অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তা :

লাহী দেহৰ নিয়ম -

থূলন্তৰ দেহ মানে নানা ৰোগ-ব্যাধিৰ ভঁৰাল। আৰু ক্ষীণ দেহ মানে…? তজবজীয়া, আলস্যহীন- য’ত লুকাই তাকে পখীৰ দৰে উৰণীয়া মন। সেইবুলি লতাৰ দৰে খীন-মীন হ’বলৈ উপবাসে দিন কটোৱা উচিত নহয়। আহাৰৰ পৰিমাণ হঠাতে একেবাৰে কমাই দিয়াটো অযুক্তিকৰ। কিন্তু আজিকালিৰ ছোৱালীয়ে বিশেষকৈ কিশোৰীসকলে শ্লিম হোৱাৰ নামত পাৰ্যমানে অনাহাৰে থাকে। চিকিৎসা বিজ্ঞানৰ পৰিপুষ্টি বিজ্ঞানৰ মতে এনেকৈ ওজন কমোৱা নাযায়, ক্ষীণাংগীও নহয়। চিন্তা-ভাবনা নকৰাকৈ দিনটোৰ ভিতৰতে আহাৰৰ পৰিমাণ কমাই দিলে সুফলতকৈ কুফলেই বেছি।

অৰ্থাৎ শৰীৰৰ ভাৰসাম্য বিনষ্ট হয় আৰু পুষ্টিহীনতাই দেখা দিয়ে। এদিনতে নহয়, আহাৰৰ পৰিমাণ কমাব লাগে শৰীৰৰ সহন শক্তিৰ লগত খাপ খুৱাই। নতুন খাদ্যাভ্যাসৰ সৈতে শৰীৰৰ একৰ ৰাহি-যোৰা মিলিলে আৰু চিন্তা নাই। তেতিয়া সুস্বাস্থ্যৰ চাবিকাঠী আপোনাৰ হাতত। অৱশ্যে কেলৰি হ্ৰাস কৰাৰ উদ্দেশ্যে আপুনি কি ধৰণৰ আহাৰ নিৰ্বাচন কৰিছে, সেই সম্পৰ্কে সচেতন হ’বই লাগিব। পুষ্টিগুণসমৃদ্ধ আহাৰ খাব লাগিব।

কি নিয়ম পালন কৰিব -

  • কম তেলত ভাজিবলৈ ননষ্টিক বাচন ব্যৱহাৰ কৰক।
  • খাদ্যৰ ৭৫ শতাংশ খাদ্য সেকি কৰি খাব পাৰিলে ভাল।
  • চেনিৰে তৈয়াৰী খাদ্য কমাই খাওক। ইয়াৰ পৰিৱৰ্তে চেকাৰিন ব্যৱহাৰ কৰক।
  • দুপৰীয়া আৰু ৰাতিৰ আহাৰ কোনো কাৰণতেই নোখোৱাকৈ নাথাকিব।
  • আহাৰ গ্ৰহণ কৰা থালখন সৰু আকাৰৰ লওক।
  • পেট ভৰা বুলি ভাবিলেই খাদ্য গ্ৰহণ কৰা বন্ধ কৰিব।
  • সপ্তাহত এবাৰকৈ ওজন জুখিব।
  • প্ৰতিদিনে আইনাত নিজৰ শৰীৰটো পৰীক্ষা কৰক।

চকুৰ তল ফুলা সমস্যাৰ সমাধান -

  • খোৱা-বোৱাৰ প্ৰতি বিশেষ মনোযোগ দিব।
  • নিয়মিত আঠ ঘন্টা শুবলৈ চেষ্টা কৰিব।
  • দুটা টী-বেগ উতলাই লিকাৰ হোৱাৰ পিছত ফ্ৰীজত থৈ ঠাণ্ডা কৰি ল’ব। ঠাণ্ডা টী-বেগ চকুযুৰিৰ ওপৰত থৈ আধা ঘন্টাৰ বাবে চিৎ হৈ শুহি জিৰণি ল’ব।
  • তিয়ঁহৰ ৰসত কপাহ তিয়াই চকুযুৰিৰ ছালখন মচি ল’ব।
  • কুমলীয়া জিকাৰ ৰস এচামুচ, কেইটোপোলমান তুলসীৰ ৰস আৰু কেঁচা হালধিৰ ৰস একেলগে মিহলাই চকুযুৰিৰ চাৰিওকাষৰ ছালত লগাব। শুকুওৱাৰ পিছত ধুই পেলাব।
  • দুচামুচ কমলাৰ ৰস বা আঙুৰৰ ৰস কপাহত তিয়াই চকুযুৰিৰ ওপৰত দিব। দহ মিনিটৰ পিছত তুলি পেলাব। কেইটোপালমান কাঠবাদাম তেলেৰে চকুযুৰিৰ চাৰিওকাষ মালিচ কৰি তিতা কপাহেৰে মচি পেলাব।
  • দুচামুচ মৌ আৰু আধা চামুচ আটা একেলগে মিহলাই ল’ব। দুচকুৰ চাৰিওকাষৰ ছালখনত লগাব। দহ মিনিটৰ পিছত তিতা কপাহেৰে তুলি পেলাব। কাঠবাদাম তেলৰ মিহলাই চকুযুৰিৰ চাৰিওকাষ মালিচ কৰিব। তিয়ঁহৰ ৰসত কপাহ তিয়াই মচিব।
  • সুৰাপান বৰ্জন কৰিব।

ম’বাইল ফোনৰ বিপদ -

আপুনি সমগ্ৰ দিনটোত ম’বাইল ফোনটো কিমান সময় ব্যৱহাৰ কৰে? বহুতৰ ক্ষেত্ৰত দেখা যায় যে ৰাতি টোপনিত থকা সময়ছোৱাৰ বাহিৰে ম’বাইল ফোনটো গাতে লাগি থাকে। চিকিৎসা বিজ্ঞানত ম’বাইল ফোনৰ অপকাৰিতা বিষয়ে বহু গৱেষণা হৈছে। এই ফোন বেছিকৈ ব্যৱহাৰ কৰা সকলৰ ব্ৰেইন কেন্সাৰ হয় নে নহয়, সেয়া সম্প্ৰতি বিতৰ্কৰ বিষয়।

কিন্তু এটা কথা চিকিৎসা বিজ্ঞানে সজোৰে দাবী কৰিছে যে ম’বাইল ফোনে মানসিক চাপ বৃদ্ধি কৰে, সেয়ে ম’বাইলৰ পৰা যিমান পাৰি আঁতৰত থাকিবলৈ চেষ্টা কৰক। বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক লৈ সাৱধান হ’ব যাতে ম’বাইল ফোনৰ প্ৰতি বেছি আসক্ত নহয়।

ফিৰফিৰীয়া চুলি -

ৰূপচৰ্চাৰ অংগ হিচাপে ফেচিয়েল কৰা, চুলিত ৰং লগোৱা বহু মানুহৰ নিয়মীয়া কামৰ ভিতৰত পৰে। বহুতেই বিউটী পাৰ্লাৰত গৈ এই পৰিচৰ্যাবোৰ কৰে। আপুনি অকণমান যত্ন কৰিলেই ঘৰতে নিজেই কেতবোৰ যতন ল’ব পাৰে। চুলিৰ বাবে এটা পাত্ৰত একাপ গোলাপজল লওক। তাৰ লগত এচামুচ নাৰিকল তেল ভালদৰে মিহলাওক। ইয়াৰ লগত দহ টোপাল ভিটামিন ই তেল মিহলাওক। মিশ্ৰণটো সামান্য গৰম কৰি চুলিত তেল লগোৱাৰ দৰে লগাওক। সাধাৰণ চুলি হ’লে ৩০ মিনিট ৰাখিলেই হ’ল। অৱশ্যে যাৰ চুলি ৰুক্ষ আৰু চুলিৰ আগবোৰ ফটা, তেওঁলোকে বেছি সময় ৰাখিলে ভাল। ইয়াৰ আৰু চুলিৰ আগবোৰ ফটা, তেওঁলোকে বেছি সময় ৰাখিলে ভাল। ইয়াৰ পিছত সামান্য কুহুমীয়া পানীৰে চুলি ছেম্পু কৰক। ছেম্পু কৰি উঠাৰ পিছত ঠাণ্ডা পানী অলপ চুলিত ঢালি দিব। চুলি শুকুওৱাৰ পিছত চুই চাওকচোন। কিমান কোমল, মোলায়েম, উজ্জ্বল হৈছে প্ৰমাণ পাব।

বেছিকৈ শুলে কি ক্ষতি হয়?

অনুমোদিত সময়তকৈ যদি আপুনি প্ৰতি নিশা সাত বা আঠ ঘন্টাতকৈ কমকৈ টোপনি যায় আৰু এতিয়াও লেপটপৰ সন্মুখত বহি টোপনি ভাঙিবলৈ চেষ্টা কৰি আছে, তেনেহ’লে অতি সোনকালে নিজৰ হিত চিন্তা কৰি সেইটো সামৰক আৰু কোঠাৰ লাইট বন্ধ কৰি পূৰ্বতকৈ এক ঘন্টা আগতেই বিছনালৈ যাওক আৰু তলৰ সেই ভাল ফলবোৰ ভোগ কৰক:

  • সু-স্বাস্থ্য,
  • বিষৰ পৰা পৰিত্ৰাণ পোৱা,
  • আঘাতৰ শংকা হ্ৰাস কৰা,
  • মনৰ বিষণ্ণতা দূৰ কৰা,
  • ওজন নিয়ন্ত্ৰণত ৰখা,
  • চিন্তাশক্তি পৰিষ্কাৰ কৰি ৰখা,
  • স্মৃতিশক্তি বৃদ্ধি কৰা,
  • নিজকে অপ্ৰতিৰোধ্য কৰি ৰখা,
  • দেহৰ প্ৰতিৰক্ষা ক্ষমতা সবল কৰি ৰখা,
  • মানসিক চাপ নিয়ন্ত্ৰণ কৰা,
  • দীৰ্ঘায়ু হোৱা,
  • সৃজনীশক্তি বৃদ্ধি কৰা।

টোপনি কম হোৱাৰ ফলত আমাৰ শৰীৰত পৰিব পৰা প্ৰভাৱসমূহৰ ভিতৰত-

  • ৰক্তচাপ বৃদ্ধি পোৱা,
  • ক’ৰনেৰী এথেৰ’স্কেল’ৰছিছ,
  • হাৰ্ট ফেইলৰ,
  • হাৰ্ট এটেক,
  • ব্ৰেইন ষ্ট্ৰোক,
  • বহুমূত্ৰ ৰোগ,
  • মেদবহুলতা।

ফুৰাৰ উপকাৰিতা -

আপুনি বাৰু মাজে মাজে ফুৰিবলৈ যায়নে? ইয়াৰ অৰ্থ এইটো নহয় যে ঘৰৰ পৰা বহু নিলগত যাব লাগিব। মুঠৰ ওপৰত ঘৰুৱা পৰিৱেশ সলনি কৰিব লাগে। শেহতীয়াকৈ ফেমিং হাম হাৰ্ট ষ্টাডিজত প্ৰকাশ পাইছে যে যিসকল ব্যক্তিয়ে ফুৰি ভাল পায়, অৰ্থাৎ ৰুটিন মাফিক কৰ্মব্যস্ততাৰ পৰা মাজে মাজে আঁতৰি থাকে, তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা কম। সেয়ে মাজে মাজে দহোবন কাটি কৰি থৈ দুদিনমানৰ কাৰণে নগৰৰ সকল গাঁৱলৈ ফুৰিবলৈ যাওক। একঘেয়ামি ৰুটিন মাফিক জীৱনৰ পৰা আঁতৰি নতুন অভিজ্ঞতাৰ সোৱাদ লওক আৰু নিজকে সুস্থ কৰি ৰাখক।

লিপবামৰ উপকাৰিতা -

ছিটিককৈ ফাটি যোৱা ওঁঠটোৰ কাৰণে আপুনি কেতিয়াবা চেপি চেপি হাঁহিব লগাত পৰিছেনে? এনে সমস্যা হ’লে হাঁহিতো বাদেই, কথা ক’বলৈকো অসুবিধা হয়। লছ এঞ্জেলছৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ চৰ্ম বিশেষজ্ঞ নিকোলাছ লয়ে প্ৰকাশ কৰিছে যে সঘনাই ওঁঠ ফটা সকলে কনিয়মীয়াকৈ লিপবাম লগালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

প্ৰতি ঘন্টা বা দুঘন্টাৰ মূৰে মূৰে লিপবাম লগালে ওঁঠ ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰি। অৱশ্যে ৰ’দত ওলাব লগা কাম থাকিলে লিপবাম নলগাই ছানস্ক্ৰীম লোচন লগাবও পাৰে। যিসকল ব্যক্তিয়ে দিনটোত কেইবাবাৰো লিপবাম লগায়, তেওঁলোকৰ কেতিয়াও ওঁঠ নাফাটে। লিপবাম নাথাকিলে গাত সনা তেলো লগাব পাৰে।

বীয়েৰৰ মাহাত্ম্য -

বীয়েৰ খাই পাইছেনে? বীয়েৰৰ নাম শুনিলেই আপুনি চাগে বীয়েৰৰ উপকাৰিতাৰ কথা ভাবিছে। আপুনি ভবাৰ দৰে নহয়, বীয়েৰ বহু কামত ব্যৱহাৰ কৰিব পাৰি।

  • মাংস ৰান্ধোতে আপুনি বীয়েৰ ব্যৱহাৰ কৰিব পাৰে। ৰন্ধাৰ সময়ত মাংসত সানি লোৱা মচলাৰ লগত সামান্য বীয়েৰ মিহলাই সানিলে মাংস কোমল হোৱাৰ লগতে গোন্ধটোও সুন্দৰ হয়।
  • আপোনাৰ টাবৰ ফুলবোৰ লহপহকৈ বাঢ়িবলৈ গুৰিত বীয়েৰ দিব পাৰে। গছবোৰে বীয়েৰৰ পৰা অতি সহজে পুষ্টি, শৰ্কৰা আৰু শক্তি লাভ কৰিব।
  • পেটৰ বিষ উপশম কৰাত বীয়েৰে সহায় কৰে।
  • কোমল কাপোৰ এডোখৰ বীয়েৰত ডুবাই লৈ সোণৰ গহনাখিনি কাপোৰেৰে মোহাৰী দিলে চিকচিকীয়া হৈ পৰে।
  • বীয়েৰ মিহলোৱা পানীৰে গা ধুলে দেহৰ ছাল নিমজ হয়। বীয়েৰত থকা ইষ্টে ছাল নিমজ কৰাত সহায় কৰে।

তুলসীৰ গুণাগুণ -

প্ৰায়ভাগৰ ঘৰতেই তুলসী গছ ৰোৱা হয়। তুলসী পাতে কফত ভাল কাম কৰে। তুলসী পাতৰ ৰস মৌৰ লগত খালেগ সৰু ল’ৰা-ছোৱালীৰ বহুদিন ধৰি হৈ থকা কাহ ভাল হয়। মৌ, আদাৰ ৰস আৰু পিঁয়াজৰ ৰসৰ লগত তুলসী পাতৰ ৰস খুৱালে কফ বাহিৰ হোৱাত যথেষ্ট সহায় কৰে। এইধৰণৰ ব্যৱস্থা কাহ, ব্ৰংকাইটিছ আদি ৰোগতো ভাল। তুলসী পাতৰ ৰসে বমি বন্ধ কৰে আৰু পেটৰ ভিতৰত থকা কৃমি নাশ কৰে। ইনফ্লুয়েঞ্জা, মেলেৰিয়া, কলেৰা আদি ৰোগো যেতিয়া সংক্ৰামক ৰূপত দেখা দিয়ে তেতিয়া তুলসী পাতৰ ৰসে ৰোগ নিবাৰক ঔষধ হিচাপে কাম কৰে। যিসকলে ছালৰ কোনো ধৰণৰ খজুৱতি, আঙুলিৰ খৰ, দূষিত তেজ আদিৰ পৰা কষ্ট পাই থাকে, তেওঁলোকে তুলসী পাতৰ ৰস খোৱা উচিত। লগতে আক্ৰান্ত ঠাইত তুলসী পাতৰ ৰস লগাব লাগে।

তুলসী পাতৰ ৰসৰ লগত নেমুটেঙাৰ ৰস মিহলাই ল’লে বেছি ভাল হয়। তুলসী পাত পানীৰ লগত খুন্দি ফোঁহা আদিত প্ৰলেপ দিয়া হয়। সৰু ল’ৰা-ছোৱালীৰ যকৃতৰ অসুখত তুলসী ভিজোৱা পানী খালে ভাল। তুলসীৰ সতেজ পাত আৰু মিহি শিপাৰ ৰসে সাপে কামোৰাত বিহনাশক হিচাপে ব্যৱহাৰ হয়। শিপাৰ মিহি গুড়ি বিছাই ডকা ঠাইত লাহে লাহে ঘঁহি দিলে বিষ বহু পৰিমাণে কমে। তুলসী পাতৰ মালা বনাই হাজোৰ হয়গ্ৰীৱ মন্দিৰত পিন্ধোৱা হয় আৰু বিয়াৰ দৰা-কইনাক তুলসী পাতৰ টুপী বনাই পিন্ধোৱা হয়।

কামত খৰধৰ নকৰিব -

আপুনি বাৰু সকলো কাম দৌৰাদৌৰিকৈ শেষ কৰিবলৈ চেষ্টা কৰে নেকি? তেনেদৰে কৰা কামৰ কৃতকাৰ্যতাৰ হাৰ নিম্নমানৰ। ধীৰে-সুস্থিৰে কৰা কামৰ শতাংশই কৃতকাৰ্য হোৱাৰ ফল আশা কৰিব পাৰি। বহুতে আকৌ প্ৰথমে লাহে কৰি পিছলৈ দৌৰাদৌৰিকৈ শেষ কৰিব বিচাৰে। এনে কৰাও অনুচিত।

আমি কি ধৰণেৰে কাম কৰো, তাৰ ওপৰতো আমাৰ শৰীৰটো নিৰ্ভৰ কৰে। ব্ৰিটিছ কাউন্সিলৰ দ্বাৰা চলোৱা এটা সমীক্ষাত এইটো স্পষ্ট হৈছে যে কোনো কামতে প্ৰয়োজনতকৈ অধিক খৰধৰ আৰু দৌৰাদৌৰি কৰিলে হৃদযন্ত্ৰৰ সমস্যাই দেখা দিয়ে।

বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়ে। এনেধৰণৰ সমস্যাত ভোগাসকলে সময়ৰ নাটনিৰ বাবেই এনে হয়। এনেধৰণৰ সমস্যাত ভোগাসকলে বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক সময় দিব নোৱাৰে। ফলত মানসিক চাপ বা অৱসাদত ভোগে, যি শৰীৰ বাবে ক্ষতিকাৰক। আনহাতে কামৰ হেঁচাত শৰীৰৰ বাবে প্ৰয়োজনীয় আহাৰ গ্ৰহণ কৰা নহয়। এনে অৱস্থাত ধূমপান বা সুৰাপান কৰাৰ অভ্যাস গঢ়ি উঠে। ইয়ে শৰীৰৰ যথেষ্ট ক্ষতি কৰে। সেয়ে সকলো কাম মনোযোগেৰে সময় লৈ কৰা উচিত।

তদুপৰি নিৰন্তৰ কৰ্মব্যস্ততাৰ পৰা অলপ আঁতৰাই ৰাখিলে মনটো ভাল লাগে। যাৰ প্ৰভাৱ শৰীৰত পৰে। আজৰি সময়ত গান শুনি, চিনেমা চাই, কিতাপ পঢ়ি বা বন্ধু-বান্ধৱৰ লগত আড্ডা মাৰিব লাগে। এনে কৰিলে দেখিব মানসিক চাপ হ্ৰাস পাইছে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 6/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate