অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ :

হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ :


আয়ুৰ্বেদিকত হৃদপিণ্ডক হৃদয় বোলা হয় । ইয়াৰ বাখ্যা এনেদৰে পোৱা যায় , যি শৰীৰৰ ৰক্ত গ্ৰহণ কৰি পুণৰ শৰীৰক অকপটভাৱে আৰু উদাৰতাৰে প্ৰদান কৰে তাক হৃদয় বোলে‌ । সম্ভৱত সেই কাৰণে উদাৰ চিতীয়া মৰমীয়াল ব্যক্তিক কোমল হৃদয়ৰ লগত তুলনা কৰা হয় । বয়সস্থ ব্যক্তিৰ হৃদপিণ্ডৰ ওজন প্ৰায় তিনিশ গ্ৰাম আৰু বুকুৰ ভিতৰত বাওঁফালে অৱস্থিত। ইয়াৰ প্ৰধান কাম হৈছে শৰীৰৰ বিভিন্ন অংশৰ পৰা অহা কাৰ্বনডাই অক্সাইড যুক্ত তেজ সো অলিন্দই গ্ৰহণ কৰি সো নিলয়ৰ পৰা হাওফাওলৈ প্ৰেৰণ কৰা। সেইদৰে অক্সিজেন যুক্ত তেজ হাওঁফাওঁৰ পৰা বাওঁ অলিন্দই গ্ৰহণ কৰি বাওঁ নিলয়ৰ পৰা শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গলৈ প্ৰেৰণ কৰা। এজন স্বাস্থ্যৱান ব্যক্তিৰ হ্দপিণ্ডৰ স্পন্দন গড়ে প্ৰতি মিনিটত ৭০ আৰু প্ৰতিটো স্পন্দনত প্ৰায় গড়ে হিচাবে ৭০ মিলি লিটাৰ তেজ শৰীৰৰ বিভিন্ন অংশলৈ পাম্প কৰে। সেই হিচাবে প্ৰতি মিনিট সময়ত প্ৰায় পাছ লিটাৰ তেজ হৃদপিণ্ডলৈ সোমাই আৰু সমপৰিমাণে তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অঙ্গলৈ প্ৰেৰণ কৰি থাকে। বিভিন্ন বয়সৰ হৃদস্পন্দন তলত উল্লেখ কৰা ধৰণৰ।
(১) সদ্যজাত শিশু -১৪০/ মিনিট
(২) এবছৰীয়া শিশু-১২০/মিনিট
(৩) দুবছৰীয়া শিশু-১১০/মিনিট
(৪) পাছ বছৰীয়া শিশু-৯৫-১০০/মিনিট
(৫) দহ বছৰীয়া শিশু-৮০-৯০/মিনিট
(৬) যূৱক - ৬০-৮০/মিনিট
জীৱন শৈলী , খাদ্যাভ্যাস , শাৰীৰিক শ্ৰম , মানসিক শ্ৰম , টোপনি, মানসিক চিন্তা তথা উৎকন্ঠাৰ ওপৰত হৃদস্পন্দন নিৰ্ভৰ কৰে‌। সেয়েহে হৃদপিণ্ড সুস্থ আৰু সবলতাৰ ওপৰত সুস্বাস্থ্য বৰ্তী থাকে।
এজন মানুহে তলত উল্লেখ কৰা নীতি-নিয়ম পালনৰ জৰিয়তে এক সুস্থ সবল হৃদপিণ্ডৰ অধিকাৰী হৈ দীৰ্ঘায়ু হব পাৰে।
(১) সদায় নিয়মীয়া শাৰীৰিক পৰিশ্ৰম কৰা , ৰাতিপুৱা সোনকালে উঠি মূকলী পৰিবেশত জগিঙ কৰা , সাতোৰা অথবা দৈনিক অন্তত ১০ কিলোমিটাৰ চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক । সাতোৰাৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠ শাৰীৰিক ব্যায়াম হৈছে চাইকেল চলোৱা। তাৰোপৰি চাইকেল প্ৰদূষণ মুক্ত বাহন। শাৰীৰিক শ্ৰম , জগিঙ , সাতোৰা ,চাইকেল চলোৱাৰ সময়ত শৰীৰৰ কোষবোৰক অধিক অক্সিজেনৰ প্ৰয়োজন হয় বাবে ৰক্তসঞ্চালন আৰু শ্বাস-প্ৰশ্বাসৰ গতি বাঢ়ে । ইয়াৰ দ্বাৰা হৃদপিণ্ডৰ মাংসপেশী শক্তিশালী হৈ উঠে ।
(২) সকলো ধৰণৰ ধপাত সেৱন পৰিত্যাগ কৰিব । বিশেষকৈ জৰ্দা হৃদপিণ্ডৰ বাবে ক্ষতিকাৰক। ধপাতত থকা নিকটিনে হৃদপিণ্ড , হাওফাও ৰোগ সৃষ্টিৰ উপৰিও নিদ্ৰাহীনতা আৰু কৰ্কট ৰোগৰ এটা প্ৰধান কাৰক।
(৩) ৪৫ বছৰ বয়সৰ পিছত মাংস, কণী ইত্যাদি জীৱ-জন্তুৰ পৰা উৎপাদিত প্ৰোটিন আহাৰ পৰিত্যাগ কৰিব লাগে আৰু খালেও কমকৈ খাব লাগে। শস্য প্ৰোটিন খালে অপকাৰ নহয় । ঘিউ , মাখন ,পনীৰ , বনস্পতি ঘি আদি সম্পৃক্ত (Saturated ) তথা নাৰিকল তেল , কডলিভাৰ অইল আদি অৰ্দ্ধ সম্পৃক্ত (Semi Saturated) চৰ্বিযুক্ত খাদ্য নাখাব বা খালেও কমকৈ খাব । প্ৰোটিন , সম্পৃক্ত আৰু অৰ্দ্ধ সম্পৃক্ত খাদ্যৰ পৰা তেজত কলেষ্টৰল বঢ়াৰ উপৰিও সিৰা-ধমনী ভিতৰৰ বেৰত কলেষ্টৰল সঞ্চিত (Thrombosis) হবলৈ ধৰে। ক্ৰমান্বয়ে সিৰা-ধমনীৰ ফুটা ঠেক (Atherosclerosis) হবলৈ ধৰে। ফলস্বৰূপে স্বাভাৱিক ৰক্তসঞ্চালনত বাধা ওপজা হেতু হৃদপিণ্ডই উপযুক্ত পৰিমাণে অক্সিজেন নোপোৱা হয় । অক্সিজেনৰ অভাৱত হৃদশূল আৰম্ভ (IHD) হয় আৰু কেতিয়াবা হঠাতে হাৰ্টষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। সৰিয়হ বা তিল তেল কেতিয়াও গোট নামাৰে কাৰণে অসম্পৃক্ত তেলৰ অন্তৰ্গত ধৰা হয় ; সেয়েহে সৰিয়হ বা তিলতেল অপকাৰী নহয় ।
(৪) ৰাতিপুৱাই খালী পেটত ৪-৫ ফুটা নহৰু বাকলি সহ পানীৰে গিলি খাব । ই তেজৰ অতিৰিক্ত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। নহৰুৰ ওপৰৰ বাকলি এৰুৱাই দিয়াৰ লগেই বাকলি আৰু সাৰ অংশৰ মাজত থকা তেল (volatile oil) বাস্পীভূত হৈ উৰি যায় । বাকলিসহ গিলি খালে ক্ষুদ্ৰান্ত্ৰত এই তেল শোষণ হয় ।
(৫) প্ৰতিদিনে ৩-৪ পকা কল খাব । কলত থকা প্ৰাকৃতিক মেগনেছিয়ামে তেজৰ অতিৰিক্ত কলেষ্টেৰল নিয়ন্ত্ৰণৰ উপৰিও সিৰা-ধমনীৰ ভিতৰৰ বেৰত লাগি ধৰা কলেষ্টেৰল চাফাকৰি দিয়ে। সেয়েহে নিয়মিত কল খালে সঠিক ভাৱে ৰক্তসঞ্চালন হয় আৰু হৃদপিণ্ডৰ মাংসপেশীয়ে যথোচিত পৰিমাণে অক্সিজেন পাই শক্তিশালী হৈ থাকে।
(৬) প্ৰতিদিনে ৩-৪ কাপ চাহ খাব ‌। প্ৰতিকাপ চাহত ১০০ মিলি গ্ৰাম এচপিৰিন থাকে আৰু ই তেজৰ গাঢ়তা (Embolism) নিয়ন্ত্ৰণ কৰি সঠিক ভাৱে ৰক্তসঞ্চালনত সহায় কৰে। সেয়েহে Espirin 75/150mg tab খোৱাৰ কোনো প্ৰয়োজন নায় ।
(৭) মতৰ মাহ খোৱাটো উপকাৰী । মতৰ মাহত থকা আৰ্জেনিনে হৃদপিণ্ড অধিক শক্তিশালী কৰি তোলে।
(৮) মানসিক চিন্তা আৰু উৎকন্ঠাৰ পৰা বিৰত থাকিব । সদায় হাস্যৰস কথা-বতৰাৰ মাজেৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব। হাহিয়ে মনলৈ আনন্দতা অনাৰ লগতে হৃদপিণ্ড শক্তিশালী কৰে।
(৯) প্ৰতিদিনে দুচামুচকৈ কেচা হালধিৰ ৰস অথবা এচামুচকৈ হালধি গুৰি খালে কলেষ্টৰল বিশেষকৈ ট্ৰাইগ্লিচাৰইড নিয়ন্ত্ৰণ কৰি ৰাখে বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। মৃগীৰোগীয়ে হালধি দুই-তিনিবাৰ খালে এই ৰোগ সম্পূৰ্ণ ভাল হয় ।
(১০) ৰাতি আহাৰ কম পৰিমাণে ৮ বজাত খাব। পাৰিলে সপ্তাহত এদিন উপবাস কৰিব। উপবাস দুই ধৰণৰ :- ফল-মূল খাই কৰা উপবাসক ফলাহাৰ উপবাস ৰোলা হয় আৰু ইয়াৰ পৰা সম্পূৰ্ণ সুফল পোৱা নাযায়। ৪-৫ লিটাৰ পানী খাই কৰা উপবাসক জলাহাৰ উপবাস বোলা হয় আৰু সম্পূৰ্ণ সুফল পোৱা যায়। উপবাস কৰিলে শৰীৰৰ অতিৰিক্ত চৰ্বি কমে , আত্মা-মনৰ শান্তিৰ উপৰিও শৰীৰৰ অধিক সক্ৰিয় কৰে বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা কম হয় ।
(১১) সাগৰীয় আৰু বাহু মাছৰ ছালৰ ভিতৰ অংশত ওমেগা-৩ ফেটি এচিদ থাকে আৰু ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰি পৰোক্ষভাৱে হৃদপিণ্ডক শক্তিশালী কৰে। আন মাছতকৈ বাহুমাছ হৃদপিণ্ডৰ বাবে উপকাৰী।
(১২) মানুহৰ বুকুৰ জোখতকৈ পেটৰ জোখ এক ইঞ্চি বাঢ়িলে সাৱধান হব , পেটৰ চৰ্বি কমাওক । পেটৰ চৰ্বি আৰু অধিক বাঢ়িলে হৃদৰোগ হোৱাৰ সম্ভাৱনা।
(১৩) মানসিক চিন্তা আৰু উৎকন্ঠাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক , অন্যথা হৃদৰোগ হোৱাৰ সম্ভাৱনা। সদায় হাহিমুখে থাকিব , হাহিলে হৃদপিণ্ড শক্তিশালী হয় বাবে সহজে হৃদৰোগ হব নোৱাৰে।
(১৪) প্ৰতিদিনে ১০ টাকৈ বৰমানিমুনি পাত খাব । মানিমুনি পাত খালে স্মৃতিশক্তি বঢ়াৰ উপৰিও ভাল টোপনি আহে। গভীৰ টোপনি হোৱা ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা কম ।
(১৫) অৰ্জুন গছৰ বাকলিৰ পৰা বনোৱা ক্বাৰ ৪ চামুচকৈ ৩ বাৰ মাজে-সময়ে খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে‌ । অৰ্জুনৰ বাকলি ১ কেজি ৰ লগত ৪ লিটাৰ পানী দি সিজাব । পানীৰ পৰিমাণ কমি ১ লিটাৰ হলে ঠাণ্ডা কৰি ভালদৰে ছেকি লোৱাকে ক্বাথ বোলা হয়।


লেখক :- ডা: মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate