অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যৰক্ষাত বেক্টেৰিয়াৰ ভূমিকা

স্বাস্থ্যৰক্ষাত বেক্টেৰিয়াৰ ভূমিকা

 

বেক্টেৰিয়া এবিধ অতি ক্ষুদ্ৰ জীৱ, যাক চকুৰে মণিব নোৱাৰি অথচ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াৰ উপস্থিতি প্রত্যক্ষ কৰিব পাৰি। অনুজীৱ বুলি কোৱা এই এককোষী জীৱবোৰ সোতৰ শতিকাতে আৱিষ্কৃত হৈছিল। মাটি-পানী-বায়ু আনকি মহাকাশতো এই জীৱ অনায়াসে জীয়াই থাকে। কিয়নো পৰিৱেশৰ উষ্ণতাৰ তাৰতম্য সহিব পৰা ক্ষমতা ইহঁতৰ অত্যন্ত বেছি। এই অনুজীৱবোৰ উদ্ভিদ, প্রাণী আনকি মানুহৰো নানাধৰণৰ ৰোগৰ কাৰক বুলি প্রমাণিত হৈছে। গৰুৰ যক্ষ্মা, এনথ্রাক্স, কুকুৰাৰ হাইজা, এন্দুৰৰ প্লেগ আদি ৰোগৰ কাৰক এই অনুজীৱ। একেদৰে মানুহৰ কিছুমান মাৰাত্মক ৰোগ ঘাইকৈ হাইজা, যক্ষ্মা, নিউমোনিয়া, প্লেগ, ধনুষ্টংকাৰ (ঘোঁৰা শালখা), সন্নিপাত জ্বৰ, গ্ৰহণী, কুণ্ঠ, প্রমেহ আদিৰ মূলতে বেক্টেৰিয়া বুলি প্রমাণ পোৱা গৈছে।

বেক্টেৰিয়া নাম পোৱা জীৱবোৰে কিছুমান কার্য সম্পাদনৰ জৰিয়তে মানুহৰ উপকাৰ সাধন কৰে। গাখীৰৰ পৰা দৈ, ঘিউ, মাখন আদি প্রস্তুত কৰাৰ বেলিকা লেক্ট’বেচিলাছ নামৰ বেক্টেৰিয়াৰ সহায় অপৰিহার্য। তাৰোপৰি ষ্ট্রেপ্ট’মাইচিন, ক্লৰ’মাইচিটিনা, নিও মাইচিন, টেৰামাইচিন আদি প্রতিজৈৱিক তৈয়াৰ কৰাত বেক্টেৰিয়া নহ’লেই নহয়। বেমাৰ নিৰাময় তথা প্ৰতিৰোধত প্ৰতিজৈৱিকৰ কাৰ্যকুশলতা অনন্য। স্বাস্থ্যৰক্ষাৰ বাবে অপৰিহাৰ্য বুলি প্ৰতিপন্ন হোৱা খাদ্যপ্ৰাণ প্ৰস্তুতকৰণতো ক্ল’ষ্ট্ৰিডিয়াম, চিউড’ম’নাছ আদি গোষ্ঠীৰ বেক্টেৰিয়া ব্যৱহৃত হয়| সুৰা, এচিট’ন, ভিনেগাৰ আদি ৰাসায়নিক দ্রব্য বিভিন্ন উদ্যোগৰ বাবে প্রয়োজন। এইবোৰ দ্ৰব্য প্ৰস্তুতকৰণতো বেক্টেৰিয়াৰ প্ৰয়োগ অপৰিহাৰ্য্য।

জীৱন ধাৰণৰ বাবে খাদ্যৰ প্রয়োজন, যাক পাচন কৰি শৰীৰে কামত লগাব পৰাকৈ সৰল পদাৰ্থত পৰিণত কৰিবলৈ আমাৰ দেহত পাচনতন্ত্ৰ আছে। এই তন্ত্ৰ পাচন নলী তথা পাচন গ্ৰন্থিৰ সমাহাৰ। মানুহৰ পাচন নলী মুখত আৰম্ভ হৈ পাকস্থলী, ক্ষুদ্রান্ত্র, বৃহদান্ত্র আদি সংযোজিত হৈ পায়ুত অন্ত হৈছে। পাচন নলীৰ বিভিন্ন ঠাইত লেলাউটি, যকৃত, অগ্নাশয় আদি গ্রন্থি এই নলীৰ সৈতে লগ লাগিছে। এইবোৰে নানাধৰণৰ - পাচকৰস যোগান ধৰি খাদ্য জীণ নিয়ায়| পাচননলীৰ ক্ষুদ্ৰান্ত নামৰ অংশটোৱে জীণ যোৱা খাদ্যৰ সৰহভাগ শোষণ কৰি তেজৰ লগত মিহলায়। এই অংগত কিছুমান বেক্টেৰিয়াই বাহ লয় যিবোৰে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে। “এছিৰিচিয়া কলাই” আৰু ‘বেছিলাছ ক’লাই’ নামৰ অনুজীৱই মানুহৰ ক্ষুদ্রান্ত্রত সহজীৱী হিচাপে কাম কৰি খাদ্য পৰিপাক কৰাত যথেষ্ট পৰিমাণে সহায় কৰে।

কেতবোৰ জীৱিত অণুজীৱ ঔষধ হিচাপে সেৱন কৰিলে অন্ত্রত বাহ লোৱা অণুজীৱবোৰ উন্নতি সাধনত প্রত্যক্ষ কৰা হয়। লেক্টিক অম্ল বেক্টেৰিয়াক এই উদ্দেশ্যৰে ব্যৱহাৰ কৰিলে ই অন্ত্ৰৰ নলীত ৰৈ যায়। গাখীৰৰ দৈ হোৱাত অৰিহনা যোগোৱা “লেক্ট’ বেচিলাছ’ নামৰ বেক্টেৰিয়া সেৱন কৰিলে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পায়। লগতে আন্ত্রিক বিকাৰবোৰ বাধাগ্রস্ত হয় আৰু বিষাণুজনিত পেটচলা ৰোগে আক্রমণ কৰিবলৈ মুঠেই সুবিধা নাপায়।

দৰব হিচাপে সেৱন কৰা জীৱিত বেক্টেৰিয়াৰ পৰা বহুতো উপকাৰ পোৱা যায়, যিবোৰ শৰ্কৰা কিম্বণৰ জৰিয়তে এচেটিক লেক্টিক অম্ল উৎপন্ন কৰে। অন্ত্ৰত তন্ত্ৰৰ পৰিমাণ তথা বেক্টেৰিয়াৰ বংশ বৃদ্ধি পোৱাৰ ফলত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া কমি যায়। ইয়াৰ ফলত কোষ্ঠকাঠিন্য দূৰ হয়|

উল্লেখ্য যে বহুতো বেমাৰৰ মূলতে কোষ্ঠকাঠিন্য বুলি প্রমাণিত হৈছে। কোষ্ঠকাঠিন্য নিৰাময় হ’লে সুস্বাস্থ্য অটুট ৰাখিব পাৰি। অন্ত্ৰত পৰিমাণ হ্রাস কৰে আৰু ৰক্তচাপ বাঢ়িবলৈ নিদিয়ে। তেজত কলেষ্টেৰল বাঢ়িলে এইবোৰ ৰক্তবাহী নলীকাৰ বেৰত জমা হৈ এইবিলাকৰ পৰিসৰ ঠেক কৰে, ফলত তেজৰ গতিবেগ বাধাগ্রস্ত হয় আৰু উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে।

মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃতে এটা সুসজ্জিত জৈৱ ৰসায়নগাৰ হিচাপে সদা সর্বদাই কৰ্মৰত হৈ থাকে। ই তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রিত কৰে। অতিৰিক্ত গ্লুক’জক গ্লাইক’জেনলৈ ৰূপান্তৰ কৰি ই সঞ্চয় কৰে। পৰিণতিত তেজত গ্লুক’জ বা শৰ্কৰাৰ পৰিমাণ যথোপযুক্ত হয়| আনহাতে তেজত গ্লুক'জৰ পৰিমাণ কমি গ’লে যকৃতে সঞ্চিত গ্লাইক’জেনৰ পৰিৱর্তন ঘটাই শর্কৰা প্রস্তুত কৰি তেজত এৰি দিয়ে। যকৃতত থকা মাষ্ট কোষবোৰে হেপাৰিন ক্ষৰণ কৰি ৰক্তবাহী নলীকাৰ ভিতৰত ৰক্ত সঞ্চালনত বাধা প্রদান কৰে। আনহাতে এই অংগই প্র’থ্রম্বিন আৰু ফাইব্রিনোজেন সৃষ্টি কৰে, আঘাতপ্রাপ্ত হৈ তেজ নিগৰিলে তেজ গোট মৰাত এইবিলাকে সহায় কৰে। যকৃতে দেহৰ উপযোগী বহুতো কার্য সম্পাদন কৰে আৰু এইবোৰ সুচাৰুৰূপে সমাধা কৰাত অন্ত্ৰত বাহ লোৱা উপকাৰী বেক্টেৰিয়াবোৰে নিৰাপত্তা প্রদান কৰে।

গাখীৰত থকা লেক্ট’জ নামৰ শৰ্কৰা কিছুমান মানুহে হজম কৰিব নোৱাৰে বাবে গাখীৰ খালে তেওঁলোক অজীর্ণতা ৰোগত ভোগে। অন্ত্রত থকা বেক্টেৰিয়াবোৰে এই বিপদৰ পৰা ৰক্ষা কৰে। এই অনুজীৱবোৰে দেহত টেমুনাৰ (টিউমাৰ) গঠনত প্ৰতিবদ্ধকতাৰ সৃষ্টি কৰে। এইবোৰে পুষ্টিকৰ খাদ্য তথা খাদ্যপ্ৰাণ উৎপাদনত সহায় কৰাৰ উপৰিও শৰীৰক কেলচিয়াম শোষণতো সহায় কৰি দিয়ে। বিভিন্ন কার্য সম্পাদনৰ যোগেদি অন্ত্ৰত বাহ লোৱা উপযোগী বেক্টেৰিয়াবোৰে প্ৰকাৰান্তৰে দেহ সুস্থ-সবল কৰি ৰখাত সহায় কৰে।

লিখক: আনন্দ দেৱ গোস্বামী, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 1/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate