অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাৰ বাবে ১২টা মাহত পালন কৰিবলগীয়া ১২টা নিয়ম

স্বাস্থ্য ৰক্ষাৰ বাবে ১২টা মাহত পালন কৰিবলগীয়া ১২টা নিয়ম

  • বহাগ:

বহাগ মাহত খাদ্য দ্ৰব্যত তেলৰ ব্যৱহাৰ নকৰাই মংগল।

  • জেঠ:

জেঠ মাহত গৰম পৰিবলৈ আৰম্ভ কৰে। সেয়ে দুপৰীয়া সময়ত বাহিৰত বৰকৈ ঘূৰা-ফুৰা নকৰিব। এই মাহত দুপৰীয়া কিছু সময় শোৱাটো স্বাস্থ্যৰ বাবে ভাল। বাহী খাদ্য এই মাহত নেখাব।

  • আহাৰ:

আহাৰ মাহত নিয়মীয়াকৈ ব্যায়াম, খেল-ধেমালি কৰাটো স্বাস্থ্যৰ কাৰণে ভাল।

  • শাওন:

শাওন মাহত সেউজীয়া শাক-পাচলি, গৰুৰ গাখীৰ সেৱন হানিকাৰক হ’ব পাৰে। শিলিখা সেৱন কৰাটো ভাল ফলদায়ক।

  • ভাদ:

এই মাহত দৈ সেৱন কৰাটো হানিকাৰক।

  • আহিন:

আহিন মাহাত কেৰেলা খোৱাটো হানিকাৰক। এই মাহত গুড় খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল।

  • কাতি:

এই মাহত দৈৰ ঘোল খোৱাটো হানিকাৰক। এই মাহত মূলা খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল।

  • আঘোণ:

এই মাহত বজ্ৰা আৰু বজ্ৰাৰে তৈয়াৰী খাদ্য খোৱাটো ভাল। এই মাহত বাৰ্লি খোৱাটোও উপকাৰী। কিন্তু মাখন তোলাৰ পিছত ৰৈ যোৱা গাখীৰ খোৱাটো হানিকাৰক।

  • পুহ:

পুহ মাহত ধনিয়া খোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী। এই মাহত গাখীৰ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল।

  • মাঘ:

মাঘ মাহত মিচিৰি নেখাব। এই মাহত ঘিউ আৰু খিচিৰি খাব পাৰে।

  • ফাগুন:

ফাগুন মাহত বুটৰ সেৱন হানিকাৰক হ’ব পাৰে। পুৱা সোনকালে শুই উঠি গা-ধুই ল’লে কামবোৰ সুকলমে হয়।

  • চ’ত:

এই মাহত গুড় সেৱন নকৰিব। এই মাহটো নিমৰ কুমলীয়া পাত সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে ভাল। এইবিলাকৰ উপৰি সুস্বাস্থ্য অটুট ৰখাৰ বাবে দৈনিক অতি কমেও আধা ঘন্টা সময় যোগাসন, ব্যায়াম অথবা শাৰীৰিক শ্ৰম কৰা ভাল। দিনত শোৱাৰ অভ্যাস নকৰিব। ৰাতি দৈ নেখাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate