অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৰমনৰ বিসংগতি আৰু ইয়াৰ প্ৰতিকূল প্ৰভাৱ :

হৰমনৰ বিসংগতি আৰু ইয়াৰ প্ৰতিকূল প্ৰভাৱ :


আপুনি হয়তো আপোনাৰ অজানিতে শৰীৰত হৰমনৰ বিসংগতিত ভূগি আছে বা শৰীৰত দেখা দিয়া কিছুমান লক্ষণ আপুনি উপেক্ষা বা আওকাণ কৰি আছে। যাৰ ফলত ভৱিষ্যতে হৈতো আপুনি বহু ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। হৰমনবিলাক হ'ল আমাৰ শৰীৰত উৎপন্ন হোৱা কিছুমান ৰাসায়নিক যৌগিক পদাৰ্থ যিয়ে আমাৰ শৰীৰৰ বিভিন্ন শাৰীৰিক প্ৰক্ৰিয়া সমূহ নিয়ন্ত্ৰণ কৰে। যেনে- শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ, কোষৰ বৃদ্ধি আৰু বিকাশ, যৌন ক্ৰিয়া, আনকি আমাৰ মানসিক অৱস্থাও এই হৰমনে নিয়ন্ত্ৰণ কৰে। যেতিয়া এই হৰমনবিলাকৰ বিসংগতি বা অসমতুল্যতাৰ সৃষ্টি হয় ইয়াৰ ফলত শৰীৰত বিভিন্ন অস্বাভাৱিক লক্ষণ দেখা দিব পাৰে। তলত সচৰাচৰ দেখা দিয়া কিছুমান লক্ষণ উল্লেখ কৰা হ'ল। এই লক্ষণ সমূহ দেখা দিলে ইয়াক উপেক্ষা নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বিসংগতিযুক্ত হৰমনবিলাকক স্বাভাৱিক মাত্ৰালৈ ঘূৰাই অনা কঠিন যদিও যেতিয়া ই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আমাৰ শৰীৰটোৱে অধিক সুস্থ, শক্তিশালী আৰু উৎসাহী অনুভৱ কৰে। হৰমনৰ বিসংগতিৰ ফলত সচৰাচৰ দেখা দিয়া লক্ষণসমূহ হ'ল-
১) দ্ৰুত হৃদস্পন্দন বা হৃদয়ৰ স্পণ্ডন বৃদ্ধি পোৱা - মাইকী মানুহৰ ৰজোনিবৃত্তি (menopause) হোৱাৰ সময়ত বা তাৰ ঠিক আগতে এনেকুৱা দ্ৰুত হৃদস্পন্দন (palpitation) হব পাৰে ।তেজত প্ৰজেষ্ট্ৰেৰণ হৰমন কমি যোৱাৰ বাবে এনে হয় বুলি কোৱা হয়। অৱশ্যে অন্য কাৰণতো এনে দ্ৰুত হৃদস্পন্দন পৰিলক্ষিত হব পাৰে। গতিকে এনে লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰ চপা উচিত। হাইপোথাইৰয়ডিজম বা থাইৰয়ড গ্ৰন্থিৰ auto Immune বেমাৰৰ বাবেও এনে হব পাৰে।
২) ছালত দেখা দিয়া পৰিবৰ্তন:- আমাৰ শৰীৰৰ পৰা পুৰণি মৰহি যোৱা কোষবিলাক আতৰাই নতুন কোষ সৃষ্টিত হৰমনে বিশেষ ভূমিকা পালন কৰে। সেয়েহে হৰমনৰ বিসংগতিৰ ফলত মহিলাৰ মূখত মৰহি যোৱা কোষবিলাকৰ পৰা হোৱা ক'লা ক'লা দাগ (blemishes) হব পাৰে কাৰণ হৰমনৰ অস্বাভাৱিকতাৰ বাবে মৰহি যোৱা পুৰণি কোষবিলাকৰ ঠাইত নতুন কোষ সৃষ্টি নহব পাৰে । ইয়াৰ উপৰিও চৰ্ম খুৱ শুকান বা তৈলযুক্ত হব পাৰে। হৰমনৰ বিসংগতিৰ ফলত সাধাৰণতে ছালত দেখা দিয়া অন্য লক্ষণ সমূহ হ'ল - ছালৰ চিটচিটনি বা বিজ বিজোৱা, অপ্ৰত্যাশিত ভাবে দেখা দিয়া কিছুমান ফোঁহাৰ নিচিনা গুটি বা শালমইনা, ছাল তৰপ তৰপকৈ এৰি যাব পাৰে, ছাল ৰঙা পৰিব পাৰে বা কোনো কাৰণ নহোৱাকৈ এলাৰ্জীৰ নিচিনা খঁজুৱতি হোৱা ইত্যাদি।
৩) চুলিত হোৱা পৰিবৰ্তন:- হৰমনৰ বিসংগতিৰ ফলত স্বাভাবিকতে শৰীৰৰ মৰহি যোৱা কোষ বিলাকৰ ঠাইত নতুন কোষ সৃষ্টি আৰু কোষ বিভাজনত বাধাৰ সৃষ্টি হয়। ফলত সৰি যোৱা চুলিবিলাকৰ ঠাইত নতুন চুলিৰ সৃষ্টিত প্ৰতিবন্ধকতা আহে। চুলি পাতল, চুলি সৰা, শৰীৰৰ বিভিন্ন ঠাইত অলাগতীয়াল ভাবে চুলি গজা ইত্যাদি সমস্যাৰ সৃষ্টি হব পাৰে। চকুৰ ভ্ৰূ সৰি নহোৱা হব পাৰে।
৪) শৰীৰৰ ওজনত হোৱা তাৰতম্যতা :- হৰমনৰ মাত্ৰাৰ বিসংগতিৰ বাবে শৰীৰৰ ওজনৰ ক্ষেত্ৰত তাৰতম্যতা ঘটিব পাৰে। বয়সৰ লগে লগে শৰীৰৰ ওজন বৃদ্ধি হোৱাত হৰমনে বিশেষ ভাবে সহায় কৰে। হৰমনৰ বিসংগতিৰ ফলত মানুহৰ ভোক বাঢ়ি যাব পাৰে, বিশেষকৈ মিঠা আৰু নিমখীয়া খাদ্যবস্তুৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। যাৰ ফলত শৰীৰৰ ওজন অস্বাভাৱিক ভাবে বৃদ্ধি হব পাৰে। তাৰ বিপৰীতে ভোক কমি গৈ ওজন হ্ৰাসো হব পাৰে ।
৫) অনিদ্ৰা বা ভালদৰে টোপনি নহোৱা :- হৰমনে আমাৰ মগজুৰ পৰা নিয়ন্ত্ৰিত হোৱা টোপনি অহা আৰু টোপনিৰ পৰা সাৰ পোৱা পৰিঘটনাটোত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হৰমনৰ বিসংগতিয়ে আমাৰ মগজুৰ ভিতৰত থকা ৰাসায়নিক যৌগিক পদাৰ্থ কিছুমানৰো বিসংগতিৰ সৃষ্টি কৰে। যাৰ ফলত আমাৰ শৰীৰৰ স্বাভাৱিক ক্ৰিয়া যেনে- টোপনি বা টোপনিৰ পৰা সাৰ পোৱা ইত্যাদি পৰিঘটনা প্ৰভাৱিত কৰে আৰু অনিদ্ৰা বা টোপনিৰ বিন্যাসত বা ভালদৰে টোপনি অহাত বাধাৰ সৃষ্টি কৰে। সেয়েহে কিছুমান মানুহৰ কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা টোপনি নহোৱা বা কম টোপনি হোৱা দেখা যায়।হৰমনৰ বিসংগতি থাকিলে মানুহ এজনে ভাগৰুৱা অনুভৱ কৰিলেও টোপনি নাহিব পাৰে। এড্ৰিনেলিন গ্ৰন্থিৰ পৰা কৰ্টিচন হৰমনৰ অতিক্ষৰণ বা অসময়ত নি:সৰণ হোৱাৰ ফলত এনে হব পাৰে। মহিলা মানুহৰ ৰজোনিবৃত্তি (menopause) কালত ইস্ট্ৰজেন হৰমনৰ পৰিমাণ কমি যোৱাৰ ফলতো এনে হব পাৰে।
৬) শৰীৰ শক্তিহীন হৈ পৰা :- যেতিয়া এড্ৰিনেল গ্ৰন্থিয়ে সঠিকভাৱে কাম নকৰা হয় শৰীৰ খুব ক্লান্ত হৈ পৰিব পাৰে। থাইৰইড হৰমনৰ বিসংগতিৰ ফলতো শৰীৰত দুৰ্বলতাৰ লক্ষণ দেখা দিব পাৰে। হাইপোথাইৰয়ডিজম ফলত শৰীৰ অতিশয় ক্লান্ত বা ভাগৰুৱা দেখা যায় আৰু হাইপাৰথাইৰডিজিমৰ ফলত শৰীৰে সঠিকভাৱে জিৰণি লবলৈ অপাৰগ হয়।
৭) ঘনে ঘনে মেজাজ সলনি হোৱা :- হৰমনে আমাৰ মানসিক স্থিতি বা মেজাজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হৰমনৰ বিসংগতি থকা লোক এজনৰ ঘনে ঘনে মেজাজ সলনি হব পাৰে বা খুব খিংখিঙিয়া স্বভাৱৰ হব পাৰে ।সাধাৰণতে মহিলা সকলৰ মাহেকীয়া হোৱাৰ আগমূহুৰ্তত এনেকুৱা মানসিক স্থিতি দেখা যায়।
৮) নিমখীয়া বা মিঠা খাদ্যবস্তুৰ প্ৰতি আকৃষ্ট হোৱা :- যিবিলাক লোকৰ এড্ৰিনেল গ্ৰন্থিৰ সমস্যা থাকে তেনে লোকে নিমখীয়া বা মিঠা খাদ্যবস্তুৰ প্ৰতি আকৃষ্ট হব পাৰে।
৯) মাহেকীয়াৰ অনিয়মীতা:- যিবিলাক মহিলাৰ তেজত হৰমনৰ মাত্ৰা কম থাকে তেনে মহিলাৰ মাহেকীয়া অনিয়মীয়া হব পাৰে। কাৰণ ইষ্ট্ৰজেন বা প্ৰজেষ্ট্ৰেৰণ হৰমন কম থাকিলে স্বাভাৱিক মাহেকীয়া হোৱাত বাধা আহি পৰে। সঠিক চিকিৎসা বা কেতিয়াবা সঠিক খাদ্যাভাস আৰু জীৱনশৈলীৰ পৰিবৰ্তনৰ জড়িয়তে এনে হৰমন স্বাভাৱিক মাত্ৰালৈ ঘূৰাই আনিব পৰা যায়।
১০) শৰীৰৰ উত্তাপ বা উষ্ণতাৰ তাৰতম্যতা :- হৰমনে শৰীৰৰ উত্তাপ বা উষ্ণতা নিয়ন্ত্ৰণ ক্ষমতাতো প্ৰভাৱ বিস্তাৰ কৰে। যেনে- মহিলাৰ ৰজোনিবৃত্তিৰ সময়ত ইষ্ট্ৰজেন হৰমনৰ পৰিমান কমি যোৱা বাবে মাজে মাজে শৰীৰত খুব গৰম ভাব (hot flush) অনুভৱ কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত ৰাতি শৰীৰ ঘামি যোৱাটো এটা স্বাভাৱিক পৰিঘটনা। হাইপোথাইৰয়ডিজমৰ ক্ষেত্ৰত বাহিৰত যিমানেই উষ্ণতা নাথাকক কিয় সকলো সময়তে শৰীৰত ঠাণ্ডা অনুভৱ কৰাটো এটা সাধাৰণ লক্ষণ।
ইয়াৰ উপৰিও হৰমন বিসংগতিৰ বাবে আৰু বহুতো লক্ষণ দেখা যায় যদিও সচৰাচৰ ওপৰোক্ত লক্ষণ সমূহ প্ৰায়েই দেখা যায়। ওপৰোক্ত লক্ষণ বা লক্ষণসমূহ দেখা দিলে সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ কেতিয়াবা ইয়াৰ পৰিণতি পিছলৈ ভয়ানকো হব পাৰে।


লেখক:-মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
মোবাইল নং- ৯৫০৮০২৬৮২৫

শেহতীয়া উন্নীতকৰণ: : 4/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate