ঞই ও এনে পৰামৰ্শ দিয়াৰ কথা শুনা যায়। আয়ুৰ্বেদ মতে, কিছুমান বেগ ৰখোৱাতো শৰীৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ ভিতৰত বীৰ্যবেগ বা শুক্ৰবেগ ও আছে। বীৰ্যবেগ বাৰে বাৰে ৰখোৱাৰ ফলত শৰীৰত প্ৰচণ্ড চাপৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ৰক্তবিকাৰ হোৱাৰ সম্ভাৱনা থাকে। এনেকৈ যৌনক্ৰিয়া কৰাৰ ফলত শৰীৰ অৱশ আৰু দুৰ্বল হৈ পৰে।মানসিক আৰু শাৰীৰিক ভাৱে সুস্থ পুৰুষ এজনে বীৰ্যস্খলন হোৱাৰ পিছতো কোনো বিৰতি নোলোৱাকৈ যৌনক্ৰিয়া চলাই যাব পাৰে। ইয়াৰ বাবে লাগে মাথো ধনাত্মক চিন্তা আৰু এলাহ ভাৱ বৰ্জন। এনেকৈ কিছুদিন অভ্যাস কৰিলে পুৰুষ এজনে এঘন্টা বা তাতোধিক সময়লৈ কোনো বিৰতি নোলোৱাকৈ(বীৰ্যপাত কেইবাবাৰো হব পাৰে) কোনো ঔষধ নোলোৱাকৈ সম্ভোগ ক্ৰিয়া কৰিব পৰা হয়। ""অভ্যাশৰ নৰ কৰ্ণপথে কৰে শৰ"" ।
সম্ভোগৰ কৰাৰ পিছত লগে লগে পানী খোৱা অনুচিত। কিছুসময় পিছতহে খাব লাগে।

পুৰুষাংগৰ বিষয়েঃ-

বহুতো পুৰুষ-মহিলাৰ চিন্তা হয় লিংগৰ জোখক লৈ। সাধাৰণতে যোনীৰ সন্মুখৰ ২/৩ ইঞ্চি অংশহে অধিক সক্ৰিয়। এই হিচাপত লিংগৰ দৈৰ্ঘ্য ৩ ইঞ্চি বা তাৰ ওপৰৰ যিকোনো হলেই হল। আনহাতে, যোনীয়ে লিংগৰ সকলো আকৃতি ( girth) adjust কৰি লব পাৰে। গতিকে, লিংগৰ hardness থকাটোহে দৰকাৰী, জোখ সিমান দৰকাৰী নহয়। লিংগৰ দূৰ্বলতা আতৰাবলৈ বিশুদ্ধ সৰিয়হ তেলেৰে নিয়মিতভাৱে দিনত দুবাৰকৈ লিংগ মালিচ কৰিব লাগে। মালিচ ২ৰ পৰা ৫ মিনিট আৰু লাহে লাহে কৰা উচিত। লিংগ সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। অপৰিষ্কাৰ আৰু অত্যধিক নোমাল অৱস্থাও লিংগৰ দূৰ্বলতাৰ কাৰণ হব পাৰে। টান অন্তৰ্বাস কেতিয়াও পিন্ধিব নালাগে আৰু অণ্ডকোষ বেছিকৈ চুই থাকিব নালাগে। ইয়াৰ ফলত অণ্ডকোষৰ কোষবোৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে।


যৌন শক্তি বৃদ্ধি কৰিবলৈ -


তিচি:-

আয়ুৰ্বেদত তিচিক চমৎকাৰী, আয়ুবৰ্ধক, আৰোগ্যবৰ্ধক দৈবিক ভোজন বুলি জনা যায়। তিচিক হিন্দীত অলসী, ইংৰাজীত Flax seed বুলি কোৱা হয়। তিচিত মূখ্য ৰূপত অমেগা ৩ ফেটি এচিড, আলফা লিনোলেনিক এচিড,লিগেনিন,জিংক,মেগনেছিয়াম, প্ৰটিন, ফাইবাৰ আদি থাকে। পুৰুষৰ যৌন সম্বন্ধীয় সকলো দূৰ্বলতা আতৰাবলৈ তিচি সৰ্বশ্ৰেষ্ঠ আৰু সুৰক্ষিত। পুৰুষ-মহিলা উভয়ে সেৱন কৰিব পাৰে। ই চুলি আৰু ছালৰ বাবেও বহুত উপযোগী। তিচিত থকা অমেগা-৩ ফেটি এচিড, আৰ্জেনিন আৰু লিগেনিনে জনন ইন্দ্ৰিয়ত ৰক্ত প্ৰবাহ বৃদ্ধি কৰে যাৰ ফলত লিংগ শক্তিশালী আৰু erection বৃদ্ধি হয় লগতে উতকৃষ্ট আৰু গতিশীল শুক্ৰাণুৰ উৎপন্ন হয়। তিচিত থকা চেলেনিয়াম আৰু জিংক প্ৰোষ্টেট গ্ৰন্থিৰ ৰক্ষণাবেক্ষণ, স্খলনৰ ওপৰত নিয়ন্ত্ৰণ , টেষ্টোষ্টেৰন হৰ'মন আৰু শুক্ৰাণু নিৰ্মাণৰ বাবে আৱশ্যক।
খোৱাৰ নিয়মঃ—

নিতৌ ১০ৰ পৰা ৩০ গ্ৰাম তিচি গুড়ি খাব পাৰে। আহাৰ খোৱাৰ পিছত বা গাখীৰ, দাইল আদিৰ লগত মিহলাই ও খাব পাৰে। আটাৰ লগত মিহলাই ৰুটি বনাই বা লাৰু বনাই ও খাব পাৰে। তিচি গুড়ি কৰি ৰাখি থব নালাগে। এনেকৈ ৰাখি থলে ইয়াৰ গুণ নোহোৱা হৈ যায়। খোৱাৰ সময়ত গুড়ি কৰি লব। অংকুৰিত তিচি বেছি সোৱাদযুক্ত আৰু বেছি আহযুক্ত হয়। তিচিয়ে যৌনৰোগৰ লগতে দেহৰ বিভিন্ন ৰোগ আৰু শাৰীৰিক দূৰ্বলতা আতৰায়।

নহৰুঃ-

পুৰুষৰ যিকোনো যৌনৰোগত কেচা নহৰু মহৌষধ। কেচা নহৰুৰ ওপৰৰ বাকলি গুচাই ৩/৪ ফোটাকৈ ভাতৰ লগত দিনে দুবাৰকৈ একেৰাহে ৩/৪ মাহ মান খালে যথেষ্ট উপকাৰ পোৱা যায়।
ইয়াৰ উপৰিও নিয়মিতভাৱে যোগ,প্ৰাণায়াম আদি কৰিব লাগে। নিতৌ "সূৰ্য নমষ্কাৰ" ব্যায়াম কৰিলে আন কোনো শাৰীৰিক কচৰৎ কৰাৰ প্ৰয়োজন নাই। খাদ্য খোৱাৰ সকলো নিয়ম মানি চলিব লাগে।অত্যধিক জ্বলা, মছলা, নিচাযুক্ত দ্ৰব্য আদি বৰ্জন কৰা উচিত।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate