অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ভালে ৰাখক

স্বাস্থ্য ভালে ৰাখক

গৰমৰ দিনেই হওঁক নতুবা শীতৰ দিনেই হওঁক সদায়েই স্বাস্থ্য সন্মত খাদ্য খোৱাতো দৰকাৰ। বিশেষকৈ শীতকালত আপুনি যদি আপোনাৰ দিনটোৰ শুভাৰম্ভ বাদামৰ সৈতে কৰে তেতিয়া হ’লে আপোনাৰ হৃদপিণ্ড আৰু মগজুৰ সুস্থিৰতা সঠিক ৰূপত থাকে। এটা গৱেষণাৰ পৰা জনা গৈছে যি জনে দৈনিক ৪২ গ্ৰাম বাদাম সেৱন কৰে তেওঁৰ হৃদপিণ্ড সম্বন্ধীয় ৰোগৰ সম্ভাৱনা বহুখিনি কমি যায়। সেয়ে আহক আজি ইয়াৰ বিষয়ে কিছু আলোচনা কৰো।

(১) শৰীৰৰ ওজন নিয়ন্ত্ৰন কৰে: বাদামৰ গাখীৰে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। কিয়নো এনে একাপ গাখীৰত অন্য পৌষ্টিক উপাদান থকাৰ লগতে মাত্ৰ ৬০কেলৰিহে থাকে।

(২) স্মৃতি বৃদ্ধি কৰে: বাদামত নিহিত থকা পৌষ্টিক পদাৰ্থই স্মৃতি বৃদ্ধি কৰাত সহায় কৰে।আয়ূৰ্ব্বেদ চিকিৎসা বিজ্ঞানৰ মতে পূৱা তিয়াই ৰখা ৫ টা বাদাম খালে স্মৃতি শক্তি সবল হয়।

(৩) শৰীৰৰ শক্তি বৃদ্ধি কৰে : বাদামত প্ৰচুৰ পৰিমানে প্ৰটিন,মেঙ্গানিজ,তাম,ৰাইবোফ্লাভিন নামৰ ৰাসায়নিক পদাৰ্থ নিহিত হৈ থকাৰ বাবে ইয়াক খালে শৰীৰৰ শক্তি বৃদ্ধি পায়।

(৪) চকুৰ বাবে : বাদামৰ গাখীৰত ভিটামিন এ প্ৰচুৰ পৰিমানে মজুত থকাৰ বাবে ইয়াক খালে ই চকুৰ ওপৰত পোনপতীয়া ভাবে ক্ৰিয়া কৰে। পঢ়ি থকা ল’ৰা-ছোৱালীক খৰচ কৰাৰ শক্তি থাকিলে সেয়ে বাদামৰ গাখীৰ নিয়মিত দিব লাগে।

(৫) হাড় মজবুত কৰে: বাদামত অধিক পৰিমানত কেলচিয়াম পোৱা যায়। ইয়াক খালে Osteoporosis ৰোগৰ সম্ভাৱনা বহুখিনি কমি যায়। এই ৰোগ হ’লে হাড়বোৰ ফুচফুচীয়া হৈ আহে আৰু অলপ আঘাততে হাড় ভাঙি যায়।

(৬) তেজৰ গতিবিধি (Blood Circulation) নিয়ন্ত্ৰন কৰে :বাদামত অধিক ৰূপত পটাচিয়াম নিহিত থকাৰ বিপৰীতে ছডিয়ামৰ মাত্ৰা কম থাকে। ফলত ইয়াক খালে ৰক্তচাপৰ সমস্যাৰ পৰা উপশম পোৱাৰ লগতে ই শৰীৰলৈ সঠিক ৰূপত অক্সিজেনৰ যোগান ধৰে।

(৭) হৃদপিণ্ড সৱল কৰে: যি ব্যক্তিয়ে সপ্তাহত অন্তঃত ৫ দিন বাদাম সেৱন কৰে তেওঁৰ হাৰ্টএট্ৰেকৰ সম্ভাৱনা সামান্যজনতকৈ ৫০% কমি যায়।

(৮) কেঞ্চাৰক আতঁৰত ৰাখে :বাদাম হ’ল আহঁৰ (Fiber) ভৰাঁল যাৰ সেৱনে পাচন প্ৰক্ৰিয়াত যথেষ্ঠ সহায় কৰে। সেয়ে বাদামে মানুহৰ আন্ত্ৰিক কেঞ্চাৰৰ সম্ভাৱনাকো বহুখিনি দূৰত ৰাখে।

(৯) বেমাৰক আতঁৰত ৰাখে : বাদামে বহু বেমাৰক আতঁৰাই ৰাখে। শৰীৰটো সূস্থ ৰাখিবলৈ নিতৌ বাদাম খোৱা উচিত। ইয়াৰ সেৱনে কাহ-চৰ্দি,মধূমেহ (Diabetes), এনিমিয়া (Anemia),পাথৰৰ সমস্যা (stone problem) ইত্যাদিক দূৰঁত ৰাখে।

লিখক: ইমৰান হুছেইন।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate