অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যৰ সুৰক্ষাত সকলোৰে বাবে ব্যায়াম :

স্বাস্থ্যৰ সুৰক্ষাত সকলোৰে বাবে ব্যায়াম :

 

এজন মানুহৰ শাৰিৰীক ক্ৰিয়াকলাপ সম্পন্ন কৰিবলৈ প্ৰয়োজন হোৱা সহনশীলতা, নমনীয়তা আৰু শক্তিৰ জোখেই হৈছে শাৰিৰীক সু স্বাস্থ্যৰ মাপকাঠি৷ ব্যায়াম হৈছে স্বাস্থ্য আৰু যোগ্যতাৰ উন্নতিৰ বাবে প্ৰাথমিক শাৰীৰিক ক্ৰিয়াকলাপ৷ অসক্ৰিয় লোকসকলৰ মংসপেশীসমূহ ঢিলা আৰু দুৰ্বল হৈ পৰে যিটো ধূমপায়ীসকলৰ দৰেই বিপদসংকুল৷ ব্যায়ামে আপোনাৰ মুখাৱয়ব উন্নত কৰাৰ লগতে দেহত বয়সৰ ছাপ পৰাৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰি তোলে৷ খোজকঢ়া, চাইকেল চলোৱা আদি এৰ’বিকৰ অন্তৰ্ভুক্ত যি শৰীৰৰ ষ্টেমিনা বঢ়ায় আৰু আপোনাক আগতকৈ অধিক সক্ষম কৰি তোলে৷

শাৰিৰীক ক্ৰিয়াকলাপে স্বাস্থ্যত কেনেদৰে প্ৰভাৱ পেলায় : (২০০২চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতি):

*শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷

*হতাশা আৰু ব্যাকুলতা কমায়৷

*শৰীৰৰ মাংসপেশী, হাড় আৰু মজ্জা গঠনত সহায় কৰে৷

*ক’ল’ন কেঞ্চাৰৰ আশংকা কমায়৷

*হৃৎপিণ্ড আৰু অন্যান্য পেশীসমূহত নতুন ৰক্তবাহিকাৰ বিকাশ হোৱাত সহায় কৰে৷

*হৃৎপিণ্ডলৈ ৰক্ত যোগান ধৰা ধমনীসমূহৰ বিবৰ্ধন ঘটায়৷

*ব্যায়ামে মেদবহুলতাক বাধা দিয়ে৷ মেদবহুলতা কেঞ্চাৰৰ এক প্ৰধান কাৰক৷

*ব্যায়ামে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

*এণ্টিঅক্সিডেণ্টক অধিক সক্ৰিয় কৰে যাৰ ফলত শৰীৰে মৌলিক ক্ষতিৰ পৰা সুৰক্ষা লাভ কৰে৷

আপুনি জানেনে? (২০০৩চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতি):

*১৩.৫ নিযুত মানুহে হৃৎপিণ্ডৰ ৰক্ত সৰবৰাহকাৰী ধমনীৰ ৰোগত ভোগিছে৷

*প্ৰতি বছৰে ১.৫ নিযুত মানুহ হৃদৰোগত আক্ৰান্ত হয়৷

*প্ৰতি বছৰে আঢ়ৈ লাখ মানুহ হিপ্‌ ফ্ৰেক্‌চাৰত আক্ৰান্ত হয়৷

*৬০ বিলিয়নতকৈ অধিক লোক হ’ল মেদবহুলতাৰ চিকাৰ৷

*৫0 বিলিয়নতকৈ অধিক লোকৰ উচ্চ ৰক্তচাপ হয়৷

*ব্যায়ামে এণ্টিঅক্সিডেণ্টক অধিক সক্ৰিয় কৰে৷

শাৰিৰীক অসক্ৰিয়তা আৰু ঋণাত্মক জীৱনশৈলীয়ে সকলো ধৰণৰ ক্ৰনিক ৰোগ আৰু অকাল মৃত্যূৰ হাৰ বৃদ্ধি কৰিছে৷ বিনাশাৰিৰীক পৰিশ্ৰমৰ দুৰ্বল শৰীৰ আজি এক চিন্তনীয় সমস্যা৷ যিকোনো বয়স বা ওজনৰ পুৰুষ- মহিলাই ব্যায়াম বা এৰোবিক কচৰৎ ২০-৩০মিনিটকৈ সপ্তাহত কেইবাবাৰো কৰিলে হৃৎপিণ্ড গতিৰ হাৰ নিয়মীয়া হয় আৰু হৃদযন্ত্ৰৰ অক্সিজেন ব্যৱহাৰ কৰিব পৰা ক্ষমতা বৃদ্ধি হয়৷ অসংক্ৰমক ব্যৱস্থাৰ(Immune system) মূল খুটি হ’ল প্ৰতিদিনে কিছু সময় ব্যায়াম কৰাটো যি ঠাণ্ডা দিনৰ যি কোনো বেমাৰক বাধা দিয়ে৷ নিয়মিত ব্যায়াম কৰা ব্যক্তিৰ তেনে ৰোগ প্ৰতিৰোধ ক্ষমতা আন ব্যক্তিতকৈ ২৩শতাংশ বেছি৷ দৌৰা,খোজকঢ়াআৰুভাৰোত্তোলনআদি ব্যায়ামে হাড়ৰ ক্ষয়প্ৰক্ৰিয়াক(Osteoporosis) বাধা দিয়ে৷ কিছু লোকে হাঁপানীজাতীয় শ্বাসৰোগৰ বাবে বুজাবুজিৰে ব্যায়াম ত্যাগ কৰিব বিচাৰে; কিন্তু কিছু বিশেষজ্ঞৰ(Sports Medicine Specialist) পৰামৰ্শমতেসাঁতোৰাটো শ্বাসৰোগীৰ বাবে ভাল ব্যায়াম৷ The Seattle Cancer Research Centreৰ মতে অতি কমেও ৩৫শতাংশ কেঞ্চাৰ ৰোগীৰ মৃত্যূ হয় ওজন বৃদ্ধি আৰু কম কাৰ্য্যৰ বাবে৷ ব্যায়ামে টক্সিন জাতীয় পদাৰ্থ বেছিসময় দেহত সংযুক্ত হৈ থাকিব নিদিয়ে৷ ওজন বৃদ্ধিয়ে মানুহৰ শৰীৰত অধিক ইনচুলিনবৃদ্ধি কৰে যি টিউমাৰ বঢ়াত সহায় কৰে৷ মহিলাৰ বাবে, ব্যায়ামে ইষ্ট্ৰ’জেন হৰমোনৰ পৰিমাণ কমায় যি হৰমোন মহিলাৰ স্তনৰ কেঞ্চাৰৰ লগত জড়িত৷ ব্যায়ামে মগজুলৈ তেজৰ সোঁতৰ হাৰ বঢ়ায়, যাৰ ফলত ষ্ট্ৰোক (Stroke)হোৱাৰ সম্ভাৱনীয়তাহ্ৰাস হয়৷ ই তৰ্কবুদ্ধি আৰু স্মৃতিশক্তিকো তীক্ষ্ণ কৰে৷ আন নিষ্ক্ৰিয় লোকৰ লগত তূলনা কৰিলে অতিকৈ সক্ৰিয় মানুহৰ ষ্ট্ৰোকৰ দ্বাৰা মৃত্যূৰ শংকা কম থাকে৷ ইয়াৰ সত্যতা অনেক প্ৰকাশিত গবেষণাপত্ৰৰ দ্বাৰা প্ৰমাণিত হৈছে৷ ব্যায়ামে কেৱল মাংসপেশীৰেই শ্ৰীবৃদ্ধি কৰি ইয়াক শক্তিশালী কৰে এনে নহয়, ই হাড়কো মজবুত কৰে আৰু Bone metabolismৰ উন্নতি ঘটায়৷ গাঠিয়া ৰোগে(ARTHRITIS) শৰীৰৰ কোনো হাঁড়ৰ সংযোগস্থলত(JOINT) বিষ, কঠোৰতা (STIFFNESS) আৰু প্ৰদাহৰ(INFLAMMATION) সৃ্ষ্টি কৰে৷ ব্যায়ামে ইয়াক হ্ৰাস কৰি গতিশীলতা আৰু শক্তি দিয়ে৷ OSTEOARTHRISTISত উপাষ্ঠিৰ বিকৃতি ঘটে যি বিষ আৰু কঠোৰতাৰ সৃষ্টি কৰে৷ উপাষ্ঠিত তেজ চলাচল নকৰে, Synovial fluid নামৰ জুলীয়া পদাৰ্থ সংযোগত অহা-যোৱা কৰি আৱৰ্জনীয় পদাৰ্থ আতৰায়৷ ব্যায়ামে এই প্ৰক্ৰিয়া সচ্ছল কৰে৷

চিকিৎসা গবেষণাই কয়: “The fitter you are, the better your sex life is.” কাৰণ দুই ধৰণৰ:

মনোবৈজ্ঞানিক দৃষ্টিভঙ্গীৰে নিজৰ স্বাস্থ্যক লৈ সন্তুষ্ট হ’ব লাগিব৷ কাৰণ, সুস্বাস্থ্যই যৌন স্পৃহাৰ উন্নতি ঘটাই যি তেজ সঞ্চালন আৰু শাৰীৰিক সংগম ক্ৰিয়াৰ উৎকৰ্ষ সাধন কৰে৷ আকৌ, মগজুৱেই হ’ল যৌনাংগৰ মুখ্য চালিকা শক্তি৷ দৈনন্দিন চাপ, উৎসুকতা, উদাস-অৱসাদ গ্ৰস্থতাই সাধাৰণতে মানুহক সুস্থ যৌনজীৱন উপভোগ কৰাৰ পৰা বঞ্চিত কৰে৷ গতিকে নিয়মিত ব্যায়ামে শৰীৰৰ লগতে মন মগজুকো শক্তিশালী কৰি তোলে৷ প্ৰখ্যাত শৰীৰ ক্ৰিয়া বিজ্ঞা নী Cedric Bryant ৰ মতে, “পুৰুষ আৰু মহিলা যিসকলে নিয়মিত ব্যায়াম কৰে, তেওঁলোকৰ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু কামোদ্মাদ বৃদ্ধি পায় আৰু সফলভাৱে সুখী যৌনজীৱন লাভ কৰে৷” ব্যায়াম সন্তান সম্ভাৱা নাৰীৰ বাবেও উপযোগী৷ শংকাবহুল হ’লেও চিকিৎসকৰ পৰামৰ্শমতে Relaxation exercises, Kegel exercise that strengthen the pelvic muscles আদি হ’ল গৰ্ভৱতীৰ বাবে প্ৰয়োজনীয় ব্যায়াম৷ ডায়েবেটিজ ৰোগীৰ ইনচুলিনৰ পৰিমাণ ব্যায়ামে কমায়৷ ব্যায়ামে অপকাৰী কলেষ্টেৰল কমায় আৰু উপকাৰী এইচ ডি এলৰ পৰিমাণ বঢ়ায়৷ উচ্চ ৰক্তচাপ কমায়,আৰু শেষত ব্যায়ামে হৃৎপিণ্ডৰ বেমাৰ আৰু ষ্ট্ৰ’কৰ হোৱাত বাধা দিয়ে৷

ব্যায়ামৰ লগে লগে খাদ্যৰ প্ৰয়োজনীয়তাকো চকু দিব লাগিব: “ভাল আদৰ্শ খাদ্য বা পোষণ আৰু স্বাস্থ্য উপযোগী প্ৰবৃতি প্ৰাৰম্ভিক অৱস্থাৰ পৰাই গুৰুত্ব দিব লাগে৷ আপুনি এতিয়া যি আহাৰ গ্ৰহণ কৰিছে, ই আপোনাক ভৱিষ্যত জীৱনত প্ৰভাৱ পেলায়৷

১)¾ খাদ্য থালী নিয়ম অটূট ৰাখিব পাৰিলে ভাল য’ত ৭৫% বীজ-জাতীয় (grains), ফলীয়া, ফলমূল আৰু শাক-পাচলি আৰু ২৫% মাংস আৰু দুগ্ধজাতীয় বস্তু থাকিব লাগে৷

২)উজ্জল ৰঙৰ ফলমূল আৰু শাক-পাচলি পচন্দ কৰাতো বাঞ্চনীয়৷

৩)সাগৰীয় খাদ্য সপ্তাহত এবাৰ ল’ব লাগে৷

৪)পানী অধিক পৰিমাণে ল’ব লাগে৷চাহো স্বাস্থ্যৰ বাবে ভাল৷

৫)কম কেল’ৰি বা কম ফেটযুক্ত সুষম খাদ্য গ্ৰহণ কৰা উচিত৷

৬)খাদ্য লাহে লাহে পৰিবেশন কৰা উচিত৷

কম টোপনিয়ে মানসিক আৰু শাৰিৰীকভাৱে দুৰ্বল কৰে আৰু হৰমণৰ প্ৰভাৱত মেদবহুলতাৰ সৃষ্টি কৰিব পাৰে৷ অপৰ্যাপ্ত টোপনি বহুসময়ত ৰাষ্টাত প্ৰাণনাশক দুৰ্ঘটনাৰো কাৰক হয়৷ বিশ্ৰাম ব্যায়ামে(Relaxation exercise) মানসিক অশান্তি নাইকিয়া কৰে আৰু মূৰৰ বিষ, পিঠিৰ বিষ আৰু অনিদ্ৰা ৰোগ (Insomnia) ৰোধ কৰে৷ ভাটিবেলা কৰা ব্যায়ামে কেতিয়াবা টোপনি কমায়৷ সুন্দৰ টোপনিৰ বাবে কিছু উপায়:

১)টোপনি যোৱাৰ ২ বা ৩ ঘন্টাৰ আগত মানসিক চাপমুক্ত হ’ব লাগে৷

২)টোপনি যোৱাৰ এঘণ্টাৰ আগত ব্যায়াম শেষ হ’ব লাগে৷

৩)ধাৰ্মিক বা কোনো শান্তিপ্ৰিয় গ্ৰন্থ পঢ়া উচিত৷

৪)শান্ত, গাঢ়(আন্ধাৰ) আৰু ঠাণ্ডা পৰিৱেশৰ শোৱনি কোঠা হোৱা উচিত৷

৫)ধূম্ৰপান এৰিব লাগিব৷

ব্যায়ামে মন আৰু শৰীৰৰ উন্নতি ঘটায়৷ কিছু লোকে সঘনাই পৰিবৰ্তন বিচাৰে আৰু কিছু লোকে স্থিৰতা বিচাৰে৷ জীৱনৰ চাপ আতঁৰোৱাৰ প্ৰধান কাম হ’ল নিয়ন্ত্ৰিত কৰা৷ গতিকে বিহ্বল নোহোৱাকৈ সৰ্বোৎকৃষ্ট স্তৰৰ সেই চাপহে লব লাগে যি আপোনাক উৎসাহিত কৰে৷ গভীৰ শ্বাস-প্ৰশ্বাস, সংগীত আৰু নিপুণ বিশ্ৰামৰ দ্বাৰা পেশীসমূহ চাপমুক্ত কৰিব পাৰি৷ পৰ্যাপ্ত পৰিমাণৰ টোপনিয়েও চাপমুক্ত কৰে৷ যেতিয়া চাপে বিহ্বলতাৰ সৃষ্টি কৰে, তেতিয়া শিক্ষক, নিকট আত্মীয় নাইবা ভাল বন্ধুসম পৰামৰ্শদ্বাতাৰ (counselor) লগত কথা পাতিব লাগে৷

গতিকে সুস্থ-সবল স্বাস্থ্যৰ বাবে চাৰিটা বস্তু চকু দিয়া প্ৰয়োজন: ব্যায়াম, পোষণ, টোপনি আৰু মানসিক চাপ৷ নিয়মিত ব্যায়ামে জীৱনৰ পথ আৰু প্ৰকাৰ উন্নত কৰে৷গোটেই জীৱনটোত আপোনাৰ দেহা আৰু মন বয়স অনুপাতে কমযেন অনুভৱ হ’ব৷ আৰম্ভণিতে সপ্তাহত তিনিদিন ব্যায়াম আপোনাৰ বাবে উচিত, সুৰক্ষিত আৰু কাৰ্য্যকৰী৷ দীৰ্ঘদিনীয়া সুস্বাস্থ্যৰ বাবে কোনো বয়স বা দেহৰ আকাৰৰ কথা নাথাকে৷ আপুনি মাথো দেৰি নকৰিব৷ It never too late to start. বৈজ্ঞানিক সাক্ষ্য বা প্ৰমাণবোৰৰ পৰা দেখা যায় যে শাৰিৰীক সক্ৰিয়তাৰে আপোনাৰ ৰোগসমূহ হোৱাৰ শংকা 50% হ্ৰাস পায় আৰু অকাল মৃত্যূৰ শংকা 30% হ্ৰাস পায় আৰু আপোনাক সুস্থ-সবল সুখী জীৱনৰ বাট দেখুৱায়৷ ডাক্তৰ নিক কেব্বিলৰ ম’তে, “If exercise were a pill, it would be one of the most cost-effective drug ever invented”.

লেখিকা: প্ৰিন্স গোস্বামী

 

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate