অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যবাৰ্তা :

 

এইডছৰ নতুন চিকিৎসা -

আমেৰিকাৰ এদল গৱেষণাকাৰীয়ে প্ৰকাশ কৰিছে যে শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়াত ক্ৰিয়া-কলাপৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত এবিধ প্ৰ’টিনৰ ক্ৰিয়া ৰোগ কৰিলে এইডছৰ চিকিৎসা অধিক ফলপ্ৰসু হ’ব পাৰে। তেওঁলোকে জন্তুৰ ওপৰত পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হৈছে। উক্ত প্ৰ’টিনবিধ হ’ল ‘ইণ্টাৰকেৰন টাইপ-১। এই প্ৰ’টিনৰ ক্ৰিয়া ৰোধ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি পুনৰুদ্দীপ্ত হয় আৰু এইডছৰ ত্বড়িৎ অৱদমন সম্ভৱ হয়। অৱশ্যে এইডছৰ বিৰুদ্ধে ভাইৰাছ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰি থাকিব লাগিব। এইডছ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া দুৰ্বল কৰে। এই প্ৰক্ৰিয়া পুনৰুদ্দীপ্ত কৰিবলৈ প্ৰ’টিনবিধ ৰোধ কৰা প্ৰয়োজনীয় বুলি ভবা হৈছে।

উৎসৱৰ সময় আৰু হাৰ্ট এটেক -

মেলব’ৰ্ন বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ পৰা দেখা গৈছে যে উৎসৱৰ সময়ত হাৰ্ট এটেকৰ সংখ্যা আৰু অজানিত মৃত্যুৰ সংখ্যা বৃদ্ধি পায়। এই সময়ত বিভিন্ন কাৰণত চিকিৎসালয়ত ভৰ্তি হোৱাটো দুৰুহ হৈ পৰে। তদুপৰি যথেষ্ট পৰিমাণৰ মদ্যপান কৰা হয় আৰু অত্যধিক চৰ্বিযুক্ত খাদ্য খোৱা হয়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি হয় আৰু সু-চিকিৎসাৰ অভাৱত বহু লোকৰ মৃত্যু হয়।

ছ’চিয়েল নেটৱৰ্কিং আৰু হতাশা তথা উদ্বিগ্নতা -

দিনে মুঠ কিমান সময় আৰু কেইপ্ৰকাৰৰ ছ’চিয়েল নেটৱৰ্কিং কৰে তাৰ ওপৰত হতাশা আৰু উদ্বিগ্নতা সৃষ্টিৰ মাত্ৰা নিৰ্ভৰ কৰে। যিসকলে আঠৰ পৰা এঘাৰ প্ৰকাৰৰ ছ’চিয়েল নেটৱৰ্কিং কৰে, তেওঁলোকৰ হতাশা আৰু উদ্বিগ্নতা তিনিগুণ বৃদ্ধি হয়। ছ’চিয়েল নেটৱৰ্কিঙৰ ভিতৰত আছে ফেইচবুক, ইউটিউব, গুগল প্লাছ, ইনষ্টাগ্ৰাম, ৰেডী, টুইটাৰ, স্নেপশ্বট, টুম্বিৰ, পিণ্টাৰেষ্ট, ৱাইল আৰু লিংৰ্কোডন। বহুতেই এই আটাইবোৰ নেটৱৰ্কিং কৰিবলৈ প্ৰয়াস কৰে আৰু তাৰ ফলত প্ৰচণ্ড হতাশা আৰু উদ্বিগ্নতাত ভোগে।

সহন ক্ষমতা বৃদ্ধিকাৰী ব্যায়াম আৰু ডায়েবেটিছ -

সহন ক্ষমতা বৃদ্ধিকাৰী ব্যায়াম কৰিলে মাংসপেশীয়ে গ্লুক’জতকৈ অধিক চৰ্বি দহন কৰে। ইয়াৰ ফলতে মাংসপেশীত সহনক্ষমতা বৃদ্ধি হয় ঠিকেই, কিন্তু তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি হৈ ডায়েবেটিছ ৰোগ সৃষ্টি হ’ব পাৰে। অধ্যয়নৰ পৰা দেখা গৈছে যে নিগনিয়ে সাৰে থকা সময়ত ইজন হিচাপে গ্লুক’জ ব্যৱহাৰ কৰে আৰু শোৱাৰ সময়ত চৰ্বিৰ ওপৰত নিৰ্ভৰ কৰে। এয়াই হ’ল প্ৰাকৃতিক প্ৰক্ৰিয়া। সহনক্ষমতা বৃদ্ধিকাৰী ব্যায়াম কৰি এই প্ৰাকৃতিক প্ৰক্ৰিয়া বিঘ্নিত কৰিলে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

ওমেগা-৩-ফেটী এচিড আৰু এজমা -

গৰ্ভাৱস্থাত কেতবোৰ ওমেগা-৩ ফেটী এচিড সম্পুৰক খাদ্য হিচাপে হলে সন্তানৰ এজমা হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। এই তথ্য কোপেনহেগেন আৰু কানাডাৰ গুৱাটাৰ্লু বিশ্ববিদ্যালয়ত কৰা দুটা অধ্যয়নৰ পৰা পোৱা গৈছে। দেখা গৈছে যে গৰ্ভৱতী মহিলাক দিনে ২.৪ গ্ৰাম দীৰ্ঘশৃংখল যুক্ত ওমেগা-৩ ফেটী এচিড সম্পুৰক খাদ্য হিচাপে খাবলৈ দিলে সন্তানৰ এজমা হোৱাৰ সম্ভাৱনা ৩৯ শতাংশ হ্ৰাস পায়। দীৰ্ঘ শৃংখলবদ্ধ দুবিধ ওমেগা-৩ ফেটী এচিড হ’ল- ড’ক’হেক্সানইক এচিড (Docosaheranoic acid=DHA)আৰু এইক’পেণ্টালইক এচিড (Eicosapentan acid-EPA)। এই দুবিধ দ্ৰব্য শীতল পানীত বসবাস কৰা মাছত যথেষ্ট পৰিমাণে পোৱা যায়। উক্ত দ্ৰব্যই শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

উৎপৰিৱৰ্তিত জিন আৰু বোধশক্তি হ্ৰাস -

গৱেষকসকলে একপ্ৰকাৰৰ জিনীয় উৎপৰিৱৰ্তন চিহ্নিত কৰিছে। এই প্ৰক্ৰিয়াই ক্ষেত্ৰবিশেষে উপকাৰী অথবা অপকাৰী হ’ব পাৰে। তেওঁলোকৰ এপ’ই জিনৰ ওপৰত গৱেষণা কৰিছিল। এই জিনে কলেষ্টেৰলৰ বিপাকত সহায় কৰে আৰু মগজুৰ ক্ৰিয়া- কলাপৰ বাবে প্ৰয়োজনীয় ফেটী এচিড সৰবৰাহ কৰে। ঔদ্যোগীকৃত চহৰ অঞ্চলৰ ওপৰত কৰা এক গৱেষণাত দেখা গৈছিল যে উৎপৰিৱৰ্তিত এপই জিনে এলঝেইমাৰ ৰোগৰ সম্ভাৱনা চাৰিগুণ বৃদ্ধি কৰে। তদুপৰি অন্যান্য বোধশক্তিজনিত ক্ৰিয়া-কলাপ হ্ৰাস কৰে আৰু হৃৎপিণ্ড ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

আন এক অধ্যয়ন কৰা হৈছিল চিচমেন নামৰ এমাজনীয় উদ্যান শস্য নিৰ্ভৰশীল জনগোষ্ঠী এটাৰ ওপৰত। এওঁলোকৰ শৰীৰত Apoe4  জিন পোৱা গৈছিল। এই জনগোষ্ঠীৰ লোকসকলৰ পৰজীৱী সংক্ৰমণৰ মাত্ৰা অধিক। জনগোষ্ঠীটোৱে আধুনিক চিকিৎসাৰ অভাৱত ভোগে। দেখা গৈছে এই জনগোষ্ঠীৰ লোকসকলৰ বোধশক্তি অতি সক্ৰিয় হৈ থাকে। পৰিৱেশৰ এই ভিন্নতাই এপ’ই উৎপৰিবৰ্জিত জিনে অপকাৰ বা উপকাৰ হোৱাৰ কাৰণ বুলি ভবা হৈছে।

লেখক: ডা: জীৱন দত্ত বৰুৱা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 10/30/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate