অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগীৰ খাদ্য

 

আমাৰ হৃৎপিণ্ডটো প্ৰকৃতি নিৰ্মিত এটা স্বয়ংক্ৰিয় যন্ত্ৰ।ই শক্তিশালী মাংসপেশীৰে তৈয়াৰী এটা পাম্পিং ছেট।যিহেতু হৃৎপিণ্ডই মৃত্যুৰ সময়লৈ নিৰন্তৰ কাম কৰি থাকে,সেয়েহে কিবা বিজুতি ঘটি ই ভালদৰে কাম কৰিব নোৱাৰা হ’লেই প্ৰাণৰ সংশয় আহি পৰে।হৃৎ পিণ্ডৰ বিজুতি ঘটোৱাৰ বাবে ঘাইকৈ দায়ী হ’ল বেয়া কলেষ্টেৰ’ল (bad cholesterol)।হৃৎ পিণ্ডটো তেজ সৰবৰাহ কৰা ধমনী (Artery)ৰ ভিতৰৰ বেৰত কলেষ্টেৰ’লৰ চামনি পৰিবলৈ ধৰিলে হৃৎপিণ্ডলৈ তেজৰ যোগান হ্ৰাস পায় আৰু ইয়াৰ ফলত সমস্যাৰ উদ্ভৱ হয়।ধমনীৰ বেৰত কলেষ্টেৰ’ল জমা হোৱাৰ ফলত পিছলৈ ধমনীৰ কোনো অংশত তেজ মখা বান্ধি পৰিস্থিতি গুৰুতৰ কৰি তোলে।এনে অৱস্থাত হৃৎপিণ্ডলৈ পৰ্যাপ্ত মাত্ৰাত  তেজৰ সৰবৰাহ নোহোৱাৰ ফলত প্ৰচণ্ড বুকুৰ বিষ,উশাহ-নিশাহ লোৱাত কষ্ট পোৱা,উশাহ চুটি হোৱা আদি সমস্যাই দেখা দিয়ে।ইয়াকেই ‘হাৰ্ট এটেক’(Heart Attack)বোলা হয়।এনে ৰোগীয়ে সোনকালে যথোচিত চিকিৎসা নাপালে,’কৰোনেৰী থ্ৰম্ব’ছিছ (Coronary Thrombosis)হৈ ৰোগীৰ মৃত্যু হোৱাৰ প্ৰবল আশংকা থাকে।হৃৎপিণ্ক্ৰ এই ৰোগক ‘কৰোনেৰী আৰ্টাৰী ডিজিজ’(Coronary Artery Disease,চমুকৈ CAD)বোলা হয়।চি এ ডি হ’ল সমগ্ৰ বিশ্বজুৰি মানুহৰ মৃত্যু তথা শাৰীৰিক বিপৰ্যয়ৰ অন্যতম প্ৰধান কাৰণ।

হৃদৰোগ হোৱাৰ এটা প্ৰধান কাৰণ হ’ল শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিমাণতকৈ অধিক খাদ্য খোৱা বা অতি ভোজন কৰা।অতি ভোজনৰ ফলত হৃদৰোগৰ উপৰি আন কেতবোৰ ৰোগ হোৱাৰ আশ্ংকাই দেখা-দিয়ে,সেই ৰোগ বোৰে আকৌ হৃদৰোগ হোৱাৰ ক্ষেত্ৰত ‘ট্ৰিগাৰ’ক্ষেত্ৰতো আমি যিদৰে একোটা নিৰ্দিষ্ট গতী বা সীমাৰে যাৰ ভিতৰত থাকিব লাগে,সেইদৰে খোৱা-বোৱাৰ ক্ষেত্ৰতো আমি এক সীমা ৰেখা মানি চলিব লাগে,সেই সীমাৰেখা অতিক্ৰম কৰি গ’লেই সমস্যাৰ সুত্ৰপাত হয়।

এনে বহু লোক আছে,যিসকলে নিয়ন্ত্ৰণহীন ভাৱে খাদ্য খোৱাৰ বিপৰীতে শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাত সিমান গুৰুত্ব নিদিয়ে এনে লোক সহজেই মেদবহুল হৈ পৰে আৰু মেদবহুল তাৰ ফলত ইটোৰ পিছত সিটোকৈ বিবিধ ৰোগে শৰীৰত বাহ লবলৈ ধৰে।মেদবহুল লোকসকল্ মধুমেহ,উচ্চ ৰক্তচাপ,মেটাব লিক ছীনড্ৰ’ম (Metabolic Syndrome)প্ৰভৃতি গুৰুতৰ শাৰীৰিক সমস্যাত আক্ৰান্ত হোৱাৰ প্ৰবল আশংকা থাকে।সাম্প্ৰতিক কালত ফাষ্ট ফুড –জাংক ফুডৰ জনপ্ৰিয়তা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।এই ধৰণৰ খাদ্য বোৰে শৰীৰক প্ৰচুৰ পৰিমাণৰ কেল’ৰি প্ৰদান কৰে।সেয়েহে এনে খাদ্য খালে শকত হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।সাম্প্ৰতিক কালত স্বাস্থ্যৰ পৰিপন্থী খাদ্য ভ্যাসৰ বাবেই অনেক মানুহৰ শৰীৰত এল ডি এল বা বেয়া কলেষ্টেৰ’লৰ মাত্ৰ বিপজ্জনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।ইয়াৰ বিপৰীতে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম নকৰাৰ পলত শৰীৰত এচি ডি এল বা ভাল কলেষ্টেৰ’লৰ মাত্ৰ নিম্নগামী হ’বলৈ ধৰিছে।আকৌ সমাজত অবাধ গতিত বাঢ়ি আছে।বিড়ি ,চিগাৰেট,মদ আদি নিচা জাতীয় দ্ৰব্যৰ প্ৰচলনা উল্লিখিত কাৰকবোৰে সন্মিলিতভাৱে ক্ৰিয়া কৰি,সাম্প্ৰতিক বিশ্বত হৃদৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি কৰিবলৈ ধৰিছে।

সাম্প্ৰতিক কালৰ মানুহৰ জীৱন যাপন প্ৰণালীৰ দ্ৰুত পৰিৱৰ্তন হোৱাৰ ফলত কায়িক শ্ৰম কৰাৰ প্ৰয়োজনীয়তা অভাৱনীয় ভাৱে হ্ৰাস পাইছে।এতিয়াৰ অনেক মানুহে লিখা-পঢ়া বা কম্পিউটাৰত কাম কৰিয়েই অধিকাংশ সময় অতিবাহিত কৰে।ইয়াৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰা কেল’ৰিৰ বহুলাংশ দহন (Gurn)নোহোৱাকৈ শৰীৰতে থাকি যায়।ফলস্বৰুপে দেখা দিয়ে চেণ্ট্ৰেল অ’বিছিটী (Central obesity)য়ে –অৰ্থাৎ শৰীৰৰ সামগ্ৰিক ওজনৰ তুলনাত আপেক্ষিকভাৱে পেটৰ ওজন বৃদ্ধি পায়।এই চেণ্ট্ৰেল অ’বিছিটীৰ স’তে ডায়েবেটিছ,উচ্চ ৰক্তচাপ বা তেজত বেয়া কলেষ্টেৰ’ল জমা হ’লে যি পৰিস্থিতিৰ উদ্ভৱ হয়-তাকেই মেটাবলিক ছীনড্ৰ’ম বোলে।আমাৰ দেশত মেটাবলিক ছীনড্ৰম’ত আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত ইস্কেমিক হাৰ্ট ডিজিজ (Ischaemic heart disease)ত আক্ৰান্তৰ সংখ্যাৰ দ্ৰুত গতিত বৃদ্ধি হৈ আছে।বিশ্বৰ যিকেইখন দেশত ইস্কেমিক হাৰ্ট ডিজিজত আক্ৰান্তৰ সংখ্যা আটাইতকৈ বেছি,সেইকেইখনৰ ভিতৰত ভাৰত অন্যতম।

ডায়েবেটিছ,উচ্চ ৰক্তচাপ,মেদবহুলতা,মেটাবলিক ছীনড্ৰম,ধুমপান,শাৰীৰিক পৰিশ্ৰমৰ তথা ব্যায়াম নকৰা,শৰীৰত অত্যধিক কলেষ্টেৰ’ল জমা হোৱা আদি হ’ল হৃদৰোগৰ প্ৰধান কাৰক (risk factor)আৰু এই কাৰক বোৰৰ ‘ট্ৰিগাৰ ‘হিচাপে কাম কৰে বেহিচাপী জীৱন যাপন,স্বাস্থ্যৰ পৰিপন্থী খাদ্য ভ্যাস তথা শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰ ক্ষেত্ৰত এলাহে।হৃদৰোগৰ উল্লিখিত কাৰকবোৰ প্ৰতিৰোধ কৰাৰ জৰিয়তে হৃৎপিণ্ড সুস্থ কৰি ৰাখিব পৰা যায়।হৃদ ৰোগৰ কাৰকবোৰ প্ৰতিৰোধ কৰাৰ অৰ্থ হ’ল সুনিয়ন্ত্ৰিত জীৱন যাপন আৰু অতিভোজন কৰাৰ পৰা বিৰত থাকি,প্ৰতিদিনে পৰিমিত তথা সুষম আহাৰ গ্ৰহণ কৰা।ডায়েবেটিছ বা উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে হাৰ্ট এটেক হোৱাৰ আশংকা ২-৩ গুণ বৃদ্ধি পায়।

এটা কথা আমি মনত ৰখাটো নিতান্তই প্ৰয়োজনীয় যে কেৱল খোৱা-বোৱা নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে হৃৎ পিণ্ড সুস্থ সবল কৰি ৰখাটো সম্ভৱ নহয়।হৃদৰোগৰ কৰকবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ হ’লে আমি পৰিমিত মাহত সুষম আহাৰ খোৱাৰ লগতে নিয়মিত ব্যায়াম কৰিবও লাগিব।আটাইতকৈ ভাল ব্যায়াম হ’ল খোজকঢ়া আৰু সাঁতোৰা প্ৰদুষণৰ প্ৰভাৱৰ পৰা যিমান দুৰ সম্ভৱ মুক্ত হৈ থাকিবলৈ যত্ন কৰাটোও প্ৰয়োজনীয়।ৰাতি বেছি দেৰিলৈকে সাৰ নথকাই ভাল।হৃৎপিণ্ডক ভালে ৰাখিবলৈ হ’লে নিয়মিত পৰ্যাপ্ত সময় শোৱাটো প্ৰয়োজনীয়।মানসিক চাপ,দুশ্চিন্তা,খং প্ৰভৃতি নেতিবাচক-আৱেগ –অনুভুতি বোৰে আমাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি সাধন কৰাৰ লগতে হৃৎপিণ্ডৰ ওপৰতো কু প্ৰভাৱ পেলায়।সেয়েহে এই নেতিবাচক আৱেগ-অনুভুতিৰ প্ৰভাৱৰ পৰা মনটোক যিমান দুৰ সম্ভৱ মুক্ত কৰি ৰাখিবলৈ যত্ন কৰি,সুস্থিৰ –প্ৰশান্ত তথা ইতিবাচক আৱেগ-অনুভুতিৰে পৰিপুৰ্ণ মন এটাৰ অধিকাৰী হৈ থাকিবলৈ আমি নিৰন্তৰ প্ৰয়াস চলাই থকা উচিত।কৰি ভাল পোৱা কামত ব্যস্ত হৈ থাকি সময় অতিবাহিত কৰিব পাৰিলে,মনটো যথেষ্ট চাপমুক্ত তথা প্ৰফুল্ল হৈ থাকে।মুঠ কথা,হৃৎ পিণ্ড সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে নিয়ন্ত্ৰিত খাদ্যাভ্যাসৰ লগতে নিয়ন্ত্ৰিত জীৱন যাপনৰ বিকল্প নাই।

হৃৎ পিণ্ডৰ বাবে উপকাৰী খাদ্য:

 

*শাক-পাচলি আৰু ফল-মুল অধিক মাহত খাব লাগে।

*অধিক আঁহ যুক্ত খাদ্য,ভিটামিন ‘ই’ থকা খাদ্য আৰু ‘অ’ মেগা-৩ ফেটী এচিড (Omega-3 fatty acid)থকা খাদ্য নিয়মিত খালে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস পায়।

*ভিটামিন ‘এ’ভিটামিন ‘বি’কমপ্লেক্স,ভিটামিন ‘চি’ ভিটামিন ‘দি’ আৰু আয়োডিন শৰীৰে যাতে নিয়মিতভাৱে পৰ্যাপ্ত মাত্ৰাত পাই থাকে,তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।

*হৃৎ পিণ্ড ভালে ৰখাৰ ক্ষেত্ৰত ম’ন,আনছেচুৰে টেড ফেট (Monounsaturated fat)-এ যথেষ্ট সহায় কৰে,ই শৰীৰত বেয়া কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰি,ভাল কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি কৰে।ম’নছেচুৰেটেড ফেটৰ এটা প্ৰধান উৎস হ’ল আখৰোট।

*শৰীৰে যাতে নিয়মিতৰুপে যাৱতীয় খনিজ লৱণ পাই থাকে,তাৰ প্ৰতি আমি লক্ষ্য ৰখা উচিত।

*পৰ্যাপ্ত মাত্ৰাত দানা জাতীয় শস্যৰ পৰা প্ৰস্তুতি কৰা খাদ্য খোৱা উচিত।

*শুকান ফল,যেনে-খেজুৰ,আঘচৰাট আদি খাব লাগে।

*গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ডাৰ্ক চকলেট হৃৎপিণ্ডৰ বাবে অতি উপকাৰী।ডাৰ্ক চকলেটত থকা ফ্লে’ভ’ন’ইড (Flavonoid)এ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।তদুপৰি ডাৰ্ক চকলেটে হৃৎপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত তেজ মখা বন্ধাত বাধা দিয়ে আৰু ইয়াত থকা প্ৰতিপাৰক (Autionidont)-এ দেহত বেয়া কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

হৃৎপিণ্ডৰ বাবে অপকাৰী খাদ্য:

 

*সংসাধিত খাদ্য (Processed food),ফাষ্ট ফুড তথা জাংক ফুড খোৱাৰ পৰা পৰাপক্ষত বিৰত থকা উচিত।

*প্ৰচুৰ পৰিমাণে কেল’ৰি থকা খাদ্য নোখোৱাই ভাল।

*তেল,মচলা প্ৰয়োগ কৰি প্ৰস্তুত কৰা বিলাসী খাদ্য আৰু ভজা খাদ্য যিমান দুৰ সম্ভৱ খোৱাৰ পৰা বিৰত থকা উচিত।

*ঘনাই চাহ-কফি খোৱাৰ অভ্যাস থাকিলে,সেই অভ্যাস ত্যাগ কৰা উচিত।

*অধিক চৰ্বিযুক্ত তথা অধিক তেল থকা খাদ্য খাব নালাগে।

*ৰঙা মাংস (red meat),মাছৰ কণী,কণীৰ কুহুম,ঘিউ,মাখন,চীজ প্ৰভৃতি শৰীৰত কলেষ্টেৰ’ল বৃদ্ধি কৰাত প্ৰধান ভুমিকা লোৱা খাদ্যবোৰ খোৱাৰ পৰা যিমান দুৰ সম্ভৱ বিৰত থকা উচিত।

*নিচা জাতীয় দ্ৰব্য সেৱন কৰা অনুচিত।

লেখক:অমল ভাগৱতী



শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate