অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য-বাৰ্তা :

স্বাস্থ্য-বাৰ্তা :

 

*আমাৰ তেজৰ কলেষ্টেৰলৰ মাত্ৰা কম কৰি ৰখাটো স্বাস্থ্যসন্মত । স্বাস্থ্যবিজ্ঞানীসকলে এই পৰিমাণ ২০০ মিলিগ্ৰামৰ তলত ৰখাৰ পৰামৰ্শ দিয়ে । অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচুৱাৰ দেহত থকা কলেষ্টেৰল সম-পৰিমাণৰ হ’লে অধিক স্বাস্থ্যসন্মত হয় । অৰ্থাৎ ১৫০ মিলিগ্ৰামতকৈ কম পৰিমানৰ কলেষ্টেৰল থাকিলে বেছি ভাল । এনে পৰিমাণৰ কলেষ্টেৰল থাকিলে হৃৎপিণ্ডৰ ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা ভালেখিনি হ্ৰাস পায় । অতি-সম্প্ৰতি এক অধ্যয়নৰ পৰা এই তথ্য পোৱা গৈছে । লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ বিজ্ঞানীসকলে ৫,০০০ মানুহৰ ওপৰত এই অধ্যয়ন কৰিছিল । তেওঁলোকে দহটা এনে অধ্যয়ন কৰিছে । তেওঁলোকে কৈছে- তেজৰ কলেষ্টেৰলৰ মাত্ৰা যথাসম্ভৱ কম কৰি ৰাখিলে হাৰ্ট এটেক, ষ্ট্ৰ’ক, অন্যান্য মাৰাত্মক হৃদৰোগ, উচ্চ ৰক্তচাপৰ সম্ভাৱনা এক- তৃতীয়াংশ হ্ৰাস পায় ।

*বুকু জ্বলা-পোৰা কৰিলে কেতবোৰ ঔষধে উপশম ঘটায় ঠিকেই, কিন্তু এই ঔষধসমূহে কেন্সাৰ ৰোগীৰ, বিশেষকৈ পাকস্থলীৰ কেন্সাৰৰ ক্ষেত্ৰত ৰোগীৰ অৱস্থা জটিল কৰি তুলিব পাৰে । জামা অঞ্চ’লী জাৰ্নেলত প্ৰকাশিত আলকোট বিশ্ববিদ্যালয়ৰ অধ্যয়ন এটাত এই কথা কোৱা হৈছে । অধ্যয়নকাৰীসকলে লক্ষ্য কৰিছে যে বুকু জ্বলা নিৰাময়ৰ বাবে বাৰম্বাৰ কৰা প্ৰ’টন পাম্প নিয়ন্ত্ৰণ (Proton Pump inhibitor) ঔষধে পাকস্থলীৰ কেন্সাৰ চিকিৎসাৰ বাবে ব্যৱহৃত কেপাচিটাবাইন (Capacitabine) ঔষধৰ কাৰ্যকাৰিতা ব্যাহত কৰে । গতিকে বুকু জ্বলা ৰোগৰ বাবে ব্যৱহৃত ঔষধ জধে-মধে খোৱা উচিত নহয়, চিকিৎসকৰ পৰামৰ্শ লৈহে খাব লাগে ।

*এই কথা ইতিমধ্যে জানিব পৰা গৈছে যে পুৱা অতি সোনকালে শয্যা ত্যাগ কৰাসকলে দিনত সম্পূৰ্ণ সফলতাৰে কাম-কাজ কৰাত অসুবিধা পায় । আনহাতে গৱেষণাৰ পৰা এই কথাও জানিব পৰা গৈছে যে যিসকলে দিনৰ সলনি নিশাৰ ভাগত কাম কৰিবলগীয়া হয় তেওঁলোকেও কাম-কাজত সম্পূৰ্ণ মনোযোগ দি কাম কৰিব নোৱাৰে । কিন্তু অধ্যয়নৰ পৰা এই তথ্যও জানিব পৰা গৈছে যে পুৱা সোনকালে শয্যা ত্যাগ কৰাসকলে নিশা কাম কৰাসকলতকৈ কামত অধিক ভুল কৰে । স্বাস্থ্যবিজ্ঞানীসকলৰ মতে দিনে নূন্যতম ৭ ঘণ্টা গভীৰ টোপনি যোৱাটো প্ৰয়োজনীয় । ইয়াতকৈ কম সময় টোপনি গ’লে কামত মনোযোগ বিঘ্নিত হয় ।

*গৰ্ভাৱস্থাত মহিলাই কেনে ধৰণৰ খাদ্য খায়, তাৰ ওপৰত সন্তানৰ শৰীৰৰ চৰ্বিৰ মাত্ৰা আৰু ওজন নিৰ্ভৰ কৰে । যিসকল মহিলাই অধিক চৰ্বিযুক্ত আৰু চেনিযুক্ত আহাৰ খায়, তেওঁলোকৰ সন্তানৰ মেদবহুলতা হোৱাৰ সম্ভাৱনা অধিক । আমেৰিকান জাৰ্নেল অৱ ফিজিঅ’লজীত এই তথ্য সম্বলিত নিবন্ধ এটি প্ৰকাশিত হৈছে । নিবন্ধৰ লেখকসকলে এন্দুৰৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা এই তথ্য জানিব পাৰিছে । যদিও গৰ্ভৱতী মহিলাৰ বাবে অধিক পৰিমাণৰ খাদ্যৰ প্ৰয়োজন, সেই খাদ্য কম চৰ্বিযুক্ত আৰু কম চেনিযুক্ত পুষ্টিকৰ তথা সন্তুলিত খাদ্য খালে এনে সমস্যাৰ সৃষ্টি নহয় ।

*যিসকল লোকৰ বৃক্ক তথা মূত্ৰতন্ত্ৰৰ পাথৰ হয়, তেওঁলোকৰ ক্ষেত্ৰত হাড় ভগাৰ সম্ভাৱনা অধিক হয় বুলি জানিব পৰা গৈছে । এদল ব্ৰিটিছ গৱেষকে বৃক্ক তথা মূত্ৰতন্ত্ৰৰ পাথৰত ভোগা ৫২,০০০ লোক আৰু এনে ৰোগত নোভোগা ৫,১৭,০০০ লোকৰ ওপৰত অধ্যয়ন কৰিছিল । অধ্যয়নৰ ৫ বছৰ পিচত দেখা গৈছিল যে বৃক্ক তথা মূত্ৰতন্ত্ৰৰ পাথৰত ভোগাসকলৰ ক্ষেত্ৰত হাড় ভগাৰ প্ৰৱণতা অধিক হয় । পুৰুষৰ ১০ শতাংশ আৰু মহিলাৰ ৫২ শতাংশৰে এনে হোৱাৰ সম্ভাৱনা থাকে । পাথৰত ভোগা লোকসকলৰ প্ৰস্ৰাৱত অধিক কেলচিয়াম নিৰ্গত হয় আৰু হাড়ৰ কেলচিয়ামৰ মাত্ৰা হ্ৰাস পায় । তাৰ ফলতেই হাড় ভগাৰ প্ৰৱণতা বৃদ্ধি পায় ।

*আমেৰিকাৰ ডিউক বিশ্ববিদ্যালয়ত হৃদৰোগত ভোগা পুৰুষ আৰু মহিলাৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল । এই অধ্যয়নত ৰোগীসকলক ষ্ট্ৰেছযুক্ত পৰিস্থিতিত ৰাখি হৃৎপিণ্ডিৰ ক্ৰিয়া-কলাপ নিৰীক্ষণ কৰা হৈছিল । অধ্যয়নৰ পৰা দেখা গ’ল, মহিলা ৫১ শতাংশ আৰু পুৰুষৰ ৪৯ শতাংশ ৰোগীৰ হৃৎপিণ্ডলৈ তেজৰ সঞ্চৰণৰ মাত্ৰা হ্ৰাস পাইছে । অনুচক্ৰিকাৰ মখাবন্ধাৰ প্ৰৱণতাও ষ্ট্ৰেছযুক্ত অৱস্থাত বৃদ্ধি পায়- পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বৃদ্ধি পায় । এই তথ্যই তেজ পৰীক্ষা কৰা ঔষধৰ মাত্ৰা নিৰ্ধাৰণত চিকিৎসকসকল সহায় কৰিব ।

*আমাৰ অন্ত্ৰত থকা বেক্টেৰিয়াসমূহ সময়ৰ তাৰতম্যৰ প্ৰতি সংবেদনশীল । এই তথ্যই ইংগিত দিয়ে যে ই শৰীৰৰ ওজনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । ইজৰাইলৰ এদল গৱেষকে এই সন্দৰ্ভত মানুহ আৰু নিগনিৰ ওপৰত অধ্যয়ন কৰিছিল । দেখা গৈছে যে জেটলগ’ হ’লে বেক্টেৰিয়াসমূহৰ ক্ৰিয়া-কলাপৰ পৰিৱৰ্তন ঘটে আৰু ওজন বৃদ্ধি পায় । বিশেষজ্ঞসকলে অনুভৱ কৰে যে প্ৰবায়’টিক সম্পূৰক ঔষধ ব্যৱহাৰ কৰিলে ওজন বৃদ্ধিৰ সম্ভাৱনা নিয়ন্ত্ৰণ কৰিব পাৰি ।

*দুপৰীয়াৰ আহাৰৰ ক্ষেত্ৰত কিছু সাৱধানতা লোৱাৰ প্ৰয়োজনীতা আছে । সাধাৰণতে চেণ্ডৱিছ খোৱাত গুৰুত্ব দিয়া হয় । চেণ্ডৱিছে দিনটোৰ প্ৰয়োজনীয় ছ’ডিয়াম ২,৩০০ মিলিগ্ৰামৰ ৩০ শতাংশ পূৰণ কৰে । চেণ্ডৱিছ খোৱাসকলে দিনে ৬০০ মিলিগ্ৰাম ছ’ডিয়াম পায় আৰু কেলৰিও পায় ৩০০ কেলৰি । গতিকে সাৱধান হ’ব । চেণ্ডৱিছ খোৱাটো স্বাস্থ্যসন্মত বুলি ভাবি নাথাকি অন্য খাদ্যও খোৱাৰ অভ্যাস কৰক ।

লেখক : ডা: জীৱন দত্ত বৰুৱা

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate