অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাঁহি আৰু স্বাস্থ্য :

হাঁহি আৰু স্বাস্থ্য :

 

হাঁহি মানুহৰ আটাইতকৈ মধুৰতম প্ৰাপ্তি । ই এটা স্বত:স্ফূৰ্ত আৰু স্বাভাৱিক প্ৰক্ৰিয়া । ভুমিস্থ হৈয়ে এটা শিশুৱে কান্দিবলৈ ধৰে । সেইদৰে সি ৩-৪ মাহ বয়সৰ পৰা হাঁহিবলৈও আৰম্ভ কৰে। হাঁহি হৈছে মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বলতম আৰু মূল্যৱান অলংকাৰ ।

হাঁহিয়ে মানুহক সুখী কৰে । হাঁহিয়ে স্মৃতি শক্তি, বুদ্ধি- বিচাৰ আৰু সৃজনী শক্তিৰো বৃদ্ধি কৰে । মগজুৰ Limbic System  - এ আমাৰ হাঁহি নিয়ন্ত্ৰণ কৰে । হাঁহিলে মানসিক চাপ বৃদ্ধি কৰা হৰম’ন (Stress Hormone) – যেনে Cortisol, Epinephrine  আদিৰ নি:সৰণ (Secretion) পৰিমাণ কমি যায় । ফলত মানসিক চাপ, বিৰক্তি, চিন্তা আৰু ডিপ্ৰেশ্যন দূৰ হয়। আনহাতে ই শৰীৰৰ বাবে উপকাৰী হৰম’ন যেনে-  Oxytocin, Serotonin   আদিৰ নি:সৰণৰ পৰিমাণ বৃদ্ধি কৰে। হাঁহি শক্তিবৰ্ধকো । হাঁহিলে আমাৰ দেহৰ প্ৰধানত: মুখমণ্ডল, পিঠি আৰু পেটৰ মাংসপেশী শক্তিশালী হয় । অৱশ্যে অংগী-ভংগীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ প্ৰভাৱ শৰীৰৰ আন আন মাংসপেশীতো পৰে । সচৰাচৰ আমাৰ শৰীৰৰ যিবোৰ মাংসপেশী নিষ্ক্ৰিয় অৱস্থাত থাকে হাঁহিলে সেইবোৰ মাংসপেশী সক্ৰিয় হৈ উঠে । হাঁহিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Antibody) বৃদ্ধি কৰে । কেলিফৰ্নিয়াৰ ল’মা লিণ্ডা ইউনিভাৰ্ছিটিৰ স্কুল অব মেডিচিনৰ গৱেষকসকলৰ মতে হাঁহিয়ে আমাৰ দেহৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰা শ্বেতকণিকা ‘T-Cell’ বৃদ্ধিত সহায় কৰে । ফলত আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু বীজাণুৰ আক্ৰমণক পৰাজিত কৰিব পৰাকৈ পৰ্যাপ্ত শক্তি লাভ কৰে । হাঁহিলে শৰীৰৰ অতিৰিক্ত চৰ্বি দহন হয় । ৱাণ্ডাৰবিল্ট ইউনিভাৰ্ছিটিৰ এগৰাকী গৱেষকৰ মতে, দৈনিক ১০- ১৫ মিনিটকৈ হাঁহিলে আমাৰ ৫০ কেলৰি শক্তি দহন হয় । ফলত ষ্ট্ৰ’ক আদি জটিল আৰু ভয়ংকৰ হৃদৰোগৰ পৰা ৰক্ষা পাব পাৰি । কিয়নো ১০০ বাৰ উচ্চ স্তৰত হঁহা ১৫ মিনিট চাইকেল চলোৱাৰ সমান । যিয়ে জীৱনত কেতিয়াও নাহোঁহে অথবা খুব কমকৈ হাঁহে তেওঁলোক হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা দৈনিক হঁহা লোকতকৈ ২১ শতাংশ বেছি আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনীয়তা ৬০ শতাংশ বেছি । নৰৱেৰ এটা বিশেষজ্ঞৰ দলে ৫৩,৫৫৬ জন পুৰুষ আৰু মহিলাক লৈ ১৫ বছৰ ধৰি এটা সমীক্ষা চলাই দেখিছে যে নিয়মিত হঁহাৰ অভ্যাসে মহিলাসকলৰ ক্ষেত্ৰত যিকোনো কাৰণত হ’ব পৰা মৃত্যুৰ হাৰ ৪৮ শতাংশ হৃদৰোগৰ বাবে হ’ব পৰা মৃত্যুৰ হাৰ ৭৩ শতাংশ আৰু বীজাণু আক্ৰমণৰ পৰা মৃত্যুৰ হাৰ ৮৩ শতাংশ পৰ্যন্ত হ্ৰাস কৰে । হাঁহিলে ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (Blood Suger) নিয়ন্ত্ৰণত থাকে । ৰক্ত প্ৰৱাহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায় । শ্বাসতন্ত্ৰ পৰিষ্কাৰ হয় ফলত শ্বাস- প্ৰশ্বাসজনিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । হাঁহিয়ে পেইন কিলাৰ হিচাপেও কাম কৰে । ইংলেণ্ডত চলোৱা এটা সমীক্ষা মতে দৈনিক ১৫ মিনিটকৈ হঁহা মানুহৰ বিষ সহ্য কৰিব পৰা ক্ষমতা আনতকৈ ১০ শতাংশ বেছি । কাৰণ হাঁহিলে মগজুৰ পৰা dorphin’  নামৰ হৰমনবিধ নি:সৰণ হয় যিয়ে এই ক্ষমতা আহৰণ কৰে । কৰ্কট ৰোগ প্ৰতিৰোধ কৰাতো হাঁহিৰ ভূমিকা অপাৰ । গৱেষণাত পোৱা গৈছে যে অকলশৰীয়া মানুহতকৈ সংগীপ্ৰিয় মানুহে ৩০ গুণ বেছিকৈ হাঁহে । সেইকাৰণে  আজিকালি ‘Laughter Therapy’ বা ‘‘Laughter Yoga’’ ৰ চাহিদা বাঢ়িছে । ডা: মদন কাটাৰিয়া এই ‘Laughter Yoga’ ৰ বাটকটীয়া । ১৯৯৫ চনত তেওঁ মুম্বাইত মাত্ৰ পাঁচগৰাকী ব্যক্তিৰ ওপৰত সম্পৰীক্ষাৰে শুভাৰম্ভ কৰে এই ‘‘Laughter Yoga’’ আৰু আজি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে ।

প্ৰেয়সীৰ হৃদয় আলোড়িত কৰা হাঁহিৰ কথাই কওক, কিম্বা আপোনাৰ সন্তানৰ হিয়া-মনত শাত পেলোৱা হাঁহিৰ কথাই কওক, হাঁহিৰ সৌন্দৰ্য সুকীয়া । হাঁহিৰ শক্তি সুকীয়া । হাঁহিৰ মহিমা সুকীয়া। আহক আমি সকলোৱে হাঁহো, নিতৌ হাঁহে । বেছিকৈ হাঁহো, মন খুলি হাঁহো । নিজেও হাঁহো, আনকো হঁহুৱাও । হাঁহি হাঁহি জীৱন জিলিকাও ।

লেখক -  মুনীন্দ্ৰ বৈশ্য

উৎস – দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate