হালধিগুড়ি নহ’লে আমাৰ খাদ্য সম্ভাৰত আমেজ নালাগে। প্রাচীন কালৰে পৰাই হালধিক আমাৰ ৰন্ধনশৈলীত ব্যৱহাৰ কৰি অহা হৈছে। ই হৈছে ভাৰতীয় ৰন্ধনশৈলীৰ এটা অপৰিহাৰ্য অংগ।
কুৰকুমা লংগা বৈজ্ঞানিক নামবিশিষ্ট হালধি জিনজিবাৰেয়েচি পৰিয়ালৰ উদ্ভিদ। ইয়াৰ ৰাইজ’য়ড বা ৰূপান্তৰিত শিপাক আমি খাদ্য আৰু ঔষধত ব্যৱহাৰ কৰো। হালধিত পাঁচ শতাংশ আৱশ্যকীয় তেল আৰু পাঁচ শতাংশ কুৰকোমিন থাকে। এই কুৰকোমিন হৈছে এবিধ পলিফিনল। কুৰকোমিন থকাৰ বাবে হালধিৰ বৰণ হালধীয়া হয়। ভাৰতীয় আৰ্যুবেদত প্ৰাচীন কালৰে পৰাই বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে। বিশেষকৈ কটা, মচকা খোৱা, ছাল উজ্জল কৰা আদি বিভিন্ন ক্ষেত্ৰত হালধিক ব্যৱহাৰ কৰি অহা হৈছে। ফাইট কেমিকেল উপাদান থকা বাবে হালধিক কেন্সাৰ, আৰ্থাইটিচ, ডাইবেটিছ আদি ৰোগ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আনহাতে হালধিত থকা কুৰকোমিনক কেমোথেৰাপিত ব্যৱহাৰ কৰিব পাৰি। একেদৰেই কেঁচা হালধি বটি মুখত লগালে ই ছালৰ উজ্বলতা বৃদ্ধিত সহায় কৰে।
উৎস: গণ অধিকাৰ।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023
আপোনাৰ দাঁত দুপাৰিৰ যতন কেনেকৈ লʼব পাৰি সেই বিষয়ে ...
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে
আহাৰৰ দ্বাৰা বিষ নিৰাময়
কঁকালৰ বিষ