অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বিষয়ক বিভিন্ন বাৰ্তা :

স্বাস্থ্য বিষয়ক বিভিন্ন বাৰ্তা :

 

ক) স্মৃতিশক্তি লোপ পোৱা সমস্যা ক্ৰমবৰ্ধমান গতিত বৃদ্ধি হোৱাৰ সময়ত এক শুভ-বাৰ্তা পোৱা গৈছে। মানৱ মগজুৰ বিশেষ স্থানত কম শক্তিসম্পন্ন বৈদ্যুতিক উত্তেজনা সৃষ্টি কৰিব পাৰিলে সেই উত্তেজনাই স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। আমেৰিকাৰ মায়’ক্লিনিকৰ এগৰাকী গৱেষকে প্ৰকাশ কৰা তথ্য অনুসৰি মগজুৰ লেটাৰেল টেম্প’ৰেল কৰ্টেক্স অংশত এই বৈদ্যুতিক উত্তেজনা প্ৰদান কৰিলে স্মৃতিশক্তি উন্নত হয়।

খ) মানুহৰ মগজুৰ ক্ষতি সাধাৰণতে স্থায়ী বুলি ভবা হয়। কিন্তু বিশেষজ্ঞসকলৰ মতে ইয়াৰ কিছু ক্ষতি শুধৰাব পৰা যায় আৰু কিছু ক্ষেত্ৰত মগজুৰ ব্যায়াম, প্ৰশিক্ষণ, শিক্ষণ আদিৰ দ্বাৰা নতুনকৈ কোষৰ গঠন আৰু পুনৰ নিৰ্মাণ কৰিব পৰা যায়। ইয়াৰ বিপৰীতে সচৰাচৰ ভাবি থকাৰ লেখীয়া শব্দ-শৃংখল বা চিন্তাৰ কৌশলৰ খেলৰ দ্বাৰা স্মৃতিশক্তি অক্ষুণ্ণ ৰাখিব পৰা নাযায়।

গ) মানুহৰ মগজুৱে যিকোনো সময়তে এটা ২০ ৱাটৰ বালব জ্বলাই দিব পৰা ক্ষমতা ৰাখে। ইয়াৰ ওজন শৰীৰৰ মাথোঁ ২ শতাংশ আৰু ই যিকোনো সংবাদ ২৬০ mph   গতিত পৰিবহণ কৰাৰ ক্ষমতা ৰাখে। কিন্তু সচৰাচৰ ভাবি অহাৰ দৰে পুৰুষৰ মগজু নাৰীৰ তুলনাত ডাঙৰ আৰু বিজ্ঞান শিক্ষাৰ বাবে অধিক কৰ্মক্ষম বোলা ধাৰণা শুদ্ধ নহয়।

ঘ) ভাৰতবৰ্ষ বিশ্বৰ অন্যতম বৃহৎ এণ্টিবায়’টিকৰ উপভোক্তা দেশ। কিছুদিনৰ আগতে British Journal Clinical Pharmacology Report ত প্ৰকাশ হোৱাৰ তথ্য অনুসৰি ২০০৭-১২ ৰ সময়ছোৱাত ১১৮ বিধ বিভিন্ন ধৰণৰ antibiotics  ভাৰতত বিক্ৰী হয় আৰু ইয়াৰ ৬৪ শতাংশই  CDSCO (Central Drugs Standard Organsation ৰ দ্বাৰা নিষিদ্ধ। ভাৰত চৰকাৰে বিভিন্ন জনসংযোগ মাধ্যমৰ দ্বাৰা এই সম্পৰ্কত সজাগতা আনিবলৈ চেষ্টা কৰি আছে যদিও বিশেষ একো পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত চিকিৎসক আৰু ঔষধ বিক্ৰেতাসকলৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ।

ঙ)কিছুমান বিশেষ অসুখত পেইন কিলাৰ হিচাপে সাৰ্বজনীনভাৱে মৰফিন ব্যৱহাৰ কৰা হয়। অসহনীয় বিষৰ পৰা ৰেহাই পাবৰ বাবে কৰ্কট ৰোগ আদিৰ ক্ষেত্ৰত সকলো চিকিৎসকেই এনে ঔষধৰ বিধান দিয়ে। এই ঔষধবিধৰ মূল্যও তেনেই নামমাত্ৰ। কিন্তু বৰ্তমান অতি প্ৰয়োজনীয় এই পেইন কিলাৰবিধক লৈ বিশ্বত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবিধ ঔষধ কিছুমান ড্ৰাগছ, যেনে- হিৰই’ন আদিৰ লেখীয়া প্ৰায় সমগুণসম্পন্ন বুলি ধৰি লোৱাৰ বাবে বজাৰত ইয়াৰ যোগান সীমিত ৰখা হয়। একোটা মৰফিনৰ টেবলেটৰ মূল্য দুটকামান যদিও বৰ্তমান ভাৰতবৰ্ষকে ধৰি উন্নয়নশীল দেশত ইয়াক পাবলৈ নোহোৱা অৱস্থা হৈছে। বাতৰি অনুসৰি ৯০ শতাংশ মৰফিনৰ যোগান বিশ্বৰ ১০ শতাংশ ধনী দেশতে সীমাবদ্ধ। আমেৰিকাত ইয়াৰ যোগান প্ৰয়োজনতকৈ ৩০ শতাংশ বেছি হোৱাৰ বিপৰীতে মেক্সিকোত প্ৰয়োজনৰ এক- তৃতীয়াংশ, চীন দেশত ১/১৬ আৰু ভাৰতত প্ৰয়োজনৰ ১/২৫ অংশহে উপলব্ধ (BBC) ।গতিকে অসুস্থ লোকে প্ৰয়োজনতো, লগতে অতি কম মূল্যৰ হোৱা সত্ত্বেও বজাৰত উপলব্ধ নোহোৱাৰ বাবে ঔষধৰ অভাৱত ভুগিব লগা হয়।

চ) আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত সৰ্বমুঠ ৩১ টা আঞ্চলিক ভেষজ বিশ্লেষণাগাৰ আছে আৰু অসমৰ এনে এক বিশ্লেষণাগাৰত ধঁপাত পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে। এছিয়াৰ ভিতৰতে প্ৰথম এই পৰীক্ষাগাৰত ধঁপাত সম্পৰ্কীয় ৰোগৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে, যাৰ যোগেদি ৱৰ্লড বেংকৰ অনুমতি প্ৰদানৰ লগতে ঔষধৰ গুণাগুণো পৰীক্ষা কৰা হ’ব। এই পৰীক্ষাগাৰ নিৰ্মাণৰ বাবে তিনি-চতুৰ্থাংশ ধন (১৯, ৭৯ কোটি) মুকলি কৰি দিয়া হৈছে।

ছ)এই বছৰৰ জানুৱাৰী মাহৰ WHO ৰ এক ৰিপ’ৰ্ট অনুসৰি বিশ্বৰ ২২ খন দেশৰ প্ৰায় পাঁচ লাখ লোক এণ্টিবায়’টিক প্ৰতিৰোধী অণুজীৱৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰতিবেদনখনৰ মতে এণ্টিবায়’টিক বা প্ৰতিজৈৱিক হ’ল এক শ্ৰেণীৰ ঔষধ- যি বেক্টেৰিয়া নামৰ অণুজীৱবোৰ ধ্বংস বা দমন কৰি জীৱজগতক ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু জধে-মধে ব্যৱহাৰ কৰাৰ ফলত বৰ্তমান এণ্টিবায়’টিক প্ৰতিৰোধী অণুজীৱৰ সৃষ্টি হৈ মানুহ আৰু লগতে আন জীৱজগতলৈকো বিপদ মাতি আনিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে  নামৰ এবিধ এণ্টিবায়’টিক মানুহৰ ৰোগৰ সংকটাপন্ন অৱস্থাতহে ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান জন্তুৰ চিকিৎসাৰ ক্ষেত্ৰত আৰু বিশেষকৈ বৰ্ধন সাধক হিচাপে বহুলভাৱে ইয়াক ব্যৱহাৰ কৰাৰ ফলত (প্ৰধানকৈ ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত) মানৱ শৰীৰত এক ঔষধ প্ৰতিৰোধ বেক্টেৰিয়াৰ সৃষ্টি হৈছে , যাক ধ্বংস কৰা কোনো এণ্টিবায়’টিক নাই। WHO  ৰ প্ৰতিবেদন অনুসৰি হাজাৰ হাজাৰ টন veterinary বছৰি ভিয়েটনাম , ভাৰত, দক্ষিণ কোৰিয়া আৰু ৰাছিয়ালৈ পঠিওৱা হয়। ‘Over 4 lakhs people die each year from food borne diseases, the vast majority of food borne illness are caused by microbes, including bacteria, If these bacteria become resistant to antibiotics, state WHO , it will impossible to treat them and more people will die from food borne disease’.

জ)আমাৰ দেশত মুকলিকৈয়ে যথেষ্ট পৰিমাণৰ কলিষ্টিনযুক্ত দ্ৰব্য কুকুৰাৰ বৰ্ধন সাধক হিচাপে বিক্ৰী হয় আৰু এই ক্ষেত্ৰত WHO ৰ সতৰ্কবাণী থকা সত্ত্বেও প্ৰশাসনৰ ফালৰ পৰা কোনো সতৰ্কতা বা নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই। ফলত যোৱা এটা দশকত AMR (Anlimicrobial Resistant) জনিত কাৰণত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বহুগুণে বৃদ্ধি হৈছে। ‘The defect lies within the system. How else can multinational pharma companies dump antibiotics that have long been discarded in many countries? Last year research from Newcastle University and Queen Mary University of London warned India that it has got the highest levels of AMR among big countries. The research pointed out that India’s failure to regulate the sale of antibiotics without a prescription and the use of questionable fixed dose combination antibiotics comprising two or more drugs in a single dose (TOI, Feb.2018)

ঝ) আমি সৰু কালত কাঠৰ টুকুৰা, বল, ৰিং আদিৰে বিভিন্ন খেলাৰ সামগ্ৰী সাজিছিলো, ঘৰ-গাড়ী, পুতলা আদি তৈয়াৰ কৰিছিলো। আজিকালি তেনেই অকণমানি এটাৰ হাততো Tablet, touch phone,ipad একোটা তু,লি দিয়া হয়। ইয়াৰ ফলত শিশুটি স্মাৰ্ট হয় আৰু বহু নজনা কথা জানিব পাৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে শৈশৱতে পেন্সিল, চকমাটি আদিৰে লিখা-মেলা নকৰাৰ ফল যথেষ্ট নেতিবাচক হয়।‘Excessive use of tachphones damaging their finger’s muscles. Sally Payne the HOD Paediatric Dept NHS TRUST, U.K.     বিশেষজ্ঞগৰাকীৰ মতে বৰ্তমান শিশুবোৰৰ ক্ৰমবৰ্ধমান হাৰত পেন্সিল হাতত লৈ লিখাৰ ক্ষমতা বা কৌশল লাহে লাহে হ্ৰাস হৈ আহিছে। ‘to be able to grip a pencil and move it, you need strong control of the fine muscles in your fingers. Children need lots of opportunity to develop those skill. বিশেষজ্ঞগৰাকীয়ে লগতে মন্তব্য দিয়ে যে বিদ্যালয়ৰ বাহিৰত অধিক সময় আধুনিক প্ৰযুক্তিবিদ্যাযুক্ত আহিলা অত্যধিকভাৱে ব্যৱহাৰ কৰাৰ বাবেই আজিৰ শিশুৱে হাতৰ আখৰ লিখিবলৈ শিকোতে পলম হয় আৰু লগতে শিক্ষকসকলৰো হাৰাশাস্তি হয়।

লেখিকা: ড° জয়শ্ৰী বৰা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate