অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য চর্চাত নেমু :

স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য চর্চাত নেমু :

নেমু টেঙাৰ নাম শুনিলেই আমাৰ জিভাৰ পানী পৰে নহয়নে বাৰু?

শৈশৱত কাজি নেমু সৰু সৰুকৈ কাটি নিমখ, জলকীয়া দি খোৱাৰ অভিজ্ঞতা কাৰ কাৰ আছে বাৰু?

ভাতৰ থালিখনত এচকল নেমু লোৱাটো আমাৰ বহুতৰে অভ্যাস। গৰমত এগিলাচ নেমুৰ চৰবতে দেহা মন জুৰ পেলাই দিয়ে।

নেমুৰ ৰস দি বনোৱা ৰঙা চাহকাপৰ সোৱাদো বৰ ধুনীয়া। ঠিক তেনেকৈ বিভিন্ন প্ৰকাৰৰ চৰবত, জাম, জেলী বনাওঁতে, কেক আদি বিভিন্ন বেকাৰী খাদ্য সামগ্ৰীত নেমুৰ ৰস আৰু নেমুৰ বাকলি (lemon gest) ব্যৱহাৰ হয়।

তন্দুৰী চিকেন আদি বিভিন্ন ৰেচিপিত মাংস মেৰিনেট কৰিবলৈ নেমুৰ ৰস অতি প্ৰয়োজনীয় উপকৰণ।

ইয়াৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী যেনে চাবোন, শ্বেম্পু, টুথপেস্ট আৰু প্ৰসাধন সামগ্ৰীতো নেমুৰ ব্যৱহাৰ হয়।

নেমুৰ বহুতো প্ৰকাৰ আছে যেনে-

  • কাজি নেমু,
  • গোল নেমু,
  • জৰা নেমু,
  • ইলাচি নেমু ইত্যাদি। অসমত হোৱা কাজি নেমু ভাৰতৰ আন ঠাইত পোৱাত অলপ অসুবিধা। প্ৰচুৰ পৰিমাণে ভিটামিন C থকা বাবে ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী এন্টিঅক্সিডেন্ট।

ইয়াৰ উপৰিও ভিটামিন B কম্পলেক্স, ভিটামিন A, ভিটামিন K, ফলেট, কেলচিয়াম, মেগনেছিয়াম, ফচফৰাছ, জিঙ্ক ইত্যাদি পোৱা যায়। নেমু খালে আমাৰ কি কি কি উপকাৰ হয় চাওঁচোন আহক:

  • ভিটামিন চি থকা বাবে ই আমাৰ শৰীৰক বীজাণুৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰৰ পৰিৱৰ্তন হোৱাৰ সময়ত হোৱা চৰ্দি, জ্বৰ, কাহ আদি প্ৰতিৰোধ কৰে।
  • বদহজম(indigestion) হ'লে আদা, ক'লা নিমখ আৰু নেমুৰ মিহলাই খালে সুফল পোৱা যায়।
  • ইয়াত থকা মেগনেছিয়াম, পটাছিয়াম হাৰ্টৰ সুস্বাস্থ্যৰ বাবে উপকাৰী উপাদান। নেমুত থকা পটাছিয়ামে-
  • ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে, ৰক্তপ্ৰৱাহ বৃদ্ধি কৰে আৰু হাৰ্ট এটেক, স্ট্রোক আদিৰ পৰা বচাই ৰাখে।
  • নেমুত থকা লিম'নিন(limonin) নামৰ পদাৰ্থই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
  • মেদবহুলতাৰ(obesity) সমস্যাত নেমু উপকাৰী। পোৱা খালিপেটত এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস, মৌ মিহলাই খাব লাগে। ইয়াৰ লগত সঠিক খাদ্যাভ্যাস আৰু নিয়মিত শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন।
  • ভিটামিন চি থকা বাবে দাঁতৰ বিভিন্ন সমস্যাত উপকাৰী। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা (gum bleeding) সমস্যাত নেমু খালে সুফল পোৱা যায়। নেমুৰ ৰস আৰু বেকিং চডা একেলগে মিহলাই দাঁত ঘঁহিলে দাঁত চিকচিকিয়া হৈ পৰে।
  • ডায়েবেটিচ ৰোগীয়ে নিয়মিত ভাৱে নেমু সেৱন কৰিলে উপকৃত হয়। তেজৰ শৰ্কৰা নিয়ন্ত্রণ কৰাতো ই সহায় কৰে।
  • নিয়মিত ভাৱে নেমু সেৱন কৰিলে ই কিডনী ষ্ট্ৰোন হোৱাত বাধা দিয়ে। তদুপৰি কিছুমান ষ্টোন গলি যোৱাতো ই সহায় কৰে।
  • কুহুমীয়া গৰম পানীত নেমুৰ ৰস মিহলাই চৰবত হিচাবে ৰাতিপুৱা খালি পেটত খালে পেট খোলোচা হয়। কৌষ্ঠকাঠিন্য আৰু অৰ্শ ৰোগীয়ে এনেকৈ নিয়মিত সেৱন কৰিলে বহু পৰিমানে আৰোগ্য লাভ কৰিব।
  • নিমখ আৰু চেনি দি বনোৱা নেমুৰ চৰবতে শৰীৰত হোৱা পানী আৰু খনিজৰ অভাৱ (dehydration) তৎক্ষণাত দূৰ কৰে। ই কৃত্ৰিম ORS ৰ দৰে কাম কৰে।
  • নেমুৰ ৰস কেন্সাৰ ৰোগীৰ বাবে অতি উপকাৰী। কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি নেমুই প্ৰতিহত কৰে লগতে DNA ক নিয়ন্ত্ৰণ কৰে।
  • গাঁঠিৰ বিষত নেমুৰ সৈতে বিষ নাশক বনৌষধিৰ সংমিশ্ৰণেৰে সেক দিলে উপকৃত হয়।

স্বাস্থ্য ৰক্ষাৰ উপৰিও আমাৰ সৌন্দৰ্য বৰ্ধনত ই মহত্বপূৰ্ণ ভূমিকা পালন কৰে।

  • ছাল,
  • চুলিৰ পৰিচৰ্যা,
  • মেনিকিউৰ (manicure),
  • পেডিকিউৰ(pedicure) আদিত নেমু বহুলভাৱে ব্যৱহৃত হয়।
  • সৌন্দৰ্য চর্চাত ই কিদৰে সহায় কৰে তলত উল্লেখ কৰা হৈছে:-
  • ছালৰ ক'লা দাগ (dark spot):

এচামুছ মৌৰ লগত কেইটোপাল মান নেমুৰ ৰস দি ক'লা দাগ থকা অংশত লগাই ১৫ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক।

ৰ'দে পোৰা ছাল (skin tan or sun burn):

বেচন ৬ চামুচ, দৈ তিনি চামুচ, নেমুৰ ৰস আধা চামুচ, হালধি পেষ্ট বা গুৰি আধা চামুচ, মৌ এচামুছ দি পেক হিচাবে ১৫ মিনিট লগাওঁক।

তাৰ পিছত ধুই পেলাওক। সপ্তাহত এদিন বা দুদিন এনেকৈ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

মৰা কোষ আতৰাবৰ বাবে (Exfoliating dead skin cells):

এফাল নেমুৰ ৰসৰ লগত দুই চামুচ চেনি দি মুখত লগাই লাহে লাহে মালিচ কৰক কেইমিনিটমান। তাৰ পিছত পানীৰে ধুই পেলাওক।

  • ক'লা পৰা কিলাকুটি বা আঁঠুত(Dark patches on elbow and knee) এফাল নেমু লৈ কিছুসময় ঘঁহি থাকক। সপ্তাহত দুই তিনিদিন এনেকৈ কৰিলে ক'লা ৰং লাহে লাহে কমি আহে।
  • ওঁঠ ক'লা পৰিলে (dark lips) বা ওঁঠৰ ৰং উজ্জ্বল কৰিবলৈ হ'লে নেমুৰ ৰস আৰু মৌ মিহলাই লগাওঁক।
  • তৈলাক্ত ছাল উজ্জ্বল কৰিবলৈ হ'লে এটা কণীৰ বগা অংশৰ লগত এচামুছ নেমুৰ ৰস মিহলাই ফেচ মাস্ক হিচাবে ব্যৱহাৰ কৰক।
  • মুখৰ শালমনৰ সমস্যাত(Acne and pimples) নেমুৰ ৰসৰ লগত গোলাপ জল মিহলাই কপাহেৰে লগাই কিছু সময় পিছত ধুই পেলাব লাগে।
  • হাত দুখন উজ্জ্বল কৰি তুলিবলৈ হ'লে এফাল নেমুত চেনি লগাই হাত দুখনত কিছু সময় ঘঁহি থাকক। তাৰ পিছত ধুই পেলাওক।
  • ভৰি দুখন উজ্জ্বল কৰিবলৈ হ'লে আধা বাকেট কুহুমীয়া গৰম পানীত এফাল নেমুৰ ৰস, এচামুছ শ্বেম্পু, আধা চামুচ বেকিং চডা দি ১০ মিনিট মান ভৰি দুটা ডুবাই ৰাখক। তাৰ পিছত এডাল ব্ৰাছেৰে বা পিউমিক ষ্টোনেৰে ভৰি কেইটা চাফা কৰি দিয়ক।
  • ব্লেকহেডছ (blackheads) সমস্যাত দুই চামুচ পানী, এচামুছ নেমুৰ ৰস, এচামুছ গোলাপ জল একেলগে মিহলাই কপাহেৰে আক্ৰান্ত অংশত লগাওঁক। শুকাই যোৱাৰ পাছত পানীৰে ধুই পেলাওক।
  • হোৱাইট হেডছ (whiteheads) সমস্যাত-
  • এচামুছ নেমুৰ ৰস,
  • দুই চামুচ গাখীৰ,
  • এচামুছ নিমখ মিহলাই লগাওঁক।

নাইবা পাতল আৰু ঘূৰণীয়াকৈ কটা নেমুত নিমখ সানি আক্ৰান্ত অংশত কিছু সময় ঘঁহি থাকক। তাৰ পিছত কুহুমীয়া পানীৰে ধুই দিয়ক।

চুলিৰ উফি(dandruff) আৰু চুলি সৰা(hair fall) সমস্যাত নেমুৰ ৰস চুলিৰ গুৰিত ১৫ মিনিট সানি শ্বেম্পুৰে ধুই পেলাওক।

শুকান চুলিৰ বাবে নেমুৰ ৰসৰ লগত অলপ নাৰিকল তেল লগাই চুলিৰ গুৰিত মালিচ কৰিব লাগে আৰু ১৫ মিনিট মান পাছত শ্বেম্পুৰে ধুই দিয়ক।

ছালকুঁৱৰী বা এল'ভেৰাৰ সাহ বা জেল ৬ চামুচ, নেমুৰ ৰস এচামুছ, নাৰিকল তেল এচামুছ, অলিভ অইল এচামুছ মিহলাই চুলিত পেক হিচাবে আধা ঘণ্টাৰ বাবে লগাই শ্বেম্পুৰে ধুই পেলাওক।

উফিৰ লগতে চুলি সৰা সমস্যাত সুফল পাব। শ্বেম্পু কৰাৰ পাছত নেমুৰ ৰস মিহলি পানীৰে ধুই কণ্ডিচনাৰ হিচাবেও ব্যৱহাৰ কৰিব পাৰি। ই চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে।

কিছুমান লোকৰ শৰীৰৰ দুৰ্গন্ধ ওলোৱা সমস্যা(body odour) থাকে। গাধোৱা পানীত নেমুৰ ৰস মিহলাই গা ধুলে এই সমস্যা ভালেখিনি কমি যায়।

বি:দ্ৰ:-

অত্যাধিক পৰিমানে টেঙা সেৱন কৰিলে অপকাৰ হোৱাৰ সম্ভাৱনা নথকা নহয়। ভিটামিন চি থকা খাদ্যবস্তু বেছিকৈ সেৱন কৰিলে অতিৰিক্ত ভিটামিন খিনি প্ৰসাৱৰ লগত ওলায়ে যায় কাৰণ ভিটামিন চি শৰীৰত জমা(store) হৈ নাথাকে।

এটা কথা মনত ৰাখিব যে নেমুৰ ৰস সানি ৰ'দত ওলাব নালাগে। ই ছালত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

ছালত নেমুৰ ৰস লগালে যদি কিছুমানৰ খজুৱতি অনুভৱ হয় তেনে লোকে নেমুৰ ৰস নলগাব।

লেখক: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate