অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য-বাৰ্তাঃ মদ্যপানৰ প্ৰভাৱ-

স্বাস্থ্য-বাৰ্তাঃ মদ্যপানৰ প্ৰভাৱ-

চমু বিৱৰণ

আইন মতে ন্যূনতম মাত্ৰাত সুৰাপান কৰি গাড়ী চলাবলৈ অনুমতি পাব পাৰি। সেইখিনি ষাঠি বছৰৰ ঊৰ্ধ্বৰ যিকোনো মানুহে পান কৰিলেই খোজকঢ়াৰ সময়তো উজুটি খোৱাৰ শংকা থাকে। মদ্যপান কৰাৰ পাছত তেজত এলক’হলৰ মাত্ৰা ০.৫ৰ পৰা ০.৮ শতাংশলৈ বাঢ়ি গলে আইন মতে গাড়ী চলাবলৈ অনুমতি দিয়া নহয়। ৬০ বছৰ অতিক্ৰম কৰা মানুহবোৰৰ শৰীৰত উপৰিউক্ত মাত্ৰাতকৈ বেছি পৰিমাণে এলক’হল থাকিলে খোজ কঢ়াৰ সময়ত খুন্দা খোৱাৰ শংকা বাঢ়ি যায়। ইউৰোপীয় বিজ্ঞানীসকলে মানুহৰ খোজকঢ়াৰ ধৰণৰ ওপৰত মদ্যপানৰ প্ৰভাৱৰ বিষয়ে গৱেষণা চলাই প্ৰতিপন্ন কৰিছে যে ৬০ বছৰতকৈ বেছি বয়সীয়া মানুহে দুটা পেগ ভদকা (এবিধ মদ) খালে খোজ কঢ়াৰ সময়ত বাধা অতিক্ৰম কৰিবলৈ অসুবিধা পায়।

গৱেষণা

ইউৰোপৰ নেডাৰলেণ্ডৰ ছিণ্ট মাৰ্টেন স্কিলিনিয়েক নামৰ ঠাইডোখৰত অৱস্থিত গৱেষণা প্ৰতিষ্ঠানত ড ডুইছেন্স আৰু তেওঁৰ সহযোগীসকলে চলোৱা সমীক্ষাৰ ফলত জনা গৈছে যে মদ্যপান কৰিলে বৃদ্ধ মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত যি বিৰূপ প্ৰভাৱ পৰে তাৰেই ফলত মাংসপেশীবোৰৰ সক্ৰিয়তা তথা সঁহাৰি কমি যায়। মদ খোৱাৰ ফলত খোজ কঢ়াৰ সময়ত পোৱা বাধা অতিক্ৰম কৰিবলৈ যি দৈহিক সঁহাৰিৰ দৰকাৰ হয় শৰীৰে সেইখিনি প্ৰদান কৰিবলৈ অক্ষম হয়। ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ ১৩ জন স্বেচ্ছাসেৱকক নিতৌ নিচেই কম মাত্ৰাত মদ খাবলৈ দি তেজত এলক’হলৰ পৰিমাণ ০.৬ শতাংশ বঢ়োৱা হৈছিল।

পূৰ্বতে চলোৱা গৱেষণাৰ দ্বাৰা জনা গৈছিল যে বৃদ্ধ মানুহে উজুটি খাই পৰাৰ মুখ্য কাৰণ হৈছে কৰবাত খুন্দা খোৱা বা খোজ কঢ়াৰ সময়ত ভূল পদক্ষেপ দিয়া। খোজ কঢ়াৰ সময়ত শৰীৰৰ আটাইতকৈ সক্ৰিয় হৈ পৰা মাংসপেশীটো উৰু দেশত অৱস্থিত আৰু ইয়াৰ নাম হৈছে বাইচেপছ্ ফিমোৰিছ। পূৰ্বতে চলোৱা সমীক্ষাৰ দ্বাৰা প্ৰতিপন্ন হৈছিল যে বৃদ্ধ বয়সত এইটো মাংসপেশীৰ সক্ৰিয়তা হ্ৰাস পায় আৰু ফলত যিকোনো প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাবলৈ অত্যধিক সময়ৰ দৰকাৰ হয়। সেয়েহে মাংসপেশীটোৰ দ্বাৰা সংঘটিত যিকোনো কাম আৰু গতিয়েই অতি মন্থৰ গতিত হয়।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate