অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিষ্টিৰিয়াত হিঙৰ উপকাৰিতা

হিষ্টিৰিয়াত হিঙৰ উপকাৰিতা

হিং বা ‘এছাফয়েটিডা’ মছলাজাতীয় খাদ্যৰ উপাদান। ইৰাণ, আফগানিস্তান আৰু মধ্য এচিয়াত এই মছলাৰ সাধাৰণতে উৎপাদন হয়। হিঙত থকা উপাদানবিলাক হ’ল-

১০০ গ্ৰাম পৰিমাণত

কাৰ্ব’হাইড্ৰেট             ৬৭.৮  শতাংশ

বাস্পীয় উপাদান          ১৬.০  শতাংশ

প্ৰ’টিন                 ৪.০   শতাংশ

চৰ্বি                   ১.১   শতাংশ

মিনাৰেল                ৭.০   শতাংশ

ফাইবাৰ                ৪.১   শতাংশ

হিঙত মিনাৰেল, ভিটামিন আৰু কেলচিয়ামো পোৱা যায়। হিঙৰ ব্যৱহাৰেৰে বহু অসুখ-বিসুখ আৰোগ্য কৰিব পাৰি। হিঙৰ ব্যৱহাৰেৰে হিষ্টেৰিয়া বেমাৰ আৰোগ্য কৰিব পাৰি। হিঙৰ শিপাৰ ঘ্ৰাণ ল’লে হিষ্টেৰিয়াৰ পৰা হোৱা অচেতন অৱস্থা স্বাভাৱিক কৰি তুলিব পাৰি। তদুপৰি হিং এটুকুৰা আধা গ্ৰাম পৰিমাণে পানীত মিহলাই খুৱালে হিষ্টেৰিয়া বেমাৰৰ লক্ষণবোৰ শাম কাটে। এই বেমাৰত ৰোগীয়ে যদি চিঞৰ-বাখৰ কৰে বা ভুল কৰে, কাৰোবাক গালি-শপনি পাৰে, তেনে অৱস্থাত এক গ্ৰাম পৰিমাণে হিঙৰ গুড়ি খোৱা খাদ্য বা গৰম পানীৰ লগত মিহলাই খুৱাব লাগে। দিনে দুবাৰকৈ ২-৩ দিন ব্যৱহাৰ কৰিবলৈ দিব লাগে। ওপৰৰ লক্ষণবিলাক নাইকিয়া হয় আৰু অসুখটো সম্পূৰ্ণ ভাল হয়। শিশুৰ পেটৰ অসুখত, চৰ্দি-কাহত, স্নায়ু দুৰ্বলতাত হিং বৰ উপকাৰী। ইউৰোপৰ লোকসকলে বিশ্বাস কৰে যে হিং এটুকুৰা শিশুৰ ডিঙিত ৰছীৰে বান্ধি আঁৰি দিলে শিশুৰ পেটৰ অসুখত বা আন অসুখত অতি সোনকালে কামত দিয়ে আৰু অসুখবোৰ ভাল হয়। আমাৰ অসমীয়া মানুহে খোৱা খাদ্যৰ লগত হিং মিহলাই খায়। ই পেটৰ অসুখত আৰু হজমী শক্তি বঢ়ায়।

হাঁপানী ৰোগত, হুপিং কাহত ভোগা মানুহৰ বাবে হিঙৰ নিয়মিত ব্যৱহাৰ কৰিব পাৰিলে এই ৰোগ নিৰাময় হয়। আধাগ্ৰাম হিঙৰ গুৰি দুচামুচ মৌজোলৰ লগত মিহলাই তাত আধা চামুচ পিঁয়াজৰ ৰস মিশ্ৰণ কৰি দিনে তিনিবাৰকৈ এসপ্তাহ ব্যৱহাৰ কৰিলে এই অসুখবোৰ নিৰাময় হয়।

শুক্ৰতাবল্য বা ধাতুস্খ্লন অসুখত ৰোগী একেবাৰে দুৰ্বল হৈ পৰিলে, মুৰ ঘুৰাই থাকিলে, হাত-ভৰিত জোৰ নাথাকিলে হিঙৰ গুড়ি এচামুচত এচামুচ মৌজোল মিহলাই তাত আঁহত গছৰ ৫ টা পাতৰ ৰস মিহলাই দিনে এবাৰকৈ এমাহ খালে অসুখ ভাল হয়।

মহিলাৰ বিভিন্ন ৰোগত, বিশেষকৈ মাহেকীয়া ঋতু কালত পেটত অত্যন্ত বিষ হোৱা, শ্বেতপ্ৰদৰ ৰোগত বহু দিন ধৰি ভুগি থকা, ঋতু কালত অতি মাত্ৰা ৰক্তস্ৰাৱ হোৱা আদিত হিঙৰ গুড়ি তিনি গ্ৰাম গৰুৰ ঘিউত ভাজি তাত ১০০ গ্ৰাম ছাগলীৰ গখীৰ বা দুচামুচ মৌজোল মিহলাই দিনে এবাৰকৈ এমাহ খাব লাগে। নিয়মিত এইদৰে খালে মহিলাৰ এনে সমস্যাবোৰ দুৰ হয়।

পেটৰ অসুখত, পেটফুলা, হজম নোহোৱা, বমি হোৱা আদি সমস্যাবোৰত হিঙৰ গুড়ি আধা চামুচ পৰিস্কাৰ পানী এগিলাচত মিহলাই খালে অতি কম সময়ৰ ভিতৰত ভাল হয়।

দাঁতৰ বিষ হ’লে হিঙৰ সৰু টুকুৰা এটা দাঁতৰ ভিতৰত কিছু সময় ৰাখি থ’লে বিষ কমি যায়।

উপেন দত্ত, আমাৰ অসম

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate